পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩
কাৰেঙৰ লিগিৰী

বপুৰা— এ পদুমৰ পাহিৰে হেনো বিচনী এখন গোঁঠে।

সুদৰ্শন— কোনে?

বপুৰা— কি কম সাউদৰ পুতেক দেউতা বুকুৰ সোণে।

সুদৰ্শন— খপৰাই নকৱ কিয়?

বপুৰা— দীঘল আলিবাটটো নো কেনেকৈ খপৰাই চমু কৰো মোৰ গোঁসাই! তাই ভিতৰি ভিতৰি এনেকৈ সিন্ধি দিছে বুলিনো কোনে ক’ব পাৰিব।

সুদৰ্শন— এঃ তই নকৱ যদি মই যাওঁ।

বপুৰা—এ শুনক, কথাটো হৈছে এই—বোলেনে—উস্ উস্ উস্।

সুদৰ্শন— (অলপ গমি) কোনে শেৱালিয়ে, নহয়নে?

বপুৰা— মই ইমান দিনৰেপৰা যিটো থিৰাংকৈ আহিছিলো, সিয়েই ঠিক?

সুদৰ্শন— কি ঠিক?

বপুৰা— আপুনি যে সৰবজান।

সুদৰ্শন— তাই বাৰু তেনে কেতিয়া কৰিছিলে?

বপুৰা— এই এতিয়া। মই এতিয়া তাৰেপৰাহে আহিছো আকৌ। ৰেৱতীৰে সতে তাই চুপতা-চুপতিকৈ আছিল—কোঁৱৰৰে কথা পাতি। এই বেটী ৰেৱতীয়ে কথাবোৰ জানে হ’বলা দেই। পিছে ৰেৱতীক মই কিবা এটা কওঁতেই তাই ভোঁ ভোঁ কৰে গুচি গ’ল। ময়ো বাপেকে এই বনবোৰ দিহা লগাই কৰে নে নকৰে চাওঁ বুলি মনে মনে চোৰাংকৈ চাই আছিলো। পিছে উ আই—ক’ত খাওঁ ক’ত যাওঁ কাছকণী বিচাৰি পৰ্ব্বত বগাও দেখোন।

সুদৰ্শন— (কঠোৰতা আৰু ককৰ্থনাৰে) এই দেখ বপুৰা, তই মিছাকৈয়ে মনতে এইবোৰ কথা ভাবিছ। তাই তেনেকুৱা