পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৩
কাৰেঙৰ লিগিৰী

সুন্দৰ— নহয়—নহয়—ভুল,শুধৰাবই লাগিব, মোৰ নিজৰ ৰাজ্যৰ এমূৰৰপৰা আন মূৰলৈকে যদি জুই লাগে তথাপি ভুল শুদ্ধ কৰিব লাগিব। তুমি মোক আচৰিত কৰিছা ৷ অনঙ্গৰ সৈতে তোমাৰ আন্তৰিক ভালপোৱাৰ কথা মোক নিঃসঙ্কোচে আৰু তেজস্বীতাৰে, নিজৰ স্বামীৰ আগত কোনো কথা গুপুত নাৰাখো বুলি, প্ৰকাশ কৰি, সাহ দেখুৱাই এহাতে তোমাৰ মানসিক নিৰ্ভীকতা দেখুৱাইছা। কিন্তু, আকৌ আনফালে সেই বাস্তৱ আৰু জীৱন্ত সত্যক উপেক্ষা কৰি নিৰ্ম্মম কঠোৰ ভাৱে ভৰিৰে মোহাৰি, সমাজৰ প্ৰাণহীন নিয়ম প্ৰতি প্ৰতিকৈ মানি মোৰ সতে সংসাৰ কৰিবলৈকো আগ বাঢ়িছা। এই পৰস্পৰ ঘোৰ বিৰোধী কথা দুটাৰ তুমি মিলন বিচাৰিছা—বিশেষকৈ—মই যেতিয়া সকলো কথা বুজি তোমাৰ আন্তৰিক পবিত্ৰতা ৰক্ষা কৰিবলৈ সহায় কৰিবলৈকো সাহকৈ আগবাঢ়িছো।

কাঞ্চনমতী— হ’ব পাৰে সেইটো, কিন্তু আপোনাৰ মতে কাম হ’বলৈ হ’লে এতিয়া সমাজত এটা প্ৰলয় উপস্থিত হব।

সুন্দৰ— প্ৰলয় হব হওক! প্ৰলয়ৰ আৱশ্যক হৈছে। শতাব্দী ধৰি গোট খাই থকা সমাজৰ আৰ্বজ্জনা ধুই সমাজক নিৰ্ম্মল আৰু পবিত্ৰ কৰিবলৈ এক প্ৰলয়ৰ অতি আৱশ্যক হৈছে। তেন্তে মই সেই প্ৰলয়ক আজি আহ্বান কৰিছো। মোৰ জীৱনলৈ, সমাজৰ জীৱনলৈ মই প্ৰলয়ক আমন্ত্ৰণ কৰি আনিম। সুদৰ্শন—নহয় অনঙ্গৰ সতে—নহয় নহয় অনঙ্গক মই দেখা পাব লাগিব অনঙ্গ—

 [এই বুলি উত্তেজিত হৈ তাৰপৰা ছাৎমাৰি ওলাই যায়গৈ। কাঞ্চন ধীৰ-স্থিৰ হৈ থাকে—কিছুপৰ ওপৰলৈ টলকা মাৰি আকৌ একান্তমতে টাকুৰি ঘূৰাবলৈ ধৰে]