পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় অঙ্ক
প্ৰথম দৰ্শন

 [সুন্দৰৰ কাৰেঙত কাঞ্চন কুঁৱৰীৰ শোৱনি কোঠা। শেৱালিয়ে হাতত এটা কুকী আনি এখন শৰাইত সজাই থয়। আন বন কৰে। মাজে মাজে চকু পানী মচে। এনেতে সেউজী লিগিৰি সোমাই আহে। তাইৰ মুখখন ঘূৰণীয়া আহোম গঢ়ী , বগা , দেখিবলৈ সুন্দৰী নহয় যদিও মৰম লগা। গাঠলু আৰু নিপোটল। মুখত উদাৰ হাঁহিসনা।]

সেউজী— এ শেৱালি বাইটি তই ইয়াতে আছ।

[শেৱালিয়ে উচপ খায় আৰু লৰালৰিকৈ চকু মচে]

বাইটি অ’ তই দেখোন চকু মোহাৰিছ—কিবা সোমাল নেকি? চাওঁ চাওঁ।

[ওচৰ চাপি আহি চকুলৈ চাই]

এ কান্দিছহে হবলা। আঐ দেহি কিনো হ’ল বাইটি। ৰেৱতীয়ে কিবা ক’লেনেকি?

[শেৱালিয়ে হুক হুক কৰে কান্দে, সেউজীয়ে সাবট মাৰি ধৰি]

কেলৈনো কান্দিছ বাইটি! কচোন বাইটি কি হ’ল?

[শেৱালি অলপ ৰৈ]

শেৱালি— সেউজী, মইনো বাৰু ৰেৱতীক কি কৰিলো—তাই যে মোক দুই চকুৰে দেখিব নোৱাৰে। সঁচাই-মিছাই মোৰ কথাবোৰ ৰাজমাও দেউতাক টুটকীয়া লগাই থাকে।

সেউজী— (সহানুভূতিৰে) তাইৰ কথাত নধৰিবি। তাই তেনেকুৱাই—কিনো বাৰু কি লগালে?

শেৱালি— মইনো বাৰু কেতিয়া কোঁৱৰক ভুলাবলৈ গাত লিপিত খুৱাই মেখেলা পিন্ধি ফুৰিছিলো। কোঁৱৰক হেনো মই কিবা