পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৯
কাৰেঙৰ লিগিৰী

এই হালৰ কেতিয়াও মিল নহয়। যি লাই বাঢ়ে তাৰ দুপাততে চিন। বিয়া কৰায়েই যদি এনে অসুখ অশান্তি পিছে পৰে বা কি হয়। কিবা এটা নিশ্চয়কৈ কেৰোণে ধৰিছে। অ’ বাই, বাই এটা কথা। (কাণৰ ওচৰলৈ মুখ নি) কালি নিশা সিঁহত হালে কথা পাতি থাকোতে মই বেৰত কাণ পাতি শুনি আছিলো! কোঁৱৰে কিবা বোলেনে—অনঙ্গ ককাইদেউৰ কথা কৈ গুজৰি-গামাৰি আছিল। কুঁৱৰীৰো মুখ কম নহয়—দে—কথা আখৈ ফুটাদি ফুটিছে নহয়। এনেতে কোঁৱৰ উচাট মাৰি উঠি অহা দেখি মই ভয়তে নিধাতু খাই চাংমাইশাল পালোগৈ। বোলো মোক দেখিলে হবলা। সোতাৰ খং বাঢ়নীত জাৰেহিবা।

শেৱালি— তাৰ পাছত আৰু কি কৈছিল?

সেউজী— এ কৈছো নহয় মই বোলো চাংমাইশাল পালোগৈ বুলি।

[এনেতে গহীন হৈ কাঞ্চন কুঁৱৰী সেই কোঠালৈ সোমাই আহে শেৱালি আৰু সেউজী নিফুট মাৰে]

কাঞ্চনমতী— (দুয়োলৈকে মৰমৰ চকুৰে চাই) শেৱালি আৰু সেউজী তহঁত বাৰু যা, নিশাও হৈ আহিছে, খাই-বৈ শোগৈ।

শেৱালি— চালপীৰাখন সজোৱা।

কাঞ্চনমতী— বাৰু নালাগে ময়েই লম, তহঁত যা।

 [শেৱালি-সেউজী অলপ পৰ ৰৈ আৰু নমতা দেখি লাহে লাহে ওলাই যায়। সোঁফালে বেৰৰ দাতিত কাঞ্চন কুঁৱৰীয়ে এখন দলিচাত বহি টাকুৰী এটাত এৰী কাটিবলৈ ধৰে আৰু ৰিহাৰ আঁচলেৰে চকুপানী মচিবলৈ ধৰে। সুন্দৰ সোমাই আহি কোঠালিটোত এপাক মাৰি চালপীৰাত বহি একান্তমনে কাঞ্চনৰফালে চাই থাকে। কাঞ্চনে কিন্তু তলমূৰকৈয়ে সূতা কাটি গৈ থাকে আৰু তলমূৰকৈয়ে সুন্দৰৰ সকলো কথাৰ উত্তৰ দি যায় আৰু প্ৰশ্ন কৰে।]