পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৫
কাৰেঙৰ লিগিৰী

বজাৱ সোণৰে বেণু কৃষ্ণ তই
 বজাৱ সোণৰে বেণু।
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
 সুৰৰে জিঞ্জিৰী।

[গীত শেষ হলত সুদৰ্শন উঠে]

সুদৰ্শন— তেন্তে বন্ধু তুমি শুবলৈ দিহা কৰা। মিছা চিন্তাবোৰ কৰি নাথাকিবা। মই যাওঁ।

 [সুন্দৰে আনমনা হৈ বাৰু বুলি কয়। সুদৰ্শন লাহে লাহে ওলাই যায়গৈ। কিছুপৰৰ পাছত সুন্দৰ পালেঙৰ পৰা উঠি বৰ উদ্বিগ্নতাৰে কোঠাটোত অহা-যোৱা কৰি থাকে। তাৰ পাছত পালেঙত বহি , কিবা এটা অৱসাদত ভাগৰি পৰাৰ দৰে, ভৰি ওলোমাই থৈ পালেঙত পৰি থাকে। অলপ পৰৰ পাছত শেৱালিয়ে ৰূপৰ কাঁহী এখনত এটা ৰূপৰ বাণবাটিত তপত গাখীৰ আনি কোঠাটোত সোমায়হি আৰু সুন্দৰক সেইদৰে পৰি থকা দেখি থমক খাই ৰয়। তাৰ পাছত থৰক-বৰক কৰি সুন্দৰৰ ওচৰৰ মূঢ়া এটাত কাঁহীখন থৈ তল মূৰ কৈ]

শেৱালি— ডেকা কোঁৱৰ, তপত গাখীৰ ৰাজমাৱে পঠাই দিছে।

[সুন্দৰ গিৰিপ কৰে বিছনাত উঠি বহে আৰু শেৱালি দুখোজমান পাছলৈ হুহকি যায়]

সুন্দৰ— (তীব্ৰভাৱে শেৱালিলৈ চাই কৰ্কশ স্বৰে)
আই দেউতাই তোৰ হাততে পঠাই দিছেনে?

শেৱালি— ( কওঁ নকওঁকৈ ) নহয়, ৰাজমাও দেউতাই শোৱনি ঘৰ সোমোৱাৰ আগতে চাংমাইক কোঁৱৰলৈ তপত গাখীৰ পঠাবলৈ কৈ গৈছিল—পিছে চাংমাইয়ে মোৰ হাততে পঠাই দিছে।

[সুন্দৰ মনে মনে থাকে। শেৱালিয়ে নমতা-নোবোলাকৈ কিছুপৰ ওচৰতে থিয় দি থাকি এখোজ দুখোজকৈ ওলাই যাবলৈ ধৰে। সুন্দৰ ঘপহ কৰে থিয় হৈ]