পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কাৰেঙৰ লিগিৰী

মই সোধা প্ৰশ্নৰ তুমি যেতিয়া সিদিনা একো উত্তৰ নিদি—সেইবোৰ কথা নুলিয়াবলৈ ইমান বাক-বিতণ্ডা কৰিলা। মুঠতে তুমি কালি নিশা মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈকে অস্বীকাৰ কৰিলা বিশেষকৈ কাঞ্চন কুঁৱৰীৰ আগত ৰাখি মই তোমাক সকলো কথা কব খোজো। আৰু তাকে কৰিবলৈ এই কাজিৰঙা অৰণ্যৰ বাহিৰে আৰু আন ঠাই নাই।

[ সুন্দৰে ভাবৰ আধিক্যত বহুপৰ নমতাকৈ থাকি হঠাৎ অনঙ্গলৈ থৰ হৈ চাই কয় ]

সুন্দৰ— কাঞ্চন কুঁৱৰী আৰু তোমাৰ ভাল পোৱাৰ কথা মোক তুমি বিয়াৰ আগতে নকলা কিয়?

অনঙ্গ— [সুন্দৰলৈ বৰ কৌতুহলপূৰ্ণ চকুৰে চাই-এবাৰ কাঞ্চন কুঁৱৰীৰ ফালে চাই নিজকে দোষী যেন দেখুৱাই—কিন্তু মনলৈ সাহ আনি ডাঠি]
এৰা বন্ধু—নকলো কিয়?

সুন্দৰ— বন্ধু হৈ তুমি শত্ৰুৰ কাম কৰা নাইনে?

অনঙ্গ— শত্ৰুৰ কাম? নিশ্চয় নাই কৰা।

সুন্দৰ— কৰিছা।

অনঙ্গ— কেনেকৈ?

সুন্দৰ—মনটি হৰি ৰাখি সুদা দেহাটো তুমি মোক আগ বঢ়াই দিলা। বন্ধু হৈ তুমি মোক এনে কৰিলা কিয় তুমি ভালকৈ জানিছিলা—যে মই কাঞ্চন কুঁৱৰীক বিয়া কৰালে মাথোন হৃদয়হীন এটি প্ৰতিমাৰহে গৰাকী হম—আৰু তাকে কেতিয়াবা মই জানিলে আৰু সি এদিন নহয় এদিন ওলাবই, মোৰ সংসাৰ বিহেৰে পৰিপূৰ্ণ হ’ব। বন্ধু হৈ তুমি মোৰ ওচৰত কথা লুকুলা। তেন্তে মই তোমাৰ অন্তৰত ঠাই পোৱা নাই?