সমললৈ যাওক

পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
কাৰেঙৰ লিগিৰী
তেও। সিহঁতে তোক ইয়াত এৰি থৈ গলগৈ নেকি? [এইবুলি কলত শেৱালিয়ে উচুপি উচুপি কান্দে]
ৰুণুক— কিয় কান্দিছ,নেকান্দিবি। তোকনো সিহঁতে কিয় এৰি গল অ’?
শেৱালি— মোক ঘৰৰ পৰা খেদাই দিছে। [আকৌ কান্দে]
ৰুণুক— নেকান্দিবি অ’। দিয়ক বাৰু সিহঁতে খেদাই, তই আমাৰ লগত থাকিবি। আমাৰ বাই-ভনীৰ দৰে থাকিবি। আমি তোক বৰ মৰম কৰিম। আমাৰ লগত থাকিবলৈ অলপো দুখ নেপাৱ। আমাৰ আই বোপায়ে তোক মৰম কৰিব। তোৰ কোনো নাই নেকি অ’?
শেৱালি— ওঁহো।
ৰুণুক— আই ঐ দেহি ৷ পিছে তই আমাৰ লগত থাকিবিনে?
শেৱালি— নেথাকি আৰু কলৈ যাম?

ৰুণুক, জুনুক, ঠুনুক—(নাচি জঁপিয়াই) বৰ ভাল হব আমি এতিয়া চাৰিজনী হলো।

[আটাইকেইজনীয়ে শেৱালিক সাৱটি ধৰি চুমা খাই]

ৰুণুক— পিছে পিছে আমি তোক কি বুলি মাতিম? ওঁ?
শেৱালি— ওঁ—মোৰ—নাম—ৰ—কওঁ—বাৰু—
ৰুণুক— ওঁ—ওঁ-—মই কওঁ—মই কওঁ—মই কওঁ—দেই। তই হৈছ ভৈয়ামৰ মইনা পখী। মই—না! অ, মই—না—ম—ই—না। ঠিক ঠিক ঠিক হব। পিছে মইনা ,গীত এটা নোগোৱানে? আমি তেও তোমাৰ গীত শুনিলোহে।
শেৱালি— [হাঁহি] মোৰ যদি শুনিছিলি তহঁতে এটা মোক গাই নুশুনাৱ কিয়? মই যদি ভৈয়ামৰ পোহনীয়া মইনা তহঁত