পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
right
কাৰেঙৰ লিগিৰী

আকৌ পালেঙত দীঘল দি পৰি থাকে—সুদৰ্শন ওচৰৰে মূঢ়া এটাত বহে আৰু ধূপ কাঠি এডাল, ওলমি থকা চাকিত লগাই এখন শৰাইত থয়। ধূপৰ ধোঁৱাৰ সুগন্ধত সুন্দৰে অলপ অলপ অস্বস্তি বোধ কৰা যেন কৰি হঠাৎ উঠি সুদৰ্শনৰ চকুৱে চকুৱে চাই ]

সুন্দৰ—বন্ধু—এই কথাবোৰৰ বিষয়ে তুমি কি ভাবা?

সুদৰ্শন—কি কথা?

সুন্দৰ—শেৱালিৰ সতে মোৰ এনে—

সুদৰ্শন—বুজিছো। (মিচিককৈ হাঁহে)

সুন্দৰ—হাঁহিলা দেখোন।

সুদৰ্শন—এৰা।

সুন্দৰ—( প্ৰশ্নসূচক দৃষ্টিৰে আৰু কৌতুহল পূৰ্ণ ভাৱেৰে সুদৰ্শনলৈ চাই ৰৈ থাকে )

সুদৰ্শন—তুমি শেৱালিক আন লিগিৰিতকৈ মৰম কৰা?

সুন্দৰ—কৰো নেকি?

সুদৰ্শন—তুমি যেই সেই কামতে শেৱালিকহে মাতা?

সুন্দৰ—জানো। হ’বলা।

সুদৰ্শন—আন লিগিৰিতকৈ তাইৰ সতে কথা-বতৰা সৰহ?

সুন্দৰ—( সুন্দৰে যেন কিবা মনত পেলাব খুজিছে এনে ভাৱ ধৰে। )

সুদৰ্শন—লিগিৰিবোৰৰ সতেতো তুমি ঠাট্ৰা-মস্কৰা বা ৰং ধেমালি নকৰা?

সুন্দৰ—নিশ্চয় নকৰো।

সুদৰ্শন—কিন্তু শেৱালিৰ সতে মাজে মাজে—

সুন্দৰ—কৰোনে কি?

সুদৰ্শন—সেই বিষয়ে তোমাৰ সন্দেহ আছে।

সুন্দৰ—পিছে কৰিলোৱেই যেনিবা।

সুদৰ্শন—বন্ধু, পিছে সেই যেনিবায়েই কথা কেনিবা নিছেগৈ।