সমাজৰ, ৰাইজৰ ৰজা-প্ৰজা সকলোৰে শত্ৰু—সকলোৰে শত্ৰু—মাত্ৰ এটি কঠোৰ সত্যৰ বন্ধু। সত্যৰ বন্ধুতা মই ৰাখিম—আৰু সকলোৰে শত্ৰুতা কৰিম।
অনঙ্গ— (খং আৰু বিৰক্তি জৰ্জ্জৰিত হৈ আগ-পিছ নুগুণি) সুন্দৰ, তেন্তে মই তোমাৰ বিষয় সঁচা কথা কওঁ। তোমাৰ এই সত্যৰ দোহাই আটাইবোৰ ভণ্ডামি। (আঙুলি দাঙি থিয় হৈ) তুমি—তুমি অবৈধ প্ৰণয়ত আবদ্ধ—আৰু সেই অবৈধ প্ৰণয়ৰ বিঘিনি ঘটিব বুলিয়েই বিয়া কৰাবলৈ অসন্মতি কৰিছিলা, আৰু এতিয়া বাধ্যত পৰি বিয়া কৰাই—সেই প্ৰণয়ৰ প্ৰাবল্য হোৱাত বিবাহ বান্ধোনৰ পৰা মুক্তি বিচাৰিছা। সত্যৰ স্পৃহা, সমাজ সংস্কাৰ উচ্চ হৃদয়তাৰ ভাও ধৰি তুমি মাত্ৰ তোমাৰ—
সুন্দৰ— (খঙত অগ্নিমূৰ্তি ধৰি) হীন কাপুৰুষ! অপবিত্ৰ মনৰ গৰাকী শঠতাৰ প্ৰধান সেৱক! মোকো তোমাৰ দাপোণত প্ৰতিফলিত তোমাৰেই প্ৰতিবিম্ব বুলি ভাবিছানে? মই ভুল কৰিছো। তোমাক মই যি বুলি ভাবিছো তুমি সি নোহোৱা। উদাৰতাই, সত্য চেনেহ, যুক্তিয়ে তোমাক বুজাব নোৱাৰে। অনঙ্গৰাম, এই মুহূৰ্তৰেপৰা তুমি মোৰ বন্ধু নোহোৱা। মই ৰজা আৰু তুমি মোৰ প্ৰজা। মই ন্যায়দণ্ডধাৰী বিচাৰক, তুমি দোষী। মূৰ পাতি মোৰ দণ্ড গ্ৰহণ কৰিবলৈ বাধ্য। যুক্তিৰে আৰু সত্যৰ দোহাই দি যেতিয়া ন্যায় কাম কৰাব নোৱাৰি তেতিয়া কঠোৰ শাসনেৰে তাক সমাধা কৰিব লাগিব (বপুৰাক) বপুৰা, মাতি আন মোৰ গা-ৰখীয়া সেনাক।
[অনঙ্গ খঙত তলমূৰকৈ থাকে। বাহিৰত শিঙা বাজে আৰু অলপ পাছতে কেইটামান দৈত্য যেন চাওডাং আহি সুন্দৰৰ আগত আঁঠু লয়হি।]