পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কাৰেঙৰ লিগিৰী ৪৯

তোৰ লাজ লগা নাই। তোৰ কাৰণেই কোঁৱৰে নিজৰ বিয়া কৰোৱা তিৰোতাৰ তেনে গতি কৰিলে—কল্যাণ কুঁৱৰী বিহ খাই মৰিবলগীয়া হল অনঙ্গ ডেকা দেউতা দেশ এৰি দেশান্তৰী হল। ৰাম মোৰ ঈশ্বৰ—তই কোঁৱৰৰ মূৰটো খালি—কাৰেঙত জুই দিলি—তই শাঁকিনী। সেইবুলি এতিয়াও জানো লাজ হৈছে—আকৌ মূৰ মেলাই কোঁৱৰক ভুলা—

(ৰাজমাও সোমাই আহি উগ্ৰমূৰ্ত্তি ধৰি)

ৰাজমাও— (শেৱালিক) তোক—তোক মই কোঁৱৰৰ কোঠালিলৈ আহিবলৈ হাক দিছো নহয়—নেলাগে তই মোৰ লৰাৰ আল-পৈচান ধৰিব।

শেৱালি— (তললৈ মূৰ কৰি) মই মই—ৰেৱতীয়ে মোক মাতি আনিছে।

ৰেৱতী— মই মইহে অনা হ’লো—

শেৱালি— নাই—নাই—মতা?

ৰাজমাও— মনে মনে থাক। ওলাই যা—ওলাই যা তই—ওলাই যা। তই মোৰ ঘৰ ভাঙিলি—মোৰ ল’ৰাক বলিয়া কৰিলি। ঘৰত জুই দিলি। ( শেৱালিয়ে হুক হুক কৈ কান্দিবলৈ ধৰে) কান্দি কান্দি দেখুৱাইছ—ৰ তোৰ মঙহ খাম। তোৰ মই জীৱ লৈহে এৰিম। যা—ওলা—ওলা।

(শেৱালি কান্দি কান্দি ওলাই যাইগৈ)

ৰেৱতী— ৰাজমাও দেউতা—এই শাঁকিনীক কাৰেঙত থলে যি হৈছে দেখিছেই নহয়—

ৰাজমাও— তই বাৰু মোক বুধি দিব নালাগে। তাৰ উপায় মই কৰিছো। তাইক মই আঁতৰাবৰ দিহা ভালকৈয়ে কৰিছো। উস্ উস্ প্ৰভু মোৰ! এনে বুলি জনা হ’লে, কথা ইমানলৈকে শিপাইছে বুলি জনা হ’লে, তাইৰ মই কেতিয়াবাই—