পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬১
কাৰেঙৰ লিগিৰী

কিছু শিকিলে বা কি হয়? কথাফাকি এইদৰে ক’লেহে শুনিবলৈ ভাল হয় বোলে—

গ’ল বপুৰা গ’ল বিয়া কৰাবলৈ গ’ল
 শ্ৰীমতীৰ লগ পাই ডেকা বপুৰাকাই
  ষাঠি বছৰীয়া হ’ল।

[সুন্দৰ-সুদৰ্শনে বৰকৈ হাঁহে]

সুন্দৰ—বপুৰা, বাৰু যাচোন শেৱালিক ভালকৈ তামোল দুখনমান আনিবলৈ কগৈ। [বপুৰাই উচপ খাই উঠে আৰু নুঠি বহি থাকি সুদৰ্শনৰ ফালে টহ্ টহ্ কৰে চাই থাকে] কি হ’ল? নাযাৱ কিয়?

বপুৰা—(বৰ চঞ্চল হৈ ) আইদেউতাই—শেৱালিক কোঁৱৰৰ ওচৰলৈ আহিবলৈ হাক দিছে নহয়—ময়েই আনোগৈ।

সুন্দৰ—(খংমুৱা হৈ) কেলৈ, তাইৰ কি দোষ—তাই কেলৈ মোৰ ওচৰলৈ নাহিব? যা তাইক— (মাতে) লিগিৰি! কোন আছ? শেৱালি?

[ৰেৱতী সোমাই আহে]

ৰেৱতী—কিবা ডেকা কোঁৱৰ?

সুন্দৰ—শেৱালি ক’তা? (ৰেৱতী মাতিব নোৱাৰা হৈ ৰঙা পৰে) শেৱালিক মাতি আনচোন।

ৰেৱতী—আইদেউতাই—

সুন্দৰ—নেলাগে মোক আইদেউতাৰ কথা—মই মাতিছো বুলি কগৈ। [ৰেৱতী নগৈ ৰৈ থাকে] নাযাৱ কিয়?

ৰেৱতী—আইদেউতাই খং—

সুন্দৰ— মই—মই—মই মাতিছো—যা, মাতি আন।

[এইবাৰ ৰেৱতী বেবুৱা হৈ যায়গৈ]

সুন্দৰ—এতিয়া শেৱালিৰ গাতহে জগৰ লাগিলগৈ। মিছাকৈয়ে নিৰপৰাধী ছোৱালীজনীক এনে অত্যাচাৰ কৰিছে।