পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪১
কাৰেঙৰ লিগিৰী

অনঙ্গ— দেখাতেই তেনে হ’ল—কিন্তু সুন্দৰ সি নহয়। তুমি মোক ভুল বুজিছা। সেই কথা মই ওঁঠৰ আগত লৈ ফুৰায়ো তোমাক ক’বলৈ সাহ নহ’ল। মোৰ মানসিক কাপুৰুষালিয়ে মোক তেনে কৰালে।

সুন্দৰ— (কাঠ হাঁহি মাৰি) মানসিক কাপুৰুষালিয়ে মোকো মোৰ সংকল্পৰ পৰা পিছলাই দিলে—কাঞ্চন কুঁৱৰীক মই বিয়া কৰালো—কিন্তু বন্ধু, এই কাঞ্চন কুঁৱৰীৰ পৰা সকলো কথা জানিব পাৰি, তেওঁৰ সাহ দেখি মোৰো সাহ উপজিছে। মই সাহ কৰিব খোজো—সাহ—সাহ! এৰা—( খুব দৃঢ়তা দেখুৱাই )

অনঙ্গ— (বুজিব নোৱাৰা যেন দেখুৱাই) কেনে?

সুন্দৰ—তোমালোক দুয়োৰে ভাল পোৱা যে আচল আৰু চিৰ কাল থাকিব—ইয়ো সঁচা—আৰু কাঞ্চন কুঁৱৰীৰ দেহাটো য়ে সমাজৰ সন্মতিৰে মোৰ শোৱনি কোঠাটোলৈ সুমাইছো—সিওঁ সঁচা।

অনঙ্গ— তাৰ পাছত?

সুন্দৰ— তাৰ পাছত ভয় কৰি কৰা ভুল সাহ কৰি শুধৰাব লাগিব।

অনঙ্গ— কেনেকৈ?

সুন্দৰ— প্ৰকৃততে কাঞ্চন কুঁৱৰী তোমাৰ—আৰু তুমি তেওঁৰ (অনঙ্গ আচৰিত হয়) বুজিছো। সঁচাকৈয়ে এতিয়া বাহ্যিকতো সেয়ে হ’ব লাগে।

অনঙ্গ— তাৰ মানে?

সুন্দৰ— ফটফটীয়া। মই যেতিয়া জানিলো কাঞ্চনৰ হৃদয় তোমাৰ—মোৰ আৰু কাঞ্চনৰ সতে গৃহবাস কেনেকৈ সম্ভৱপৰ হ’ব পাৰে?

অনঙ্গ— কেলৈ হ’ব নোৱাৰিব—? মই তোমালোকৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাম—তেতিয়াহ’লে মই কাঞ্চন কুঁৱৰীৰ মনৰ পৰাও নাইকিয়া হ’ম!