পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০
কাৰেঙৰ লিগিৰী

অনঙ্গ— কাঞ্চন, তোমাৰ কথা সঁচা। মই একো কৰা নাই। পিছে মইতো একো কৰিব নোৱাৰো।

কাঞ্চনমতী— কিয় সুন্দৰ কোঁৱৰক আপুনি কিয় হাক নিদিয়ে। তেওঁক সকলো কথা ক’লে , তেওঁ যদি আপোনাৰ প্ৰকৃত বন্ধু হয় নিশ্চয় শুনিব।

অনঙ্গ— মই তাকে কৰিলে, তোমাৰে মোৰে প্ৰণয়ৰ কথা ওলাই পৰিব।

কাঞ্চনমতী— ওলাই পৰিলে কি হ’ব?

অনঙ্গ— সমাজে কি বুলিব?

কাঞ্চনমতী— তাৰমানে আপোনাৰ সমাজলৈ ভয়। আপুনি মুনিহ মানুহ হৈ যেতিয়া সমাজলৈ ভয় কৰিছে , আমি তিৰোতা সমাজৰ আঁঠুৱা তলৰ মহ হৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয়?

অনঙ্গ— তুমিতো সমাজৰ বিৰোধী কাম একো কৰিবলৈ যোৱা নাই, তুমি কোনো কাৰণ উলিয়াই সুন্দৰলৈ বিয়া নহওঁ বুলি নিশ্চয় ক’ব পাৰা।

কাঞ্চনমতী— সমাজৰ নিয়ম যে, মাক বাপেকিয়ে নিজ ইচ্ছাৰে যাক দিব জীয়েকে কোনো প্ৰতিবাদ নকৰাকৈয়ে তালৈকে যাবে লাগিব। পিতা-মাতাৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হোৱাতকৈ সমাজৰ নিয়মৰ বিৰুদ্ধে বিয়া হোৱা হ’ল।

অনঙ্গ— তেন্তে তুমি কোনো প্ৰতিবাদ কৰিব নোখোজা?

কাঞ্চনমতী— সমাজে প্ৰতিবাদ কৰিবলৈ কোনো আধিকাৰ দিয়া নাই।

অনঙ্গ—(হুমুনিয়াহ পেলাই) ওঁ বুজিলো, সোণৰ মূল্যই এই জগতত সবাতোকৈ সৰহ। সোণৰ চিকমিকনিত প্ৰণয় সুন্দৰীৰ চকুত জলক-তবক লাগে। —হু—( কিছুপৰ ৰৈ ) পোনাই কলেই হ’ল—মোক ভাল নোপোৱা বুলি।