পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৩
কাৰেঙৰ লিগিৰী

সুন্দৰ— কেনেকৈ?

সুদৰ্শন— তেনেকৈয়ে। সেইবোৰেই প্ৰতীয়মান কৰাইছে যে তুমি শেৱালিলৈ আসক্ত। তিৰোতাৰ মানুহৰ কথা, তাকে লিগিৰী টোলত বঢ়াই নি নি মাখিটোকে হাতীটো যেন কৰিলে, এতিয়া সেই হাতীটোৱে বনৰীয়া হৈ গাঁও নগৰ হাবি বন গোটেইখন মহটিয়াই ফুৰি উৎপাতৰ সৃষ্টি কৰিছে।

সুন্দৰ— হঁ—(বুলি মৌন হয়)

সুদৰ্শন— (কিছুপৰ মনে মনে থাকে) আৰু এটা কথাও। এই বিষয়ে আজি কিছু দিনৰ পৰা মোৰ ঘোৰ সন্দেহ হৈছে।

সুন্দৰ— কি?

সুদৰ্শন— (সৰুকৈ) শেৱালিয়ে তোমাক ভাল পায়।

সুন্দৰ— (টোপনিৰ পৰা সাৰ পোৱাৰ দৰে) লিগিৰি এজনীৰ ইমান স্পৰ্দ্ধা!—কেনেকৈ?—কেনেকৈ?

সুদৰ্শন— ভালপায় মানে তোমালৈ আকাঙ্ক্ষা নকৰে। জোনটোক যেনেকৈ মানুহে ভাল পায়, কিন্তু তাক পাবলৈ আকাঙ্ক্ষা নকৰে , পোৱা অসম্ভৱ বুলি জানে, কিন্তু তাৰ শীতল কিৰণত ফুৰি আনন্দ পায়, সেইদৰে তাইয়ো তোমাক পাবলৈ কেতিয়াও আকাংক্ষা নকৰে, কিন্তু তোমাৰ মৰমৰ উমনি সপোন দেখি বলিয়া হৈ থাকে।

সুন্দৰ— তিৰোতাই ভাল নেপায়—মিছা কথা।

সুদৰ্শন— সেই বিষয়ে মই তৰ্ক কৰিবলৈ নাযাওঁ। মাত্ৰ মোৰ সন্দেহৰ কথাটো কলো। সময়ত সকলো কথা তল পৰি যাব , আৰু মানুহে পাহৰি যাব। সেই কাৰণে এইবোৰলৈ তুমি বৰকৈ কাণ নিদিবা! কথাটো বৰ নাভূত নাশ্ৰুত হ’ল—সমাজত