জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
[  ]

জলকীয়াৰ পুনৰ্জীৱন অভিযান

আৰু অন্যান্য


-লেখক –

সুৰেন গোস্বামী


-সম্পাদিকা-

প্ৰণামিকা অধিকাৰী

[  ] “Jalakiyar Punarjiwan Abhijan Aru Anyaanya" - a collection of witty Novel and some poems, written by Suren Goswami and edited by Pranamika Adhikari


প্ৰকাশক-  সংযুক্তা শৰ্মা বৰুয়া
 ২-এ, এইচ. পি এপাৰ্টমেন্ট,
 দীনেশ ওঝা পথ,
 ভঙাগড়, গুবাহাটী-৭৮১০০৫
 ফোন ঃ ৯৭০৬৪৯০৬৬৯

লেখকৰ দ্বাৰা সৰ্বস্বত্ত্ব সংৰক্ষিত

প্ৰথম প্ৰকাশ : মাৰ্চ, ২০২১

মূল্য : ৮০.০০ টকা

ডিটিপি আৰু ছপা : পূৰ্বাঞ্চল প্ৰিণ্টচ, লাচিত নগৰ, গুৱাহাটী-৭৮১০০৭ [  ]

লেখকৰ এষাৰ

“জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য” এখন ৰসিক উপন্যাসধৰ্মী ৰচনা তথা মোৰ দ্বাৰা ৰচিত কিছু কবিতাৰ সংকলন। এই আটাইবোৰেই ইতিমধ্যে ফেচবুক যোগে প্ৰচাৰিত।

 ৰসিক উপন্যাসখনৰ সৃষ্টি এজোপা জলকীয়াৰ জলা গুণ নোহোৱা কথাক ভিত্তি কৰি কৰা হৈছে। প্ৰাথমিকভাৱে জলকীয়া জোপাৰ কথা ধেমালিৰ চলেৰে ফেচবুকত প্ৰচাৰ কৰোঁতে বন্ধুসকলেও নানান ধেমেলীয়া মতামত আগবঢ়াই খণ্ডবোৰ আগবঢ়াই নিবলৈ উৎসাহিত কৰিছিল। বন্ধুসকলৰ আকৰ্ষণতে উৎসাহিত হৈ খণ্ড খণ্ডকৈ কাহিনীভাগ আগবঢ়াই নিবলৈ বাধ্য হৈ পৰিছিলোঁ। পাঠক বন্ধুসকলৰ মাজত অতি প্ৰিয় হৈ পৰা কাহিনীভাগক লৈ আনকি এখন পুথি প্ৰকাশ কৰাৰ বাবেও বহুতৰেপৰা অনুৰোধ পাইছিলোঁ। কিন্তু মাত্ৰ এঘাৰটা খণ্ডই এখন উপন্যাসৰ বাবে প্ৰয়োজনীয় কলেৱৰ পূৰ্ণ কৰিব নোৱাৰে দেখি তাৰ লগত আন কেইখনমান ৰস ৰচনা আৰু কবিতা সন্নিবিষ্ট কৰি পুথিখন প্ৰকাশ কৰাৰ বাবেও কেবাজনো বন্ধুৱে পৰামৰ্শ দিলে। এই ক্ষেত্ৰত মোৰ ফেচবুক বন্ধু, সু-লেখিকা প্ৰণামিকা অধিকাৰীয়ে আনকি পুথিখনৰ সম্পাদনা কৰাৰ দায়িত্বও লৈ মোক বিশেষভাৱে উৎসাহিত কৰিলে। প্ৰণামিকালৈ মোৰ আন্তৰিক মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰকৃততে ক'বলৈ গ'লে এই পুথিখন মোৰ ফেচবুক বন্ধুসকলৰ উৎসাহ আৰু মৰমৰ ফল। মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 অতি কম সময়তে পুথিখনৰ ছপা কাৰ্য্য সম্পন্ন কৰি দিয়াৰ বাবে বন্ধুবৰ, পূৰ্বাঞ্চল প্ৰিণ্টচ ছপাশালৰ স্বত্বাধিকাৰ শ্ৰী ৰাজনাথ পাল আৰু তেওঁৰ কৰ্মীবৃন্দলৈ শলাগৰ শৰাই আগবঢ়ালোঁ। পাঠকসকলে পুথিখন আকোৱালি লৈ গঠনমূলক পৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ।

-সুৰেন গোস্বামী

[  ]

সম্পাদিকাৰ এষাৰ

সামাজিক দায়বদ্ধতা সুলেখকৰ প্ৰধান কৰ্তব্য। মন গ'লেই কিবাকিবি লিখি কাকত আলোচনীৰ পৃষ্ঠা বা ফেচবুকৰ ৱাল ভৰাই স্ব-মানসিক তৃপ্তি পোৱাত বাদে ই ভাষা-সাহিত্য-সমাজৰ কোনো দিশত একো উপকাৰ নকৰে। লেখকে প্ৰথম মানসিক তৃপ্তি বা তাড়নাৰ বাবেই লিখিবলৈ লয় যদিও, যিবোৰ লেখাই সমাজৰ ছবি ডাঙি ধৰিব পাৰে; তেনে লেখাইহে পাঠকৰ অন্তৰ স্পৰ্শ কৰে। বৰ্তমানকালত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা গণিব নোৱৰা। বহু ক্ষেত্ৰত বহুতে ইয়াক সমাজৰ মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হিচাপে চিহ্নিত কৰিলেও ইয়াক ধনাত্মক দিশত ব্যৱহাৰ কৰিলে ফেচবুকৰপৰা সমাজে ক্ষতিতকৈ লাভ বেছিকৈ পাব পাৰে। বহুক্ষেত্ৰত এই লাভ। প্ৰত্যক্ষ কৰাও হৈছে। বহু প্ৰতিষ্ঠিত লেখকে ইয়াত মূল্যৱান লেখা লিখাৰ উপৰি অখ্যাত আৰু কোনোদিনেই লিখিবলৈ সাহস নকৰা লোকেও লিখি পিছলৈ লিখনিত পূৰ্ণতা আনিবলৈ সক্ষম হৈছে। সুখৰ কথা যে, অসমীয়া সাহিত্যই ফেচবুকৰ পাতৰপৰাই কেইবাখনো পুথি যোৱা বছৰকেইটাত লাভ কৰি নিজৰ ভঁৰাল চহকী কৰিছে।

 মোৰ ফেচবুক জ্যেষ্ঠবন্ধু শ্ৰদ্ধাৰ শ্ৰীযুত সুৰেন গোস্বামী ছাৰ এগৰাকী সামাজিক দায়িত্বসম্পন্ন লোক। বন্ধুত্ব হোৱাৰেপৰা তেখেতৰ প্ৰতিটো লেখাতে সামাজিক দায়বদ্ধতাৰ সুৰ স্পষ্টকৈ শুনা পাওঁ। কবিতা, ৰসৰচনা আৰু টুকুৰা অনুভৱবোৰত সমাজত সঘনাই ঘটি থকা ক্ষতিকাৰক বিষয়সমূহত আলোকপাত কৰি তেখেতে নিজৰ দায়বদ্ধতাৰ প্ৰমাণ দি থৈছে।

 তেনে বহু লেখাৰ মাজৰে “জলকীয়াৰ পুনৰ্জীৱন অভিযান” এক উল্লেখযোগ্য লেখা। ধাৰাবাহিক এই ব্যংগ লেখাটোৰ দ্বাৰা তেখেতে সমাজত ৰাজনীতিৰপৰা সমাজনীতি আৰু শিক্ষানীতিৰ পৰা ধৰ্মীয় নীতিলৈ সকলো দিশৰ বৰ্তমানৰ প্ৰচলিত ৰূপক ব্যংগৰ মাজেৰে উদঙাই দিছে। “ভূতে পালে সকলোকে” বা অন্যান্য বহু [  ] সৰু সৰু লেখাৰ মাজেৰে সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাবলৈ কৰা অহৰহ চেষ্টাৰ লগতে অসমীয়া ভাষাৰ সততে হৈ থকা ভুলবোৰ আঁতৰাবলৈ যত্নপৰ হোৱা কেইবাটাও লেখা উল্লেখযোগ্য। অৱশ্যে, পাঠকৰ মনোযোগ বিঘ্নিত নহ'বলৈ সকলোবোৰ বিষয় অন্তৰ্ভুক্ত নকৰি নিৰ্দিষ্ট কেইটামানকহে সংকলনখনত স্থান দিয়া হৈছে। গদ্যৰ দৰে পদ্য বা কবিতাৰ মাজেৰেও তেখেতে একেই আদৰ্শ প্ৰকাশ কৰি কেইবাটিও মনপৰশি যোৱা কবিতা আৰু লিমাৰিক ৰচনা কৰিছে। চিৰবন্দী, ক্ষমা কৰিবা বিহুৱাকাই, এয়েতো জীৱন, সত্যৰ জীৱাশ্ম, উৰাবাতৰি (ব্যংগ), মহাবলী, মৃত্যুঞ্জয়ী বচন, জাগ্ৰত সপোন, মুক্ত চিঠি তোমালোকলৈ আদি উল্লেখযোগ্য কবিতা। ইয়াৰ মাজৰ “কলিজাত হাত থৈ সোধা” আৰু মহাবলী কবিতাৰ ভাব ভাষা অপূৰ্ব।

 মোৰ দৰে নিঃকিন এগৰাকীয়ে আচলতে শ্ৰীগোস্বামী ছাৰৰ দৰে ব্যক্তিৰ সাহিত্যৰ আলোচনা কৰাটো শোভন নহয় যদিও সম্পাদনাৰ দায়িত্ব দিয়া হেতুকে কথাখিনি লিখিব লগা হ'ল। পাঠকে সংকলনখন পঢ়ি নিশ্চিতভাবে এক সুখানুভূতি লাভ কৰিব। শ্ৰদ্ধেয় পাঠকে যদিহে সংকলনখন আদৰি লয়, তেন্তে আমাৰ শ্ৰমো সাৰ্থক হ'ব।

 শ্ৰীগোস্বামী চাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

- প্ৰণামিকা অধিকাৰী

ডিমৰুগুৰিঃ নগাঁও

[  ]

জলকীয়াৰ পুনৰ্জীৱন অভিযান

(১)

ঘটনাটো মানুহৰ হোৱা হ'লে, মানৱীয় চিন্তাধাৰাই বিষয়টো সমাজৰ প্ৰচলিত ৰীতি- নীতিমতে আগুৱাই নিলেহেঁতেন। ধৰিলোৱা হ'ল- দিবাকৰ নামৰ যুৱক এজনে বিয়া কৰালে এটা সম্ভ্ৰান্ত পৰিয়ালত। ছোৱালীও উচ্চ শিক্ষিতা, দেখিবলৈ ধুনীয়া কামে-বনেও ভাল, মিষ্ট ভাষী। আনহাতে ছোৱালীৰ মাক-বাপেকেও উচ্চ শিক্ষিত, সম্ভ্ৰান্ত আৰু সংস্কৃতিৱান। এটা সুস্থ পৰিৱেশত পৰিচালিত পৰিয়াল। সেই পৰিয়ালৰে ছোৱালী ৰীতা - যাক উচ্চ শিক্ষিত, সুচাকৰিয়াল দিবাকৰে বিয়া কৰাই আনিলে। দিবাকৰ আৰু তাৰ পৰিয়ালৰ আদৰ-যত্ন, মৰম-চেনেহে ৰীতাকো বেচ সুখী কৰি তুলিছিল। কিন্তু কালৰ কুটীল দৃষ্টি কাৰ ওপৰত কেতিয়া কেনেদৰে পৰে কোনে জানে? বিয়াৰ বহুবছৰ পিছতো ৰীতাই এটা সন্তান জন্ম দিব নোৱাৰিলে। প্ৰশ্ন হ’ল - ৰীতাই জন্ম দিব নোৱাৰিলে নে দিবাকৰে জন্ম দিয়াব নোৱাৰিলে?

 সাধাৰণতে ছোৱালীকে দোষ জাপি দিয়া আৰু আনৰ দোষ-গুণৰ প্ৰতি প্ৰায়ে নজৰ কৰি থকা মানৱ সমাজৰ উচ্চ চিন্তাৰ পৰিপ্ৰেক্ষিতত পোনচাটেই ৰীতালৈ আঙুলি যাবই! কোনোৱে ক'ব, “ৰীতা আগৰেপৰা ৰুগীয়া, আগতেই শৰীৰৰ বহু অত্যাচাৰ কৰি অহা ছোৱালী; ৰীতাৰ বংশটোৱে ভাল নহয় - ল’ৰাক ঠগিলে। তাই কুলক্ষণীয়া; তাই ঘৰ সোমোৱাৰপৰাই দিবাকৰৰ পৰিয়ালত অশান্তি সোমাল” - ইত্যাদি।

 বিপৰীতে ৰীতাৰ পৰিয়ালৰ ফালৰপৰাও কোৱা হ’ব - “দিবাকৰ পুৰুষত্বহীন; সি ছোৱালীৰ জীৱন ধ্বংস কৰিলে। তাইৰ ওপৰততো কম অত্যাচাৰ নকৰে! যৌতুকৰ আশাত ছোৱালীক ঔষধ খুৱাই বন্ধ্যা কৰি লৈ এতিয়া বদনাম দি তাইক ত্যাগ কৰাৰ চলনা কৰিছে”...ইত্যাদি।

 জগতৰ সৰ্বশ্ৰেষ্ঠ প্ৰাণী হিচাপে মানুহে আনৰ সামান্য দোষ দেখিলেই নিজা নিজা সিদ্ধান্ত লোৱাৰ গৌৰৱ কৰিব পাৰে। অন্য প্ৰাণী আৰু গছ-গছনিয়ে নোৱাৰে; কাৰণ সিহঁত বাকৰুদ্ধ, চিন্তা কৰিব নোৱাৰে। সিহঁতৰ জীৱনৰ পৰিচালিকা [ ১০ ] শক্তি কেৱল প্ৰকৃতি। জন্ম, বৃদ্ধি, জৰা, মৃত্যু - এই চাৰি বৈশিষ্ট সকলো প্ৰাণীৰে একেই যদিও অধিক চিন্তা কৰি নিজা নিজা সিদ্ধান্ত লোৱাৰ ক্ষমতা কেৱল মানুহৰহে আছে - লাগিলে সেই চিন্তাক প্ৰকৃতিৰ নিয়মে গ্ৰাহ্য কৰক বা নকৰক।

 মোৰ জলকীয়াজোপাৰ জীৱন কাহিনীও সেই ৰীতা-দিবাকৰৰ দৰেই। দিবাকৰৰ বাবে এজনী ছোৱালীৰ দৰ্কাৰ হৈছিল আৰু চাই-চিতি ৰীতাক বোৱাৰী কৰি মাক-বাপেকে ঘৰ সুমুৱালে। ঠিক তেনেদৰেই মোৰ খালী থকা টাবটোৰ বাবে এদাল গছপুলিৰ প্ৰয়োজন হৈছিল আৰু সেয়ে চাই চিতি মই জলকীয়াৰ পুলিটোকে সুদূৰ গাঁৱৰপৰা নিৰ্বাচন কৰি আনি টাবটোত স্থাপন কৰিছিলোঁ।

 কোনোবাই মোক সুধিব পাৰে যে টাবত ফুলৰ সলনি জলকীয়াৰ পুলিনো কিয় লগালা? - মোৰ চিধা আৰু নিৰ্ভেজাল উত্তৰ হ’ব এয়ে যে ইয়াৰ আগতেও মই সেই টাবত এদাল জলকীয়া লগাইছিলোঁ। বেচ হৃষ্ট-পুষ্ট, ওখ আৰু অতি জলাযুক্ত জলকীয়া দি গছজোপাৰ এদিন মৃত্যু ঘটিল৷ সেয়ে মই টাবটোৰ পুনৰ্বিবাহৰ লেখীয়াকৈ জলকীয়াকে ৰোৱাৰ সিদ্ধান্ত লৈছিলোঁ। গাঁৱৰ ঘৰৰ গোবৰ পেলোৱা গাঁতৰপৰা মাটি আৰু ভাল সঁচৰ জলকীয়া পুলিও আনি টাবটোত ৰোপণ কৰিছিলোঁ। বেছি ওখ নহ'ল; প্ৰায় ডেৰ-দুফুটমান ওখ হ'লেও গছজোপা হৈছিল লহপহীয়া। সময়ত জলকীয়াও লাগিছিল ঢেৰ; শকত-আৱত, দীঘলীয়া আকাৰৰ; চালেই মোক খা মোক খা কৰা বিধৰ। মোৰ মনটো আনন্দেৰে ভৰি পৰিছিল।

 প্ৰতি দিনেই মইদুবাৰ-তিনিবাৰকৈ জলকীয়া কেইটালৈ চাই আনন্দ লভোঁ। মোৰ দুমহলীয়া অট্টালিকাৰ বাৰান্দাত গজা জলকীয়াদালক তলৰ ৰাস্তাটোৰে যোৱা মানুহে লক্ষ্য কৰে নে নাই, তালৈও মই নজৰ কৰোঁ। বিচাৰোঁ, গছজোপা চাই মানুহে মোক খেতি আৰু প্ৰকৃতিৰ প্ৰতি অতি সচেতন ব্যক্তি বুলি কওক; মই কেনেকৈ ইমান ধুনীয়া গছ টাবতে সৃষ্টি কৰিলোঁ আহি প্ৰশ্ন সুধি মোক ব্যতিব্যস্ত কৰক; তেওঁলোক যে নিজে অকৰ্মন্য, সেই কথা মোৰ আগত দাঙি ধৰক। কিন্তু নাই - তেনে ব্যক্তি মই নাপালোঁ। কোনেও মোৰ গছজোপালৈ লক্ষ্যই নকৰিলে। তাৰবাবে অৱশ্যে মোৰ আক্ষেপো নাই। তথাপি ফেচবুকৰ বন্ধুসকলৰে দৃষ্টি আকৰ্ষণ কৰাৰ কৌতুহল এটা আছিল। সেয়ে এদিন ছবি এখনকে তুলি গছজোপাৰ গুণাণুকীৰ্ত্তনসহ এটা পোষ্ট দিলোঁ। ভাবিলোঁ, অন্ততঃ; ফেচবুক বন্ধু সকলেতো মোক প্ৰশংসাৰে উপচাই মতামত দিবই! [ ১১ ]  নিজৰ খেতি-বাতি, নিজে ৰন্ধা ভাত আৰু খাবলৈ সাজু কৰা বিভিন্ন খাদ্যৰ ছবি; নিজে বনোৱা আচাৰ, চুলি আঁচুৰি থকা চেল্ফি’; আলৰ বুঢ়ীয়েও কঁকাল ভাঙি বিহু নাচ কৰা ভংগিমা ইত্যাদিৰ ছবি ফেচবুকত প্ৰচাৰ কৰাটো বন্ধুসৱৰ কেৱল চখেই নহয়, বৰং গৌৰৱৰ কথা। সকলোৰে উদ্দেশ্য এটাই-‘মোক প্ৰশংসা কৰক’! এই গৌৰৱৰ পৰা মই আঁতৰি থাকি বন্ধুসৱৰ লগত অসহযোগ কৰা বুলি বদনাম লোৱাৰ ইচ্ছা নকৰোঁ, উচিত নহয়। সেই আপাহতেই ময়ো মোৰ সুশ্ৰী জলকীয়াজোপাৰ ছবিখন পোষ্ট কৰিলোঁ। কেইমিনিটমানৰ ভিতৰতে বন্ধুসকলৰপৰা পোৱা ধেমেলীয়া আৰু উৎসাহজনক মতামতবোৰে মোক গৌৰৱান্বিত কৰিলে; বুকুখন ডাঠ হৈ পৰিল। কেৱল প্ৰশংসা কৰিয়েই ক্ষান্ত নাথাকি কোনো কোনোৱে তাৰ সঁচো পঠাবলৈ অনুৰোধ কৰিলে; কোনো কোনোৱে খাবলৈ বুলি পাৰ্চেল কৰি পঠিয়াবলৈ মৰমৰ দাবী কৰিলে। মোৰ জলকীয়াৰ বাতৰি “ভাইৰেল’’ হৈ পৰিল। কি যে এক মধুৰ যোগাযোগ!! ইয়াতকৈ আৰু জীৱনত কিবা বেছি আনন্দ আৰু সকাহৰ কথা আছেনে? মোৰ উদ্দেশ্য নিমিষতে পূৰ্ণ হ'ল।

 লাহে লাহে মোৰ জলকীয়া পকিবলৈ আৰম্ভ কৰিলে। এটা ছিঙি আনি তাৰ সোৱাদ লোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। দুপৰীয়া অতি আলফুলে এটা জলকীয়া ছিঙি আনি ভাতৰ লগত খাবলৈ সাজু হ'লোঁ। এনে জলকীয়াই নিশ্চয় মোৰ কাণ-মুখ ৰঙা হৈ পৰাকৈ ফৰফৰাই যাব; নাকেৰে সৰসৰকৈ পানী ওলাব; বুকুত বাজি কাহো আহিব পাৰে। মই সাৱধানতা অৱলম্বন কৰি ঠাণ্ডা পানীৰ বটল এটাও কাষত সাজু কৰি ৰাখিলোঁ।

 ইতিমধ্যেই পৰিকল্পনা কৰি থৈছোঁ যে যদি বাঞ্ছিত জলা পাওঁ, তেন্তে পুৰঠ জলকীয়াবোৰেৰে আচাৰ বনাম; ভালদৰে পকাবোৰ পোনপটীয়া ৰ’দ নলগাকৈ শুকুৱাই থম। কাৰণ পোনপটীয়া ৰ'দ লাগিলে জলকীয়াৰ ৰঙা ৰং ঢেলা পৰি যায়। মুঠতে মোৰ এই জলকীয়াৰ আকৰ্ষণীয় অস্তিত্ব বহুদিনলৈ জীয়াই ৰখাৰ সকলো পৰিকল্পনা কৰা হৈছে।

 ভাতৰ পাতত বহি খুব সাৱধানতাৰে জলকীয়াটোৰ প্ৰথমে একেবাৰে আগৰ জোঙাল ফালটোত সামান্য কামুৰি চালোঁ। নাই, ভয়ৰ কাৰণ নাই। এইবাৰ আৰু অলপ মাজলৈ গৈ কামোৰটো জোৰকৈ মাৰিলোঁ। কিন্তু আচৰিত! এনেহে লাগিল যেন মই আঁহযুক্ত মৰিছা শাকৰ ঠাৰিহে চোবাইছোঁ। একামোৰত নিছিগিলেই, [ ১২ ] চিঙিৰ বাবে পকাই দিব লগা হ'ল- যেন ছাগলীৰ মাংসত থকা ছালহে চোবাইছোঁ। যেন অৰ্দ্ধ শুকান চুইংগামহে চোবাইছোঁ। জলাৰ নামগোন্ধ নাই। আছে মাথো তিতা- কেঁহা সোৱাদ। লগে লগে থু-থুকৈ থুতুৰিয়াই পেলাই দি, মুখখন ধুই লৈহে ভাতকেইটা খাব পাৰিলোঁ।

 ভাব হ'ল, কি কাৰণে জলা নাই? সেই টাবতেতো আগতে ৰোৱা এজোপা জলকীয়াৰ তীব্ৰ জলা আছিল! এইবাৰতো জাতো ভাল; গাঁৱৰপৰা অনা নিভাঁজ গোবৰ মাটিৰ সাৰো দিয়া হৈছে।

 কথাটো মই ওচৰৰে দুই এজনৰ দৃষ্টি গোচৰ কৰালোঁ। বন্ধু এজনে আহি চাইচিতি ক'লে, “দাদা! জলকীয়াজোপাত কাৰোবাৰ মুখ লাগিল।’ মই ভাবিলোঁ - মুখ কেনেকৈ লাগিব পাৰে? মোৰ দুমহলাত উঠি কোনেও জলকীয়াত মুখ লগাবলৈ ঢুকি নাপায়! মই নিজেহে মাত্ৰ এটাত মুখ লগাই চাইছিলোঁ; তাকো একেবাৰে পুৰঠ হোৱাৰ পিছতহে!' মই একো উত্তৰ নিদি মনে মনে থাকিলোঁ।

 কোনো সত্য নিৰূপণ কৰিব নোৱাৰি বিষয়টো মই পুনৰ সবিস্তাৰে ফেচবুকত প্ৰকাশ কৰিলোঁ। ক্ষন্তেক পিছতে শ শ বন্ধুৱে মোৰ সমানেই দুখ প্ৰকাশ কৰি সমবেদনা প্ৰকাশক মতামত প্ৰেৰণ কৰিবলৈ ধৰিলে। তাৰ মাজতে দুই এগৰাকীয়ে অৱশ্যে সহানুভূতিপূৰ্ণ মতামতো নিদিয়াকৈ নাথাকিল।-“ছাৰ! আপুনি ফেচবুকত ছবি দিয়েই ভুল কৰিলে। কাৰোবাৰ নজৰ লাগিল! নিৰাময়ৰ বাবে আপুনি কোনো ভাল পুৰোহিতৰ দ্বাৰা পূজা কৰাওক বা ওজা লগাই জৰা-ফুকা কৰাওক। আমাৰ বিশ্বাস আছে জলকীয়াত জলা আহিবই।”

 কথাটো মোৰ অলপ গাত লাগিল। জলকীয়াৰ সুস্বাস্থ্যযুক্ত ছবি ফেচবুকত দিয়াৰ বাবেই কাৰোবাৰ নজৰ লাগিব পাৰে। মোৰ পাঁচহাজাৰ বন্ধুৰ সকলোৱে যে মোক ভাল দৃষ্টিতে চায়, তেনে নিশ্চয় নহয়। মোৰ উন্নতি নিবিচৰা বা মোৰ উন্নতিত জ্বলি থকা বন্ধুৰো অৱস্থিতি নুই কৰিব নোৱাৰি। দুবৰি বনতো বাঘ লুকাই থাকে বুলি কোৱা হয়। সেয়ে কাৰোবাৰ নজৰ লগাটো অসম্ভৱ নহয়।

 আচলতে ভুল এটা ময়ো নকৰা নহয়। গছজোপা লহপহকৈ বাঢ়ি আহোঁতেই আৰু ফেচবুকত ছবি দিয়াৰ আগতেই মই জলকীয়া জোপাৰ কাষত এটা ‘চো’বা পুৰণি চেণ্ডেল এজোৰ আঁৰি দিব লাগিছিল, নতুবা নেমু টেঙা আৰু জলকীয়াৰ মালা এদাল কৰি আঁৰি দিব লাগিছিল। তাকেই কৰা নহ'ল। সেই সামান্য [ ১৩ ] ভুলটোৰ বাবেই আজি মোৰ জলকীয়াই তাৰ জন্মগত এটা শক্তিৰপৰা বঞ্চিত হ'ব লগা হ'ল। সৌভাগ্য যে গছজোপা প্ৰকৃতি পৰিচালিত এটা জীৱ, যাৰ জন্মগত দোষ নিশ্চুপভাৱে নিজতে সীমিত থাকে। ওপৰত কৈ অহা ৰীতা-দিবাকৰৰ সন্তান জন্ম দিব নোৱৰা দোষৰ দৰে চৌদিশে ৰৌজাল-বৌজাল কৰোঁতা কোনো নাই। একমাত্ৰ ময়েই জলকীয়াজোপাৰ ভাগ্য নিৰ্ণায়ক; ময়েই তাৰ প্ৰতিপালক। সেয়ে কথাটো সিমানতে এৰি মই অকলে তাৰ জলা নথকাৰ কাৰণ নিৰ্ণয় কৰিবলৈ মনস্থঃ কৰিলোঁ; আৰু এয়া মোৰ কৰ্তব্য বুলি ধৰি লৈছোঁ।

(২)

 জনপ্ৰিয় ব্যক্তিয়ে কাহ এটা মাৰিলেও সি বাতৰিৰ শিৰোনাম হৈ পৰে আৰু সেই বাতৰিত পঢ়ুৱৈসকল উদ্বিগ্ন হৈ পৰে। অসমীয়া মানুহ অলপ বেছি আৱেগিক কাৰণে কেৱল উদ্বিগ্নতাতে ক্ষান্ত নাথাকি একেবাৰে দুখত ভাগিয়েই পৰে।

 দুদিনমানৰপৰা লক্ষ্য কৰিছোঁ, ময়ো কম জনপ্ৰিয় নহয়। ইমান দিনে নিজকে এটা মূল্য নোহোৱা ক্ষুদ্ৰ প্ৰাণী হিচাপে ভাবি থকাৰ পিছত এতিয়া মোৰ ভুল ভাগিল। মোৰ জলকীয়াজোপাই জলা ফল দিব নোৱাৰিলে যদিও মোৰ জনপ্ৰিয়তাক ওপৰলৈ দাঙি ধৰিলে। পিছে এই জনপ্ৰিয়তা মোৰ বাবে নে মোৰ জলকীয়াজোপাৰ বাবে, তাকেহে থিৰাং কৰিব নোৱাৰিলোঁ। যিয়ে নহওক, জলকীয়াজোপাই তিতা ফল দিয়া বাতৰিটো ‘ভাইৰেল’ হৈ পৰিল আৰু প্ৰায় ডেৰশৰো অধিক লোকে সমবেদনা জনালে, পৰিত্ৰাণৰ উপায় দিলে। ইয়ে প্ৰমাণ কৰে যে মোৰ কিবা এটা বিসংগতি হলে মোৰ ‘ফেন’ সকল কিমান চিন্তিত হৈ পৰে। অতি জনপ্ৰিয় লোক আৰু মোৰ মাজত পাৰ্থক্য মাত্ৰ ইমানেই যে মোৰ ক্ষেত্ৰত ভাগি কোনো পৰা নাই। সি এক সৌভাগ্যৰ বিষয়।

 এই বাতৰিয়ে আকস্মিক জনসমাগমৰ সৃষ্টি কৰিব পাৰে (অৱশ্যে এতিয়ালৈ হোৱা নাই), আৰু সেয়া হ'লে মোৰ জলকীয়াজুপিৰ ওপৰত কিমান শ শ চকু পৰিব, ক’ব নোৱাৰি। এনেয়ে নজৰ লাগি তাৰ জলাৰ নাম-গোন্ধ নোহোৱা হৈছে, তাতে যদি আকৌ নজৰ লাগিব লাগিল কি ঘটনা ঘটিব, কল্পনা কৰাও কঠিন। সেয়ে, সেইজোপাৰ সুৰক্ষাৰ বাবে, মোৰ প্ৰিয় বন্ধু কিছুমানৰ পৰামৰ্শ মতে, প্ৰাথমিক [ ১৪ ] ব্যৱস্থা হিচাপে গছজোপাৰ কাষত এজোৰ পুৰণা চেণ্ডেল আঁৰি দি কাষত ফলক এখন লিখি দিছোঁ, “বুৰা নজৰৱালা, তেৰে মূঁহ কালা” বুলি হিন্দীত লিখাৰ উদ্দেশ্যও এয়ে যে হিন্দ বা ইংৰাজীত লিখিলে হেনো কথাৰ জোৰ বাঢ়ে আৰু ফলাফল তাৎকালিন হৈ পৰে। এই গুৰুত্বপূৰ্ণ সত্যও মই আমাৰ অসমীয়া ভাই বন্ধুসকলৰপৰাই শিকিবলৈ গাঁই গৌৰৱ অনুভৱ কৰিছোঁ।

 গছজোপাৰ বিসংগতি নিৰাময়ৰ বাৰে বহুতে বহু উপদেশ দিছে। বন্ধুৰ উপদেশ মনাটো বন্ধুৰ কৰ্তব্য। নইলে বন্ধুৱেই লাগে কিয়? সেয়ে আমাৰ প্ৰিয় ফেচবুক বন্ধু ৰীনা গোস্বামীৰ উপদেশকে প্ৰাথমিকতা দিলোঁ। আচলতে ইয়াতো অলপ স্বাৰ্থ নোহোৱা বুলি ক’ব নোৱাৰি। কেইদিনমান আগতে কিবা কিবি যোগাযোগত গম পালোঁ যে ৰীনা সম্বন্ধত মোৰ “প্ৰায়-বোৱাৰী।” ‘প্ৰায়-বোৱাৰী’ এইবাবেই যে তেওঁ মোৰ ভাতিজা বোৱাৰীৰ ভনীয়েক। এনে এটা গুপ্ত সম্বন্ধ পলমকৈ হ'লেও প্ৰকাশ হোৱাৰ পিছত যদি তেওঁৰ পৰামৰ্শক গুৰুত্ব নিদিওঁ, তেন্তে এটা প্ৰচলিত পৰম্পৰা(নিজৰ মানুহক আগস্থান দিয়া) ভংগ কৰা হ'ব আৰু মোক পাপে চুব৷

 ৰীনাই মোক পৰামৰ্শ দিছিল, এজন পুৰোহিতৰ পৰামৰ্শ লৈ তিতা জলকীয়াক মিঠা কৰাৰ উপায় কিৰিবলৈ৷ তেওঁৰ এই পৰামৰ্শক কাৰ্য্যত পৰিণত কৰিবলৈ মোৰ বেছি কষ্ট আৰু পলম কৰিবলগীয়া নহ'ল। কাৰণ ওচৰৰে এঘৰত এজন পুৰোহিত সদায়ে আহে গোসাঁই ধুৱাবলৈ। মই দুপৰীয়া গা-পা ধুই তেওঁৰ ওচৰলৈ গ’লোঁ৷ গৈ পাওঁমানে দেউৱে ৰঙা ধুতি পিন্ধি আৰু নামাৱলীখন গাত মেৰিয়াই য়ৈ ইতিমধ্যে গোসাঁইজনা ধুৱাই হাতত টিলিঙাটো লৈ মন্ত্ৰ পাঠ কৰি আছে। মই সন্তৰ্পণে গৈ ওচৰত থিয় হোৱাত তেওঁ মোলৈ কেঁৰাহীকৈ চাই মন্ত্ৰপাঠ এৰি, টিলিঙাটো লৈয়ে সুধিলে, “আপুনি যে?”

 মই ক'লে, হয় দেউ? আপোনাক লগ পাবলৈকে আহিলোঁ এটা জৰুৰী কথাত। “দেউৱে হাঁহি এটা মাৰি ক'লে, “অলপ ৰ'ব, মই কামটো শেষ কৰি লওঁ।” এইবুলি তেওঁ পুনৰ টিলিঙা বজাই ডাঙৰ ডাঙৰকৈ মন্ত্ৰোচ্চাৰণ কৰিবলৈ ধৰিলে। প্ৰায় দহ মিনিট পিছত তেওঁৰ কাম সমাধা হ'ল আৰু মোক সুধিলে, “বাৰু কওকচোন কি সকামতনো মোক বিচাৰিলে?’’

মই প্ৰণাম জনাই ক'বলৈ ধৰিলোঁ,
“হে দেউ! শুনিলে মোৰ দুখৰ কথা,

[ ১৫ ]

আপোনাৰ লাগিব নিশ্চয় বুকৃত বেথা।
তথাপি কওঁ প্ৰভু নধৰিব দোষ,
সুখী হ’ম শুনি আপোনাৰ উপদেশ।
আনিছিলোঁ গাঁৱৰপৰা জলকীয়া পুলি,
ভাবিছিলোঁ খেতি কৰি নিজে খাম বুলি।
হ’ল জলকীয়া, পকিল ফল লহপহ কৰি,
চেহেৰা দেখিলেই আহে জিভাৰ পানী পৰি।
আনিলোঁ ছিঙি গছৰপৰা জলকীয়া দুটা,
কামোৰ মাৰিহে পালোঁ প্ৰভু ফল কেঁহা-তিতা।
উপায়হীন হৈ প্ৰভু পালোঁ আপোনাৰ চৰণ,
পৰিত্ৰাণ কিবা কৰক দেউ, নহ'লে মোৰ মৰণ।

 মোৰ কথা শুনি দেউৱে এটা মিচিকিয়া হাঁহি মাৰি ক'লে, “সেইটো আৰু কিবা সমস্যানে? এইবোৰ কৃষ্ণৰে লীলা। তেওঁ ভক্তৰ দুখ দেখে যেনেকৈ, সুখো দিয়ে তেনেকৈ। আপুনি চিন্তা নকৰিব।”

 এইবুলি কৃষ্ণৰ আসনৰপৰা বেলপাত, তুলসী আৰু এটা ফুল হাতত লৈ কিবা মন্ত্ৰ মাতিলে। তাৰপিছত জলত ডুবাই আকৌ কি মন্ত্ৰ মাতি লৈ মোৰ হাতত দি ক'লে, “এইখিনি পুস্পাঞ্জলি লৈ যাওক আৰু গছজোপাৰ গুৰিত দি সেৱা কৰিব। কাইলৈ আপোনাৰ ভজলুকত জলা নাহিলে মোৰ ৰেৱতী বামুণ নাম সলাই দিব।” মই সেইখিনি লৈ দেউক দক্ষিণা বুলি কুৰি টকা দি সেৱা এটি কৰি গুচি আহিলোঁ।

 পিছদিনা গা-পা ধুই ভাত খোৱাৰ আগতে পুষ্পাঞ্জলিখিনি নি গছজোপাৰ তলত দি সেৱা জনালোঁ, “হে প্ৰভু! দয়া কৰা প্ৰভু! আজি যেন জলকীয়াত জলা অকণমান হলেও পাওঁ।”

 এইবুলি তাৰে এটা জলকীয়া আটোম-টোকাৰিকৈ ছিঙি লৈ ভাতৰ টেবুল পালোঁ। অসীম উৎসাহ, আশা; আজি জলকীয়াই নিশ্চয় এগৰাহ বেছিকৈ খুৱাব। ভাত এগৰাহ মুখত লৈ মাৰিলোঁ ভয়ে ভয়ে একামোৰ, কিজানি জলাৰ কোবত মুখ পুৰি যায়! কিন্তু হায়! সেই একেই সোৱাদ। লৰালৰিকৈ উঠি গৈ মুখখন ধুইস্থে শান্তি পালোঁ। [ ১৬ ]  চিন্তা কৰিলোঁ, ‘ভগবানৰ আশীৰ্বাদতো অথলে নাযায়৷ পুৰোহিতেও “গেৰাণ্টি দি কৈছিল, জলা নহ’লে নামকে সলাই দিবলৈ৷ ইমান দৃঢ়তাৰ পিছতনো কি ক’ৰোনা লাগিল!’ কিছু পৰ ভাবি উত্তৰ পালোঁ৷ কামৰূপীয়া দেউৱে মন্ত্ৰোচ্চাৰণ কৰোঁতে খাঁটী কামৰূপীয়া ভাষা ’ভজলুক’ ব্যৱহাৰ কৰিছিল৷ হয়তো ভগবানে সেই শব্দটোক “ভোজনীলৈ লুক’’ (দক্ষিণালৈ চোৱা) বুলি শুনিলে আৰু পুৰোহিতক আশীৰ্বাদ দিলে তেওঁৰ ভোজন দক্ষিণা বাঢ়ক বুলি৷ মোৰ জলকীয়াৰ জলা বঢ়াৰ কথা নুবুজিলেই৷ দেউৱে ক’ব লাগিছিল, লংকা, ছিলী বা মিৰ্ছ বুলি৷ কাৰণ, অসমত বৰ্তমান হিন্দী আৰু ইংৰাজী দাল, চব্জী, লাড্ডু, জ্বাল আদি শব্দবোৰ শুনি শুনি ভগবানো অভ্যস্ত হৈ পৰিছে৷হয়তো জলকীয়া বুলি ক’লেও কিবা এটা অনুমান কৰি ল’ব পাৰিলেহেঁতেন, কিন্তু তাৰ পৰিৱৰ্তৱ একেবাৰে কামৰূপীয়া ঢেকেৰি শব্দ :ভজলুক’’ বুলি ক’লে৷ ঈশ্বৰ হ’ল বুলিনো বাৰু সকলো কথা বুজিবনে?

 মোৰেই দুৰ্ভাগ্য বুলি কপাল ধিয়াই বহি থাকিলোঁ৷ কিন্তু নিৰাশ হোৱা নাই৷ মই জলকীয়াত জলা আনিমেই৷

(৫)

 মই নিৰাশ হোৱা নাই৷ যাদু-মন্ত্ৰৰ দেশ, অলেখ বিশ্বাস, অন্ধ-বিশ্বাসক বুকুত সাৱতি চিৰকাল ’সোণৰ অসম’ নামেৰে গৌেৱান্বিত অসমত নিৰাশ হোৱাৰ কাৰণ নাই৷ যিখন ৰাজ্যত মানুহক মন্ত্ৰৰ বলত ভেৰা সজোৱা, বহা আসন তপিনাত উঠি যোৱা, বিয়াত বহা কইনাকো মাত্ৰ এডাল মন্ত্ৰপুত চুলিৰ জোৰত আনলৈ গুচি যোৱা, অপকাৰীক বীৰা লগাই শাস্তি দিয়া আদিৰ দৰে তন্ত্ৰ-মন্ত্ৰ বিদ্যমান, সেই ৰাজ্যত মোৰ সামান্য জলকীয়াত জলা নিমিষতে আনি দিয়া কোনো গুৰুতৰ কথাই নহয়৷ হয়তো মই উপযুক্ত ব্যক্তিৰ ওচৰ চাপিব পৰা নাই বা তেওঁলোকে দিয়া ব্যৱস্থাক নীতিগতভাৱে পালন কৰিব পৰা নাই৷কিন্তু মোৰ বাবে পথ আৰু খোলা আছে৷ মাত্ৰ মই মোৰ দেহ, আৰ্থিক বল যিমানলৈ থাকে চেষ্টা কৰিব লাগে, সিমানেই৷

 এইবোৰ ভাৱতে মোৰ বুকুখন ডাঠ কৰি ফেচবুক বান্ধবী হেলেন গগৈৰ পৰামৰ্শও শিৰোধাৰ্য্য কৰি ললোঁ৷ হেলেনে তাবিজ ল’বলৈ পৰামৰ্শ দিছিল; ই [ ১৭ ] উৎকৃষ্ট পৰামৰ্শবোৰৰ অন্যতম। এনে তাবিজ দিয়া মহাপুৰুষ-মহাপুৰুষণী অসমৰ চুকে-কোণে বহুতো আছে। তথাপি মোৰ ভালকৈ জনাত, পাটাছাৰকুছিৰ উত্তৰে এখন আনন্দপুৰ নামৰ গাঁৱত এজন নাম জ্বলা সত্ৰাধিকাৰ আছে। ৰাতিপুৰাতে মই গাড়ীত দুহাজাৰ টকাৰ পেট্ৰ’ল ভৰাই যাত্ৰা কৰিলোঁ পাটাছাৰকুছিলৈ। এজন প্ৰখ্যাত লোক, সকলোৱে চিনি পায়। সুধি সুধি তেখেতৰ ঘৰ পালোঁ। এটা আটোমৰ টোকাৰিকৈ বন্ধা অসম আৰ্হিৰ ঘৰ। প্ৰায় চাৰি-পাঁচ বিঘামান মাটিত বন্ধা আৰু নানা গছ-গছনিৰে ভৰা চৌহদটোৰ সন্মুখফালে পকী দেৱাল আৰু বাকী তিনিফালে মজবুত তাঁৰেৰে বন্ধা বেৰ। সেই ভিতৰুৱা গাঁৱৰ মাজত এনে ঘৰ-দুৱাৰ সাজিব পৰাজন কম ভাগ্যৱান হ’বনে। ৰাস্তা-ঘাট এতিয়াও পকী কৰিবলৈ চৰকাৰৰ সাহস হোৱা নাই। অধিকাংশ লোকেই পেটে ভাতে খোৱা খেতিয়ক। তাৰ মাজত প্ৰভুই একমাত্ৰ ভগৱান ভক্ত হোৱাৰ বাবেই যে এনে আশীৰ্বাদ পাইছে, সেয়া বুজিবলৈ মোৰ অলপো সময় নালাগিল। তাবিজ দিয়া, আঙঠি দিয়া, বিয়া-বাৰুত দৰা- কইনাৰ জোৰা চোৱা আৰু তেওঁলোকৰ ভৱিষ্যত কৈ দিয়া, লোকক বেদ দিয়া, ভাগৱত পাঠ কৰা, সময়ে সময়ে সৰস্বতী পূজা, লক্ষ্মীপূজা, বিশ্বকৰ্মা পূজা, নাৰায়ণ পূজা ইত্যাদি ইত্যাদি কৰ্মেৰেও প্ৰভুৱে সমাজ সেৱা কৰি আছে। গীতাত কৈছে পৰোপকাৰেই হেনো পৰম ধৰ্ম। এই ধৰ্ম পালন কৰাৰ বাবেই ঈশ্বৰে তেওঁক সেই দৰিদ্ৰ গাঁৱত অকলেই আশীৰ্বাদপুষ্ট হৈ সুখেৰে জীৱন কটাবলৈ সম্পদৰ আধিক্য দিছে।

 এনে এজন মহান প্ৰভুৰ চৌহদ দেখিয়েই মোৰ মনত আশাৰ সঞ্চাৰ হৈ পৰিল। ভগৱানে যেন মোকো উচিত পথকেই দেখুৱালে। মই ঘপহকৈ খোলা গেটেৰে সোমাই গ'লোঁ। চোতালত থিয় হৈয়েই “প্ৰভু আছেনে? “বুলি মাত দিওঁতে এজনী সৰু ছোৱালী ওলাই আহিল আৰু ক'লে, “অ’আতাই গহে ঘৰোত আছে দক। আপ্নি অলপ বহকচুন।” এই বুলি তাই বাৰাণ্ডাৰপৰা চকী এখন নমাই আনি মোক চোতালতে বহিবলৈ দিলে। মই অলপ ইফালে-সিফালে চাই চকীত বহি অপেক্ষা কৰিলোঁ।

 দহ মিনিটমান পিছত প্ৰভু ওলাই আহিল। পিন্ধনত শুভ্ৰ ধূতি, উদং শৰীৰৰ ওপৰত কান্ধত এখন গামোচা। বয়স আনুমানিক ৮৫-৯০। তথাপি সুন্দৰ চেহেৰা, ওলোমা পেট, শুভ্ৰ যজ্ঞ-পৱিতে কান্ধৰপৰা ওলমি প্ৰভুৰ সৌন্দৰ্য্য আৰু চৰাইছে। [ ১৮ ]  ওলায়ে মোৰ ফালে চাই সুধিলে, “ক’ৰপেৰে বা আহা হ'ল? চিনি পাউং চিনি পাউং হেনো লাগেছুন।” মই বোলো, “প্ৰভু মোৰ আচল ঘৰ বেজকুছিত, থাকো গুৱাহাটীত। মোৰ পিতাৰ নাম আছিল নৰনাথ।”

 প্ৰভু জাপ মৰাৰ দৰে বাৰাণ্ডাৰপৰা নামি ক'লে, “হাও! তই নৰনাথ খুৰাৰ ছলি? বাপ্পাও! আহ-আহ, এই বাৰাণ্ডাক লগি মাইচাখেন লৈ বহ। কি নাম আদো তোৰ?

 -“সুৰেন।”

 —জানু ৰ তুহাৰ ঘৰৰ গটেগিলাখেনক। তুহাৰ পেইহে এটা আমাৰ গাউতে বিয়া দিছিল নহে, দুৰ্গা? মৰিল, বহু বছৰ হ’ল। তুহাৰ জন্মএ হ নাছিল কিজানি। তুহুন সৰু থাকোতে গেইছলু তুহাৰ ঘৰক। পিতেৰ লগত মোৰ বৰ ভাল আছিল।”

 — হয় খুৰা। আমাৰ পেহী আছিল বুলি শুনিছোঁ৷ দেখা নাই।

 – অ'। সেই পেইহেৰে ছলি আছিল শিক্ষাবিদ, নাট্যকাৰ শৰৎ গোস্বামী। ভাল মানহনুটু গেল আজি তিনি বছৰমেন আগোতে। পাছে তই আজি কি মন কৰি মোৰ ওচৰক আইহলি?”

 মই জেপৰপৰা লগত নিয়া জলকীয়া দুটা হাতত লৈ ক'লোঁ,

“খুৰা জলকীয়া এদাল লগাইছিলোঁ হ’ল লহপহ,
খাম বুলি ভাবিছিলোঁ পলুৱাই মনৰ হেঁপাহ।
আনিলোঁ সিদিনা দুটা জলা গছৰপৰা ছিঙি,
মুখত দিয়োতেই তিতা-কেঁহাত চৰচৰালে ডিঙি।
বহুতে দিলে আপোনাৰ ওচৰলৈ অহাৰ বুধি,
সেয়ে পুৱাতে ওলালোঁ আহি ঠিকনা সুধি সুধি।
লোকে কয় আপুনি নিৰাময় দিব পাৰে বুলি,
পাম বুলি আহিলোঁ প্ৰভুৰ ওচৰলৈ এটা মাদুলি।

 মোৰ কথা শুনি প্ৰভুৱে সামাজিক দূৰত্ব ৰাখি বহিল আৰু পঞ্জিকা, কাগজ- কলম টেবুলত ল'লে। তাৰ পিছত সুধিলে, “ভইজলুকজোপা ঘৰৰ কোন দিশে ৰুইছা? ৰ'ড-বাতাহ পৰেনা?” [ ১৯ ]  -“ঘৰৰ পূবফালে খুৰা, ৰ'ড বতাহ সুন্দৰকৈ পৰে।”

 এইবাৰ প্ৰভুৱে পঞ্জিকাখন মেলি লৈ সুধিলে, “কোন মাহৰ কোনদিনা লগইছিলি, আছেনে মনত?

 -“হয় খুৰা, মই ডিচেম্বৰত লগাইছিলোঁ। সেইদিনা শনিবাৰ আছিল।”

 —“তোমাৰ বাওফালে এখনিমানত এটা তিল আছে নেকি?“(বাঁওফালে হাতৰ তল অংশ দেখুৱাই)।

 - “হয় খুৰা, আছে।”

 – “তোমাৰ জন্মদিন আছেনে মনত?”

 হয় খুৰা আছে, শনিবাৰ।

 -“পাই গেলু নহে উত্তৰ। যিটো ভাবছিলু, সেটুৱে হ'ল”

 -“কি খুৰা?”

 “জন্মদিনোত গাছ ৰুবা নাপ্পে। আমাৰ মানহে এইগ্লা নীতি নামনা হ কাৰণে এইগ্লাখেন অথন্তৰ ঘটে। মাহনোক আৰ কিমান বুজবি? দেঃ, যি কল্লি কল্লি। মই মণি এটা দি দিওঁ। গা-পা ধুই মংগলবাৰে গাছদেলোত পিন্ধে দিবি। সিদনা লঘণ দিবা লাগ্বো কিন্তু! জালা হবো যা, চিন্তা কৰ্বা নালগে। পাছে জালা ছিংবাৰ পস্তত কিন্তু দক্ষিণ মুৱাকে সেৱ এটা কৰি লবি।” এইবুলি কাষৰ সৰু টিনৰ বাকচটোৰপৰা এটা মণি উলিয়াই তাত ক’লা ডোল এডাল লগাই মোক দিলে। মই ভাবিলোঁ, ‘দেউক কিবা এটা নিদিলে বেয়া হ'ব। পিছে কি দিম! অকল দক্ষিণা হলে কথা নাছিল, কিন্তু তাবিজটোৰত কিবা দাম আছে! “অলপ হেঁহো-নেহোকৈ সুধিয়ে পেলালোঁ, “পিছে খুৰা, সুধিলোঁ, বেয়া নাপাব। মূল্য কিমান দিব লাগে?”

 প্ৰভুই মোৰ কথা শুনি এটা হাঁহি মাৰিলে। তাৰ পিছত একেবাৰে উদাসীন ভাৱেৰে হাতদুখন একলগ কৰি মূৰটোৰ পিছফাললৈ নি এটা এঙামুৰি মাৰিলে। তাৰপিছত দুয়োখন হাত টেবুলখনতে ঠেকেঁচা মাৰি থৈ ক'লে, “মূল্যনো কি ল’ম তোৰ পেৰে? ঘৰৰে ছলি। অন্যৰপেৰে হলি ললু হৈ। তথাপি তই দিবা খুচ্ছা যুদি কেৱল মণিটোৰ দাম ডেৰ হাজাৰ দিলিয়ে হ’ব যা। মই তাত এক পইচাও লাভ ল নাই। তোৰ ভাল হলিয়ে মোৰ সুখ!” [ ২০ ]  মোৰ মূৰ গৰম হৈ পৰিল। পইচাও বেছি নাই, ৰাস্তাত যদি গাড়ীখনতে কিবা লগা হয়, কি কৰিম! কিন্তু উপায় নাই। দিবই লাগিব। মান সন্মানৰ প্ৰশ্ন আছে। শেষত পকেটৰপৰা টকা ডেৰ হাজাৰ উলিয়াই লৈ দেউৰ সন্মুখত থকা বঁটাখনতে প্ৰা ৰাখিলোঁ৷ লগত জলকীয়া দুটাও থ'লোঁ। প্ৰভুৱে অৱশ্যে চাহ-পিঠা খুৱালে। মই তেখেতৰ চৰণত সেৱা জনাই পুনৰ গুৱাহাটী অভিমুখে যাত্ৰা কৰিলোঁ।

 পিছৰ শনিবাৰে দুপৰীয়া গা-পা ধুই প্ৰভুৱে কোৱা মতে মাদুলিটোত সেৱা এটি কৰি জলকীয়াৰ ডালত মেৰিয়াই দিলোঁ। পিছদিনা ৰবিবাৰে গছৰপৰা জলকীয়া ছিঙিবলৈ গৈ প্ৰথমে দক্ষিণমুৱাকৈ সেৱা এটিও কৰিলোঁ। তাৰপিছত ভাতৰ লগত খাবলৈ দুটা জলকীয়া ছিঙি ল'লোঁ। ইতিমধ্যে পকা জলকীয়া লাহে লাহে শুকনিমুৱা হৈছে। হয়তো জলাৰ প্ৰৱেশৰ বাবেও সামান্য লেৰেলা যেন হ'ব পাৰে। খুব সাৱধানতাৰে মই মাৰিলোঁ কামোৰ। একামোৰত নিছিগিল। এইবাৰ জোৰেৰে কামুৰি কুঁহিয়াৰ পকোৱাৰ দৰে পকাই দিলোঁ। এই বৈজ্ঞানিক প্ৰক্ৰিয়াত জলকীয়া ছিগি দুটুকুৰা হ'ল, কিন্তু জলাৰ জ-টোও নাই৷

 ভাবিলোঁ, প্ৰভুইতো ভুল নকৰে! নিৰ্দেশ মতে সেৱা-সৎকাৰো কৰিছিলোঁ। ঘটনা কি? হয়, মনত পৰিল। প্ৰভুৱে মোক লঘোণে থাকিবলৈ দিছিল, কিন্তু মই যে ৰাতিপুৱা জলপান এবাতি খাইছিলোঁ, সেইটোক মই খাদ্য হিচাপে হিচাপত ধৰা নাছিলোঁ। সেই দোষতে নিশ্চয় মাদুলিয়ে কাম নিদিলে। মোৰ ভুলেই মোৰ দুৰ্ভাগ্য। যাওক, আৰু উপায় আছে। মই হতাশ নহওঁ। মোৰ আন এগৰাকী হিতাকাংক্ষী সংগীতা খাটনিয়াৰে সোঁৱৰাই দিছে, “এৰি নিদিব, চেষ্টাৰ অসাধ্য একো নাই, ধৈৰ্য্যৰ ফল মিঠা হ’বই।” এইবোৰেই মোৰ হৃদয়ৰ শক্তি, সাহস, মনৰ উৎসাহ। এইবোৰ উপদেশ, সহযোগিতাক লৈয়েই মই জীয়াই আছে। উপায়ৰ শেষ নাই যেনেকৈ ধৈৰ্য্যও সিমানেই থাকিব লাগিব। মোৰ ধৈৰ্য্য আছে।

(8)

 মই হতাশ হোৱা নাই। অসমত থকা শতাধিক বিকল্প এতিয়াও মোৰ হাতত আছে। সৰুৰেপৰা দেখি-শুনি আহিছোঁ— তেলজৰা, বাতি জৰা, পানী জৰা, মন্দিৰত বলি দিয়া বা উৎসৰ্গা কৰা, নাম-প্ৰসংগ কৰা, ভাগৱত পঢ়া, নাৰায়ণ পূজা [ ২১ ] কৰা, তুলসী দিয়া, শনিপূজা, ব্ৰহ্মভোজন, যজ্ঞ, শিৱ পূজা, কালি পূজা ইত্যাদিবোৰ কেৱল মানৱৰ মংগলৰ বাবেই চলি আহিছে। এই জীৱজগতত আমি মানুহ শ্ৰেষ্ঠ প্ৰাণী। আমাৰ সুখ-সমৃদ্ধি, মংগলৰ বাবেই জগতৰ বাকী সকলো প্ৰাণীৰ স্থিতি আৰু দায়ী। এনে এক মহান ক্ষমতা আৰু আদৰ্শসম্পন্ন মই মানুহ হৈও এটা সামান্য, নিকৃষ্ট জীৱ জলকীয়াই মোক লজ্জিত কৰিব পৰাটো কেৱল মোৰেই নহয়, ই সমগ্ৰ মানৱ জাতিৰ বাবে অপমান, লজ্জাজনক। যি জলকীয়াই তাৰ নিম্ন স্তৰত থাকি মোৰ সেৱা কৰিব লাগিছিল, মনোকামনা পূৰ্ণ কৰিব লাগিছিল, আজি সি মোৰ ওপৰত উঠি মৰা এনে দম্ভালিক কোনো পধ্যে সহ্য কৰিব পৰা নাযায়; অন্ততঃ মানৱ ইতিহাসে তাক সমৰ্থন নকৰে। বনৰ বৃহত্তম প্ৰাণী হাতী, গঁড়ৰ দৰে জীৱেও খুব যেতিয়া এই মানৱৰ শক্তিত হাৰ মানি জীৱন বিসৰ্জন দিবলগীয়া হয়, জলজগতৰ বৃহত্তম প্ৰাণী তিমি মাছেও জীৱন দান দি মানুহৰ ভোজন সামগ্ৰী হৈ পৰিবলৈ বাধ্য হৈ পৰে, তেনে স্থলত মোৰ টাবত গজা এডাল খেৰ-কূটাহেন জলকীয়াই মোক সোৱাদৰপৰা বঞ্চিত কৰিব, এই কথাক কোনো স্বাভিমানী মানুহেই গ্ৰহণ কৰিব নোৱাৰে।

 অৱশ্যে মই তাক কোনো শাৰীৰিক শাস্তি দিব নোৱাৰোঁ। ইচ্ছা কৰিলে এমিনিটো নালাগে তাক উভালি দলিয়াই দিবলৈ। কিন্তু এই নিকৃষ্ট জীৱদালক তেনেকৈ শাস্তি দিয়াটোও হ’ব মোৰ দৰে শ্ৰেষ্ঠ মানৱৰ বাবে গৰিহণাৰ যোগ্য কৰ্ম, এক কথাত নিগনি মাৰি হাত গন্ধোৱাৰ দৰে। এইখিনিত অৱশ্যে মোৰ বিশ্বাসক অলপ সকাহ দি বিবেকক প্ৰাধান্য দিয়াৰ প্ৰয়োজন নিশ্চয় আছে। মই তাক আমাৰ মানৱীয় বুদ্ধিসম্পন্ন প্ৰক্ৰিয়াৰে কেনেকৈ বশ কৰিব পাৰি তাকেহে কৰা উচিত। সি গম নোপোৱাকৈ কেনেকৈ তাৰ হৃদয়ত মোৰ পচন্দৰ জলা বিষ ঢালিব পাৰোঁ, মোৰ স্বাৰ্থ পূৰণ কৰিব পাৰোঁ, তাৰেই চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। সিতো দেখানাই এই শক্তিশালী মানৱ জাতিয়ে কেনেকৈ প্ৰয়োজনতকৈও অধিক প্ৰয়োজন পূৰ কৰিবলৈ এটা গাহৰী বা ছাগলীৰ স্বাভাৱিক জন্মদান শক্তিক পৰিৱৰ্তন কৰি একাধিক সন্তান জন্ম দিয়া, কেনেকৈ দৈনিক মাত্ৰ এটা কণী দিয়া হাঁহ বা মুৰ্গীক শতাধিক কণী মাহেকত দিয়াব পৰাকৈ সলনি কৰি দিছে! এইবোৰ কেৱল মানৱৰ কল্যাণৰ বাবেই নহয়নে? গতিকে এই নিঃকিন জীৱবোৰৰ স্বকীয় ইচ্ছাৰে কৰা যকোনো কৰ্ম, যি মানুহৰ স্বাৰ্থৰ বাবে অযথেষ্ট, তাক মানুহে সহ্য নকৰে, কৰিব নোৱাৰে অন্ততঃ নিজৰ শ্ৰেষ্ঠতাক বজাই ৰখাৰ স্বাৰ্থত। সেয়ে তাক জীয়াই ৰাখিয়েই [ ২২ ] মই দেখুৱাই দিম, তাকো প্ৰচলিত, পাৰম্পৰিক কাৰ্য্য ব্যৱস্থাৰে— দেখুৱাই দিম অসমৰ যাদু-মন্ত্ৰ, পাৰম্পৰিক বিশ্বাসকে সৰোগত কৰি কেনেকৈ এটা ক্ষুদ্ৰ জলকীয়াৰ গৰ্ব চূৰ্ণ কৰি কেৱল মোৰ হিতৰ বাবেই তাৰ সোৱাদৰ পৰিৱৰ্তন কৰিব পাৰোঁ।

 পাৰম্পৰিক ধৰ্মীয় বিশ্বাসজনিত প্ৰক্ৰিয়াবোৰে কিমান মানুহৰ মনোকামনা পূৰণ কৰিছে, তাকো বিচাৰ কৰাৰ মোৰ প্ৰয়োজন নাই। মই জানো, সেইবোৰ মানুহে কৰি আছে, দেখিছোঁ, শুনিছোঁ— বচ। লাখ লাখ জনতাই আপত্তিবিহীনভাৱে গঢ়ি লোৱা বিবেকক, বিশ্বাসক প্ৰতিহত কৰাৰ মোৰ অধিকাৰ নাই, কাৰণ এই লাখ লাখ জনতাৰ মাজত ময়ো এটা ক্ষুদ্ৰ প্ৰাণী। ইয়াত মোৰ নিজা যুক্তি, বিবেক খাটিব নোৱাৰে। বিশ্বাস আৰু যুক্তি এটা মূদ্ৰা নহয়, বা এটা মূদ্ৰাৰ ইপিঠি সিপিঠিও নহয়। য’ত বিশ্বাস অধিক, তাত যুক্তি নাখাটে। যুক্তিক যিয়ে বিশ্বাস কৰে, সি বিশ্বাসক বিশ্বাস নকৰে। যুক্তিৰ পথ কঠিন, বিশ্বাস থোৰতে প্ৰাপ্ত। মই কঠিন পথ ল’ম কিয়? সেয়ে কৈছোঁ, বিবেক আৰু বিশ্বাস দুটা ভিন্ন পথ। বিবেকজনিত বিশ্বাসতকৈ বিশ্বাসজনিত বিশ্বাসৰ প্ৰাধান্য অধিক; মানৱ সমাজে যুগে যুগে তাকেই প্ৰমাণ কৰি আহিছে। বিবেকক একাষৰীয়া কৰি কৰা বিশ্বাসেই বিশ্বাসজনিত বিশ্বাস বিবেকবিহীন বিশ্বাস। ই সহজলভ্য। প্ৰাধান্য লাভ কৰা এই বিশ্বাসকে যদি মই গুৰুত্ব নিদিওঁ, তেন্তে নিশ্চয় মই এজন সমাজচ্যুত ব্যক্তি যিটো মই হ’বলৈ নিবিচাৰোঁ। হয়তো মোৰ বন্ধুসকলেও পাৰম্পৰিক ব্যৱস্থাসমূহৰপৰা কোনো ফলাফল স্বচক্ষে নেদেখিলেও বিশ্বাসকে বিশ্বাস কৰি সমাজত বৰ্তি থকাৰ উপায় হিচাপে গ্ৰহণ কৰিছে, আৰু মোৰ মংগলৰ বাবেই বিশ্বাসক পালন কৰিবলৈ উপদেশ দিছে। গতিকে মই বন্ধুৰ বিশ্বাসত বিশ্বাস ৰখাও মোৰ কৰ্তব্য, আৰু তাকে কৰিম

 বন্ধুৱে দিয়া শক্তিশালী পৰামৰ্শৰ অন্যতম হ’ল দেৱীৰ ওচৰত হাঁহ বা পাৰ উৎসৰ্গাকৰণ। সেয়ে মোৰ তৃতীয় কাৰ্য্যকৰী ব্যৱস্থা হিচাপে এযোৰ পাৰ লৈ পালোঁ ওচৰতে থকা এটা শক্তি পূজাৰ মন্দিৰ- য'ত আজিলৈকে হাজাৰ হাজাৰ জীৱৰ (মানুহৰ বাদে) ৰক্তপান কৰি দেৱী সন্তুষ্টা হৈছে আৰু ভক্তৰ মনোবাঞ্ছা পূৰণ হৈছে বা হ'ব বুলি বিশ্বাস কৰা হৈছে।

 ‘লকডাউন’ৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ। কোনো ভক্ত তালৈ যোৱা নাই। মই গেটৰ মুখত থিয় হোৱাৰ লগে লগে ৰঙা ধূতি পৰিহিত এজন ব্ৰাহ্মণ ওলাই আহিল৷ [ ২৩ ] মুখত মুখাৱৰণ। তেওঁ গেটৰ কাষলৈ আহিল আৰু মোৰ হাতৰ পাৰযোৰলৈ লক্ষ্য কৰি ক'লে, “কিবা সকামত আহিল? মন্দিৰ দৰ্শনতো এতিয়া বন্ধ আছে!”

 মই মোৰ মুখ্য সমস্যাৰ কথা কৈ তাৰেই নিৰাময়ৰ বাবে দেৱীৰ ওচৰত এইযোৰ উৎসৰ্গা কৰিবলৈ আহিছোঁ বুলি জনালোঁ। সবিনয়ে ক'লোঁ, “অনুগ্ৰহ কৰি মাত্ৰ এই উৎসৰ্গাটো কৰি দিয়ক। অকল মইহে আহিছোঁ, জনসমাগমৰ প্ৰশ্ন নাই।”

 পুৰিহিতে একেথৰে মোৰ পাৰযোৰলৈ চকু দিছে; এযোৰ সুঠাম বগা পাৰ। গাৰ নোমবোৰ গুচি নতুন পাখি আহিব ধৰিছে। হাতৰ বান্ধোন এৰি দিলেই উৰা মাৰিব। দেৱীৰ প্ৰয়োজনীয় তজবজীয়া ৰক্তবাহক, সুঠাম দেহৰ এই পাৰক এৰি দি কেনেকৈ দেৱীক বঞ্চিতা কৰিব পাৰি? তদুপৰি লকডাউনৰ ভিতৰত বহুদিন দেৱীয়ে ৰক্তপান কৰিব পৰা নাই। যি দেৱীয়ে মানৱৰ হিতাৰ্থে সৰ্বদা মংগল কৰি সৰ্বশক্তিমতি বুলি পূজা পাই আহিছে, আজি সেই মানৱৰ শক্তিয়েই দেৱীক লঘোণে ৰখাৰ বাবেও ইতস্থতঃ কৰা নাই।

 দেৱীৰ পূজা পৰ্যন্ত বন্ধ ৰাখিবলৈ সাহস কৰিছে। এক কথাত মানৱৰ শক্তি আৰু ইচ্ছাৰ আগত আজি দেৱীও শিৰনতা, শক্তিহীনা। তেন্তে সমস্যাৰ সমাধান হয় কেনেকৈ?

 মই বুজি পালোঁ যে পুৰোহিতৰ চিন্তা মোৰ সমস্যাতকৈ দেৱীৰ বুভুক্ষা অৱস্থালৈ, যাক মাথোঁ পূৰণ কৰিব পাৰিব এই পাৰযোৰে। বহুপৰ তেওঁ নিতাল মাৰি থকাত ময়েই ক'লোঁ, “কি ভাবিছে, পূজাভাগ হ’বনে?”

 —“তাকেইতো! পিছে বলি দিব নে উৎসৰ্গা কৰি এৰি দিব?”

 ময়ো বিশেষ চিন্তা নকৰাকৈ তাৎকালিন ফলাফলৰ আশাত তপৰাই কৈ দিলো, “বলি দিম। আইক তেজহে লাগে! তাতেহে সন্তুষ্ট হৈ মোৰ সমস্যা সমাধান কৰিব!”

 পুৰোহিত- “আপুনি ঠিকেই কৈছে। কিন্তু কথা হল, বলি দিয়া পুৰোহিতজন বন্ধৰ বাবে আহিব পৰা নাই। আপুনি যদি বিশ্বাস কৰে, এটা কাম কৰক।”

 —“ কি?”

 – আপুনি আপোনাৰ নাম, ধাম, গোত্ৰ আৰু ফোন নম্বৰ লিখি পাৰযোৰ সৈতে মোৰ ওচৰত থৈ যাওক। পূজা বন্ধ হৈ আছে বাবে মই গুপুতে ব্ৰাহ্মণজনক মাতি [ ২৪ ] আনি আপোনাৰ নামত পূজাটো আগবঢ়াম। হা, অৱশ্যে লগতে ধূপ, ধূনা, চাকি, বস্ত্ৰ, ফলমূল, প্ৰসাদ আৰু পুৰোহিতৰ সামান্য মাননিৰ বাবত মাত্ৰ দুহেজাৰ দি গলেই হ'ল। এনে মহান কৰ্মত আহিও আপুনি ফিৰি যাব লগা হোৱাত মই বৰ দুখ পাইছোঁ। চিন্তা নকৰিব। এইবোৰ আইৰে মহিমা। মই আপোনাৰ কৰ্ম সমাধান কৰিম। কৰ্ম হোৱাৰ লগে লগে মই আপোনাক ফোন কৰি জনাম আপুনি আহি প্ৰসাদ লৈ যাব।”

 মই মহা বিমোৰত পৰিলোঁ। চিন্তিত হ'লোঁ, ‘পূজাভাগ মোৰ সন্মুখতে হোৱা হ'লে ভাল আছিল। দেৱীয়ে পাৰৰ ৰক্ত পান কৰিব; সেই ৰক্ত যে মোৰ প্ৰদত্ত পাৰৰপৰাই পাইছে, সেই কথাতো অন্ততঃ দেৱীয়ে জানিব লাগিব, মানে দেৱীয়েতো মোক স্ব-চক্ষে দেখিব লাগিব!’

 অলপ সময়ৰ বাবে হলেও মোৰ বিশ্বাসক একাষৰীয়া কৰি বিবেকৰ শৰণাপন্ন হ'বলৈ মই বাধ্য হ'লোঁ; বাধ্য কৰালে সন্মুখত থকা পুৰোহিতজনেই। কিছুপৰ তলমূৰকৈ ইফালে-সিফালে চকু ফুৰাই লাহেকৈ ক'লোঁ, “আপুনি উচিত পৰামৰ্শকেই দিছে। তথাপি মই আইক নিজে সেৱা এটি কৰি ভোগভাগ দিব পৰা হলে শান্তি পালোঁহেঁতেন। সেয়ে ভাবিছোঁ, মই লকডাউনৰ পিছত এদিন আহি উৎসৰ্গাভাগ দিয়া ভাল হ'ব।”

 পুৰোহিতে মৌন হৈ মোৰ ফালে নিৰাশ মনেৰে কিছুপৰ চাই লাহেকৈ ক'লে, “সেইটো আপোনাৰ ইচ্ছা। “এইবুলি ঘপহকৈ পিছমূৰ দি গুচি গ'ল।

(৫)

 শক্তি দেৱীৰ মন্দিৰত মোৰ কাম সিদ্ধি নহ'ল; নহ’ল মানে মই ‘ফেচ টু ফেচ’ দেৱীক দেখা কৰি তেওঁৰ মতলব কি বুজিব নোৱাৰিলোঁ; নোৱাৰিলোঁ মানে মোক সেই ব্ৰাহ্মণজনে সুবিধা নিদিলে। সুবিধা নিদিলে মানে, তেওঁৰ স্বাৰ্থ মই পুৰণ কৰিব নোৱাৰিলোঁ। অৰ্থাৎ মোৰ ওপৰত একপ্ৰকাৰ প্ৰতিশোধ লোৱা বুলি ভাবিবলৈ বাধ্য হৈছোঁ, কাৰণ মোৰ পাৰযোৰ আৰু অন্যান্য দাবী কৰা সামগ্ৰীবোৰ তেওঁ নাপালে। [ ২৫ ] মন্দিৰৰপৰা মই নিৰাশ মনেই খোজকাঢ়ি উভতি আহি আছিলোঁ। নিৰাশ বুলিলে মোৰ জলকীয়াৰ জলা আনিব নোৱৰাৰ বাবে নহয়, দেৱীক দৰ্শন কৰিব নোৱৰাতহে নিৰাশ।

 এই নিৰাশাই মোক মোৰ বিবেকক সুধিবলৈ বাধ্য কৰিলে। আজি মোৰ পথত সহযাত্ৰী মাত্ৰ মোৰ বিবেক আৰু মই। যিমানেই মোৰ সামাজিক বন্ধু নাথাকক কিয়, এই মুহূৰ্তত কথা পাতিবলৈ মোৰ বিবেকেই মোৰ সংগী। সেই বিবেকৰেই বা যুক্তি কি তাৰৰ গম লৈ চাওঁ। ‘আছে গৰু নাবায় হাল’ৰ দৰে তাক এনেয়ে মগজুত বহাই ৰাখি খুৱাই বুৱাই ৰখাৰতো সকাম নাই! একেবাৰে ব্যৱহাৰ নকৰিলে তাতেই এদিন মামৰে ধৰিব। সেয়ে দুয়ো কথা পতা উচিত বুলি ভাবিলোঁ।

 মই তাক সুধিলোঁ, “আচ্ছা! লক ডাউনৰ বাবে যদি দেৱীক দুমাহলৈ ৰক্তপান নকৰাকৈ ৰাখিব পাৰে, সেইটোকে দেৱীয়ে সেই যোগানধাৰী ব্ৰাহ্মণসকলৰ দোষ বুলি আৰু তেওঁলোক শাস্তিৰ যোগ্য বুলি নাভাবেনে?”

 বিবেকে উত্তৰ দিলে, “তই এটা জধা মুৰ্খ। দেৱীক কোনোবাই দেখিছেনে? দেৱীয়ে সেইকেইজনক যোগানধাৰী হিচাপে নিযুক্তি দিয়া বুলি তই ভাবিব পাৰিলি কেনেকৈ? অৱশ্যে পাৰিব পাৰ; তোৰ দৰে বিশ্বাসত বিশ্বাসী এজনৰ বাবে একো আচৰিত নহয়। স্বৰ্গৰ দেৱী হৈ মৰ্ত্যৰ এটা নিঃকিন লোকক তেওঁৰ খাদ্য যোগানৰ বাবে নিযুক্তি দিব পাৰে বুলি ভবাটো তোৰ নিচিনা মুৰ্খৰ বাবে আচৰিত নহয়।”

 —“তেন্তে এইসকলে দেৱীৰ বাবে ইমান বলি দিয়ে কিয়?”

 —“সেইটোৱে সিহঁতৰ ব্যৱসায়। দেৱীৰ নামত, পৰম্পৰাৰ নামত জনতাক মুৰ্খ সজাই অবাধ সম্পদ আহৰণ কৰাটোৱে তেওঁলোকৰ ব্যৱসায়। এই লালসাতেই সমগোত্ৰ জীৱকো হত্যা কৰিবলৈ ইতঃস্থত নকৰে।”

 —“বাৰু ধৰি ল'লোঁ, সেইসকলক নিযুক্তিয়েই দিছে। কিন্তু দেৱীৰ পিয়াহ পলুৱাবলৈ কিমান ৰক্ত লাগে, কিমানটা আৰু কি কি জীৱক হত্যা কৰিবলৈ দেৱীয়ে তেওঁকক অনুমতি দিছে, এইবোৰ দেৱীয়ে কাৰ দ্বাৰা চোৱা-চিতা কৰে? দেখিছোঁ, কেতিয়াবা কেতিয়াবা এজোৰ পাৰ, এটা হাঁহ বা কেতিয়াবা একেলগে হাজাৰ হাজাৰটা ছাগলী, ম'হ, হাঁহ, পাৰ ফল-মূল, লাউ, কোমোৰা, কুঁহিয়াৰ আদি বলি দিয়ে। ইয়াৰ উপৰিওতো মাহ-প্ৰসাদ, ফলমূল ইত্যাদিও আছেই। ইমানবোৰ দেৱীয়ে গ্ৰহণ কৰিব পাৰেনে?” [ ২৬ ]  বিবেকে হাঁহি হাঁহি কঁকাল বেঁকা কৰি সন্মুখফালে হালি গ'ল। তাৰপিছত পেটটোক সোঁ-হাতখনেৰে খামুচি ধৰি উশাহটো স্থিৰ কৰি ক'লে, “মই বহুত মূৰ্খ দেখিছোঁ, কিন্তু তোৰ দৰে জধা মূৰ্খ দেখা নাছিলোঁ। আৰে গাধ! ৰক্তৰ নদী বলিশালৰ কাষৰ নলীয়েদি বৈ গৈ নদীত পৰে। এটুপিও কোনো দেৱীয়ে নাপায়। সিহঁতৰ মূল প্ৰয়োজন বলি দিয়া জীৱবোৰৰ দেহবোৰ।”

 মই ক্ষন্তেক থমকি ৰৈ ক'লোঁ, “দেহবোৰ কি কৰে সিহঁতে?”

 —সেইবোৰ নাচি বাগি খোৱাটোৱে সিহঁতৰ প্ৰমোদ-প্ৰসাদ, মানে, দেৱীৰ নামত উৎসৰ্গিত প্ৰসাদ।

 মই ক'লোঁ, “তাৰমানে সিদিনা মই কোৱা কথাটোৱে সত্য!”

 বিবেক-“কি?”

 -“এই যে দেৱতা বা প্ৰকৃতিৰ সৃষ্ট সম্পদসমূহ ধ্বংস কৰি কেৱল মানুহে অকলে, নিৰ্বিচাৰে উপভোগ কৰিব বিচাৰে!”

 বিবেক— “মগজুটো অলপ খটুৱাইছিলিচোন। বাকীখিনি কিয় এৰিলি? সেই লাইনতে ভাবি গ’লে কিজানি তোৰ মাথাটোত অলপ হ'লেও সাৰ সোমালেইহেঁতেন!”

 মই—“তই অৱশ্যে ঠিকেই কৈছ। কিন্তু এই যে বিশ্বাসত বিশ্বাসী বন্ধুবোৰ- মানুহবোৰ, তেওঁলোকেচোন আগলৈ ভাবিবও নিদিয়ে। সেইবাবেইহে ময়ো পাৰবোৰ আনিছিলোঁ!”

 বিবেক-“মূৰ্খ! এটা “কেচ” (উদাহৰণ) মোক দেখুৱাই দেচোন যে দেৱ-দেৱীৰ ওচৰত জীৱ উৎসৰ্গা কৰাৰ ফলত কোনো এজনৰ কোনো মনোবাঞ্ছা পূৰণ হৈছে বুলি! হোৱা হ'লে আজি এজন মানুহো দুখীয়া, অসুখী, বেমাৰী, বৃদ্ধ, মৃত্যু নহ'লহেঁতেন।

 মই—“বাৰু ভাই বিবেক! দেৱীয়ে যে কেৱল মানুহৰ বাবে মংগল কৰে, বাব জীৱৰ বাবে কিয় নকৰে?”

 বিবেক—“সেইবাবেই মই তোক মূৰ্খৰো মূৰ্খ বুলি কৈছোঁ। দেৱীৰ বাবে (যদি আছে) মানুহ যেনে, বাকী সকলো জীৱও তেনে। কিন্তু দুৰ্ভাগ্যবশতঃ সিহঁত নিমাত৷ যেনেকৈ জন্ম লৈছে, তেনেকৈয়ে সহজভাৱে সেই ধৰ্ম পালন কৰিয়ে জীয়াই থাকিবলৈ বিচাৰে; কোনো লালসা নাই। কেৱল ত্যাগ কৰিব জানে। [ ২৭ ]  মই- “তেন্তে এই অত্যাচাৰী, লালসী মানুহবোৰৰ শাস্তি নহয় কিয়?”

 বিবেক- “বাৰে বাৰে অনৰ্থক প্ৰশ্ন কৰি মূৰ ঘোলা নকৰিবি। চিৰদিন পাই থকা অশান্তিতকৈ ডাঙৰ শাস্তি আছেনে কিবা? তোৰ দৰে অবুজসকলে দেখা নাপায়, কেনেকৈ দিনে দিনে অধঃপাতে গৈ আছে, ধ্বংসৰ ফালে গৈ আছে। কাৰণ লালসাই তহঁতক অন্ধ কৰি ৰাখিছে।”

 মোৰ ভৰি দুখনত কঁপনি উঠিবলৈ ধৰিলে। পৰি যাওঁ পৰি যাওঁ লাগিল। মূৰটো আচন্দ্ৰাই কৰাত কাষতে থকা আঁহত গছজোপাৰ তলতে বহি পৰিলোঁ। পাৰযোৰে পিত-পিতকৈ মাতিবলৈ ধৰিলে। হাতখন কেতিয়া ঢিলা হৈ পৰিল গমকে নাপালোঁ। সুবিধা পাই হাতৰ মুঠিৰপৰা পাৰযোৰে মাৰিলে উৰা। অন্য এজোপা গছৰ ডালত বহি ইফালে-সিফালে চাবলৈ ধৰিলে। সম্ভৱ ভাবিছে, মুক্ত প্ৰকৃতিৰ কোনটো দিশলৈ যাব।

 কিছু সম্বিত ঘূৰাই পাই মই লাহে লাহে তাৰপৰা উঠি পুনৰ খোজ ল'লোঁ গৃহাভিমুখে। বহু গাড়ী-মানুহ পথেৰে অহা-যোৱা কৰিছে। সেইবোৰলৈ মোৰ ভ্ৰূক্ষেপ নাই। একান্ত সংগী বিবেকক পুনৰ সুধিলোঁ, “মোৰ জলকীয়াজোপাত জলা আহিবনে?”

 বিবেক—“কথাতে কয়, “বুজাক বুজাবি আকাৰে ইংগিতে, নুবুজাক বুজাবি ধাৰা চাপৰে।” কিন্তু মই তোক চপৰিওৱাৰো তই যোগ্য নহয়। তই নিজেই কৈ আছ, বহুত উপায় আছে, বিশ্বাস বহুত আছে। এই বিশ্বাসতেই বিশ্বাসী তোৰ দৰে এটা আঁকোৰগোঁজক মই কেনেকৈ কওঁ?”

 ——“ তথাপি কিবা এটাতো ক। মই বৰ দোধোৰ-মোধৰত পৰিছোঁ। কোনটো কৰোঁ, কোনটো এৰোঁ। মোক মোৰ জলকীয়াত জলা লাগেই।”

 —“তথাপি নিজে কি ভাবিছ, সেইটোকে ক'চোন!”

 —“তন্ত্ৰ-মন্ত্ৰ, পূজা-পাতলত মোৰ বিশ্বাস হেৰাল। অৱশ্যে ফেচবুক বন্ধু, অধ্যাপক ডঃ এচ-পি শৰ্মাদেৱে মোক ভট্টদেৱ বিশ্ববিদ্যালয়লৈ গৈ তাত কিবা কৰিব পাৰি নেকি সুধিব কৈছে। দ্বিতীয়তে বন্ধু দীপক বৰুৱাই আন এটা পথো দেখুৱাইছে। এই দুটাকে কৰি চাওঁ নেকি সদ্যহতে।”

 —“দীপক বৰুৱা কোন?” [ ২৮ ]  —সেই যে কাঠ এডালত ৰছী লগাই ঘঁহি ঘঁহি কিবা বজায়, সেইজন।”

 —“আচ্ছা!” বুলি কৈ বিবেকে মুখত হাতখন দি খুঁহুৰ-খুঁহুৰকৈ হাঁহি ক'লে, “তোক বাধা দি নিজেই লজ্জিত নহওঁ যা; কৰ। ফলাফল যি হয় নিজেইতো পাবি। তথাপি মোৰ এটা কথা শুনিবিনে?”

 —শুনিম দে, কচোন!”

 -তই কৰিব খোজা দুটাৰ লগতে কেইজনমান বন্ধুক লৈ এখন কমিটি গঠন কৰ। সেই কমিটিৰ পৰামৰ্শ অনুসৰি আগবাঢ়। যি হয় দেখা যাব। একো নহ'লেওতো এটা সত্যৰ সন্ধান পাবি।”

(৬)

 পিছফালৰ দুৱাৰখন মেলিলেই মোৰ চকুত পৰে দহ ইঞ্চিমান ওখ জলকীয়াজুপিত টিকটিকিয়া ৰঙা হৈ পকি থকা জলকীয়াৰবোৰ৷ সিহঁতৰ অন্তৰত জলা নাথাকিলেও মোৰ অন্তৰত জ্বলি থকা ক্ষোভৰ জুইকুৰা যেন সিহঁতে স্পষ্টৰূপত দেখা পাইছে। নিঃসহায়ভাৱে, কৰুণ দৃষ্টিৰে চাই থকা জলকীয়াজোপাত সিহঁতৰ ভয়, সংকোচ স্পষ্ট। সিহঁতৰো আছে জীয়াই থকাৰ প্ৰবল হেঁপাহ, যিদৰে স্পষ্ট হৈছিল মই মন্দিৰত বলি দিবলৈ নিয়া পাৰযোৰৰ চকুত। বলি-দা সিহঁতে দেখা নাছিল, সেই বলি-দাৰ নিৰ্মম আঘাতৰ কথাও হয়তো সিহঁতে কল্পনা কৰা নাছিল। কিন্তু মোৰ দৰে দস্যু, মায়া-মমতাহীন মানুহৰ হাতত বন্দী হৈ থকাৰ প্ৰতিটি মুহূৰ্ত যে সিহঁতৰ বাবে অনিশ্চিত ভয়ংকৰ ভৱিষ্যত আছিল, সেই কথা স্পষ্ট হৈছিল সিহঁতৰ চাৱনিত আৰু উচপিচনিত।

 সৌভাগ্যক্ৰমে মোৰ হাতৰপৰা মুক্ত হৈছিল যদিও গছৰ ডালত বহিও সিহঁতে মুক্ত ধৰাত বিচৰণ কৰাৰ সাহস গোটাব পৰা নাছিল। প্ৰকৃতি ক’ত? গছ-বিৰিখ ক'ত- য'ত সিহঁতে নিৰাপদ হ'ব পাৰে? তাৰেই অনুসন্ধানত পাৰজুৰিয়ে ডালত পৰি ইফালে-সিফালে চাইছিল। মই হৃদয়হীন, মানুহ নামধাৰী পশু হলেও কিন্তু মোৰ বিবেকে সেই সময়ত আক্ৰোশমূলক নহ’বলৈ সঁকিয়াই দিছিল। সেয়ে মানুহৰ বাসস্থান এৰি কোনো এক নিৰ্জন, নিৰাপদ, সুষম, শান্তিপূৰ্ণ স্থানলৈ গুচি যোৱাটোকে কামনা কৰিছিলোঁ। [ ২৯ ]  এতিয়া সেই একেই নিঃসহায় দৃষ্টিৰে ভয়, সংকোচ আৰু অনিশ্চিত ভৱিষ্যতৰ স্বপ্নত বিভোৰ জলকীয়াজুপিয়ে চাইছে মোৰ চকুলৈ। মোৰ বিবেকৰ সতৰ্ক বাণীতেই ভৰষা কৰি সিহঁতক অভয় দিছোঁ, “মই আৰু তহঁতৰ জলাৰ লালসাত নাই, তহঁতৰ স্বধৰ্মেৰে কেনেকৈ জীয়াই থাকিব পাৰ, তাৰেই চেষ্টা কৰিম, সাৰ-পানী পায়েই থাকিবি। তহঁতৰ সৌন্দৰ্যও মোৰ বাবে অন্য এক আকৰ্ষণ, কেৱল জলাই নহয়। “মই সিহঁতৰ প্ৰতিটোৰে ওপৰত হাত বুলাই দি পুনৰ ক'লোঁ, “তথাপি মই চেষ্টা কৰিম তহঁতৰ ভিতৰত জলা কিয় নাই আৰু কেনেকৈ তহঁতৰ সেই শক্তিক ঘূৰাই আনি শাশ্বত জীৱন যাপন কৰিব পাৰ। নাভাবিবি, মোৰ স্বাৰ্থ পূৰণ নহ'ল বুলিয়েই মই তহঁতৰ জীয়াই থকাৰ বাসনাক কাটি-উভালি দলিয়াই পেলাম বুলি।”

 ঠিক এনেতে বাজি উঠিল মোৰ কলিংবেলটো। এক গভীৰ ভাৱনাত মজি থকাৰপৰা বেলটোৱে মোৰ সম্বিত ঘূৰাই আনিলে। মই লৰাললিকৈ উঠি গৈ দুৱাৰখন খুলি দেখোঁ, এগৰাকী সুন্দৰী মহিলা। আনুমানিক ৩৫-৪০ বছৰমান হ'ব। মই আচৰিত হৈ তেওঁৰ মুখলৈ চাই থাকোতেই হাতত মোনা এখন লৈ মহিলাগৰাকীয়ে হাঁহি মাৰি ক'লে, যেন মোৰ লগত বহুদিনৰ চিনাকিহে, “ছাৰ! মোক চিনি পোৱা নাই?”

 মই— “কৰবাত দেখা দেখাও লাগে!’’

 - “ছাৰ মই মামু পি শৰ্মা। আপুনি মোক ফেচবুকত দেখিয়েই থাকে। কালি যে মই আপোনাক মেছেজ দিছিলোঁ!”

 মই- “ও-হো! মাম! মানে ছবিৰ মুখৰপৰা বাস্তৱ মুখখন অলপ বেলেগ দেখিতো, সেয়ে ভালকৈ চিনিব পৰা নাছিলোঁ। আহা আহা, ভিতৰলৈ আহা।”

 মামুৱে বাহিৰতে চেণ্ডেলযোৰ খুলি সোমাই আহিল আৰু চোফাখনত বহি পৰিল। পুনৰ হাঁহি এটা মাৰি ক'লে, “ছাৰ, মানে মই বেছিপৰ বহিব নোৱাৰিম। এখেত অফিচলৈ যোৱাৰ আগতে মই গৈ পাব লাগিব। মই মাথোঁ কালি কোৱা মতে জলকীয়াজোপাৰ গুৰিত চাকিগছি দিয়ে যাম বুলি আহিলোঁ।

 আপুনি এনে গুৰুতৰ সমস্যাত পৰাত আমি অতি দুঃখ পাইছোঁ ছাৰ। সমস্যাটোৰপৰা কেনেকৈ আপোনাক ৰক্ষা কৰিব পাৰোঁ, তাৰে চিন্তাই মোক খাই মাৰিছে ছাৰ! পৰহিতো মই ভাতেই খাব নোৱাৰিলোঁ। ছাৰ, মোক গছজুপি দেখুৱাই

দিয়কচোনা।”

[ ৩০ ]  মামুৰ কথাত মই একপ্ৰকাৰ হতভম্ব হৈ পৰিলোঁ। কালি মাত্ৰ মোৰ বিবেকক কৈ উঠিছিলোঁহে যে কোনো তন্ত্ৰ-মন্ত্ৰ, পূজা-পাতলত মোৰ বিশ্বাস হেৰাল বুলি। এনেস্থলত মামুক এই চাকি জ্বলোৱা কাৰ্য্য কৰিবলৈ দিমনে? বিবেকক গোপনে সোধাত মোৰ কাণে কাণে ক'লে, “চা, মামু আহিছে তোৰ ঘৰলৈ প্ৰথম বাৰ, তাকো তোৰ উপকাৰৰ চিন্তা কৰি। কোনো ধৰণৰ ক্ষতি কৰিবলৈ নহয়। চাকিগছি জ্বলোৱাত একো হানি নাই। সেইবোৰ কথা পিছত কমিটীৰ মিটিঙতো আলোচনা কৰিব পাৰিবি। আজি মামুক এনেকৈ উভতি যাবলৈ দিলে তেওঁৰ প্ৰতি ভীষণ অপমান হ'ব। গতিকে দি দে।”

 ভাবি থাকোঁতে মামুৱে ক'লে, “ছাৰ, কি ভাবিছে? যদি কিবা আপত্তি আছে মই যাওঁ, তেখেত ৰৈ আছে।

 মই টোপনিৰপৰা সাৰ পোৱাৰ দৰে ঘপহকৈ ক'লোঁ, “নাই নাই, আপত্তি কিহৰ। আহা মোৰ লগত।” এইবুলি মই তেওঁক ওপৰ মহলালৈ নি একেবাৰে গছডালৰ ওচৰ পোৱালোঁ। লহপহীয়া গছডাল দেখিয়েই মামুহে উল্লাসত কৈ উঠিল, “আঐ দেহী! ইমান ধুনীয়া জলকীয়া পায়! মই আগতে দেখাই নাছিলো!

 মোৰ তেজ মূৰৰপৰা ভৰিলৈ গৰম হৈ উঠিল। এনেয়ে ফেচবুকৰ ছবি চায়ে কাৰোবাৰ নজৰত এইজোপাৰ এনে গতি হ’ল,তাতে আকৌ এইজনীয়ে একেবাৰে সন্মুখতে কৈ পেলালে। আৰু বা কি ঘটনা ঘটে! মই মামুই নেদেখাকৈ গছজোপা নজৰ কৰি মুখেৰে তিনিবাৰ ‘থুই-থুই- কৰি’ অলপ থু ‘স্পে’ কৰি দিলোঁ, যাতে মুখ লগাটো বন্ধ হয়। কিন্তু ভদ্ৰতাৰ খাতিৰত তেওঁক একো নক'লোঁ।

 মামুৱে ক'লে, “ছাৰ। থাল এখন দিব পাৰিবনে?”

 মই-“অ’, পাৰিমতো; ৰ'বা মই আনোগৈ।”

 এইবুলি মই পাকঘৰলৈ গৈ ডাঙৰ কাঁহৰ কাঁহীখন আনিবলৈ গ'লোঁ। মই ঘুৰি আহি পোৱাৰ আগতে মামুৱে নতুন ফুলাম গামোচা এখন গছডালত পিন্ধাই দিছেই৷ মই থালখন তেওঁৰ আগত থোৱাত তেওঁ মোনাৰপৰা চাকি, ধূপ, কেইটামান ফুল, বুট মাহ অলপ, আৰু একাখি মালভোগ কল উলিয়াই থালখনত ৰাখিলে। তাৰপিছত ধুপ-চাকি জ্বলাই গছজোপাৰ গুৰিত দি সেৱা এটা কৰি পদ্মাসন ভংগিমাত বহি

বন্দনা গাবলৈ ধৰিলে[ ৩১ ]

“হে প্ৰভু জলৌগুটি তোমাৰ মহিমা অপাৰ
জলা ফিৰাই আনি প্ৰভু কৰা এই সাগৰ পাৰ।

ৰূপে-ৰসে-শৰীৰে নাই তোমা সম কোনো বৃক্ষ,
ছাৰসহিত আমাসৱক যাতে প্ৰভু নকৰা দুৰ্ভিক্ষ।

তোমাৰ যহতে মানৱে ভক্ষে শান্তিৰে এমুঠি অন্ন
ঘূৰাই আনা স্ব-জলাশক্তি, নকৰা আমাক বিষণ্ণ।

যতসাধ্যে অৰ্পিলোঁ তোমাক প্ৰসাদ ধূপ-দীপ
দায়-দোষ মৰষাৰ প্ৰাৰ্থনাৰে পালোঁ তোমাৰ সমীপ।

 এনেদৰে প্ৰাৰ্থনা-বন্দনা কৰি পুনৰ অষ্টাংগ প্ৰণাম কৰি মামু থিয় হ'ল। তাৰ পিছত মুদিত নেত্ৰে অস্পষ্ট স্বৰেৰে কিবা কৈ সেৱা জনালে।

 মই ক'লোঁ, “জলকীয়া নিম বুলিছিলাযে! দুটা ছিঙি দিম নেকি?”

 মামু, “নালাগে ছাৰ, আজি নিনিওঁ। একসপ্তাহমান পিছত যেতিয়া জলা হ'ব নহয়, তেতিয়া নিম। চো মই যাওঁহে ছাৰ!

 মই— “চাহ নোখোৱা?”

 মামু- “আজি নালাগে ছাৰ! বাত (but) পিছত নিমেই। আজি মোৰ ‘লেট’ হ’ব। তেখেতে মোক ওৱেট কৰি থাকিব।”

এইবুলি মামুৱে লৰালৰিকৈ ওলাই আহিল। মই তেওঁক একেবাৰে গাড়ীৰ

ওচৰলৈ আগবঢ়াই থৈ আহিলোঁ। ভাবিলোঁ, ‘এইবোৰহে বন্ধু!’

[ ৩২ ]

(৭)

 জলকীয়াজোপাত জলা গুণ অনাৰ ক্ষেত্ৰত মই এতিয়ালৈকে কাৰো শাৰীৰিক সহায় পাবলৈ সমৰ্থ হোৱা নাই। হাজাৰ হাজাৰজন মোৰ দুখত দুখী, সমবেদনা জ্ঞাপক হৈ অৱশ্যেই থিয় হৈছে। সকলোৱে মই দিয়া বৰ্ণনাতে বিশ্বাস কৰি নানান ভাল ভাল উপদেশ দিছে। এয়াও সচৰাচৰ বিশ্বাসকে বিশ্বাস কৰা নীতি, যি নীতিৰসমুদ্ৰত সংসাৰৰ প্ৰায়ভাগ মানুহেই উটি-ভাঁহি ফুৰে। এতিয়ালৈ মোৰ একমাত্ৰ সংগী মোৰ বিবেক। মোৰ বিবেকে যি কয়, যেনেদৰে পৰিচালনা কৰে, তেনেদৰেই মই পৰিচালিত হ'বলৈ বাধ্য। সেয়েহে হয়তো জগতত মানুহৰ মাজত থাকিও প্ৰতি মানুহেই অকলশৰীয়া। জীৱন যুদ্ধত জয়-পৰাজয় নিৰ্ণয় কৰোঁতাও এই দুজনৰ একাত্ম সিদ্ধান্তয়েই।

 ডঃ পি-চি শৰ্মাৰ উপদেশ অনুসাৰে আজি মই ওলাইছোঁ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়লৈ। তাৰ বিদগ্ধ পণ্ডিত সকলৰ কৃপাত হয়তো মোৰ সমস্যাৰ কিবা সমাধান ওলাব।

 “ভট্টদেৱ বিশ্ববিদ্যালয়”- নামটো শুনিলেই মনটো কিবা পৱিত্ৰ পৱিত্ৰ লাগি যায়; ভাহি উঠে চকুৰ আগত অসমৰ শিক্ষাকেন্দ্ৰ বুলি জনাজাত বজালীক “ভট্টদেৱ” নামটোৱে উদ্ভাসিত কৰি তোলা মধুৰ ছবি এখন। কাৰণ পাণ্ডিত্য আৰু সাহিত্য প্ৰতিভাৰ বাবেই ভট্টদেৱ, ওৰফে বৈকুণ্ঠ নাথ ভট্টাচাৰ্য্য (১৫৫৮-১৬৩৮) মহাপুৰুষ দামোদৰ দেৱৰ বিশেষ প্ৰিয়পাত্ৰ আছিল। বহুতৰ মতে ভট্টদেৱৰ জন্মস্থান বিচানকুছি গাঁৱত, যিখন পাটাছৰকুছি চ'কৰপৰা প্ৰায় চাৰি কিলোমিটাৰ উত্তৰে অবস্থিত। কিছুমানৰ মতে আকৌ তেওঁৰ দেউতাক আছিল বৰনগৰৰ অন্তৰ্গত ভেৰাগ্ৰাম গাঁৱৰ।সি যিয়েই নহওক, আধুনিক ভাৰতীয় আৰ্য্য ভাষাৰ গদ্য সাহিত্যৰ জনক ভট্টদেৱে কথা ভাগৱত, কথা গীতা, কথা ৰত্নাৱলী, ভক্তিবিবেক, ভক্তিসাৰ প্ৰমুখ্যে ভালেমান গ্ৰন্থ ৰচনাকৰি ১৬শ খৃষ্টাব্দতে অসমত ভাগৱতী ধৰ্ম প্ৰচাৰ আৰু সাহিত্যত উল্লেখযোগ্য অৱদান দি গৈছে। সেইবাবেই এই পণ্ডিতজনাৰ নামত বজালী কলেজক বিশ্ববিদ্যালয় স্তৰলৈ উন্নীত কৰাত নামে-স্থানে-বিদ্যালয়ে সোণত সুৱগা হৈ পৰিছে। এনে এখন বিশ্ববিদ্যালয়লৈ যাব পৰাটোও ভাগ্যৰ কথা৷ জলকীয়াই অন্ততঃ মোক এইখিনি ভাগ্যকে দিয়ালে।

 ৰাতিপুৱা আঠ বজাত মই অকলেই গাড়ীখন লৈ এক উজ্জ্বল কামনাৰে গুৱাহাটীৰ পৰা ১০৬ কিলোমিটাৰ দূৰৰ বিশ্ববিদ্যালয় বুলি যাত্ৰা কৰিলোঁ। পথৰ [ ৩৩ ] অন্য ঠাইত মই প্ৰায় ৰোৱাই নাই। অৱশ্যে একশ কি-মি- দূৰত্বত থকা বেজকুছি গাঁৱত অলপ সময়ৰ বাবে সোমাইছিলোঁ, কাৰণ ইয়াৰপৰাই মই জলকীয়া পুলিটো নিছিলোঁ। তাত অনুসন্ধান কৰিলোঁ যে তাৰ বংশৰ অন্য গছবোৰৰ জলকীয়াও মোৰ দৰে তিতা-কেঁহাযুক্ত হৈছে নে জলা হৈছে। গম পালোঁ, সেইচামৰ সকলো জলকীয়াত সুন্দৰ জলা আছে। এখন আঞ্জাত এটা দিলেই হৈ যায়, চকু-মুখ ফৰফৰাই যায়, ঠাণ্ডা পানী খাই খাই তৎ হেৰুৱায়। পঁইতা ভাতৰ লগত, কেঁচা চকলিওৱা আম, খুন্দি লোৱা বগৰি, পঁইতা ভাত, আচাৰ- য’তেই নিদিয়ক, সেই জলকীয়াই সিহঁতৰ মহান তেজস্ব গুণ প্ৰদৰ্শন কৰি জলাকলা দেখুৱাবই, যেনেদৰে টিভি চেনেলত কেইজনমান বিশেষ ব্যক্তিয়ে যিকোনো বিষয়তে জ্ঞানৰ পৰিচয় দি শ্ৰোতাসকলৰ আগত তেওঁলোকৰ জ্ঞানৰ সঁফুৰা দাঙি ধৰে। সেয়ে মই নিশ্চিত হ’লোঁ যে মোৰজুপি জলকীয়াত নজৰ লগাটো খাটাং।

 মই একেজাপে উঠি পুনৰ গাড়ীখন লৈ যাত্ৰা কৰিলোঁ। তাৰপৰা ছয় কিলো মিটাৰ দূৰৈত, পাঠশালাৰ মূল বাছ আস্থান পোৱাৰ প্ৰায় আধা কি. মি. আগতে, ৰাষ্ট্ৰীয় ঘাই পথৰপৰা বাঁওফালে নামি যোৱা পথেৰে গতি কৰিলোঁ। ৰাষ্ট্ৰীয় ঘাই পথটো হোৱাৰ আগতে এইটোৱেই আছিল পাঠশালা বজাৰ, ৰেল ষ্টেচন, বৰপেটা আদিলৈ যোৱা প্ৰধান পথ। বৰ্তমান ইয়াৰ গুৰুত্ব মাত্ৰ কলেজলৈ আৰু বজাৰলৈহে সীমিত হৈছে। সেই হিচাপে কলেজখনলৈ ই এক আশীৰ্বাদো হৈ পৰিছে, কাৰণ গাড়ী-মটৰৰ শব্দ প্ৰদূষণ, ধূলি-বালি আদিৰপৰা শিক্ষানুষ্ঠানখনে ভালেখিনি সকাহ পাইছে।

 মই গাড়ীখন পথৰ দাঁতিতে ৰাখি বিশ্ববিদ্যালয়ৰ তোৰণখনলৈ চাই সেৱা এটি কৰিলোঁ। চৌদিশে পকী দেৱাল। চিৰিছ গছকে ধৰি অন্যান্য গছেৰে চৌহদটো বাহিৰৰপৰাই এক প্ৰাকৃতিক সৌন্দৰ্য্যৰ বান্ধোনত সোমাই পৰিছে বুলি বুজা যায়। আধা খোলা গেটখনেৰে সোমাই যাওঁতেই দেখিলোঁ এক নিৰ্জন পৰিৱেশ। দুই- চাৰিজন লোক অ’ত ত’ত দেখাৰ বাদে তাত নিৰ্জনতা। ’লক ডাউন’ৰ বাবেই যে তাত এনে পৰিৱেশ হৈছে, সহজেই বুজিলোঁ। দুৱাৰমুখ পোৱাৰ আগতেই এজন লোক ওলাই আহি সুধিলে, “কাক বিচাৰিছে?”

 মই ক’লোঁ, “মই বিশেষ এটি অনুসন্ধানৰ বাবে আহিছোঁ। উদ্ভিদ বিদ্যা বিভাগৰ কোনো অধ্যাপক আছে নেকি?” [ ৩৪ ]  লোকজনে ক’লে, “বৰ্তমান বিদ্যালয় বন্ধ আছে। তথাপি গৱেষণাৰ কামত দুই এজন অধ্যাপক আহে। ডঃ তালুকদাৰ এইমাত্ৰ আহিছে। আপুনি তেওঁক লগ ধৰিব পাৰিব কিজানি। মোৰ লগতে আহক। হাতখন সৌখিনিতে ধুই আহক।”

 মই তাত ৰাখি থোৱা পানীৰ টেপ আৰু চাবোনেৰে হাতদুখন ধুই জোতাযোৰো বাহিৰতে ৰাখি তেওঁৰ লগত সোমাই গ’লোঁ। কৰিড’ৰটোৰে চাৰিটামান কোঠা পাৰ হৈ আন এটা কোঠা- গৱেষণাগাৰ। মানুহজনে লাহেকৈ দুৱাৰখন ঠেলা মাৰি মূৰটো সুমুৱাই দি কাৰোবাক ক’লে, “ছাৰ, আপোনাক লগ ধৰিবলৈ এজন লোক আহিছে। আহিব দিব পাৰোঁনে?”

 মই ভিতৰত সোমায়ে ছাৰক নমস্কাৰ জনালোঁ। ছাৰে টেবুলতে কিছুমান আইনাৰ নল, বাতি, বাৰ্ণাৰ লৈ কিবা কৰি আছিল। মূৰটো নুঠুৱাকৈয়ে প্ৰতি নমস্কাৰ দিলে৷ তাৰ পিছত কপৌ চৰাইৰ দৰে বেঁকাকৈ চাই পুনৰ তলমুৱাকৈয়ে ক’ৰপৰা আহিছোঁ, কি কামত আহিছোঁ, নাম-ধাম আদি সুধিলে।

 মই ভাবিলোঁ, এইখন ভট্টদেৱ বিশ্ববিদ্যালয় যেতিয়া ইয়াত সম্ভৱ ভট্টদেৱৰ গদ্যলেখীয়া ভাষাৰেই কথা পাতিব লাগে। তেওঁৰ গদ্য আছিল সংস্কৃত গন্ধী আৰু লয়যুক্ত অসমীয়া, যেনে-“— যেমনে কাষ্ঠ সমূহক প্ৰজ্জ্বলিত অগ্নিয়ে ভস্ম কৰে, তেমনে জ্ঞানাগ্নিয়ে প্ৰাৰব্ধ বিনে সকলো কৰ্মক ভস্ম কৰে।” —হে পাৰ্থ, কুৰুবীৰ সৱক চক্ষু মেলি দেখা। তাত অৰ্জুনে পিতৃব্য-পিতামহ আচাৰ্য্য-মাতুল, ভ্ৰাতৃ ভ্ৰাতৃপুত্ৰ, পৌত্ৰ-সখী, শশুৰ সুহৃদসৱ দুই সেনাতে দেখিলা।” (কথা গীতা) ইত্যাদি। এনে মধুৰ শব্দধ্বনিযুক্ত কৰি ক’বলৈতো মোৰ বোপাৰো ক্ষমতা নাই৷ তথাপি সেই বাপেকৰে পুতেক হিচাপে মই ভট্টদেৱক সুঁৱৰি ক’লোঁ,

 “হে গৱেষক গুৰুদেৱ! হামু অনেক বিপদে পৰিয়া আপোনাৰ কাষ চাপিলন্ত৷ হামু কতেক মাহ আগে এক ভজলুক বৃক্ষ টাবত ৰোপণ কৰাইলা। তাৰ পশ্চাত বৃক্ষত ফল আইলা। সুন্দৰ ফল দেখিয়া হামাৰ জিহ্বা লকলকাইতে লাগিলে। পাছে একদিন এক ফল আনিয়া অন্নসহিত ভক্ষণৰ মন কৰি যেমনে কামোৰ মাৰিলা তেমনে তিক্ত আৰ কেঁহা কেঁহা লাগল। এহি ঘটনাই আমাৰ জিহ্বা কুঁচি-মুচি খাইয়া গেইল। সেই ভজলুক ফেলে দিয়া বিনে আমাৰ কিছু গতি না ৰইল। হামু বহুত দুঃখী ভইল, চিন্তিত হইল। হে গুৰুদেৱ! কিমতে ভজলুকে জালা আনিতে পাৰি, তাৰ উপায় মাগিতে হামু আপোনাৰ চৰণ চাপিলন্ত৷’’ [ ৩৫ ]  মোৰ কথা শুনি ছাৰে খিলখিলাই হাঁহিবলৈ ধৰিলে। মই আচৰিত হৈ সুধিলো, “হাস্য কৰন্ত? ই কেমন কথা মহোদয়?”

 ছাৰে মোৰ ফালে নোচোৱাকৈয়ে লাহেকৈ ক’লে, “আপোনাৰ হেল্‌থ ঠিক আছেতো? যি ক’বলৈ আহিছে অসমীয়াতে কওক বা ইংৰাজীত কওক।”

 মই বোলোঁ, “এয়াতো ভট্টদেৱৰে খাঁটী অসমীয়া ভাষা!”

 ছাৰ— আপুনি বৰ্তমানৰ অসমীয়া বা ইংৰাজী কওক। আমি বিজ্ঞানৰ মানুহ। কোন ভট্টদেৱ, কি ভাষাত কৈছিল, সেইবোৰ আমাক নালাগে। যদি সেই সম্পৰ্কত আহিছে, তেন্তে আমাৰ ভাষা বিভাগলৈ যাওক। ইয়াত মোৰ মূৰ গৰম নকৰিব।”

 মই— নহয় ছাৰ, মোৰ কাম আপোনাৰ লগতে। মানে, মোৰ জলকীয়াত আপোনাৰ বিজ্ঞানেৰে জলা আনি দিব পাৰিব বুলিহে আশা কৰি আহিলোঁ।

 ডঃ তালুকদাৰে পুনৰ হাঁহি মাৰি এইবাৰ কিছু গম্ভীৰভাৱে ক'লে, “এটা কথা কওকচোন। ধৰক আপুনি মৰিল। মই আপোনাক জীয়াব পাৰিমনে?”

 মই— “নোৱাৰে বুলি জানো। কিন্তু জলকীয়াত জলা আনিব পাৰিব বুলি ভাবিছিলোঁ। এনেয়েচোন আপোনালোকে ঘোঁৰাক গাধ, পহুক ছাগলী আদি ধৰণে জন্তুবোৰৰ সাল-সলনি কৰিয়েই থাকে!”

 ছাৰ—“সেইবোৰ বৈজ্ঞানিকভাৱে পৰিৱৰ্তন কৰা প্ৰণালী। কিন্তু জীৱ দান দিব নোৱাৰে। ভগৱানপ্ৰদত্ত জীৱৰ মৌলিক গুণাৱলী সলাব নোৱাৰি। তাকে আজন্ম স্বভাৱ বুলি কয়।”

 মই ভাবিলোঁ, তাৰমানে এওঁলোকেও ভগৱানৰ সৃষ্টিক স্বীকাৰ কৰে। পেটৰ কথা পেটতে ৰাখি পুনৰ ক’লোঁ, “তেন্তে জলকীয়াজোপাকো পৰিৱৰ্তন কৰি জলাযুক্ত কৰি দিয়ক।”

 —“পৰা যাব। কিন্তু বহু পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব। আপোনাৰ জলকীয়াৰ জাত, ৰোৱা স্থানৰ মাটি, সাৰ-পানী দিয়াৰ ব্যৱস্থা ইত্যাদিবোৰ পৰীক্ষা-নিৰীক্ষা কৰিহে কিবা সিদ্ধান্ত ল’ব লাগিব।”

 —-“মই এই দুটা জলকীয়া লৈয়েই আহিছোঁ। আপুনি পৰীক্ষা কৰি কামটো কৰি দিয়ক।” [ ৩৬ ] বছৰৰ লাগিব পাৰে। তেনে যন্ত্ৰপাতিও আমাৰ হাতত নাই। আমি পঠিয়াব লাগিব বাংগালোৰ বা মুম্বাইলৈ।তথাপিও সেইজোপা জলকীয়াত জলা আনিব পৰা নহ’ব। কাৰণ তাৰ জন্মতে জলা নাই। মাত্ৰ কি কাৰণে জলা নাই, সেই বিচাৰহে কৰিব পৰা যাব। আপুনি মোক জলকীয়া দুটা দি যাওক, মই বাংগালোৰলৈ পঠাই দিম।

 মই জলকীয়া দুটা দি দিলোঁ। মনতে ভাবিলোঁ, “এইহে জুলুম কৰা বিজ্ঞান। আমাৰ পৰাম্পৰা আৰু বিশ্বাসেই ভাল। পটকৈ সমস্যা সমাধান কৰি দিয়ে। জলা নাই-মুখ লাগিছে—নজৰ লাগিছে-পূজা কৰ-মন্ত্ৰ মাত, বচ্‌। কিমান যে সহজ বিজ্ঞানৰ এই দীঘলীয়া পদ্ধতি হলে কোনেনো ইয়াক ধৈৰ্য্যেৰে বিশ্বাস কৰিব।’’

 মই একো নক’লোঁ। হতাশ মনে বিশ্ববিদ্যালয়খনক সেৱা জনাই ওলাই আহিলোঁ। কিন্তু ছাৰে চাহ একাপো নুখুৱালে। “যাওঁ ছাৰ” বুলি কোৱাৰ লগে লগে “হয় যাওক” বুলি সহজে বিদায় দিলে।

(৮)

 ভট্টদেৱ বিশ্ব বিদ্যালয়ৰপৰা মই ক’লা -বগা মন এটা লৈ উভতিবলগীয়া হ’ল। ইয়াক ব্যৰ্থতাও বুলিব নোৱাৰি আৰু সাৰ্থকতাও বুলিব নোৱাৰি। এটা বৈজ্ঞানিক সত্য উদঘাটনৰ বাবে মই আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ’ল। এই ’কিছুদিন’ বোলা শব্দটোৰো কোনো নিৰ্দিষ্ট সময় নাই। কাৰণ ডঃ শৰ্মাই মই দি অহা জলকীয়া দুটা মুম্বাই বা বাংগালোৰলৈ পঠাব; কিন্তু প্ৰকৃততে ক'লৈ পঠিয়াব, আৰু কেতিয়া পঠিয়াব, তাৰ কোনো সঠিক সময় আৰু ঠিকনা নাই। আকৌ, য’লৈকেই নপঠিয়াওক, সেই স্থানৰপৰা ফলাফল কেতিয়া আহিব, আৰু কি ফলাফল আহিব সেইবোৰৰো কোনো ঠিকনা নাই। এনেকৈয়ে এটা বৈজ্ঞানিক সত্য উদঘাটনৰ বাবে প্ৰাথমিকভাৱেই বৃহৎ সামাজিক আৰু মানসিক দূৰত্বৰ সৃষ্টি হৈছে। সেই দূৰত্বক অতিক্ৰম কৰিবলৈ মই এক সীমাহীন ভাবনাৰ যাত্ৰাত খোজ দিছোঁ। হয়তো বৈজ্ঞানিক পৰীক্ষাই মোৰ জলকীয়াৰ জলা নোহোৱাৰ কাৰণ কেতিয়াবা আৰু কিবা এটা উদঘাটন কৰিব। কিন্তু তাৰবাবে সৃষ্টি হ'ব পৰা অপৰিসীম সামাজিক আৰু মানসিক অশান্তময় অৱস্থাৰ অৱসান যে কেতিয়াও ঘটাব নোৱাৰে, সেইটো

সত্য।

[ ৩৭ ]  এনেদৰে এক অস্থিৰ মন লৈ মই লাহে লাহে ভট্টদেৱ বিশ্ব বিদ্যালয়ৰ চৌহদ পাৰ হ’লোঁ। মই ওলাই অহা পথটোৰ বাহিৰে, পথৰ দুয়োদিশ যেন ডাঠ কুঁৱলীয়ে ঢাকি ধৰিছিল। মই একো দেখা মনত নপৰে। তেনেকৈয়ে চৌহদ পাৰ হৈ পথৰ কাষত ৰখাই থোৱা মোৰ গাড়ীখনত বহি পৰিলোঁ। ক্ষন্তেক ৰৈ গাড়ীত ষ্টাৰ্ট দিলোঁ। আন্ধাৰ কোঠাৰপৰা ওলাই পোহৰত ভৰি দিয়াৰ দৰে ময়ো প্ৰায় দুফাৰ্লং পথ অতিক্ৰম কৰি ৰাষ্ট্ৰীয় ঘাই পথত উঠিলোঁ।

 নিৰাশাৰ সাগৰত আশাৰ নাওখনে টুলুং-ভুটুং কৰিলেও সহজে ডুব যোৱা বিধৰ নহয়। জলকীয়াত কেতিয়াবা যে জলা ঘূৰি আহিব, সেই আশা মই প্ৰায় এৰিয়েই পেলাইছোঁ; কিন্তু জলা নোহোৱাৰ কাৰণ কি, ইয়াৰ ভৱিষ্যত সংশোধনী কি হ’ব, সেইটো নিৰ্ণয় হ’লেই মই এজন আৱিষ্কাৰক বিজ্ঞানী, অথবা গৱেষণাকাৰী ’পণ্ডিত’ (ডক্টৰেট) হোৱাৰ সম্ভাৱনা নথকা নহয়। এতিয়ালৈকে ‘জলকীয়াৰ জলা’ বিষয়ত কোনেও গৱেষণা কৰা নাই। গতিকে মই যদি কৃতকাৰ্য্য হ’ব পাৰোঁ, তেন্তে নিজাকৈ হলেও নামৰ আগত ‘ডঃ’ লিখিবলৈ সক্ষম হ’ম।

 ‘সাহিত্যিক পেঞ্চনাৰ’ উপাধিৰ কথাটোও মনলৈ আহিল। আজিকালি এখনো পুথি নিলিখাকৈয়ে ‘সাহিত্যিক পেঞ্চন’ লাভ কৰে আৰু ৰাইজেও তেনে লোকৰ নামৰ আগত “সাহিত্যিক পেঞ্চনাৰ” বুলি নিজ সংস্থাৰো গৌৰৱ বঢ়ায় আৰু ব্যক্তিজনকো মহান কৰি তোলে- যেন সাহিত্যক পেঞ্চন এটা উপাধিহে, যেন এটা ডিগ্ৰীহে! আটাইতকৈ মজাৰ আৰু নিৰাপদ বিষয়টো হ’ল এবাৰ এনে উপাধি দিয়াৰ পিছত কোনেও খবৰ নলয়, ব্যক্তিজন কেনেকৈ সেই উপাধিৰ যোগ্য হ’ল, বা কি কামৰ বাবে সেই পেঞ্চন পালে। সেয়ে, ময়ো যদি এবাৰ কিবাকৈ এই উপাধিবোৰৰ কিবা এটা লিখাই ল’ব পাৰোঁ, তেন্তে মৃত্যুৰ পিছতো মোক সিয়ে জীয়াই ৰাখিব।

 ভাবিলেই ভাল লাগে, - সেই যে ৰামায়ণ-মহাভাৰতৰ সাধুৰে দুখনমান শিশু পুথি লিখা গুৱাহাটীৰ নিৰাপদ দেৱ চৌধুৰী; এখন নে দুখন পদ পুথি লিখা নম্ৰকৃপা গোস্বামী; কাকতত চিঠি-পত্ৰ আৰু কেইটামান আলোচনা লিখি সাহিত্যিক পেঞ্চন পোৱা নবীন্দ্ৰ নাৰায়ণ গোস্বামীৰ নামৰ আগত ৰাইজে “সাহিত্যিক পেঞ্চনাৰ” বুলি লিখি মেল-মিটিঙলৈ আমন্ত্ৰণ কৰি আনি সন্মান প্ৰদৰ্শন কৰে, সেইটো তেওঁলোকৰ বাবে কম গৌৰৱৰ কথানে? পেঞ্চনো পালে ফাঁকত, উপাধিও পালে [ ৩৮ ] টিলিকাতে, আৰু সভাই- সমিতিয়ে আসনো পালে আগত। এনেবোৰ চমকপ্ৰদ ব্যৱস্থা সমাজত খোলাখুলিকৈ থকাৰ পিছত মোৰ এই “জলকীয়াৰ জলা” বিষয়ত কৰা গৱেষণাই কিজানি মোকো ‘ডঃ’ উপাধিটো লিখিবলৈ দি কৃপা কৰায়েই! এই বিষয়ত সাৰ্থক হ’লে মই জলকীয়াজোপাক আশীৰ্বাদ দিম— “হে জলকীয়া! তোমাৰ বীজে যেন জনমে জনমে জলাহীন জলকীয়াৰ জনম দি মোৰ দৰে হাজাৰজনক ডক্টৰেট ডিগ্ৰী দিবলৈ শক্তিৱন্ত হোৱা, তাৰবাবে মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিলোঁ।”

 কথাটো মনলৈ অহাৰ লগে লগে চমকি উঠা বিজুলীৰ দৰে মোৰ মনটো উৎসাহিত হৈ উঠিল। মই গাড়ীৰ স্পীড বঢ়াই দিবলৈ সাহস পালোঁ। ভাবিলোঁ সন্ধিয়া হৈ আহিছে; আজিয়েই গুৱাহাটীলৈ যোৱাৰ পৰিৱৰ্তে মোৰ গাঁও বেজকুছিলৈকে যাওঁ। ইয়াৰপৰাই মই জলকীয়াৰ বীজ আৰু গোবৰ মিহলি সাৰুৱা মাটি নিছিলোঁ। মই অনুসন্ধান কৰিম, সেই জাতৰ অন্য জলকীয়াত জলা আছে নে নাই।’

 মই আহি গাঁৱৰ সত্ৰাধিকাৰৰ ঘৰতে আলহী হ’লোঁ। আগেও মই এইফালে আহিলে বেছিভাগ সত্ৰাধিকাৰ প্ৰভুৰ ঘৰতে থাকোঁ। সত্ৰাধিকাৰ প্ৰভু বৰ নৈষ্টিক৷ নিয়ম-নীতি মনা নমনা সম্পৰ্কে মাজে সময়ে প্ৰভুৰ লগত মোৰ সৰু-সুৰা তৰ্ক- বিতৰ্কও নলগা নহয়; তথাপি প্ৰভুৱে মোক ভাল পায় আৰু তাতেই থকাটো বিচাৰে৷

 মই গাড়ীখন প্ৰভুহঁতৰ চোতাললৈকেই নি তাতেই ৰাখিলোঁ। প্ৰাথমিক কথা বতৰাৰ পিছত চাহ একাপ খাই “মই অলপ আহোঁ ৰ’ব” বুলি কৈ অলপ দূৰতে থকা জলেশ্বৰহঁতৰ ঘৰলৈ ওলালোঁ। জলেশ্বৰৰ পৰাই মই জলকীয়াৰ পুলি নিছিলোঁ৷

 মই গৈ পাওঁতে বাৰাণ্ডাত থিয় হৈ থকা জলেশ্বৰে ক’লে, “হাও! খুৰাচুন! ক’ৰপৰা আহিল হঠাতে? বহক” বুলি চেয়াৰখনলৈ আঙুলিয়াই দিলে। মই চেয়াৰখনত বহি ক’লোঁ, “আহিছিলোঁ পাঠশালাৰ পিনে, কাম এটা আছিল। এনেয়ে ইয়াত সোমাই যাওঁ বুলিহে সোমালো।”

 “বৰ ভাল কৰিলে। “এইবুলি কৈয়েই জলেশ্বৰে অলপ ডাঙৰকৈ ঘৈণীয়েক মামুক ক’লে “হেৰা, খুৰা আহিছে হে! চাহকে কৰা অলপ।”

 “চাহ নালাগে দে” বুলি ক’বই খুজিছিলোঁ, এনেতে চকুত পৰিল। বাৰাণ্ডাৰ একোণত এপাচিমান বন্ধাকবি, ওলকবি আৰু জলকীয়া। মই সুধিলোঁ, “ইমানবিলাক [ ৩৯ ] পাচলি গোটাইছ যে?”

 জলেশ্বৰে ক’লে, “মানে কাইলৈ ৰবিবাৰে পাটাছাৰকুছিত বজাৰ। তালৈকে পঠাবলৈকে গোটাই থৈছোঁ। কেতিয়াবা বেপাৰী আহি ঘৰৰপৰাই লৈ যায়। নহ’লে গাঁৱৰে ল’ৰা এজনৰ হাতত পঠিয়াই দিম।”

 সুযোগ পাই সুধিলোঁ, “এই জলকীয়াবোৰো তোৰেই নেকি?”

 জলেশ্বৰ— হয় খুৰা। বৰ জলা। দামো এতিয়া বহুত বাঢ়িছে।”

 মই—ময়োতো তোৰপৰাই সঁচ নিছিলোঁ। জলাও লাগিছিল বহু। পিছেচোন জলাৰ নামগোন্ধেই নাই। কিবা তিতা তিতা লাগে।

 জলে— কি বা কথা! আমাৰবোৰৰচোন তীব্ৰ জলা! কিবা মাটিৰেই দোষ নেকি?

 মই মই টাবতহে লগাইছিলোঁ। তোৰপৰা নিয়া গোবৰৰ মাটি, পেলনীয়া চাহপাত, কণীৰ বাকলি, তাৰিখ উকলা টেবলেটৰ গুড়া আদি সাৰো দিছিলোঁ। হৈছিলো লহপহকৈ। পিছে ফলবোৰতহে জলাৰ নাম-গোন্ধ নাই। তাকেহে সুধিবলৈ আহিলোঁ বোলো একেজাতৰ তহঁতৰ জলকীয়াত জলা আছে নে নাই।

 জলে— ময়ো আচৰিত হৈছোঁ খুৰা! নে টাবত ৰোৱাৰ বাবেই তেনেকুৱা হ’ল!

 মই— টাবৰ দোষ নহয়। আগৰবাৰতো মই টাবতে ৰুইছিলোঁ; জলাও আছিল যথেষ্ট!

 এনেতে ঘৈণীয়েক মামুৱে চাহ-পিঠা আনি কাষৰ টেবুল খনতে থৈ ক’লে, “ভালনে খুৰা? চাহ খাওক” বুলি হাঁহি এটা মাৰি গুচি গ’ল। মই মামুক গতানুগতিক উত্তৰ দি পুনৰ জলেশ্বৰক ক’লোঁ, “কিবা এটা বিসংগতি ঘটিল। বাৰু, হ’ব দে। এনেয়ে খবৰটো ল’লোঁ, আহোঁদে” বুলি মই উঠি আহিলোঁ। নিশ্চিত হ'লোঁ যে

জলকীয়াৰ জাতত গণ্ডগোল নাই।

[ ৪০ ]  প্ৰভুৰ ঘৰ আহি পোৱা সময়ত তেখেতে এজনী মহিলাৰ লগত কথা পাতি আছে। কাষত এজনী সৰু ছোৱালী; সম্ভৱ মহিলাগৰাকীৰ নাতিনীয়েক। বুজিবলৈ বেছি পলম নহ’ল যে মহিলাগৰাকীয়ে প্ৰভুৰ ওচৰলৈ কিবা গণনাৰ উদ্দেশ্যে আহিছে। আগতেও দেখিছোঁ যে কাৰোবাৰ বিয়াৰ যোৰা চোৱা, দৰা-কইনাৰ ভৱিষ্যত চোৱা, কেঁচুৱা জন্ম হ’লে ভৱিষ্যত গণনা কৰা, বিয়া-সবাহ, পূজা-পাৰ্বণ আদিৰ দিন স্থিৰ কৰি দিয়া ইত্যাদি ভাগ্য নিৰ্ণায়ক ফলাফল চোৱাবলৈ প্ৰভুৰ ওচৰলৈ আহে।

 মই ওচৰ পাওঁতে প্ৰভুৱে মোৰ পিনে বিশেষ মন নিদিয়াকৈ মাত্ৰ হাঁহি এটি মাৰি ক’লে, “বহ অলপ, পিছত কথা হ’ম। “মই ওচৰতে থকা চকীখনত বহি পৰিলোঁ। তাৰ পিছত মহিলাগৰাকীক উদ্দেশ্য কৰি ক’লে, “ল’ৰাৰ লগত যোৰা মোটামুটি ভালেই। বিয়াৰ ছমাহমান পিছতে ল’ৰাৰ চাকৰি স্থায়ী হ’ব। পিছে তুমি আঙঠি পিন্ধোৱাৰ দিনা এভাগ বিষ্ণু পূজা কৰা ভাল হ’ব। (অলপ পৰ ৰৈ) ছোৱালীৰ নাম ’ক’ আদ্যাক্ষৰেৰে হোৱা হ’লে ভাল আছিল। এতিয়া ‘ন’ আখৰেৰে হোৱা হেতু তাই অতি ক্ষীণ হ’ব লাগে।”

 মহিলাগৰাকীয়ে ক’লে, “বৰ শকত নহয় অৱশ্যে। কিন্তু মিলা চেহেৰাৰ। পিছে বৰকৈ চৰ্দী লাগি থাকে। আন অসুখ-বিসুখ অৱশ্যে বিশেষ নাই।”

 প্ৰভু— তাকেইতো কৈছোঁ মই। সেইবাবে বেছি স্বাস্থ্য ধৰিব পৰা নাই। আচ্ছা! তাইৰ গলৰ এইখিনিতে (গলৰ এটা অংশ দেখুৱাই) বাৰু এটা তিল আছে নেকি?

 মহিলা— সেইটোতো মই লক্ষ্য কৰা নাই প্ৰভু! থাকিবও পাৰে।

 প্ৰভু— থাকিবই লাগিব। এনে দিনত ওপজা ছোৱালীৰ ওপৰত গ্ৰহৰ প্ৰভাৱ থাকে। তাইৰ চৰ্দী লাগি থকা আৰু ক্ষীণ হোৱাৰ কথাৰপৰাই মই তাইৰ তিল থকা স্থান ধৰিব পাৰিছোঁ। চিন্তা কৰিবলগীয়া নহয়। চৌব্বিশ বছৰত ভৰি দিলেই সেইবোৰ দোষ কটা যাব। এতিয়া মই কোৱা মতে সময়ত বিষ্ণুপূজাভাগ কৰিবা৷ মই পূজাৰ দ্ৰব্যখিনি লিখি দিওঁ ৰবা।

 এইবুলি প্ৰভুৱে কাগজ কলম উলিয়াই লিখিবলৈ ধৰিলে। মই ভাবিলোঁ, সঁচাকৈয়ে প্ৰভু ভগৱানৰ অৱতাৰ। যি ভগৱান কৃষ্ণই গীতাত নিজেই কৈছে যে মানুহৰ ভাগ্য, ভূত-ভৱিষ্যত মানুহৰ নিজ কৰ্মই নিৰ্ধাৰণ কৰে, সেই মানুহৰো [ ৪১ ] ভাগ্য প্ৰভুৱে নিৰ্ণয় কৰি দিব পাৰে। মানুহ শকত-ক্ষীণ হোৱাৰ কাৰণ, শৰীৰৰ গুপ্ত অংগৰো কোন স্থানত কি চিহ্ন আছে, চাকৰি কেতিয়া হ’ব, ৰোগৰপৰা কেতিয়া মুক্ত হ’ব, জন্ম হ’বলগীয়া শিশুটো ল’ৰা নে ছোৱালী হ’ব, তাৰ নামৰ আদি অক্ষৰ কি হ’লে ভাল হ’ব-ইত্যাদি সকলো ভূত-ভৱিষ্যত মাত্ৰ আঙুলিত গণিয়ে কৈ দিব পাৰে। কিন্তু মোৰহে কপালখন ইমান ফুটা নে যে মোৰ জলকীয়াত জলা কিয় নাই, জলা আহিব নে নাই, এই কথা প্ৰভুৱেও ক’ব পৰা নাই। ইয়াৰ অৰ্থ এয়ে নেকি যে মোৰ সমস্যাটো বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো দৃশ্যমান আৰু অদৃশ্যমান সমস্যাতকৈ ডাঙৰ, যাক মানুহেই নালাগে, ভগৱানে নিজেও বুজি পোৱা নাই! তথাপি মই আজি প্ৰভুক সুধিম মোৰ এই জলকীয়াৰ ভৱিষ্যৎ কি!”

 এনেকৈ ভাবি থাকোতেই প্ৰভুৱে লিখা কাগজখন মহিলা গৰাকীৰ হাতত দি ক’লে, “এইখনৰ মতে বস্তুবোৰ যোগাৰ কৰিবা। মোক নহ’লেও ভাল পুৰোহিত এজনক মাতি পূজাভাগ কৰিবা। একো চিন্তা নাই, সকলো ঠিক হ’ব।”

 মহিলাগৰাকীয়ে বৰ উৎসাহেৰে মিচিকিয়া হাঁহি এটি মাৰি কেইখনমান নোট বঁটাখনত থৈ সেৱা এটি কৰি বিদায় মাগিলে। প্ৰভুৱেও “কল্যাণ হওক” বুলি আশীৰ্বাদ দিলে।

 মহিলাগৰাকীক বিদায় দি প্ৰভুৱে কাগজ, কলম, পঞ্জিকা আদি সামৰি থাকিয়েই এটা মিচিকিয়া হাঁহি মাৰি মোক ক'লে, “পিছে আজিনো কি উদ্দেশ্যেৰে আহিলি? ঘৰত ভালনে?

 মই- ঘৰত ভালেই ৰ’ব। মোৰহে সমস্যাটো সমাধান হোৱা নাই।

 প্ৰভু— সমস্যা মানে?

 মই— মানে সেই জলকীয়াৰ সমস্যাটো। আজি ভট্টদেৱ বিশ্ব বিদ্যালয়লৈ গৈছিলোঁ। তেওঁলোকেও আকৌ জলা নোহোৱাৰ কাৰণ বিচাৰিবলৈ বোলে মুম্বাই নে দিল্লীলৈ পঠিয়াব লাগিব। আকৌ খবৰ কেতিয়া পায়, তাৰো কোনো ঠিকনা নাই।

 প্ৰভুৱে কিছু নিৰাশ ভাৱত মূৰটো তল কৰি নিশ্চুপ হৈ পৰিল। তাৰ পিছত ক'লে, “ক’লে পাবি বেয়া! তহঁত হৈছ ৰজাক দেউ নোবোলা। এক গল পানীত থাকি পিয়াহত মৰা। নাও ডুবিলেও টিঙৰপৰা ননমা। সেই সাধাৰণ কথাটোৰ

বাবে কিমান ঘূৰিলি, কিমান মূৰৰ কামোৰণিত ভুগিলি, চাচোন! কি পালি এতিয়া?”

[ ৪২ ]  মই—মইনো কি কৰিব লাগিছিল? জলা নোহোৱাৰ কাৰণ বিচাৰি পাবলৈ হ’লে। এইখিনি কষ্ট কৰিবই লাগিব। ইচ্ছা কৰিলে এৰি পেলাবও পাৰিলোঁহেঁতেন। কিন্তু ই এক গৱেষণা নহয় জানো?

 প্ৰভু— গৱেষণা বুলিলে পোক লগা গৰুৰ দৰে ঘুৰি ফুৰা নহয়, বুজিছ? আমিও গৱেষণা কৰিয়েই কথাবোৰ কওঁ। চকুৰ আগতে দেখিলি কেনেকৈ এই কলম- কাগজ-পঞ্জিকাখনিকে লৈ এহাল ল’ৰা-ছোৱালীৰ ভৱিষ্যত নিৰ্ণয় কৰি দি পঠালোঁ। সেই ল’ৰা-ছোৱালীৰ ভৱিষ্যতে তোৰ জলকীয়াৰ দৰেই অনিশ্চয়তাত আছিল। সেয়ে ছোৱালীৰ মাক ইয়ালৈ আহিছিল, আৰু মই সামান্য সময় গৱেষণা কৰিয়েই সকলো সমস্যা সমাধান কৰি দিলোঁ। গতিকে যি গৱেষণাৰ উত্তৰ নোলায়, তাক গৱেষণা বুলিব নোৱাৰি। মৰণাৰ গৰু ঘূৰা আৰু তোৰ গৱেষণা বুলি ঘূৰি ফুৰা একেই। মৰণাৰ গৰুৱেতো অন্ততঃ ঘূৰি ঘূৰি ধানকে সৰায়। তইতো কেৱল ঘূৰিহে ফুৰিছ৷

 মই— তেন্তে মোকো এটা উপায় দিয়ক।

 প্ৰভু— তহঁত বিজ্ঞানৰ নেঙুৰত ঘূৰা মানুহ। আমাৰ চিধা ৰাস্তাত খোজ দিবি জানো?

 মই— কিয় নিদিম? চিধা ৰাস্তাকেতো বিচাৰি আছোঁ!

 প্ৰভু—(অলপ পৰ নিতাল মাৰি) তেন্তে শুন। কালি তই যাব নালাগে। ইয়াতে এভাগ নাম-প্ৰসংগৰ আয়োজন কৰ। এই নামে তোৰ সকলো সমস্যা সমাধান কৰিব, খাটাং। আমাৰ বৰ সাহানত দুটা ভাল নাম দল আছে; এটা মহিলাৰ আৰু আনটো পুৰুষৰ। দুয়োটা নামজ্বলা।

 তই যিটো দলকে বিচাৰ, সেইটোকে পুৱাই খবৰ দিম, আহি যাব।

 মই ভাবিলোঁ, ‘একবাৰ প্ৰভুৰ উপদেশো মানি লওঁ। কিজানি কিবা সুফল পাওঁৱেই। ভাবি সিদ্ধান্ত ল’লোঁ, মহিলা দলকে মতা ভাল। কাৰণ মহিলাসকলৰ জলকীয়াৰ লগত সম্পৰ্ক ভাল। ৰবাব, জলফাই, বগৰি, তেতেলী, কেঁচা আম আদি টেঙা খাওঁতে নিমখ-ধনীয়াৰ লগত মুখ-নাক ৰঙা হৈ যোৱাকৈ, নাকে-মুখে পানী ওলোৱাকৈ জলকীয়া সানি খাব, মুখেৰে উঃ-আঃ কৰিও থাকিব আৰু “বাঃ কি মজ্জা” বুলি তকলিয়াই তকলিয়াই খায়ো থাকিব। ভাত খাওঁতেও জলা আচাৰ এহেঁতামান হ’লেহে এগৰাহ বেছিকৈ খাব পাৰে। কোনবিধ জলকীয়াৰ কিমান জলা, দেখিলেই কৈ দিব পৰা অভিজ্ঞতা আছে এই মহিলাসকলৰ। এগৰাকী [ ৪৩ ] অসমীয়া মহিলাই আকৌ বিশ্বৰ সবাতোকৈ জলাযুক্ত ভোট জলকীয়া চকলেটৰ দৰে খাই আৰু চকুত সানি বিশ্ব ৰেকৰ্ডো কৰিছে। জলকীয়াৰ লগত এওঁলোকৰ কিবা ভিতৰুৱা বুজাবুজি নাথাকিলে এনে কাণ্ড সম্ভৱ নহয়। গতিকে মহিলাৰ দলে নিশ্চয় জলকীয়াৰ সপক্ষে অন্তৰ খুলি আশীৰ্বাদ দিব আৰু জলকীয়াইও সিহঁতৰ অন্তৰংগ বন্ধু মহিলাৰ ভক্তিপূৰ্ণ আহ্বানত হেৰোৱা শকতি ঘূৰাই পাবলৈ উথপ- থপ লগাব।

 এনেকৈ ভাবি মই প্ৰভুক ক’লোঁ, ঠিক আছে প্ৰভু! নাম-প্ৰসংগত মই মহিলাৰ দলটোৱে ভাল হ’ব বুলি বিবেচনা কৰোঁ।

 প্ৰভু— সুন্দৰ! তেন্তে মই ৰাতিপুৱা হৰেশ্বৰক পঠিয়াই দলটোক মতাই দিম। তই দুদুলক বজাৰলৈ পঠাই বুট, মুগ, ধূপ-ধূনা, গামোচা আঠখনমান আৰু ফল- মূল কিছু অনাবি। দলৰ মাননি বুলি মূল নামতীক এহেজাৰ আৰু বাকী পালি- নামতীকেইজনীক পাঁচশমানকৈ দিলেই হ’ব; আপত্তি নকৰে তেওঁলোকে। তই নিজে ভাবি চাবি। হা, অৱশ্যে লুচি-তৰ্কাৰী, মিঠাইৰে ভালদৰে আপ্যায়ণ কৰিব লাগিব। মান-সম্মানৰ প্ৰশ্ন আছে। হ’ব নে?

 মই হ’ব প্ৰভু, আপুনি যি ভাল দেখে তাকে কৰিম।

(১০)

 ৰাতিপুৱা প্ৰভুৰ সৰু ল’ৰাটোক পঠিয়াই বুট, মুগ, ধূপ, ধুনা, গামোচা আদি সকলো নামৰ বাবে যোগাৰ কৰা হ’ল। গাঁৱৰ মহিলা আৰু পুৰুষ কেইগৰাকীমানক নিমন্ত্ৰণ দিয়া হ’ল। মুঠতে ৫০-৬০ জনমান মানুহৰ বহা, চাহ-জলপান খোৱা আদিৰ ব্যৱস্থা কৰা হ'ল।

 সন্ধিয়া বৰসাহানৰ মহিলা দলৰ ৰমৰমীয়া নাম-প্ৰসংগ, হাত চাপৰি, তাল- খোলৰ গুমগুমণিয়ে গোটেই গাঁৱখনকে কঁপাই তুলিলে। অতি নিপুণ নামতীৰ কণ্ঠত কীৰ্তনৰ অন্যান্য পদৰ উপৰিও অতি প্ৰাসংগিকভাৱে জলকীয়াৰ কথাটোও সত্য নাৰায়ণ পদৰ লগত খাপ খুৱাই দিয়াৰ দক্ষতাই আমাক বিস্মিত কৰি তুলিলে। সঁচাকৈয়ে যে তেওঁলোক সুদক্ষ নামতী, ভক্ত মংগলকামী, সেই কথা স্পষ্ট হৈ

পৰিলঃ[ ৪৪ ]

সত্য নাৰায়ণ হৰি এ-
এ-হে সত্য নাৰায়ণ--
সন্ধ্যা কালে পূজা কৰে তোমাৰ চৰণ -
হে সত্য নাৰায়ণ।
অপুত্ৰৰ পুত্ৰ হয়ে, নিধনীৰ ধন হে
সত্য নাৰায়ণ-
নিৰ্জীৱকো জীৱন দিয়া
তুমি কৃপাৰ সাগৰ প্ৰভু হে—
তোমাৰ কৃপাতে প্ৰভু
জলাহীন ভজলুকে
জলা জীৱন পায় হে সত্য নাৰায়ণ
অগতিৰ গতি তুমি দয়াৰ সাগৰ হে
সত্য নাৰায়ণ —ইত্যাদি।

 এনেদৰে পাঁচটামান নাম দিয়াৰ পিছত “কৃষ্ণৰাম নাৰায়ণ গোবিন্দ জয় জয় গোপাল গোবিন্দ ৰাম, গোবিন্দ হৰে ৰাম” আদি পদেৰে নাম সামৰা হ'ল। শেষত মোক আঁঠু লৈ সেৱা কৰিবলৈ ৰাইজে ক'লে। মই গামোচাখন গলত লৈ ৰাইজৰ আগত আঁঠু ল’লোঁ আৰু লগে লগে আইসকলে আশীৰ্বাদ দিবলৈ ধৰিলে—“জয়ে কৃষ্ণ বুলি হৰি বোল, হৰি বোল-

 ইয়াতে সেৱা লোৱা ভকতে তেওঁৰ জলকীয়া বৃক্ষত জলা আহিবৰ মানসেৰে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত এমুঠি প্ৰসাদ আগবঢ়াইছে। ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি তেওঁক পত্নী-পুত্ৰ-কন্যাসহিত ধনে-ধানে-বিদ্যাই বুদ্ধিয়ে সৰ্ব সম্বলিত কৰি। জলকীয়াৰ জালাই যিমতে সৰ্বমুখে ফৰ্ফৰাই যায়, তেমনে ভক্তৰ মান, সন্মান সৰ্বদিশে বিয়পি গৈ, ৰোগ, শোক, জৰা, মৃত্যুৰপৰা পৰিত্ৰাণ পাই দীৰ্ঘ জীৱন লাভ কৰিব পাৰে, তাৰেই প্ৰাৰ্থনাৰে — জয় ৰাম বোলা— জয় হৰি বোলা—সবাৰো কুশলৰ অৰ্থে— হৰি বোল হৰি বোল” বুলি আশীৰ্বাদ বৰষিলে।

 এনে নাম-প্ৰসংগ আৰু আন্তৰিকতাৰে দিয়া আশীৰ্বাদ শুনি মোৰ দুচকুৱেদি [ ৪৫ ] আনন্দাশ্ৰু বৈ আহিল। নামতীসকল আৰু ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধাত অজানিতে শিৰ নত হৈ পৰিল। মোৰ অন্তৰত যেন এক নতুন আশাৰ সঞ্চাৰ হ’ল। যি জলকীয়াক মই অত দিন প্ৰায় এক ঘৃণাৰ দৃষ্টিৰে চাইছিলোঁ, আজি তাৰ প্ৰতি মোৰ কৃতজ্ঞতাত মূৰ দোঁ খাই পৰিল; কাৰণ এই জলকীয়াৰ বাবেই আনকি মোৰ পুত্ৰ-পৰিবাৰ আদি সকলোৰে মংগল সাধি, ধন ঐশ্বৰ্য্য, মান-সম্মানেৰে সম্বলিত হ'বলৈও আজি মই ৰাজহুৱাকৈ আশীৰ্বাদ পাবলৈ সক্ষম হ’লোঁ। কোৱা হয়, “ৰাইজে নখ জোকাৰিলে নৈ বয়।” সেয়ে যদি সত্য, তেন্তে এই ৰাইজৰ আশীৰ্বাদে মোৰ জলকীয়াক জলাযুক্ত কৰাৰ উপৰিও মোকো ধন-মান-সম্মানেৰে সমাজৰ উচ্চ আসনত অধিষ্ঠিত কৰিবই! এক গুলীত দুই চিকাৰ!

 এক অনাবিল আনন্দ আৰু আশাত মোৰ মন উৎফুল্লিত হৈ পৰিল।

 ইতিমধ্যে ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কাৰ্য্যসূচী আৰম্ভ হৈছে। ময়ো বহু দিনৰ পিছত লগ পোৱা গাঁওবাসীক থিয়ৈ থিয়ৈ নমস্কাৰ জনাই মাত-বোল দিছোঁ। হাঁহি মুখে নিজেও এখন চকীত বহি পৰিলোঁ। কাষত বহাজনে বৰ আপোন সুৰত ক'লে, “খুৰা, চিনি পাইছেনে? মই গোপেশ্বৰ। তেতিয়াহে মুখলৈ ভালকৈ চাই চিনি পাই— “হাৰে, গোপে তই? মই দেখাই নাছিলোঁ। বৰ ভাল লাগিল দেই বহু দিনৰ মূৰত দেখি! ভালে আছ, নহয়?”

 গোপেশ্বৰ এই অঞ্চলৰে এজন আদৰ্শ খেতিয়ক। তাৰ বিভিন্ন প্ৰকাৰৰ আৰু ন ন-পদ্ধতিৰ খেতিয়ে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কাকতে-পত্ৰেও তাৰ খেতি সম্পৰ্কে বাতৰি ওলাইছে। আনুষ্ঠানিক শিক্ষাত অগ্ৰগতি লাভ কৰিব নোৱাৰিলেও খেতি-বাতি আৰু বাঁহ-বেতৰ কৰ্মত অতি পাকৈত। মোৰ কথা শুনি সি কলে- “আমি খেতিয়ক মানুহৰনো কি ভাল-বেয়া খুৰা? আছোঁ আৰু যেনি তেনি। আপোনাৰ সমস্যাটো শুনিহে বেয়া লাগিছে। চিন্তা নকৰিব। খেতিত এনে বিসংগতি হয়েই। আমিও বহুত ভুগিছোঁ।

 মই—হ’লেও খেতিত তই বৰ নাম কৰিছ। তোৰ কথা শুনি আমি গৌৰৱান্বিত হওঁ। এতিয়া পিছে কি কি আছে? গোপে— (বৰ সাধাৰণভাৱে) নাই খুৰা! মানে বতৰৰ খেতি অলপ আছে। তাৰেই কিবাকৈ চলি আছোঁ। কাইলৈ আহক মোৰ ঘৰলৈ, খেতিখিনিকে চাব।

 ময়ো তাৰ আমন্ত্ৰণ পাই “ৰাতিপুৱা যাম বাৰু” বুলি সন্মতি [ ৪৬ ]  দিলোঁ। এনেতে প্ৰসাদ আহিল। আমি সকলোৱে প্ৰসাদ ল'লোঁ। তাৰ পিছত বিলনীয়াসকলকো ৰাইজে আশীৰ্বাদ দিলে। মই নামতীসকলক যথা সন্মানপূৰ্বক মাননি, জলপান আদি দিয়াৰ পিছত বিদায় দিলোঁ।

(১১)

 ৰাতিপুৱা মই গুৱাহাটীলৈ যাম বুলি ভাবিছিলোঁ যদিও অলপ সময় অতিবাহিত কৰি গোপেশ্বৰৰ খেতিডৰা চাই যোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। চাৰে আঠমান বজাত গা-পা ধুই গোপেশ্বৰৰ ঘৰলৈ গ'লোঁ। সি মোৰ বাবে অপেক্ষা কৰিয়ে আছিল৷ দূৰতে দেখি “আহক খুৰা” বুলি আগবঢ়াই লৈ গ’ল।

 তাৰ ঘৰৰ সন্মুখত দেখিলোঁ, বিশাল এখন পথাৰ চন পৰি আছে। সৰুতে আমি এই পথাৰখনত নানাবিধ ধান আৰু কুঁহিয়াৰ খেতি দেখিছিলোঁ। এই পথাৰখনৰ মাজেৰেই গৈছে বৰসাহান গাঁও হৈ টিহুলৈ যাব পৰা এটা লুংলুঙীয়া পথ। বৰ্তমান এই পথটো পকা হৈ উঠিছে। গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ ঘৰেই অসম আৰ্হিৰ হলেও চহৰীয়া ঘৰবোৰৰ দৰে উন্নত। গোপেশ্বৰৰ ঘৰখনো সুন্দৰকৈ সজোৱা; সন্মুখত ডাঙৰ গেট, মজিয়াবোৰ টাইলচ লগোৱা, বেৰবোৰতো ভিন্ন ভিন্ন ৰং বলোৱা। এইবোৰ দেখি তাহানি সৰুতে আমি গাঁৱত থাকোঁতে দেখি যোৱা মাটিৰে লেপা বাঁহৰ বেৰ, খেৰৰ ছালৰ দৃশ্য সপোন সপোন লাগিল। গাঁৱত চৰকাৰী চাকৰিয়ালো যথেষ্ট হৈছে আৰু সেই সূত্ৰে বেছিভাগেই গাঁও এৰি চহৰত থাকিবলৈ লৈছে। গোপেশ্বৰৰ দৰে এৰিব নোৱৰাসকলেহে এতিয়া গাঁৱত আছে। সেইসকলেই খেতি-বাতি চম্ভালে যদিও বেছিভাগ মাটিয়েই চন পৰি থকাত আচৰিত হ'লোঁ৷

 মই সুধিলোঁ, “এই মাটিবোৰ যে পৰি আছে, কিয়?”

 খুব সহজভাৱে গোপেশ্বৰে উত্তৰ দিলে, “বেছিভাগে আজিকালি খেতি কৰিবলৈ এৰি দিছে খুৰা৷ ৰোৱনী-দাৱনী পাবলৈ নাই। পালেও মজুৰী দি, ট্ৰেক্টৰ আদি ভাড়া আনি কটা-মৰা কৰোঁতে খৰচো পৰে বহুত। সেয়ে প্ৰায়ে খেতি নকৰেই।”

 মই —তেন্তে খোৱাৰ বাবে কি কৰে?

 গোপে— চৰকাৰে বিনা পইচাৰ চাউল দিছেই। দালি-চেনি আদিৰ খৰচো দিছে৷ [ ৪৭ ] বাকী খৰচ সাধাৰণ শাক-পাচলিৰ খেতি কৰি আৰু কিছুমানে অন্যান্য ঠিকা-ঠুকলি আদি ব্যৱসায় কৰি খৰচ মোকলায়। সেই হিচাপত বেছিভাগেই বহি থাকে বুলিবই পাৰি।

 সেই অতীতত খেতিয়কসকলে ৰাতি পুৱাওঁ-নৌ পুৱাওঁতেই কান্ধত হালখন লৈ আৰু আগে আগে গৰুহাল হুঁ-হুঁকৈ খেদি পথাৰলৈ যোৱা ব্যস্ত জীৱন; কান্ধেৰে খপক-জপককৈ খোজ কাঢ়ি ধানৰ ডাঙৰি বৈ অনা দৃশ্য; শিল পৰা গোঁসাইকমল আলিৰে তলত লেম্প অঁৰা গৰু বা ম'হৰ গাড়ীৰ খৰক-খৰক শব্দ; ধানৰ বস্তা বা ডাঙৰি কঢ়িওৱা গাড়ীৰ গাৰোৱানে মাজনিশা লোকগীত গাই গাই গলত টিলিঙা অঁৰা গৰু-ম'হ খেদা শব্দ; চোতালত মৰণা মাৰোঁতে হৈ-হৈ কৈ গৰু খেদা মাত; আহু, শালি, বৰধান, জহা, বৰা আদি বিবিধ ধানৰ বাবে সুকীয়াকৈ বন্ধা ভঁৰাল ঘৰ; ভঁৰাল ঘৰৰ বেৰত ওলোমাই থোৱা ওখণি মাৰি, ধান চলা চালনি, কাঢ়নী ইত্যাদি ব্যস্ততাপূৰ্ণ আৰু মধুৰ দৃশ্যাৱলী আজি গাঁৱত নিমাত-নিতাল। কৰ্ম, জীৱন আৰু প্ৰকৃতিৰ মাজত তেতিয়া আছিল এক গাঢ়, এৰিব নোৱৰা সম্পৰ্ক। ৰ'দ, বৰষুণ, ধুমুহা আদি প্ৰাকৃতিক সম্পদবোৰ (বিপৰ্য্যয় বুলি নকওঁ) আছিল খেতিয়কসকলৰ পৰম বন্ধু! আৰু আজি সেইবোৰৰ কাৰো লগত কাৰো সম্পৰ্ক নাই। জীৱন এফালে, কৰ্ম এফালে আৰু প্ৰকৃতি থাকে অকলে এফালে। মোৰ জলকীয়াত জলা নোহোৱা হোৱাৰ দৰেই আজি গাঁওবোৰৰপৰা প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মানৱীয় ব্যস্ততা, ধৰ্ম-কৰ্ম আদি সকলোবোৰ লোপ পালে। বুকুখনত কিবা এটা বিষযেন অনুভৱ হ’ল। দীৰ্ঘ নিশ্বাস এটা অজানিতে ওলাই আহিল। মই গোপেশ্বৰক ক'লোঁ, “পৰিৱৰ্তন গোপে! পৰিৱৰ্তন! এয়া উন্নতি নে অধোগতি?”

 গোপেশ্বৰে গাঁৱত থাকি গাঁৱৰ প্ৰতিটো পৰিৱৰ্তনৰ লগতে খোজ মিলাই আহি সহজ হৈ পৰা ব্যক্তি। সেয়ে এই পৰিৱৰ্তন তাৰ বাবে অননুভৱীয় আৰু সাধাৰণ। সেয়ে পুৰণি ইতিহাসে সম্ভৱ তাক আমনি কৰিবলৈ দিয়া নাই, আৰু আনহাতে নতুনেও তাক আকৰ্ষণ নকৰে। ঘড়ীৰ কাঁটা তিনিদালৰ যেনেকৈ ইয়াৰ বাৰটা সংখ্যাৰ কোনোটোৱে নতুন আৰু গুৰুত্বপূৰ্ণ নহয়, তেনেকৈয়ে গাঁৱৰ এই পৰিৱৰ্তনবোৰ গোপেৰ বাবে নতুন আৰু গুৰুত্বপূৰ্ণ নহয়। মেট্ৰিকৰ দেওনা পাৰ হৈয়েই সি খেতিত লাগিবলৈ বাধ্য হৈছিল। অৱশ্যে খেতিৰ কৌশল সি আধুনিকতাৰ প্ৰভাৱতে পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। মোৰ প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ সি অক্ষম। [ ৪৮ ] হয়তো সেইবাবেই মোৰ মনোেযোগ আঁতৰাবলৈকেই সি ক'লে, “বলক খুৰা, মোৰ বাৰীখনকে চাব।”

 দুয়ো সিহঁতৰ চোতালৰ মাজেৰে গৈ ঘৰৰ পাছফালে থকা বৃহৎ বাৰীখনত সোমালো! দেখিলোঁ কেইদালমান নাৰিকল, আম, কঠাল, একশ জোপামান তামোল, লেটেকু আদি। গছবোৰৰ চেহেৰাবোৰ দেখিলেই বুজা যায়, সেইবোৰ গোপেহঁতৰ ককাকৰ দিনৰে। মই ক'লোঁ, “তামোল, নাৰিকলো বহুত আছে উপাৰ্জনো হয় চাগে’ ভাল?”

 গোপে- নাই খুৰা, সেইবোৰ থকা-নথকা সমান। লাগনী গছ প্ৰায় নায়েই যিখিনিত অলপ-অচৰপ লাগে, তাৰো গোটবোৰ সৰু সৰু। আনফালে কেৰ্কেটুৱাৰ প্ৰতাপত সেইবোৰৰ নাথাকে। সেইবোৰ আতাহঁতৰ দিনৰে, কাটিবলৈও বেয়া লাগে কাৰণে আছে আৰু!

 এক-ডেৰ বিঘামান মাটিত থকা সেই পুৰণি বাৰীখন পাৰ হৈ দেখিলোঁ গোপেশ্বৰৰ মোহনীয় বাগানখন। ভাগে ভাগে নেমু টেঙাৰ গছ, বগৰি, কলৰ গছ৷ গছ ভৰি ফল লাগি আছে। অলপ আগলৈ কবি, মূলা, বিলাহী, আলু, সৰিয়হ আদিৰ খেতি! প্ৰায় ছয় বিঘামান মাটি আগুৰি থকা এখন প্ৰকাণ্ড বাগিচা। অত্যুৎসাহেৰে মোক দেখুৱালে তাৰ নতুনকৈ আৰম্ভ কৰা ষ্ট্ৰবেৰীৰ খেতিখন। প্লাষ্টিকৰ ঢাকণিৰ মাজে মাজে ফুটা কৰি পুলিবোৰ লগাইছে। কিছুমানত ৰঙা ৰঙা মনোমোহা ফল আহিছে! মই ষ্ট্ৰবেৰীৰ খেতি আগতে দেখাই নাছিলোঁ। আকৰ্ষিত হৈ দুটামান ফল এনেয়ে চুই চাওঁতে গোপেশ্বৰে নিজেই দুটা চিঙি মোক খাবলৈ দিলে, “খাই চাওক খুৰা, কি মিঠা। মই এই খেতি যোৱা বছৰৰপৰা আৰম্ভ কৰিছোঁ। বৰ লাভজনক। যোৱাবাৰ অলপ ঠাইত কৰিয়েই পঞ্চাশ হাজাৰমান পালোঁ। এইবাৰ অলপ বঢ়াইছোঁ৷ ঈশ্বৰে কৰিলে লাখৰ ওপৰলৈ যাব বুলি ভাবিছোঁ।”

 মই— তই নিজে বজাৰলৈ নিয় নে?

 গোপে— বেপাৰী আহি ঘৰৰপৰাই লৈ যায়। দামো প্ৰতি কেজিত চাৰিশকৈ৷

 মই— ইমানবোৰ খেতি তই অকলেই চম্ভালনে?

 গোপে— নহয় খুৰা। গাঁৱৰে চাৰিজন ল'ৰা আৰু তিনিজনী তিৰোতাই ইয়াত কাম কৰে। হাল বাবৰ বাবে ট্ৰেক্টৰখন চৰকাৰী সাহায্যত কিনি লৈছোঁ। সেইখনৰপৰা বহুত সকাহ হৈছে। [ ৪৯ ]  কথা বতৰা পাতি বুজিলোঁ, গোপেশ্বৰ সঁচাকৈয়ে এজন আদৰ্শ খেতিয়ক। নিজে ঘৰ-পৰিয়াল সুন্দৰকৈ চম্ভালাৰ উপৰিও কেবাজনৰো জীৱিকা মোকলাই দিছে। কথা প্ৰসংগতে মোৰ মনত লকলকাই থকা প্ৰশ্নটো সুধিলোঁ, “বৰ ভাল লাগিল। তোৰ খেতিৰ উন্নতি দেখি। তই বাৰু জলকীয়াৰ খেতি কৰা নাই নেকি? আজিকালিতো ইয়ো এক লাভজনক খেতি!”

 গোপে— কৰিছোঁ খুৰা। আহক, সেই সঁৰিয়হ তলিৰ কাষত মোৰ জলকীয়াৰ খেতি দেখিব।

 এইবুলি সি মোক জলকীয়াৰ খেতিডৰা দেখুৱালে। নতুনকৈ ভেটি তুলি শাৰী শাৰীকৈ ৰোৱা প্ৰায় আধা বিঘামান মাটিত কেইবাটাও জাতৰ জলকীয়া খেতি। গছ ভৰি লাগিছে; কিছুমান পকিছে। গছবোৰ দেখিয়েই মোৰ ভাল লাগি গ'ল। পকা জলকীয়াবোৰে গছবোৰক ফুলনি বাগিচাৰ দৰে দেখাইছে। মই সুধিলোঁ, “এনেদৰে ভেটি তুলি ৰুইছ যে। ইমান লহপহীয়া হৈছে যে সাৰ-গোবৰ বৰকৈ দিছ হ’বপায়?”

 গোপে নহয় খুৰা। নতুন মাটিত জলকীয়া ভাল হয়। আগতে সেইফালে গোহালীটোৰ কাষত আছিল। তাতে গৰুৰ পচা গোবৰ বহুত দিছিলোঁ। পিছে সেই খেতিত জলকীয়াৰ গছবোৰ লহপহকৈ হয়, কিন্তু জলা নহয়। এজন কৃষি বিজ্ঞানীয়ে ক'লে যে জলকীয়াত বেছি গোবৰ দিব নালাগে, অন্য পচন সাৰ ব্যৱহাৰ কৰিব লাগে। আকৌ একে ঠাইতে কেবা বছৰো জলকীয়া ৰুব নালাগে। সেয়ে মই ইয়াত নতুনকৈ মাটি তুলি ৰুইছোঁ। মই ৰাসায়নিক সাৰ কোনো খেতিতে ব্যৱহাৰ নকৰোঁ খুৰা। নিজেই পচন সাৰ, কেঁচুসাৰ তৈয়াৰ কৰোঁ আৰু প্ৰয়োগ কৰোঁ।

 গোপেশ্বৰৰ কথাই মোক ভবাই তুলিলে। মই কিছুপৰ নিতাল মাৰি থাকিলোঁ। মোক তেনেকৈ থকা দেখি গোপেশ্বৰে ক'লে, “কি ভাবিছে খুৰা? কিবা ভুল ক'লোঁ নেকি?”

 মই টোপনিৰপৰা সাৰ পাই জিকাৰ খাই উঠি ক'লোঁ, “তই ভুল কোৱা নাই। আজিহে মই আচল উত্তৰ পালোঁ। ময়ো এজোপা জলকীয়া টাবত ৰুইছিলোঁ। গোবৰ গুৱাহাটীত নাপায় বাবে এবস্তা গোবৰ-মাটি জলেশ্বৰৰপৰা নি টাবত দিছিলোঁ। লহপহকৈ বাঢ়িছিল, লাগিছিলো বৰকৈ। পিছে জলকীয়াত জলা নাই, কিবা তিতা তিতা লাগে। সেয়ে মই ইয়াৰ কাৰণ বিচাৰি পৃথিৱীখন ঘূৰিলোঁ। [ ৫০ ]

বহুতোৰে বহু উপদেশ শুনি বহু ব্যৱস্থা ল'লোঁ। জৰা-ফুকা, মাদুলি আঁৰা, নাম-প্ৰসংগ কৰা আদি একো বাদ দিয়া নাই। আজি তোৰপৰাহে সত্য উদঘাটন হ’ল।”

 গোপেশ্বৰে হাঁহি হাঁহি ক'লে, “আচলতে আপুনি গোবৰৰ মাটি দিয়া বাবে তেনে হ'ল। মোৰো এবাৰ তেনে হৈছিল। এতিয়া কৃষি বিজ্ঞানীসকলৰ উপদেশ শুনি শুনি আৰু খেতি কৰি কৰি আমাৰ এইবিলাক অভিজ্ঞতা হৈছে খুৰা। মোৰ কথাই যদি আপোনাৰ সামান্যও উপকাৰ সাধিছে, তেন্তে মই ধন্য।”

 “তই ধন্য গোপে, তই ধন্য! তই খেতিয়কেই নহয়, খেতিৰ জীৱন। সিহঁতৰ স্বভাৱ-চৰিত্ৰৰ লগত একাকাৰ হৈ পৰা তই প্ৰকৃতিৰে গঢ়া এজন মানৱ। তই মোক আজি ডাঙৰ জ্ঞান দিলি। মোৰ উদ্দেশ্য সফল হ’ল। ভগৱানে তোৰ মংগল কৰক৷

 গোপেশ্বৰৰ চকু চলচলীয়া হৈ পৰিল। তলমূৰ কৰি কিছুপৰ ৰোৱাৰ পিছত লাহেকৈ ক'লে, “বলক খুৰা ঘৰলৈ; চাহ একাপ খাই যাব লাগিব। বহু বছৰৰ মূৰত আহিছে। এনেয়ে যাবলৈ নিদিওঁ।”

 দুয়ো তাৰ ঘৰলৈ আহিলোঁ আৰু তাতেই চাহ-জলপান খাই, এটা স্বস্থিৰ নিশ্বাস এৰি মই উভতি আহিলোঁ।

[ ৫১ ]

মানুহে মুখাৱৰণ কিয় ল'ব লগা হ'ল?
(ৰস ৰচনা)

২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী ৰঞ্জন গগৈ দেৱৰ নেতৃত্বত গঠন কৰা বিচাৰক মণ্ডলীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে পথ সুচল কৰি দিয়াত সমগ্ৰ ভাৰততে আনন্দৰ জোৱাৰ উঠে। বিশেষকৈ অযোধ্যাত ৰামৰ অনুগামীসকলে তম্বুৰেই অস্থায়ীভাৱে ৰাম মন্দিৰ সাজি পূজা-পাতল কৰিবলৈ ধৰিলে। আনহাতে শ্ৰীৰামৰ পৰম ভক্ত পৱন পুত্ৰ হনুমানৰো মন্দিৰ সাজি তেওঁৰো পূজা-পাৰ্বণ আৰম্ভ কৰা হ'ল। ভক্তসকলে ৰাম আৰু হনুমানৰ মূৰ্তি সাজিও সংশ্লিষ্ট মন্দিৰত স্থাপন কৰিছিল।

 শ্ৰীৰামচন্দ্ৰক ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ বুলিও বহুতে কয়। তেওঁ প্ৰজাপালক, সুশাসক বুলি সকলোৱে জানে। ভাৰতীয় জনতাৰ এনে পূজাৰ কোবত শ্ৰীৰামচন্দ্ৰই স্বৰ্গৰপৰা নামি আহি প্ৰতিষ্ঠাপিত মূৰ্তিত অধিষ্ঠিত নোহোৱাকৈ থাকিব নোৱাৰিলে। ইতিমধ্যে একে কাৰণতে শ্ৰীহনুমানেও নামি আহি প্ৰভু ৰামচন্দ্ৰৰ সান্নিধ্য পাবলৈ নিজ মূৰ্তিত অধিষ্ঠিত হ’ল। দিনৰ ভাগত জনতাই ৰাম আৰু হনুমানৰ মূৰ্তিত পূজাৰ্চনা কৰি থকাৰ বাবে দুয়োজনে কোনেও কাকো দেখা-সাক্ষাৎ কৰা সম্ভৱ নহয়। সেয়ে, ৰাতি সকলো লোক ঘৰাঘৰি যোৱাৰ পিছত হনুমানে মূৰ্তিৰপৰা ওলাই আহি শ্ৰীৰামচন্দ্ৰৰ চৰণ বন্দনা কৰে।

 ইতিমধ্যে ৰাম মন্দিৰ সজাৰ যো-জা পূৰ্ণোদ্যমে চলিছে। তাৰ মাজতে, প্ৰায় চাৰিমাহমানৰ আগতে, মানে ২০২০ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ (মাঘ-ফাগুন মাহত) এদিন অমাৱস্যা ৰাতি হনুমান আহি শ্ৰীৰামচন্দ্ৰৰ লগত কথা পাতিবলৈ ধৰিলে। হনুমানে শ্ৰীৰামচন্দ্ৰক সুধিলে, “প্ৰভু! ইয়ালৈ আপুনি মাতৃ সীতাদেৱী আৰু ভাই লক্ষ্মণক এৰি থৈ কিয় আহিল আৰু আপোনাৰ ইয়াত কেনে লাগিছে, সেই কথা জানিবলৈ বহু দিনৰপৰা মোৰ মনটো লকলকাই আছে।”

 শ্ৰীৰামে কাহ এটা মাৰি উত্তৰ দিলে, “মই তোমাৰ উদ্বেগৰ কাৰণ বুজোঁ পৱনপুত্ৰ! কথাটো হ'ল, বহু হাজাৰ বছৰ আগতে এৰি যোৱা এই অযোধ্যা নগৰীকে ধৰি সমগ্ৰ ভাৰততে এক অস্বাভাৱিক পৰিস্থিতি বিৰাজ কৰা দেখিছোঁ। কটা-কটি, [ ৫২ ] মৰামৰি, জাতি-সম্প্ৰদায়ৰ মাজত হাই-কাজিয়াই গোটেই দেশখনকে অশান্তময় কৰি তুলিছে। এনে পৰিস্থিতিত বৈদেহীক ইয়ালৈ আনি আৰু কষ্ট দিয়াৰ মন নকৰিলোঁ। তুমি ভালদৰে জানাই যে সেইবাৰ দণ্ডকাৰণ্যত চৈধ্য বছৰ বনবাস খাটিয়েই বেচেৰীয়ে কেনে কষ্ট পাইছিল। তেওঁৰ লগতে ময়ো মানুহৰ ৰোষত পৰি কম নগুৰ-নাকতি হোৱা নাই। তাতে আকৌ ইয়াৰ মানুহবিলাকৰ এনেয়ে পৰচৰ্চা-পৰনিন্দা কৰাৰ অভ্যাস। কেনেবাকৈ যদি বৈদেহীয়ে কাৰোবাৰ লগত কথাও পাতে, তেন্তে মানুহে যে ফিচিং-ফাচাংখন নকৰিব তাৰ কোনো নিশ্চয়তা নাই৷ এবাৰ সাপে খালে কেঁচুলৈকে ভয়। সেয়ে ইয়াত মন্দিৰ হৈ নুঠা পৰ্য্যন্ত, সম্পূৰ্ণ নিৰাপত্তা হৈ নুঠা পৰ্য্যন্ত মই তেওঁক আনিবলৈ সাহস কৰিব নোৱাৰি লক্ষ্মণকে ৰখীয়া পাতি থৈ আহিলোঁ। আনহাতে ময়ো পুৰণি অযোধ্যাৰ স্থানবিলাক পাহৰি গৈছোঁ। আগতে য'ত আমাৰ বাসস্থান আৰু ৰাজধানী আছিল, সেইবোৰত এই মানুহবোৰে পকী বাট-পথ আৰু প্ৰকাণ্ড প্ৰকাণ্ড হৰ্ম্য (প্ৰাসাদ, অট্টালিকা) সাজি গোটেইখন ওলট-পালট কৰি পেলালে। ইয়াৰ মাজত যদি কিবাকৈ আমাৰ বৈদেহী হেৰাবলগীয়া হয়, মই আৰু বিচাৰি পোৱা সম্ভৱেই নহ'ব। অৱশ্যে তুমি হৰ্ম্যই হৰ্ম্যই জঁপিয়াই বিচাৰি উলিয়াব পাৰিবা; মোৰ পূৰা বিশ্বাস আছে। কিন্তু তাকে লৈ যদি তোমাৰ একমাত্ৰ নেজদাল আকৌ পুৰিব লগা হয়, মোৰেই দুখ লাগিব নহয! সেয়ে প্ৰথমে মই নিজে ঘূৰি-মেলি আমাৰ পুৰণি ঠাইবোৰ বিচাৰি চিনাকি হৈ লোৱাৰ কথা ভাবিছোঁ। পিছে পৱনপুত্ৰ! তোমাৰ বাৰু ইয়াত কেনে লাগিছে কোৱাচোন!”

 হনুমানে শ্ৰীৰামচন্দ্ৰৰ চৰণত সেৱা এটি জনাই ক'লে, “হে প্ৰভু! ইয়ালৈ আহি মই বেয়া পোৱা নাই। বিশেষকৈ এতিয়া মোৰ ভক্তৰ সংখ্যাও আগতকৈ বহু বেছি হৈছে। হলেও আমাৰ সেইদিনৰ গছ-গছনি, বাট-পদূলি, জীৱ-জন্তু আদিবোৰ নেদেখিহে ব্যথিত হৈছোঁ। হে প্ৰভু! কথা এটি কওঁ, যদি বেয়া নাপায়৷’’

 শ্ৰীৰামচন্দ্ৰ— তুমি কি কথা কোৱাহে পৱনপুত্ৰ! তুমি মোৰ চিৰলগৰী আৰু পৰম ভক্ত। তুমি অবিহনে মই মিছা, আৰু মই অবিহনে তুমি মিছা। গতিকে আমাৰ মাজত বেয়া পোৱা-পুইৰ প্ৰশ্নই আহিব নোৱাৰে। কোৱা কি কোৱা।”

 হনুমানে পুনৰ এটি সেৱা জনাই ক'লে, “হে প্ৰভু! মই বান্দৰ বংশীয়৷ সেইদিনত এই ভাৰতবৰ্ষত মানুহতকৈ বান্দৰেই বেছি আছিল। শ্ৰীলংকাৰপৰা [ ৫৩ ] সীতা মাতাক উদ্ধাৰ কৰাৰ সময়তো সাগৰত সেতু বন্ধাকে ধৰি ৰাৱনৰ লগত যুদ্ধ কৰাতো আমাৰ বান্দৰবোৰেই মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। আনকি ইয়াৰ মানুহে কয়, মানুহৰ জন্মও বোলে বান্দৰৰ পৰাই হৈছিল। কিন্তু এতিয়া দেখিছোঁ, সেই ঐতিহ্যময় বান্দৰৰ ঠাইত মানুহৰ সংখ্যাই সৰহ। যি অলপ-অচৰপ বান্দৰ আছে, সিহঁতেও থাকিবলৈ বন-জংঘল নোহোৱা হ’ল, খাদ্য হেৰাইছে আৰু থাকিবলৈও মানুহৰ ঘৰৰ ছাল, মন্দিৰ আদিৰ আশ্ৰয় ল’বলগীয়া পৰিস্থিতি হৈছে। এনে দৃশ্যই মোৰ হৃদয় একেবাৰে চূৰ্ণ কৰি দিছে প্ৰভু!

 আৰু এটা কথা। এই বান্দৰৰপৰা সৃষ্টি হোৱা মানুহবোৰে আগৰ নিজৰ সুন্দৰ জোঙা মুখবোৰ আঁতৰাই আপোনাৰ দৰে সমান মুখ ধাৰণ কৰিছে। মোৰ সন্দেহ হয়, আপোনাৰ অনুপস্থিতিত এই পাপী মানুহবোৰেই আপোনাৰ স্থান লোৱাৰ ষড়যন্ত্ৰ কৰিছে বুলি। হওঁতে সিহঁতে মুখ সমান কৰিলেও আপোনাৰ দৰে সুন্দৰ, সুঠাম আৰু শক্তিমান কাহানিও হ’ব নোৱাৰে! কিন্তু বহিবলৈ পালে শুবলৈ বিচৰাৰ দৰে এইখন মুখকে লৈ নিজকে শ্ৰীৰাম শ্ৰীৰাম বুলি গৌৰৱ কৰিব পাৰে বুলিহে মোৰ সন্দেহ হৈছে। দুই এজনেতো এতিয়া আপোনাৰ লগত তুলনা কৰিবলৈ আৰম্ভই কৰি দিছে বোলে ‘মই ৰামৰাজ্য পাতিম, সুশাসন দিম, মোক ভোট নিদি কাক দিবা’ আদি। পিছে শাসনৰ নামত ফুচ্‌!

 শ্ৰীৰামচন্দ্ৰ— কথাটো ময়ো লক্ষ্য নকৰা নহয়। সিহঁতৰ কাণ্ড-কাৰখানা মই চাইহে আছোঁ। পিছে ভয় কৰিবলগীয়া নাই। মোৰ দৰে হ’বলৈ সিহঁতৰ বাপেকৰো সাধ্য নাই।

 হনুমান— হ’লেও প্ৰভু! ৰসতে নাম থ’ব নোৱাৰিনে?

 শ্ৰীৰাম— মানে তুমি কি ক’বলৈ বিচাৰিছা?

 হনুমান—মানে, ইচ্ছা কৰিলে আপুনি এই মানুহবোৰক বান্দৰ কৰি দিব পাৰে। সেয়ে হ'লে আমাৰ বান্দৰ কুলো ৰক্ষা পৰিব আৰু ইহঁতৰ অহংকাৰৰ নোহোৱা হ’ব।

 শ্ৰীৰাম— সেইটো মোৰ বাবে এটা টিলিকাৰ কাম। কিন্তু এজন দুজন হ’লে কথা নাছিল, এই ভাৰস্তত এনে প্ৰাণী কৌটি কৌটি আছে। ইমানবোৰক বান্দৰ কৰি পেলোৱাটো অন্যায় হ’ব। তদুপৰি বৰ্তমানৰ এইচাম মানুহৰ কোনো দোষ নাই। ইহঁতৰ পূৰ্বপুৰুষ সকলেহে চক্ৰান্ত কৰি মোক দেখি এইবোৰক সমান মুখৰ [ ৫৪ ] মানুহ কৰি জন্ম দিছে। আগতেতো ইহঁতৰ সংখ্যা বৃদ্ধি কৰিবলৈ এজনেই দহ- বাৰটাকৈ কুকুৰ-মেকুৰীৰ দৰে জন্ম দিছিল। পিছে ঠেলাৰ নাম বাবাজী। যেতিয়া ভাত-কাপোৰৰো টনাটনি হ’বলৈ ধৰিলে, তেতিয়া দুই-তিনিটা জন্ম দিয়েই ক্ষান্ত থকা হ’ল। হ’লেও এটা সম্প্ৰদায় এতিয়াও আছে, যিটোৱে মোৰ সলনি অন্য এজনক দেৱতা মানি সেইজনৰ পৰামৰ্শমতে বাচ-বিচাৰ নোহোৱাকৈ জন্ম দি আছে। সিহঁতৰো কুদিন আহি আছে ৰ’বা। চাই আছোঁ ক’ৰ পানী ক’লৈ যায়।”

 হনুমান— তথাপি কিবা এটা কৰা বৰ প্ৰয়োজন হৈছে প্ৰভু!

 শ্ৰীৰাম— এৰা! ক’বলৈ গ’লে, সিহঁতৰ মুখবিলাকহে সমান। বাকী স্বভাৱ- চৰিত্ৰ, আচাৰ-ব্যৱহাৰ আদি এতিয়াও বান্দৰৰ দৰে হৈয়ে আছে। গতিকে সমস্যা আৰু প্ৰায় আধাহে সমাধান কৰিব লাগে; সেইটো টান নহ’ব। তোমাৰ সন্তুষ্টিৰ বাবে কিবা এটা কৰিব লাগিল। বাৰু, বিশল্যকৰণীক মাতাচোন।

 (হনুমানে ততালিকে গৈ শ্ৰীৰামচন্দ্ৰৰ দেহ ৰক্ষক বিশল্যকৰণীক মাতি আনিলে)।

 শ্ৰীৰাম— বিশল্য, তই ৰাৱণে মাৰিচ ৰাক্ষকক পঠিয়াই সীতাক হৰণ কৰিবলৈ কি কৰিছিল জাননে?

 বিশল্যকৰণী— হয় প্ৰভু, ভালকৈ জানো। মাৰিচৰ দ্বাৰা সোণৰ হৰিণৰ ৰূপ লোৱাই আই মাতৃক চলনা কৰি হৰণ কৰিছিল।

 শ্ৰীৰাম— চাব্বাচ! ঠিক তয়ো তেনেদৰে কৰোনা মহামাৰিৰ বেশ লৈ প্ৰথমে কিছুমান মানুহ মাৰিব লাগে। পাৰিবিনে?

 বিশল্য—পাৰিম প্ৰভু! কিন্তু কেইজনমান মানুহ মাৰিলেই বাকীবোৰ বান্দৰ হৈ যাবনে?

 শ্ৰীৰাম— নাযায়, যোৱাৰ দৰ্কাৰ নাই। কিন্তু সিহঁতক মই না মানুহ, না বান্দৰ কৰি দিম। দুয়োৰে মাজত এক অদ্ভুত প্ৰাণী কৰি দিম! হাঃ হাঃ হাঃ!

 হনুমানে আনন্দতে একেজাপে থিয় হৈ সুধিলে, “সেইটো কেনেদৰে সম্ভৱ হ’ব প্ৰভু?”

 শ্ৰীৰাম— চোৱা, বিশল্যকৰণীয়ে কিছুমান মানুহ মাৰি লগতে প্ৰচাৰ কৰি দিব যে যদিহে সিহঁতে মাস্ক (মুখাৱৰণ) পিন্ধি বান্দৰৰ ৰূপ নলয়, তেন্তে সিহঁতৰো [ ৫৫ ] একে গতি হ’ব। তাৰ পিছত ভয়তে সকলোৱে মুখা পিন্ধি বান্দৰৰলেখীয়া হৈ পৰিব। অৰ্থাৎ মুখত বান্দৰ, মানে না মানুহ, না বান্দৰ।

 পৱনপুত্ৰ হনুমানে তিনি জাপ মাৰি জয় শ্ৰীৰাম ধ্বনি দিলে। বিশল্যকৰণীয়েও ৰামচন্দ্ৰক সেৱা কৰি নিৰ্দেশ পালন কৰিবলৈ মহামাৰি কৰোনাৰ ৰূপ ল'লে আৰু এফালৰপৰা মানুহ মাৰিবলৈ আৰম্ভ কৰিলে। লগতে প্ৰচাৰ কৰি গ'ল যে যিয়ে মুখা পিন্ধি হলেও বান্দৰৰ ৰূপ নলয়, তাকেই মই আক্ৰমণ কৰিম’।

 এনে প্ৰচাৰৰ পিছতে মানুহৰ মাজত হুৱাদুৱা লাগি পৰিল আৰু মুখা পিন্ধিবলৈ উথপথপ লগালে। সিমানেই নহয়, বৰং কোনে কিমান সুন্দৰকৈ মুখাৰ ৰূপ বান্দৰমুখীয়া কৰিব পাৰে, তাৰ প্ৰতিযোগিতা চলিল। এতিয়া এইসকল মানুহৰূপী বান্দৰ।

 শ্ৰীৰামচন্দ্ৰৰ নৱ অৱতাৰৰ এয়াই পৰম সত্য কাহিনী। কোনোৱে বিশ্বাস কৰিলে কৰিব পাৰে। নকৰিলেও আমাৰ একো হানি নহয়। জয় শ্ৰীৰামজী! জয় শ্ৰী হনুমানজী!

[ ৫৬ ]

ব্ৰহ্মাৰ দৰে মহিলাসকলৰো যদি চাৰিটা মূৰ থাকিলহেঁতেন!

 ফেচবুকৰ এটা গ্ৰুপত কোনোবাই আক্ষেপ

কৰিছিল যে মহিলাসকলৰো যদি ব্ৰহ্মাৰ দৰে চাৰিটা মূৰ থাকিলহেঁতেন, তেন্তে কি হ'লহেঁতেন! কৰা এই আক্ষেপৰ উত্তৰত এগৰাকী বন্ধুৱে তেওঁৰ নিজা মতামত দিছিল, যাৰ ওপৰত ময়ো সংক্ষেপে উত্তৰত কৈছিলোঁ, “চাৰিটা মূৰ নাথাকিলেও দহখন মুখ আছে।”

 মোৰ কথাত এজনে সুধিলে, “প্ৰভু, আপুনিনো কেনেকৈ ক'লে দহখন মুখ থকা বুলি?” মই ক'লোঁ, “হে বৎস। অলপ শাস্ত্ৰ পঢ়া কৰিবা। এয়া মই কোৱা নাই, শাস্ত্ৰত লিখা আছে। ফেচবুকত হাহাকাৰ লাগি যাব বুলি ভয় কৰিয়ে ঋষি- মুনি সকলেও ব্যক্ত কৰা নাছিল। সেই কাহিনী ব্যাসদেৱে মহাভাৰত লিখাৰ সময়ত এটা ভোমোৰাই বৰ্ণন কৰিছিল। সেই কাহিনী যদি তুমি নাজানা, তেন্তে সংক্ষেপতে শুনা বৎস” বুলি ভোমোৰাই কোৱা তলৰ কাহিনীটো বৰ্ণালে।

 দ্ৰৌপদীৰ বস্ত্ৰ হৰণত দেৱতাগণেও বৰ অপমান বোধ কৰিছিল।নাৰীৰ শ্লীলতা হানিৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব পৰা যায়, সেই বিষয়ে আলোচনা কৰিবলৈ জগত স্ৰষ্টা ব্ৰহ্মাই সেইদিনাই সন্ধিয়া এখন সভা পাতিলে। বস্ত্ৰহাৰা দ্ৰৌপদীৰ ৰূপৰ কল্পনা কৰি লজ্জাত উপস্থিত দেৱতাসকলে নতশিৰে সভাৰ সন্মুখৰ মাটিতে লেপেট খাই বহিল। নাৰদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত সভাপতি ব্ৰহ্মাই তেওঁৰ প্ৰথম মুখ্য মূৰটোৰ কপালখনত দুয়ো হাত থৈ সদস্যসকলক নিজৰ মতামত দাঙি ধৰিবলৈ অনুৰোধ কৰিলে। দেৱৰ্ষি নাৰদেই আৰম্ভ কৰিলে,

 “হে গুৰুদেৱ, দায়দোষ নধৰিব। এই যত সমস্যাৰ ঘাই আপুনি—” [ ৫৭ ]  নাৰদে এইখিনি কওঁতেই হেড ছাৰৰদৰে দাং খাই উঠিল, “কি কোৱাহে নাৰদ তুমি? মই কিদাল কৰিলোঁ। মই উচতায়ে দিছিলো, নে মই তাত উপস্থিতেই আছিলো? মিছা ক'লে কিদাল হ'ব, মই আগতে জনা হ'লে আজিৰ এই সভা আহ্বান কৰিলোঁহেঁতেন নে? নে কি কোৱাহে তিখন্দৰ?” এই বুলি তেওঁ কাষতে বহি থকা মন্ত্ৰী তিখন্দৰলৈ চালে।

 হয়ছাৰ তিখন্দৰে একে জাপে থিয় হৈ আঙুলি জোকাৰি জোকাৰি ক'লে,“হয় ছাৰ। দেৱৰ্ষিয়ে এই কথাৰ প্ৰমাণ দিব লাগিব। নহ'লে মানহানি গোচৰ দিয়া যাব।”

 দেৱৰ্ষিয়ে হাঁহি হাঁহি ক'লে, “বস্তুৰে প্ৰমাণ দিব নোৱাৰিলেও circum- stantial evidence দিবলৈ মই সাজু আছোঁ গুৰুদেৱ। কিন্তু তাৰ আগতে আপুনি মোৰ কেইটামান কথাৰ উত্তৰ এই সমাজৰ মাজতে দিব লাগিব। প্ৰথম প্ৰশ্ন, আপোনাৰ শিৰ চাৰিটা, মুখ চাৰিখন, কাণ আঠখন, হাত চাৰিখন আছেনে?”

 “অ’ আছে। তাতে কি হল?”

 “কিন্তু আপুনিয়ে সৃষ্টি কৰা সেই অৱলা নাৰীৰ মাথোঁ এটা মূৰ, দুখন কাণ আৰু মাত্ৰ এখন কম শক্তিৰ মুখ আছেনে?”

 “অ’ আছে, আছে, আছে। ইয়াৰ লগত বস্ত্ৰ হৰণৰ সম্পৰ্ক কি? তুমি পাগল হোৱা নাইতো?”

 “সম্পৰ্ক আছে গুৰুদেৱ। আপুনি যেতিয়া চাৰিখন মুখেৰে চিয়ঁঁৰে, তেতিয়া গোটেই দেৱলোক কঁপি উঠে, আঠখন কাণেৰে যেতিয়া শুনিব, তেতিয়া কওঁতাৰ উশাহ বন্ধ হৈ যায়, দেৱলোকত আপোনাৰ কাণত ভৰাবলৈ ভাষা, আনকি শব্দৰো নাটনি হৈ পৰে-”

 কি ফাল্টু বকি আছাহে নাৰদ। এইবোৰৰ লগত বস্ত্ৰ হৰণৰ সম্পৰ্ক কি? দুৰ্য্যোধনহঁতক কি শাস্তি দিব লাগে, সেই কথাহে ক'ব লাগে!”

 “সেইটোকে মই ক'বলৈ বিচাৰিছোঁ। বাচন চাফ কৰিব লাগিলে প্ৰথমে নিজৰ হাতখন চাফ কৰিব লাগে গুৰুদেৱ। দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হৈ গ'ল, এতিয়া নোহোৱা কৰিব নোৱাৰে। আকৌ শাস্তি যি দিব লাগে সেয়া যুধিষ্ঠিৰ, ভীমহঁতে ঠিক কৰিয়েই থৈছে। আমাৰ দেৱলোকৰপৰা শাস্তি দিয়াৰ প্ৰয়োজন নাই। আজি যদি আপোনাৰ [ ৫৮ ] দৰে দ্ৰৌপদীৰো চাৰিটা মূৰ, চাৰি মুখ, আঠ কাণ থাকিলহেঁতেন, তেন্তে তেওঁক অত্যাচাৰ কৰাৰ লগে লগে মৰা চিয়ঁৰ আমাৰ দেৱনগৰী পৰ্যন্ত আহিলহেঁতেন আৰু তেতিয়া আমি সৈন্য পঠাই কৌৰৱসকলক বিনাশ কৰি দ্ৰৌপদীৰ লাঞ্ছনা লাঘৱ কৰিব পাৰিলোঁহেঁতেন।

 ব্ৰহ্মা- তেন্তে তুমিয়ে কোৱাচোন মই কি কৰিব লাগে?

 নাৰদ— চাওক গুৰুদেৱ, আপুনি কিমান স্বাৰ্থপৰ। নিজৰ বাবে চাৰি মূৰ, চাৰি মুখ, আঠকাণ ৰাখি বাকী দেৱতাসকলক মাথোঁ এটাকৈ দিছে। তাতে আকৌ নৰমনিচসকলক নগণ্য বুলি ভাবি কটা যোৱা মুখ্যমন্ত্ৰীৰ নিৰাপত্তা কৰ্তন কৰাৰ দৰে তেওঁলোকক মাথোঁ এখন মুখতো দিছেই, তাৰ আৱাজ কমকৈ দিছে।”

 ব্ৰহ্মা— মই সমস্ত নৰমনিচৰ কথাৰ বাবে সভা পতা নাই। নাৰী হিচাপে দ্ৰৌপদীৰ কি কৰা উচিত তাকে ক’বলৈহে তোমাক হুকুম জাৰি কৰিলোঁ। যদি নোৱাৰা, বহি থাকা।

 নাৰদ— মানে নে নামানে নাজানো গুৰুদেৱ। কিন্তু প্ৰস্তাৱ এটা দিওঁ। সেয়া হ’ল, নাৰীসকলকো চাৰিটা নহ'লেও তিনিটা মূৰ, ছয়খন কাণ, চাৰিখন হাত দিয়ক। তেতিয়া বিপদত পৰি সিহঁতে চিয়ঁৰিলে দশোদিশ বিয়পিব, যি শুনি সুৰক্ষাৰ বাবে লোক আগুৱাই আহিব পাৰিব; চাৰি হাতেৰে যুদ্ধ কৰি শত্ৰুক পৰাস্ত কৰিব পাৰিব।

 এই প্ৰস্তাৱ শুনা মাত্ৰেই সভাস্থলিত হাত চাপৰি বাজিবলৈ ধৰিলে। ব্যাপক ৰাজহুৱা সমৰ্থনত ব্ৰহ্মাৰ শিৰ নত হ’ল আৰু কিছু সময় ভাবি গম্ভীৰভাবে ক'লে, “চিন্তা কৰিবলগীয়া বিষয়! এবাৰ সৃষ্টি কৰাৰ পিছত তাক পৰিৱৰ্তন কৰিবলৈ সংবিধান সংশোধনৰ প্ৰয়োজন আছে। তথাপি মোৰ ক্ষমতা অনুসাৰে মাত্ৰ দ্ৰৌপদীৰ বাবে এনে এটা ব্যৱস্থা কৰিব পাৰোঁ যাতে তালো সৰে পাতো বাছে।”

 এই কথা শুনাৰ লগে লগে সভাস্থলিত “কি গুৰুদেৱ, কি গুৰুদেৱ” ধ্বনি গুঞ্জৰিবলৈ ধৰিলে, যেন লোকসভাত হুলস্থূলীয়া পৰিৱেশহে হৈছে!

 গুৰুদেৱে “ক্ষান্ত হোৱা, ক্ষান্ত হোৱাকৈ কোৱাৰ লগে লগে সভাস্থলি কঁপিবলৈ ধৰিলে। সভাস্থলি কাহ পৰি জীন গ'ল। ব্ৰহ্মাদেৱে অলপ তলকা মাৰি পুনৰ আৰম্ভ কৰিলে।

 —সভাসদসকল। কথাটো হ'ল, অকল দ্ৰৌপদীৰ সমস্যাৰ কথা চিন্তিলে মোৰ [ ৫৯ ] বদনাম হ’ব। সেয়ে ভাবিছোঁ, দেখাকৈ তিনি-চাৰিটা মূৰ আৰু মুখ দিয়াতকৈ অদৃশ্যভাবে সকলো নাৰীৰে এখন মুখত দহখন মুখৰ শক্তি, দুখন কাণত চাৰিখন কাণৰ শ্ৰৱণ শক্তি প্ৰদান কৰা হওক।

 এনেতে দৈপায়ণ মুনিয়ে মাত লগালে, তেন্তে হাত দুখনৰ শক্তিও আঠখন হাতৰ সমান হ’ব নেকি গুৰুদেৱ?”

 ব্ৰহ্মা- তুমি বুজা নাই বৎস। আঠখন হাতৰ শক্তি নাৰীসকলক দিলে সিহঁতে গিৰীয়েক সকলক মাৰি মাৰি অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। এতিয়া যিখিনি দিব খুজিছোঁ, সেইখিনিৰে কি ভয়ানক ব্যৱহাৰ হয় চাই থাকাচোন। মই ভাবি চিন্তিহে কাম কৰোঁ।

 ইজনে সিজনলৈ চোৱা-চুই কৰিলে, ভিতৰুৱা আলোচনা কৰিলে। সকলোৰে মতামত লৈ নাৰদে পুনৰ থিয় হৈ ক'লে, “তেন্তে সেয়ে কৰক গুৰুদেৱ। আপোনাৰ এই মহান চিন্তাত সভাই সৰ্বসন্মতি জ্ঞাপন কৰিছে।”

 এটা মিচিকিয়া হাঁহি মাৰি ব্ৰহ্মাদেৱে সোঁহাতেৰে ৰাজদণ্ডদাল তুলি, চকু আঠটা মুদি আশীৰ্বাদসূচক মন্ত্ৰ মাতিলে “এই মুহূৰ্তৰপৰা স্বৰ্গ-মৰ্ত্যৰ সমস্ত নাৰীক চাৰি কাণ, চাৰি চকু, আঠমুখৰ শ্ৰৱণ আৰু বকণ বা বোলন শক্তি প্ৰদান কৰা হ'ল। মৰ্ত্যত ইয়াৰ পৰিণতি যি হ’ব, তাৰবাবে সংশ্লিষ্ট লোকৰ পুৰুষসকলে ভোগ, আৰু উপায় নিৰ্ণয় কৰিব। তাত এই বিশ্বব্ৰহ্মাণ্ড স্ৰষ্টা ব্ৰহ্মা বা ব্ৰহ্মলোকৰ কোনো দায়িত্ব নাথাকিব।”

 ব্ৰহ্মাদেৱৰ এই মহানতাত দেৱলোকত আনন্দৰ জোৱাৰ উঠিল। তেতিয়াৰেপৰা পৃথিৱীৰ নাৰীৰ কাণ-মুখৰ শক্তি পুৰুষৰ চাৰিগুণ হ’ল। পুৰুষে নক’লেও শুনে, পুৰুষে নকৰিলেও বা নহ'লেও বহুখিনি দেখে, হোৱা-নোহোৱা সকলো কথা শুনাৰ অসীম গুণধাৰী হোৱাৰ যোগ্যতা অৰ্জন কৰিলে।

 ভোমোৰাৰ মুখত এই সত্য শুনাৰ পিছত ব্যাসদেৱে ক'লে, “হে ভ্ৰমৰ। তোমাৰ কথা সত্য হলেও এই কথা মই ব্যক্ত কৰিলে ‘মহাভাৰত’ ত বাহুল্য হিচাপে পৰিগণিত নহ'ব জানো?”

 ভোমোৰাই উত্তৰ দিলে, “ময়ে তাকেই চিন্তা কৰিছোঁ গুৰুদেৱ। এটা কাম কৰক। কথাটো আপুনি উপকাব্যত টোকা কৰি থৈ দিয়ক। ব্যক্ত কৰাৰ দায়িত্ব ধৰাৰ নৰমনিচৰ হাততে ন্যস্ত কৰক।” [ ৬০ ]  “ধৰাৰ অত লোকৰ কাকনো দিও, সিয়ো চিন্তাৰ বিষয়’’,

 “চিন্তা নাই গুৰুদেৱ। কলি কালত তাত এজন সুৰেন্দ্ৰ নামৰ লোকৰ জনম হ'ব। তেওঁ গালি খোৱাত ওস্তাদ। নাৰীৰ এই কাহিনীৰ বাবে যদি গালি খাব লাগে, তেওঁ খাওক। দেৱতা হৈ আপুনি কিয় দায়িত্ব ল'ব লাগে?”

 ব্যাসে বোলে, “ঠিক কৈছা তুমি ভ্ৰমৰ, ধন্যবাদ তোমাক”, এই বুলি তললৈ ফু এটা মাৰি দায়িত্ব পৃথিৱীলৈ নিক্ষেপ কৰিলে। সুৰেন্দ্ৰক বিচাৰি সেই দায়িত্ব ফটা ঢোলত ব্যক্ত কৰাৰ সুযোগ সন্ধানত অপেক্ষা কৰি বহি পৰিল।

[ ৬১ ]

এমুঠি কবিতা



সুৰেন গোস্বামী

[ ৬২ ]

ছদ্মবেশী ফাগুন

ঐ বলিয়া ফাগুন।
নীলা শিয়ালৰ দৰে ৰজাৰ ভাওঁ লৈ,
কাউৰীৰ দৰে ম’ৰাৰ পাখি গাত লৈ,
বাদুলীৰ দৰে জন্তু আৰু পখী ৰূপ লৈ,
শীত-বসন্তৰ মাজত বহি ঋতু বুলি কৈ
কবি সমাজক কিয় চল কৰিছ তই?

দেখিছোঁ আবতৰত পলাশ-শিমলু ফুলাই
দেউলৰ ৰঙীন আবিৰ বোলাই
আমৰ ডালত ফুল মলিয়াই
এটি-দুটি কুলি মাতি কুঁ-কুঁৱাই
ভাবিছ নেকি ঋতু বুলি নাম তোৰ
ৰাখিব পাৰিবি এই ধৰাত বোৱাই?

ঐ উতলা ফাগুন!
চৰিত্ৰ মই জানো তোৰ আঁতি-গুৰি
শুকান বতাহত সাঁতুৰি নাদুৰি,
ধূলিয়ৰী পথত বাগৰি-জুগৰি
শীতৰ ধূলি খেদি হৈ নিজে ধূলিময়
প্ৰদূষিত কৰিব পাৰ মাথোঁ দিগ্বলয়।

[ ৬৩ ]

ঐ নিলাজ ফাগুন!
সেউজী গছৰ পাত উদং কৰি
বন-জংঘলত অগণি জ্বলাই
শিশুৰ নাকত সেঙুণ বোৱাই
জীৱদেহত নানা ৰোগ বিয়পাই
পাৰিবিনে ছদ্মৱেশ ৰাখিব জীয়াই?

ঐ শুকান ফাগুন!
কতদিন ৰাখিবি তোৰ চলনা লুকাই?
অকবি মই ধৰাক দিম সকলো জনাই।
নৈ-বিল গোপনে শুকাই পেলাই
মাজে মাজে বৃষ্টিৰ টোপ নিগৰাই
কিমান চলনা তই কৰিবি দুনাই?

নোৱাৰ হ’বলৈ শীত, নতুবা বসন্ত
কৰিব পাৰ মাথোঁ ধৰাক অশান্ত
আহি আছে লয়লাসে আশাৰ বসন্ত
নোৱাৰ হ’বলৈ পাৰ কোনো সীমান্ত
চলনাৰ বেশ কৰ পাৰ যদি অন্ত।

[ ৬৪ ]

এয়েতো জীৱন


শূণ্য লৈ অহা নাছিলোঁ ধৰালৈ
আনিছেলোঁ বুকুত বান্ধি
কোনেও নেদেখাকৈ, কোনেও নুশুনাকৈ
এবুকু প্ৰেম, হাঁহি আৰু আশাভৰা কান্দোন।
 যি প্ৰেমত সনা আছিল
 বিশ্বৰ স্তৰে স্তৰে, কোঁহে কোহে
 পাৰাপাৰহীন বিশাল সমুদ্ৰৰ পৱিত্ৰতা;
 যি হাঁহিৰ আছিল কলুষতা, কপটতাহীন
 বিস্তৃত নীলাকাশৰ নিৰ্মলতা;
 যি কান্দোনত আছিল প্ৰতিপল
 মাতৃৰ আশীষ কামনা আৰু
 মানৱৰ প্ৰেমাকাংক্ষিত আৱেশৰ ধ্বনি।
মুখ ফুটি খোজ দিয়াৰ লগে লগে বুজিলোঁ
প্ৰতিক্ষণে প্ৰতিখোজে গতি লৈছে সূৰ্যাস্তলৈ।
প্ৰতিখোজৰ হাঁহি কলুষিত কুটিলতাত,
প্ৰতি গতিৰ কান্দোনক কঢ়িয়াইছে
দুখৰ দ্ৰুতগামী অশ্বই;
প্ৰতি স্থানৰ প্ৰেমক মোহাৰিছে।
ব্যৰ্থতাৰ প্ৰচণ্ড ধুমুহাই।

[ ৬৫ ]

জীৱনৰ কৰ্মব্যস্ততাও বিফল
সজীৱ ৰখাত মোৰ প্ৰেম আৰু হাঁহি-কান্দোন
গঢ়িছিল যিয়ে মোৰ জনমতে আত্মা।
উৰুৱাই নিয়ে যদি ধুমুহাই তাক
উৰি যাব লগে-ভাগে জনমতে জনম লোৱা
মোৰ নিষ্কলুষ প্ৰেম-হাঁহি আৰু
কান্দোনেৰে গঢ়া মহা আত্মা।


আশা

আশা তুমি নকৰিবাই।
আশালৈ যদি চোৱা ঘনে জুমি
আশাত জানিবা বন্দী তুমি।
 আশাৰ সীমা অনন্ত
 আশাৰ বান্ধোনো দুৰ্দান্ত
 আশা হৈ পৰে দুখৰ সৰ্বস্ব।
আশাক ত্যাগ কৰি চোৱা
আশা হৈ পৰে নিজেই নিৰাশ;
আশাই কৰিব তোমাৰ দুখকো হতাশা
 আশায়েই অন্তত লৈ যাব তোমাক
 আশান্বিত মুক্ত নীলাকাশলৈ
 আশাহীন হৈ ধৰাত ভ্ৰমিলে
 আকাশৰ নীলা মিলে ধৰাৰ বুকুতো।

[ ৬৬ ]

ক্ষমা কৰিবা মোক বিহুৱাকাই

এইবাৰ বিহুত মোৰ নহ’ল কবিতা লিখা।
হয়,
কুলি, কেতেকী, মইনা, পাটমাদৈ
সকলোৱে আহি মোৰ পদূলিত
বসন্তক মাতিছিল ইনাই বিনাই।
লৱৰি-ঢাপৰি বসন্তও আহিছিল
গছে-বনে কুঁহিপাত, ফল-মূল মলিয়াই।
আহিছিল বৰদৈচিলাজনীও,
চকমকীয়া পোচাক পিন্ধি বিজুলীৰ,
লগত আনিছিল ঢোল-পেপাঁ বজোৱা
ডাৱৰ ধুমুহাৰ স’তে নচুৱাই বৰষুণ জাক।
কিন্তু,
মই সিহঁতক লৈ নোৱাৰিলোঁ ৰচিব
কবিতা এফাঁকি আৰু এটি বিহুনাম।
অনুভৱ কৰিছিলোঁ মই,
মোৰ সতেজ বুকুত উঠিছিল
বসন্তৰ নৱ পৰশত যৌৱনত উত্তাল;
হালিছিল কঁকালখন নাচোঁ নাচোঁ কৰি
তথাপি
নমোৱা নহ’ল মোৰ ঢোল-পেঁপা গগণা
যোৱাবেলি তুলি ৰখা চাঙৰপৰা।
মোৰ বিহুটিয়ে হৈ পৰিল সেৰেঙা।
নোৱাৰিলোঁ গাব মোৰ বিহু গীত

[ ৬৭ ]

কাৰণ-
বিষাক্ত বীজাণুৰ নাগপাশত যে
মোৰ দুয়ো হাত দুয়ো ভৰি বন্ধা।
 মোৰ যৌৱন উদ্বীপ্ত কৰা দেহ ভঙ্গিমা,
 প্ৰিয়াক মোহিত কৰা চকুৰ চাৱনি,
 আকাশ-বতাহ মুখৰিত কৰা মোৰ
 কণ্ঠৰ উত্তাল বিহুনাম বিহু-হুঁচৰি আজি
 অন্ধকাৰ কোঠাৰ এটা চুকত আৱদ্ধ
 বাহিৰত পহৰাৰত এক ভয়ানক বিষাণু সেনা।
 সেয়ে-
 নোৱাৰিলো ল’বলৈ মোৰ
 তাঁত শালতে বই শালতে ৰখা
 হেঁপাহৰ ফুলাম গামোচাখন।
 কাক লৈ নাচোঁ বিহু-নাচ
 কাক লৈ গাওঁ বিহুগীত
 কবিতায়ে বা লিখোঁ কাক লৈ!
 ক্ষমা কৰিবা মোক বিহুৱাকাই॥

সহযাত্ৰী হ'ব পাৰোঁ ময়ো

প্ৰতি বছৰেই মই আহিছিলোঁ
বসন্তত মতলীয়া হৈ এই পথাৰলৈ
অসমৰ জনতাৰ স’তে উমলিবলৈ।
 ইয়েই আছিল মোৰ বাপতি সাহোন
 উৎসৱ পালনৰ বিস্তৃত ৰম্যভূমি,
 য’ত গীত-মাত-নাচত মতলীয়া

[ ৬৮ ]

 সহস্ৰ জনতাই কঁপাইছিল আকাশ-ধৰণী।
পাট-মুগাৰ পোচাক গাত লৈ ইয়াতেই
কঁকাল-ডিঙিৰ ফুলাম গামোচা লৈ
নচুৱাইছিল, নাচিছিল শতজনে হৰিষত
কৰিছিল মতলীয়া সহস্ৰজনক।
 এইবেলি দেখিছোঁ এই পথাৰতে এক
 প্ৰকাণ্ড চিকিৎসালয়,— য'ত হাজাৰজনে
 শেষ নিশ্বাসৰ অপেক্ষাত
 আশংকাত কম্পিত আৰু নিদ্ৰাহীন-অনাহাৰী।
ভাবিছিলোঁ মই, কিজানি মোৰ
পুনৰ সোঁৱৰণ হ’ব অদূৰৰ সৌখন পথাৰত,
যিখনে প্ৰতি বছৰে শুৱায় ধৰণীৰ ৰূপ
সেউজী ধানৰ গুটি গুটি সোণালী শইচৰে।
 এইবেলি তাতো স্থাপন হ’ল এখন মৰিশালী-
 যি হ'ব পাৰে হাজাৰ জনৰ
 উৎসৱোত্তৰ চিৰ নিদ্ৰাৰ ভূমি-
 যত মঞ্চস্থ হ'ব পাৰে জনতাৰ
 মৃত্যু বিভীষিকাময় জীৱনৰ শেষ নৃত্য-গীত।
কম্পিত বিহু মই, মেৰ বিহুৱা হৃদয়,
জানোচা হৈ পৰোঁ সহযাত্ৰী ময়ো
সেই গৰ্তপূৰ্ণ ভূমিৰ কোনো এক কোণত।
 তথাপি নাই ভয়, ভয় নাই সংস্কৃতি মোৰ
 পাৰ্থিৱ কামনাহীন চিৰজাগ্ৰতা যৌৱনা মই
 মোহময়ী প্ৰকৃতিৰ ৰূপে-গুণে সম্বলিত
 ধৰিত্ৰীৰ মন্ত্ৰপুত বিহুৱতী মই অজৰ-অমৰ।

২০২০ চনত কৰোণাৰ প্ৰভাৱত বিহু উৎযাপিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰচিত)

[ ৬৯ ]

কলিজাত হাত থৈ সোধা

ধৰ্ম নিৰপেক্ষতা
ভৰিৰে মোহাৰিছা!
গণতন্ত্ৰক বধিবলৈ
নিঃসকোঁচে আগবাঢ়িছা
মিছা ৰাষ্ট্ৰদ্ৰোহত কাকো বন্দিত্বৰে
ফল্গু নৈৰ পানী বিস্ফোৰিত কৰিছা।
স্বেচ্ছাচাৰিতাক শিৰত তুলি লৈ
মানৱীয়তাক বিসৰ্জন দিছা
পিতৃ-মাতৃৰ ক্ৰন্দন ধ্বনি শুনি
অট্টহাস্যত উদ্বাউল হৈ পৰিছা।
 মূৰৰপৰা ভৰিলৈ খেপিয়াই চোৱা
 ব্যক্তিত্ব তোমাৰ নিজৰে আছে নে নাই।
কলিজাটোত হাতখন থৈ চোৱা
প্ৰাণ আছে নে তাত কম্পন আছে।
তৎপশ্চাৎ মূৰত হাত থৈ গমি চোৱা
ভৰিৰ ওপৰতে স্থিতি কিমান পৰ তোমাৰ!
 থিয় হৈ থাকোঁতে সুধি চোৱা আত্মাক
 স্বেচ্ছাচাৰী হৃদকম্পন ভয়ংকৰ কিমান!
নিশ্চয় তাত উত্তৰ বিচাৰি পাবা
 জীৱনতকৈ শ্ৰেষ্ঠ আছিল
 তোমাৰ মানৱীয়তাৰ
 সুহৃদ ব্যক্তিত্বহে মূল গুৰিবঠা
 হ’বলৈ পাৰ।

[ ৭০ ]

তুমি যদি অসমীয়া

তুমি যদি অসমীয়া
হাড়ে হিমজুৱে অসমীয়া হোৱা।
 অসমীয়াইহে অসমীয়াৰ হয় সমনীয়া
 ভাষাই কৰিছে মাথোঁ লিপি অসমীয়া।
নাজানা যদি তুমি কৰিব মুদ্ৰালেখন
তথাপি নল’বা মানি ইংৰাজী লিপিৰ শোষণ।
 পৰ ৰূপ কৃষ্টিত নাযাবা ভোল সতকাই
অৰ্ধ জানি বা নাজানি নবকিবা আবোল-তাবোল
অনুভৱ কৰা মাথোঁ নিজ মিঠা মাতৃভাষাৰ মোল।


কবিতাৰে পায়স ৰান্ধিছিল

তাই ভাবৰ দুগ্ধত শব্দৰ চাউলেৰে
এচৰু কবিতাৰ পায়স ৰান্ধিছিল।
 তাই কাকত-আখাত কবিতাৰ পাত্ৰ বহাই
 কলম-হেঁতাদালেৰে আছিল লৰাই লৰাই।
তাইৰ কল্পনাৰ প্ৰচণ্ড অগ্নিশিখাৰ তাপত
ভমভমাই উতলি উঠিছিল দুগ্ধ পৰমান্ন।
 শব্দ-মায়াৰ কল্পচিত্ৰ বোলাইছিল পৰমান্ন নামেৰে
 কিচমিচ বাদাম-নাৰিকলৰ সমাহাৰ ঘটাইছিল তাই

[ ৭১ ]

 উপমা-ছন্দ-লক্ষণা-ব্যঞ্জনাদি অলংকাৰ যুক্তেৰে।
 পিহি পিহি মসৃণ কৰা শব্দৰ মিঠা আলেপেৰে
তাই পৰমান্নত সানিছিল কোমল মিঠা আস্বাদন।
 সাৰ্বজনীনতা-কৰ্পূৰৰ আমোলমোল গোন্ধত
 মতলীয়া কৰিছিল চৌদিশ তাইৰ কাব্য-পায়সে।
তাই হিয়া উজাৰি বিলোৱা মিঠা সুগন্ধি পায়সৰ
লোলুপ দৃষ্টি পৰিছিল জনতাৰ আৰু
বোৱাইছিল মৃদু নিজৰ জিভাৰ পানীৰে।


সাৰে আছানে মাধুৰিমা?

অতীতৰ দিন গণি
জীৱনৰ ক্ষণ গণি
কিমান কটাবা তুমি মাধুৰিমা
দিন প্ৰতিদিন?
 প্ৰেম প্ৰয়াসেৰে সঁফুৰা পাতি
 ভিক্ষা মাগি এধানি দয়াৰ
 কিমান উজুতি খাবা খহঁতা আলিত?
ধৰাতো নহয় স্বৰ্গ
মায়াৰ সাগৰত নাই দয়াৰ তৰি
নন্দন পথো হৈছে ধূলিয়ৰি।
 জীৱন কি, যৌৱন কি বুলি
 প্ৰশ্ন কৰিছা তুমি বাৰে বাৰে
 সমিধানত উজুতিও খাইছা ঘনে ঘনে।
সাঁচি ৰখা সুন্দৰতা, যৌৱনৰ মদিৰা

[ ৭২ ]

ভাবিছা, যাঁচিবা ক'ত, পিয়াবা কাক
ভাবা, নাপাবা উত্তৰ কিন্তু এই মৰতত।
 গমি চাবা মাথোঁ এটিবাৰ
 খহি আছে জীৱন-গৰা দিনে দিনে
 বান্ধা পাৰ দৃঢ়তাৰ মনে।
আন্ধাৰৰপৰা আহা আঁতৰি
পোহৰত চোৱা দাপোনত মুখনি
দেখিবা মৰহা মুখত তৰাৱলী।
 জানি লোৱা, প্ৰীতিয়ে বিলায়
 তৃপিতিৰ মাধুৰিমা, হেৰোৱা সপোনৰ
 মধুময় ছন্দময় জীৱন-গৰিমা।


মৌনতা

তুমিও এক অবোধ্য কবি
অপ্ৰকাশ্য বেদনা আৰু
শত আশা নিৰাশাৰ
ধুমুহাত বিধ্বস্ত হিয়াত
ৰঙা চিয়াঁহীৰে ৰঞ্জিত
নিঃশব্দ কোলাহল।
 সহিষ্ণুতাৰ দুৰ্বাৰ বান্ধোনত
 বন্দিত্ব স্বীকাৰ কৰি
 অনুদাগীৰিত আগ্নেয়গিৰিৰ
 আন্তৰিক গুমগুমণি
 সহনত অভ্যস্ত মৌনতা তুমি।
বিস্ফোৰিত, বিচ্ছুৰিত সমাজত
শান্তিৰ শীতল ছাঁয়াৰে
আবৃতকৰণত ক্ষমতাবাহী

[ ৭৩ ]

শক্তিধাৰী তুমি মৌনতা।
 তুমি অভিষিক্ত মানৱত
 বহুগুণে বহুৰূপে -
 সত্যক ঢাকিবলৈ
 গুপ্ত কৰিবলৈ প্ৰকাশ্যক
 লুপ্ত কৰিবলৈ আত্মগ্লাণি,
 নাশিবলৈ অপযশ-অপনাম,
 ক্ষণে ক্ষণে সলনি কৰা বৰণ তোমাৰ।
ভ্ৰমৰ তুমি অদৃশ্য চৌপাশৰ
সমৰ তুমি অবোধ্য জগতত
অমৰ সেয়ে তুমি সৰ্ব হৃদয়ত
অবোধ্য এক কবিতা ৰূপত
মৌনতাৰে স্থিতি লভিছা মনত।

কাতিৰ বাতি

এঘাৰটা মাহ থৈ কাতি কৰি
আহিল আকৌ বিহুটি কাতি
তুলসী গজিব, শালিধান গজিব
তলতে জ্বলিব বাতি।
 আকাশত জ্বলিব আকাশী বন্তি
 নামিব আপদীয়া পোক;
 লখিমী ৰাতিৰ পোহৰতে হাঁহি
 ওলাব ধানৰে থোক।
লখিমীক আদৰি সুমংগল বিচাৰি
গৃহে গৃহে গাব হৰিনাম

[ ৭৪ ]

উজনি নামনি, পাহাৰ-ভৈয়াম
হ’ব যেন বৈকুণ্ঠ ধাম।
 বাৰী পদূলি, গৃহে পথাৰে
 চলিব পোহৰৰ মেলা
 ফটকা-ফুলজাৰি সবতে জ্বলিব
 খেলিব আনন্দৰ খেলা।
দুৰ্নীতি-দুষ্কৃতি নাশিবলে’ বুলি
লগে-ভাগে আহে আই কালী
আন্ধাৰ বিনাশী পোহৰ বিলাবলৈ
পাতিব মহাৰণৰে চালি।


শগুণৰ উৰণ

ৰং-বিৰঙী চিলাবোৰে
উৰি থকা শগুণবোৰক
খেদিলে পৰ্বত শীষৰলৈ।
 মধ্যম বতাহ বলিছে।
 ঘামত জুৰুলা মানুহবোৰৰ
 শৰীৰ শীতল পৰিছে;
 ওঁঠত হাঁহি বিৰিঙিছে
 দেহত আনন্দই পাৰ ভাঙিছে।
মধ্যম বতাহ ধুমুহা হ’ব নেকি?

[ ৭৫ ]

ধুমুহাত চিলাবোৰ ফাঁটিব নেকি?
বতাহৰো যে আছে আৰু চাৰি স্তৰ।
 শগুণবোৰ উভতিব নেকি?
 ওকোলাই দিয়া সিহঁতৰ
 মাংসৰ পচা গোন্ধে
 পুনৰাই চৌদিশ বিয়পাব নেকি?
চিলাৰ মাজতোচোন আছে বহু
ক'লা ক'লা শগুণৰ উৰণ॥


তুমি মানুহ, মই অদৃশ্য বলি

তুমি মানুহ।
জীৱ শ্ৰেষ্ঠ প্ৰাণী বুলি যহাব পৰা
ক্ষমতাৰ অধিকাৰী তুমি মানুহ।
তুমি ভগৱান আৰু প্ৰকৃতিৰ সৃষ্টিকো
তোমাৰ ইচ্ছাধীন কৰিব পৰা
অসীম ক্ষমতাধাৰী তুমি মানুহ।
 তুমি স্বত্বাধিকাৰী, তোমাৰ স্ব-আহৰিত
 আত্মম্ভৰিতা, লালসা, কামনা আৰু
 কত শত তোমাৰ প্ৰকৃতিবিমুখ গুণৰ,
 যিয়ে কৰিব পাৰে মই ঈশ্বৰকো পৰাজয়।
 তুমিযে ধৰাত কিমান মহান শক্তি।

[ ৭৬ ]

তোমাৰ হৃদয়ে নকয়, নোৱাৰে ক'ব
বলি দিবলৈ তোমাৰ আত্মসৃষ্ট অপকৰ্ম,
হিংসা-দ্বেষ, ক্ষমতা লিপ্সা, কামনা বাসনা-
আৰু কত শত তোমাৰ পালিত অপগুণ
যাৰ বলত বলিয়ান তুমি চিৰদিন চিৰকাল।
 তোমাৰ ক্ষমতাও অসীম।
 নিৰীহ-নিষ্পাপ, নিৰ্বাক পক্ষী-পশুক
 বলি দি আত্মতুষ্টি লভা দেৱীৰ নামত
 জ্ঞান আৰু শক্তিৰ পৰিচয় প্ৰদায়ক’
 মেলা পাতি আনন্দ নিজে লভিব পৰা
 অপাৰ ক্ষমতাধাৰী তুমি মহাশক্তি।
তোমাৰ জীৱিত কালত
তোমাক পৰাজিত কৰিবলৈ মই ভগৱান
তোমাৰ হাস্যস্পদভাৱে শকতিবিহীন।
তোমাৰ মৃতুৰান্তত তুমি শক্তিহীন হ'লে কিন্তু
জাগ্ৰত হয় মোৰ অদেখা শকতি
তোমাৰ দৰেই তোমাক বলি দিবলৈ।
 নিশ্চিতভাৱে মোৰ বলি অদৃশ্যমান
 তোমাৰ দৰে পাপী শক্তিসৱৰ।
মোৰ বলি নহয় তোমাৰ লেখিয়া
নিৰ্বাক, অবোধ, নিষ্পাপ, নিৰীহ জীৱৰ
মোৰ বলি পাপী, অহংকাৰী সবাক লোকৰ।
তাতেই মাথোঁ অন্তৰ তোমাৰ আৰু মোৰ।

[ ৭৭ ]

স্থিতপ্ৰজ্ঞ

এদিন শিলটো পাহাৰৰপৰা
বাগৰি পৰিছিল পানীৰ সোঁতত
 জলপ্ৰপাতে তাক বগৰাই আনিছিল
 বাগৰি বাগৰি সি ভাগৰি পৰিছিল।
 ভাগৰি ভাগৰি এটা গাঁতত সি শুই পৰিছিল৷
 গাঁওৰ বেৰে তাক সুৰক্ষা দিছিল আৰু
 এতিয়া সি সুৰক্ষিত আৰু গৰ্বিত স্থিত প্ৰজ্ঞ।
বহুতো সৰু-সৰু শিলো জলপ্ৰবাহত
তাৰ কাষেৰে উটি গৈছিল; বহুতে তাৰ
গাত ভেজা দি থমকি ৰ’বলৈ বাধ্য হৈছিল।
 এতিয়া সেইবোৰ সৰু শিলৰ বাবে সেই
 স্থিতপ্ৰজ্ঞ শিলটো হ'ল জীৱনদায়ী ভগৱান।
সেই সৰু শিলবোৰে তাক পূজা কৰে;
নাম-গুণ গাই সদা-সৰ্বদা একেখন ঠাইক
মুখৰিত কৰি ৰাখে নাচি বাগি গাই চিঞৰি।
 সৰু শিলবোৰে পিন্ধায় তাক শেলুৱৈৰ মালা
 সিহঁতৰ মানত পৃথিৱীৰ সকলো নিছলা।
ফেচবুকৰ জলসোঁতলৈ সি কেৰেপ নকৰে,
কেৰেপ নকৰিবলৈ সৰু সৰু শিলবোৰে
স্থায়ী কৰিছে তাৰ বল, সাহস আৰু গৌৰৱক।
 ফেচবুক জলৰাশিৰ প্ৰচণ্ড সোঁত বৈছে
 স্থিতপ্ৰজ্ঞৰ ওপৰেৰে, কাষেৰে, তলেৰে
 স্থিতপ্ৰজ্ঞৰ নাই সেইবোৰলৈ কাণসাৰ।

[ ৭৮ ]

 গাঁতেই তাৰ জীৱন, গাঁতেই তাৰ সমল
 গাঁতেই তাৰ গা-ৰক্ষক, গাঁতেই ৰাখিব তাৰ
 সৰু শিলেৰে সুৰক্ষিত কলিজাস্থিত বক্ষক।

পাখি গজি পাখি ভঙা পখী ভালপোৱা

মই জানো, মই তোমাক ভাল পাওঁ
আগতেও পাইছিলো, আগলৈও পাম।
 ভালপোৱা মোৰ হৃদয়ৰ অনুভূতি
 বিশেষত্ব মোৰ স্বভাৱৰ।
তুমি নাজানা, বা জানিও নাজানা
মই তোমাক কেনেকৈ ভালপাওঁ।
 তুমি বিচৰা, মই কওঁ তোমাক প্ৰকাশি
 তোমাক মই ভালপাওঁ বুলি।
মোৰ মৌনতাত, সঁহাৰি নাপালে তুমি
ভাবি লোৱা, মই তোমাক বেয়া পাওঁ বুলি।
 সেয়েহে তুমি মোক বৰ বেয়া পোৱা
 আগতেও পাইছিলা, আগলৈও পাবা।
বেয়া পোৱা তোমাৰ হৃদয়ৰ অনুভূতি
বিশেষত্ব তোমাৰ স্বভাৱৰ।
 আমাৰ জীৱনৰ অন্তিম সংঘাত মাথোঁ
 সীমাৱদ্ধ সীমাহীন অবুজ শব্দ ‘ভালপোৱা’ত
ভালপোৱাই মোক কৰি ৰাখে চিৰ উদ্বাউল।
সন্দেহে কৰি ৰাখে তোমাৰ চিৰ উত্তাল।
 ব্যাধৰ শৰত ধৰাশায়ী পখী ভালপোৱা
 পাখি গজি পাখি ভঙা উঁই পৰুৱা।

[ ৭৯ ]

এতিয়া পৃথিৱী বন্ধ্যা

দূৰলৈ চোৱা; দেখিছানে?
শুনিছানে পুখুৰীৰ মেটেকাৰ তলত
মাজৰাতি ডাউকীৰ উৰুলি;
মাজনিশাৰ নিৰ্জনতাত শিয়ালৰ হোৱা;
শিল পাৰি আন্ধাৰত শুই পৰা আলিটোত
শালিধানৰ বোজাৰ ভৰত
কেঁকাই কেঁকাই আন্ধাৰত
খোজ কঢ়া গাড়ীৰ চেৱে চেৱে
তাল মিলোৱা শিলৰ চাপৰি;
মগ্ন নিদ্ৰাক কোমল স্পৰ্শৰে জগোৱা
গাৰোৱানৰ বুজা-নুবুজা,
ৰিণি ৰিণি ভাঁহি অহা লোকগীতৰ মুৰ্চ্ছনা;
গোহালিৰ গৰু চোৰ বাঘ আৰু
বাহৰ পাৰচোৰ হাপা খেদা মাজৰাতিৰ
টিন-লোহা বৰকাঁহেৰে কৰা হাহাকাৰ;
খাল, বিল, নদী, নলাত মাছৰ লোকনৃত্য;
নিস্তব্ধ গৰমৰ কোলাত
উঁই চিৰিঙাৰ বিননি;
নাৰিকল গছত ঝিলিৰ একান্তমনীয়া সঙ্গীত;
ডালত পেট পেলাই কপৌহালৰ সত্ৰজিতলৈ
কাতৰ আহ্বান- ‘সত্ৰজিত ঔ কি কোৱা কোৱা;

[ ৮০ ]

বিলৰ আকাশত শত ৰঙা চিলনীৰ
নিম্নমুখী লোলুপ দৃষ্টিৰ স’তে চিঁচিয়নী; আৰু
পাৰত ভৰা জোলোঙা লৈ
হাৰগিলাৰ তন্ময়তা, কাষতে
বগা হবগলিৰ এঠেঙীয়া নিদ্ৰা
মৰিশালিত ৰাজ শগুণৰ অপেক্ষাত
মৰাশ প্ৰতিমাত ধ্যানমগ্ন
ভক্ত শগুণৰ সভা,
দেখিছিলানে বাৰু গৰু মেলি থোৱা
গৰখীয়াহালৰ মাছ-বৰালিৰে
নিৰ্মম আনন্দৰ যুঁজ?
আম, কঠাল, পনিয়ল, ৰবাব নেমুৰ
ভাৰোত্তলনত অভ্যস্ত
বাৰীজনী হ’ল কিন্তু বন্ধ্যা।
এতিয়া বাস্তৱৰ সপোন অন্বেষণ,
এতিয়া সত্যৰ জন্ম নিয়ন্ত্ৰণ,
এতিয়া পৃথিৱী বন্ধ্যা,
এতিয়া বিশ্বাসৰ নাম সন্দেহ,
এতিয়া ইতিহাসৰ নাম সাধুকথা,
বুঢ়ী আইজনী বাৰু ক'লৈ গ'ল।

[ ৮১ ]

উৰা বাতৰি

পথৰ দাঁতিত এগৰাকী
ৰক্তৰঞ্জিতা উলংগ নাৰীৰ মৃতদেহ
পথচাৰীয়ে দিয়া থানাত গোচৰ
নহ’ল গ্ৰাহ্য-
বাতৰিটো উৰিছিল বাঁহত ধোঁৱা দিয়া
দিশহাৰা বৰলৰ দৰে।
জাগ্ৰত নাৰীসংঘ, ঘেৰাও থানা, পথবন্ধ।
উপায়ান্তৰত আৰক্ষীৰ এফ আই আৰ গ্ৰহণ।
মৃতকৰ মৰণোত্তৰ পৰীক্ষাত প্ৰমাণ
ধৰ্ষণ কৰি হত্যা।
চিনাক্ত ধৰ্ষণকাৰী, পুলিচ হাজোতত এনিশা।
বাতৰিটো উৰিছিল পখিলাৰ দৰে।
আদালতত পদকীয়াৰ বিচাৰ।
এইবাৰ সুবিচাৰ, সাহয্য, সংস্থাপন
নিঃসহায় অৱলা নাৰীক
বাতৰিটো উৰিছিল মাছৰোকা চৰাইৰ দৰে।
সদ্য জামিন মুক্ত বিচাৰত পদকীয়াৰ।
আন্ধাৰত খেপিয়াই অনা দহজন সাক্ষীয়ে
দিছে জবানবন্দী সুবিচাৰৰ প্ৰয়োজনত
বাতৰিটো উৰিছিল থমকি থমকি উৰা
ফৰিঙৰ দৰে।

[ ৮২ ]

সাক্ষী সংখ্যাৰ অৰ্দ্ধেক যোগ পদকীয়া
যোগ এবছৰীয়া সিদ্ধান্ত, সমান সাতবছৰ।
বিচাৰৰো উৰ্দ্ধত স্থিত সুবিচাৰৰ বাবে
এয়া প্ৰয়োজনীয় বিচাৰৰ সীমা।
আদালতত বিচাৰ
সেয়ে নিমাত আলোচনা
বাতৰিটো উৰিছিল শুকান বিলমুখী
বগলিৰ দৰে।
ওলাল ৰায় আদালতৰ
সাক্ষী প্ৰমাণৰ কিছু অংশ
সপক্ষে পদকীয়াৰ - সেয়ে মুক্ত।
বাতৰিটো উৰিছিল দেহত পাখি লগাই
গাঁতৰ পৰা উৰা মৰা
উঁই পৰুৰ দৰে।

[ ৮৩ ]

অতীত স্মৃতি

অতীতৰ স্মৃতি বাস্তৱ নহ'ব পাৰে
অতীতৰ স্মৃতিয়ে আমৃত্যু সৌধ গঢ়ে
 অতীত স্মৃতিয়ে আনে দেহ-মনলৈ উদ্যম
 অতীত স্মৃতিয়ে ফুলায় হৃদয়ত উদ্যান।
অতীত স্মৃতিয়ে দিয়ে প্ৰতিদিন মধুফল
অতীত স্মৃতিয়ে দিয়ে উদ্দীপণা প্ৰতিপল
 অতীত স্মৃতি নিঃসঙ্গতাৰ একান্ত সংগ,
 অতীত স্মৃতি নিষ্কলুষ-নিৰাকাৰ সত্যৰ অংগ।
অতীত স্মৃতিৰ নাই অভিশাপ, নকৰে প্ৰতাৰণা,
অতীত স্মৃতিয়ে ৰাখে আঁকোৱালি চিৰ সমানতা।

দুখৰ আনন্দ মেলা

হৃদয়ত দুখ-বেদনাৰ
অপাৰ আনন্দ মেলা।
 মোৰ নিঃসঙ্গতা, বাক-ৰুদ্ধতা
 বেদনাৰ অন্তহীন হৰ্ষোল্লাস।
এলাহত মৰহা লঘোণীয়া পেটত
সিহঁতৰ উল্লাসৰ বনভোজ।
 ৰোগ-শোকত জৰাজীৰ্ণ
 মোৰ মনৰ মঞ্চখনত
 সিহঁতৰ দানৱীয় অট্টহাঁস্য।

[ ৮৪ ]

দুখ-বেদনাৰ মিলিত আনন্দে কৰে
মোৰ মৃত্যু কামনাকো লৈ
মেকুৰী নিগনি খেলা।
 বাঃ কি সুন্দৰ।
 হৃদয়ত দুখ-বেদনাৰ
 অপ্ৰতিবোধ্য আনন্দ মেলা!!

ঋতুলৈ অপেক্ষি নাহিলা তুমি

তেতিয়াই মাতিছিলো -
বসন্তত যেতিয়া কেতেকী ফুলিছিল
কেতেকীয়ে মাতিছিল, কৃষ্ণচূড়াই হাঁহিছিল
উজাইছিল তোমাৰো যৌৱনীয়া সতৃষ্ণ চাৱনি
উতলিছিল তোমাৰ কলিজাতকৈও দৃঢ় প্ৰেমৰ ধমনী
তেতিয়াই তুমি নাহিলা বৰদৈচিলা অহা বুলি।
 আহিব নোৱাৰিলা, নতুবা নাহিলা,
 কৈছিলা, বতৰ বেয়া, চৌদিশে বৈছে জুলি
 গ্ৰীষ্মত গৰম, বৃক্ষৰ ছাঁ নাই
 বৰষাত জংঘল, চীনা জোক, পানী জোক।
আমাৰ সাম্ভাব্য অভিসাৰত
জুপুৰিবোৰ ডুবিছে বানত।
শৰত-হেমন্তত চাইচা নিৰ্মল আকাশ,
জোনৰ কিৰণ
আধা দেখা আধা নেদেখা
কুঁৱলিৰে আৱৰা অপৰূপ পৃথিৱীত সাৰোদাৎসৱ।
মুগ্ধ তুমি ঋতুৰ দৃষ্টিত।
 এতিয়া শীত শুকান, দুবৰি শুকান,
 সৰি সৰি পৰিছে গছৰ শুকান পাত,
 সৰি সৰি শুকাইছে গছৰ কটা পাত,
 কেনেকৈ আহিবা হয়তো হৈছা।

[ ৮৫ ]

 তাৰ জনমৰ বাবে দৃঢ় প্ৰতিজ্ঞ,
 তুমি আহিবাই-
 পৰ জনমত তুমি তুমি হ’বাই
 মই মই হ'মেই,
 তুমি ভাবিছানে বাৰু
 নতুনকৈ আহিব ঋতু?
 ঋতুৰোতো আছে পৰজনম
 ঠিক তোমাৰ মোৰ দৰে!


অনুভূতি

অনুভূতিবোৰ একেই
তোমাৰ অনুভূতিতো অশ্ৰুজল, আৰু
মোৰ অনুভূতিতো চকুপানী।
 তোমাৰ অনুভূতি মাথোঁ
 বেদনাৰ প্ৰকাশ্য কবিতা
 আৰু মোৰ -
 দুখৰ মৌন সপোন।

দুখৰ জুলি

এইখন জুৰিত বয়
অবিৰত দুখৰ সোঁত।
 কেতিয়াবা বিৰামবিহীন বহনৰ দুখ
 কেতিয়াবা দুখবাহী হোৱাৰ দুখ;

[ ৮৬ ]

 কেতিয়াবা শিলৰ ফাঁকত জমি
 মলিনতা সাৱতা পানীৰ দুখ।
 কেতিয়াবা জনস্ৰোতত ক্লান্ত হোৱা শিলৰ দুখ
 কেতিয়াবা ঠেকা-ঠেকিত ক্ষয় হোৱা শিলৰ দুখ।
দুখ দুখ দুখ মাথোঁ দুখৰ বহন
দুখৰ গতিধাৰাৰ হয় ভৈয়ামত সমাপন।
দুখৰ পচনত হয় ভৈয়ামৰ ভূমি উৰ্বৰ
উৰ্বৰতাত জাগৰিত সোণোৱালী শইচৰ।
 শইচৰ অনুভৱী ভটিয়নী সোঁতে কয়
 দুখৰ কণিকা বুলি সুখৰ জুলিহে বয়
 অনুতাপী জুলিয়ে কয় ’হয়’;
 হয়, সেয়াহে সঁচা হয়।


নমামি ব্ৰহ্মপুত্ৰ

তোমাৰ বুকুৱেদি উজনি সোঁতেৰে গঙ্গাই
প্ৰৱেশালে অসমীৰ মৰমী ধৰাত,
নতুন এটি পৰ শব্দ নাম ‘নমামি’
নমস্য,নমস্কাৰ, প্ৰণামাদি আপোন ধ্বনিয়ে
হেৰুৱালে তোমাতে থাউনি।
 যুগে যুগে তোমাৰ ভটিয়নী সোঁতে
 কত সহস্ৰজনৰ ললে প্ৰাণ,
 কত সহস্ৰজনে প্ৰতিদিনে-প্ৰতিপলে

[ ৮৭ ]

 আৰাধি তোমাকে ৰচে কত গীত-নাট;
 বান্ধি আছে হিয়াত সমন্বয়ৰ বাট।
সীমাহীন শকতিৰ গতি তোমাৰ।
পাহাৰ, ভৈয়াম, নগৰ, চহৰ
কৰি একাকাৰ, হৈ নিৰাকাৰ
সাগৰ সদৃশৰূপে প্ৰকাশিছা তুমি।
গঢ়িছা নগৰ, স্থাপিছা উদ্যোগ-বেহা।
কৰিছা পলসুৱা খেতিৰ ভূমি।
 বিশ্বত জিলিকাইছা তুমি অসমীৰ মান;
 সাৱতি উমানন্দ, মাজুলি সম কত তীৰ্থস্থান;
 নহয়নে তুমিয়ে স্ৰজক শত নৈ জুৰি জান?
তেনে কিয় আজি তব
অৱনত সোঁত ভটিয়নী?
উত্তৰীয় এটি ধ্বনিৰ উজনী সোঁতত
নেওচি প্ৰণাম, সেৱা ল’লা বাৰু নাম ‘নমামি’?
সলালা বহন গতি, ঐতিহ্য আৰু নীতি
হেৰুৱাই নাম মহাবাহু, লুইত লোহিতাদি
পাৰিবা জানো ৰ’ব হৈ
লুইতপৰীয়াৰ নমস্য চিৰকাল?

হালধীয়া চৰাই
আকাশত উৰিছে এজাক চৰাই হালধীয়া
বনৰ বাহ এৰি মনৰ বাসনা লৈ
পেখম ধৰি ধৰি নাচে মন মোহনীয়া।

[ ৮৮ ]

 চকুৰ দৃষ্টি জাক-চৰাইৰ ধৰালৈ
 জানোচা মানুহৰ কোনো সঁহাৰিকে পায়,
 পেটত ভোক লৈ আহাৰ সন্ধানী সিহঁত
 বিয়াঘৰ দেখিলেই উৰুলি দিয়া।
আনমনা মানুহৰ মতিগতি দেখা পাই
ধৰালৈ নামি আহি ধাননিত লুকুৱাই
পথাৰৰ পকা ধান উচনে হেলাৰঙে
দেখিছে সকলো মানুহ ৰঙতে বলিয়া।
 দৃষ্টি আনিলে যেতিয়া উদং পথাৰে
 দেখিলে ভঁৰালোচোন নিজৰ দেউলীয়া
 সৱে মিলি হুৰহুৰাই খেদি গ'ল পথাৰলৈ
 (আৰু) ৰংমনে উৰি গুচি গ'ল চৰাই হালধীয়া।

মহাশক্তিধাৰী কৰ’না মই মহাকাল

মই কৰ'না,
সুষম সৃষ্টিক বিনাশী,
অহং ভাৱত মত্ত শ্ৰেষ্ঠতাৰ
ভাওনা পতা জীৱ মানৱক
বিনাশ কৰিব পৰা মই
কৰ’না নামধাৰী অদৃশ্য মহাকাল।

মোৰ স্পৰ্শলৈ অহাৰ
অহোপুৰুষাৰ্থও তোমাৰ
অহং ভাৱৰে অংশ বিশেষ
য'ত মাথোঁ লগ পাবা
তোমাৰ আত্ম-ধ্বংসৰ সংগ।

[ ৮৯ ]

হয়তো তোমাৰ গৰ্ব-শক্তিৰে
পৰিত্ৰাণো পাব পাৰা,
পাব পাৰা ওভভাতাই জীৱন,
তথাপি মোৰ গ্ৰাসত তুমি
হৈ ৰ’বা জীৱন্ত-মৃত চিৰদিন।
ক 'বও পাৰা তুমি নিৰোগী
তথাপি তুমি মোৰ কামনাৰ,
হাতৰ পুতলা চিৰৰোগী।
মৰি-মওি জীৱন জীয়াই ৰখা
তুমি মোৰ বাঞ্ছিত চিৰৰোগী।

নিলগাই ৰাখিম তোমাক
জন্মদাত্ৰী মাতৃৰ বুকুৰপৰা,
নিলগাই ৰাখিম তোমাক
ভাতৃ-ভগ্নী আত্মীয়-কুতুম্বৰপৰা,
নিলগাই ৰাখিম তোমাৰ মনক
তোমাৰেই নিজৰ শৰীৰপৰা।

ঘৃণীত নহয়ো তুমি মোৰ
ঘৃণাৰ সমুদ্ৰত উটি-ভাঁহি ফুৰা
জীৱিত হৈও নিৰ্জীৱ প্ৰাণী,
হাজাৰৰ মাজতো তোমাক
চিৰ নিসংগ কৰিব পৰা মই
দিগন্ত বিয়পা অসীম অদৃশ্য
শক্তি মই ক'ৰোনা বিধ্বংসী।

[ ৯০ ]

অদৃশ্য শক্তি মোৰ প্ৰযোজ্য
কেৱল দেহত নহয়, দেশত নহয়,
ইহকাল-পৰকাল সকলো তোমাৰ
বিনাশ কৰিব পৰা মই মহাকাল,
চৌদিশে তথা সৰ্বকালৰ বাবে
ব্যাপ্ত কৰোঁ মাথোঁ মই আকাল।
চিৰ নিলগীয়া তুমি,
আহিছিলা অকলে, যাবাগৈ অকলে,
মৃতদেহ ব’বলৈও নাপাবা সংগী তুমি,
সংগীহীনতাক সংগী কৰাব পৰা,
শ্ৰেষ্ঠতাৰ গৰ্বক মষিমূৰ কৰা,
প্ৰকৃতি বিনাশকাৰীক ধূলিত
বিলীন কৰিব পৰা,
অজ্ঞাত, অদৃশ্যৰূপী
কৰ’না নামধাৰী মই মহাকাল।

নিজেই তোলা শিল

পাহাৰখনৰ ওপৰত
যোগান মন্ত্ৰী নামে এটা
প্ৰকাণ্ড শিল আছিল
 বেপাৰী নামৰ ৰঙা শুকান মটিবোৰে
 খামোচ মাৰি ধৰি ৰাখিছিল।
বাৰিষাৰ বৰষুণত
বাট-পদূলি বানেৰে বুৰিল
পাহাৰৰ মাটিবোৰ কুমলিল।

[ ৯১ ]

 সৰু-বৰ শিলসহ
 প্ৰকাণ্ড শিলটোও পৰিল
 জনতাৰ মূৰৰ ওপৰত।
লকডাউনৰ কবলত
গৃহাৱদ্ধ জনতাই ওলাব নোৱাৰিলে
শিলটোৱে সকলোৱে মোহাৰি নিলে।
 ৰঙা-মাটি আৰু প্ৰকাণ্ড শিলে
 মুক্ত পথ আৰু মুক্ত গৃহ পাই
 দেওধনী নৃত্যবাদ্য কৰিলে।
শিলটো বোলে জনতায়েই
পাহাৰত উঠাই থৈছিল।
 এতিয়া মৃত জনতাৰ আত্মাই কয়
 নিজকে মাৰিলে নিজৰ কৰ্মই।
শিলটো ভাঙোতা নাই,
মাটিবোৰ গুচাওঁতা নাই
শিল-মাটিৰ নাচোনত
চিৰদিন পদদলিত আই।

বহু কথা কোৱা হ’ল (গীত)

বহু কথা কোৱা হ'ল
বহু কথা লিখা হ’ল
কথাবোৰ বতাহত মিলিল
আৰু লিখাবোৰ সেমেকি ৰ’ল
 প্ৰীতিৰ শুকান বালিত
 ৰসাল কথাওতো নাথাকে ৰৈ
 শুকান হিয়াত জানো উঠে প্ৰেমৰ ঢল
 জ্বলে মাথোঁ বিমৰ্ষতাৰ দাবানল।

[ ৯২ ]

কত আশা, ক'ত হেঁপাহ।
বুকুত সাৱতি লৈ জান-জুৰি নৈ
বৈছে ভৈয়ামলৈ প্ৰতিদিন প্ৰতিপল
মৰহা আশাকে লৈ বোঁৱতে এদিন
গতিৰো যে দিশ সৌৱা সলনি হ'ল।


দুখৰ প্ৰেমিক মই

মোৰ ফুলনিত উল্লাসেৰে গজা মল্লিকাজোপাই
জোনাকৰ স্নিগ্ধ পোহৰত সুগন্ধি বিলাই
মোক ক'লে ৰচিবলে দুখৰ কবিতা।
 আঁউসীৰ তিমিৰ নিশা
 দুখৰ সন্ধানত আকাশলৈ চাই
 দেখোঁ মাথোঁ তৰাৰ জিকিমিকি।
বিফলতাত দুখেৰে উভটি
এন্ধাৰ পৃথিৱীত দেখোঁ ভৰি থৈ
জোনাকী পৰুৱাই পতা উৎসৱ
অবিৰত হেঁপাহৰ দেৱালী।
 নিৰাশাৰ মনলৈ, দুখৰ ঠিকনা পুনু লৈ
 প্ৰৱেশি গভীৰ বনত, দেখিলোঁ উলাহেৰে
 বনপক্ষী-পশুগণে পাতিছে আনন্দ মেলা
 নাই ভীনপৰ তাত, লোভ মায়া মোহ
 সুখেৰেই পাতিছে তাত জীৱনৰ খেলা।
নিৰুপায়! দিশহাৰা মই
প্ৰকৃতিত খাই হাবাথুৰি
কৰি দুখৰ সন্ধান
খাইছোঁ উজুতি বাৰে বাৰে।


[ ৯৩ ]

হৃদয় দুখেৰে গঢ়ি, দুখৰে সপোন ৰচি
নেদেখোঁ সুখৰ প্ৰভাত, নুপুৱায় ৰাতি
জীৱনৰ প্ৰতিক্ষণ শিৰত দুখৰ ছাতি
দুখৰ প্ৰেমিক আমি মানৱ জাতি।

বিহু আদৰা গীত

ভোগালি গ'লহে ৰঙালী পালেহি
 ৰাঙলি কৰিলে হিয়া
তপতে তপতে  পিৰীতি পালেহি
 হিয়া দিয়া আৰু নিয়া।

চেৰেকীৰ পাকে  চেনাইৰ মাতে
 সমানে পকাইছে হিয়া
ক’তেনো খোজ থওঁ  ক'লৈ ঢাপলিয়াওঁ
 গাত যে তত নাইকিয়া।

চেনাইনো মনেৰে  কি পণ কৰিছে
 গমকে পোৱা নাইকিয়া
ওৰেতো নিশাতে  কতনো বাটে চাম
 দহনত জ্বলিছে হিয়া।

নিশা দুপৰলে’  কেতেকী বিনালে
 বিচাৰি বিচাৰি প্ৰিয়া
মোৰেনো চেনাইয়ে  নকলে একোকে
 হ’ব নে বহাগত বিয়া।

[ ৯৪ ]

মহাবলী

 ভাঙি দিয়া,
 সমন্বয়ৰ নীলাকাশ ভেদি
 ধৰ্ম জাতি কৰি বিভেদেৰে গঢ়া বান্ধটো
 ভাঙি দিয়া।
চিঙি দিয়া,
নেদেখা বিশ্বাস, অপসংস্কৃতিৰে বন্ধা
থুনুকা সূতাৰ ৰছীবোৰ
চিঙি দিয়া
 টুকুৰা-টুকুৰ কৰা
 নাৰী নিৰ্যাতন, অগ্ৰাহ্য সামাজিকতাক
 মুকুট-কৱচ কৰা শিৰ আৰু বুকুৰ হাড়বোৰ
 টুকুৰা-টুকুৰ কৰা।
ঠেকেচি দিয়া,
পথ বিচ্যুত স্বজন শ্ৰীতি আৰু নীতিৰে
ওফোন্দা গোলাপী মুখবোৰ
ঠেকেচি দিয়া।
 চেপেটা কৰা,
 ক্ষমতা আৰ, ৰ গণত
 দীন হীনৰ আশ্বাস নিশ্বাসেৰে
 ওফোন্দা গঙ্গাটাপবোৰ গচকি
 চেপেটা কৰা৷
গুৰিয়াই দিয়া,
চকু-কাণ চমকোৱা পৰ আৰু
অপসংস্কৃতিৰ ঢোল-বাদ্যৰ মোহিনী ৰূপক
গুৰিয়াই দিয়া৷

[ ৯৫ ]

 উবুৰিয়াই থোৱা,
 অধুনা-প্ৰযুক্তি বিজ্ঞানৰ স্নেহ বঞ্চিত
 বক্ৰপথি সংস্কৃতিবোৰ
 উবুৰিয়াই থোৱা।
ওলোমাই থোৱা
ইতিহাসৰ পাতত ৰঞ্জিত
ফুলাদৰ্শ-কৰ্মাদৰ্শক
গতি পথৰ দুৱাৰত
ওলোমাই থোৱা।

এতিয়া মই ঠিকনাবিহীন

সুন্দৰ পাৰাৰ আছিলোঁ ময়েই ঠিকনা
লোকসমাজত মই লোকগীত,
কাব্য জগতত কবি।
 মোৰ নামৰ লগত থকা ‘সুন্দৰপাৰা’ই
 মোৰ চিঠিখন কঢ়িয়াই আনিবলৈ
 যথেষ্ট ঠিকনা।
এতিয়া সুন্দৰপাৰা
শুকান এৰাগুটিৰ দৰে সিঁচৰিত।
পিতা-পুত্ৰ-খুৰা ভতিজাবোৰ
ফাঁটি বিস্তৃত হোৱা বৃহৎ বননি।
 বননিত জুপুৰি, অট্টালিকা
 বহুতো দোকান, বহুতো ক্লাব
 বহুতো পূজাৰ থলি-

[ ৯৬ ]

 শিৱথান, শনিথান, হৰিমন্দিৰ
 আৰু স্কুল। আনকি
 কাৰো ঘৰৰ মোৰ।
 একেই নামৰ নামফলি।
মোৰ পদূলিয়ে নাম পালে ‘গেট’।
আলিটোৱে নাম পালে ‘ষ্ট্ৰীট’
ষ্ট্ৰীটৰ কাষত ‘লেন’
মোৰ সধবা পত্নীৰ কপালৰ সেন্দুৰ
ৰঙীন ‘বিন্দী’ৰ আগত হাৰমনা বাঘ
 সুন্দৰপাৰাই নাম ল’লে ৰাজীৱ নগৰ।
 এতিয়া মোৰ নামৰ লগত
 মাৰ্ফত মোৰ পুত্ৰৰ নাম আৰু
 ‘হাউচ নম্বৰ বত্ৰিছ বাই টু’,
 গণপতি মন্দিৰ পথ,
 ‘বাইলেন টু’, নিয়াৰ জনসেৱা সংঘ,
 নহ'লে সংযোগ, ঘূৰি যায় চিঠি
 লিখি ‘নট এভেইলেৱল’।
 এতিয়া মোৰ পৰিচয়
 ঠিকনা নামৰ এটা নতুন কবিতাত।

[ ৯৭ ]

প্ৰেমৰ ঠিকনা

দৈত্য নিশাৰ প্ৰলোভনত
নিদ্ৰামগ্ন হোৱাৰ সুযোগ লৈ
তুমি আহা সপোনত
বাস্তৱ পৰী হৈ।

 পুৱাৰ কিৰণে তোমাক
 যেতিয়া পাব খোজে
 নিবিড় আলিংগনেৰে
 তুমি সপোন হৈ পৰা
 অদৃশ্য বাসনা ৰূপে।
 তোমাৰ ঠিকনা মাথোঁ ‘প্ৰেম নামেৰে'।

[ ৯৮ ]

লিমাৰিক



সুৰেন গোস্বামী

[ ৯৯ ]

১| দৰিদ্ৰতা শিৰত লৈ জনম লভিলি
 নানাবিধা আঁচনিত মুখ ঠেকেছিলে
 হাঁহি মুখে ভিক্ষা কৰ
 কলিজা ঢাকুৰি মৰ
 চিতাত উঠি চা ঘূৰি সঁচাকে কি পালি।

২। শিল্পী বেশেৰে ৰাজনীতি কৰিব ভাল
 গীত-ভাষনে কৰি তোলে মঞ্চ উত্তাল
 পেট খুলি কোনে চায়
 বাহিৰেহে চমকায়
 মাছ নুঠাত কয়, ফটা আছিল জাল।

৩। নানা দল লাগে দেশ মুক্ত কৰিবলৈ
 নায়কত্ব লাগে ব্যক্তিত্ব প্ৰকাশিবলৈ
 দেশৰ মুকুতিনো কি?
 দেশতো আছেই চলি
 বাকী মাথোঁ সাত পুৰষলৈ গোটাবলৈ।

৪৷  ৬ নং দফা আৰু কা-ত নজৰ ৰখোৱা।
 বাকী কোনো সমস্যা উল্লেখ নকৰিবা
 লোমালোমে পাবা ভোট
 পিন্ধি ল’বা ছ্যুট-কোট
 পিছে বাঁহৰ আগত বগলী হৈ নাচা

[ ১০০ ]

৫৷  বান গ'ল, আহিল প্ৰতিশ্ৰুতিৰ ঢল
 ৰাইজৰ নাৱই লগালে তলমল
 এখন ভৰি নাৱত
 এখন ভৰি তীৰত
 প্ৰতিশ্ৰুতিবোৰহে গ'ল পানীত তল।

৬৷  নেতাৰ চলে মঞ্চত উদাত্ত ভাষণ
 কথাৰ লাচত ধৰে ময়ুৰ পেখম
 ৰাইজো হ’ল বিভোৰ
 মুখে মুখে হয়ভৰ
 ভাউৰাৰ চং বুলি পিছেহে পায় গম।

৭৷  পাঁচ মাহে খালোঁ আলু সিদ্ধ ভাত দালি
 কিমাননো খাম সদায় ঘৈণীৰ গালি
 মাংসকে আনো একেজি
 বেগ-বাকচ চাই দেখো সকলো খালি।

৮৷  মহাদেৱৰ মূৰত আধাফাল চুলি
 আনফালে পেটটোহে হ’ল ভঙা ডুলি
 কৰোনাৰ হাহাকাৰ
 ধৰ ধৰ মাৰ মাৰ
 অকলে ঢপলিয়ায় সৰ্বজান্তা বুলি।

৯৷  কা কা বিৰোধ কৰি কাউৰীতে শৰণ
 সুকণ্ঠী কইনা এৰি শিয়ালী বৰণ
 দেন্দ্ৰৰ পৰিৱৰ্তন
 ঐতিহ্যৰ বিৱৰ্তন
 থাক জীয়াই বাপেকে অপেক্ষি মৰণ।

[ ১০১ ]

১০।খেতি কৰা ল'ৰাৰ বাপেক একেটাই
 ডাঙৰটোৱে কঠিয়া পাৰে চল চাই
 একেই বীজৰ ফচল
 ফিৰ বছৰে অচল
 ৰাইজৰ কৃষি বুলি প্ৰচাৰ চলায়।

১১। আৰু কতকাল হৈ থাকি সৰল
 এজাক বিষধৰে বিলাইছে গৰল
 জাগি উঠা অসমীয়া
 নতু হ’বা ভগনীয়া
 মুক্ত হোৱা ফালি চলনাৰে পতা জাল।

১২। কৰ্জা লোৱা লোকে নিজে নীতি কৰি লয়
 নিজে নিজে আগতে ঘূৰাব বুলি কয়।
 সাত যাটৰ চেঙেলি
 পিছত মাগে মেলানি
 দিন যায় দিওঁতাৰ কপাল ধিয়াই।

১৩। হাবি-জংঘল নিয়াৰি খেতি কৰাৰ মন
 ভাগে ভাগে দল বান্ধি ভাগে ভাগে পণ
 খেতি বায় সাতহাল
 পুৱাই মাৰে নিতাল
 চেগ বুজি বনৰাজে পাতে সিংহাসন।

১৪। পলাবলৈ দিয়াজন আছিল দালাল
 ধৰিব লগা মূল অভিযুক্ত পলাল
 চন্তৰীৰ বৰ বল
 চোৰে কৰে পদতল।
 উন্নয়নৰ পিঠিত চোৰ-চন্তৰীৰ খেল।

[ ১০২ ]

১৫।কৰোণাত বন্ধ নাটঘৰ ছবিঘৰ
 শিল্পীৰ জীৱনো বোলে বৰ কষ্টকৰ
  চিন্তানো আছে কিহৰ
  নাচ চোৱা নিয়োগৰ
 ভাওনা নাচকে চোৱা ৰাজনীতিকৰ।

১৬৷বেংকলৈ গৈ আজি দেখিলোঁ বহুত ভিৰ
 সকলোৰে চকু বেংক-দুৱাৰত থিৰ
  বহুতোৰে নাই মুখা
  দূৰত্ব নাপালোঁ দেখা
 ৰাখিব কোনে কাক মৰণ আছে যাৰ।

১৭। ইংৰাজী-হিন্দী যতমানে পাৰা মিলোৱা
 পাৰিলে উশাহটোও ইংৰাজীতে লোৱা
  ভাষাৰ উন্নতি চাই
  নাচা টিকা দাঙি দাঙি
 আন্দোলনহে লাগে হ’ব তুলা-কমোৱা।

১৮।ঘটিৰামৰ শ্ৰাদ্ধৰ তিনি পুৰোহিত
 সৰ্বদা মগণ কৰাত আনৰ হিত।
  দানৰ বস্তু এগাড়ী
  দক্ষিণা ল'লে উগাৰি
 ঘটিৰামে বোলে আৰু নমৰোঁ কদাচিৎ।

[ ১০৪ ]

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।