এতিয়া সেই একেই নিঃসহায় দৃষ্টিৰে ভয়, সংকোচ আৰু অনিশ্চিত ভৱিষ্যতৰ স্বপ্নত বিভোৰ জলকীয়াজুপিয়ে চাইছে মোৰ চকুলৈ। মোৰ বিবেকৰ সতৰ্ক বাণীতেই ভৰষা কৰি সিহঁতক অভয় দিছোঁ, “মই আৰু তহঁতৰ জলাৰ লালসাত নাই, তহঁতৰ স্বধৰ্মেৰে কেনেকৈ জীয়াই থাকিব পাৰ, তাৰেই চেষ্টা কৰিম, সাৰ-পানী পায়েই থাকিবি। তহঁতৰ সৌন্দৰ্যও মোৰ বাবে অন্য এক আকৰ্ষণ, কেৱল জলাই নহয়। “মই সিহঁতৰ প্ৰতিটোৰে ওপৰত হাত বুলাই দি পুনৰ ক'লোঁ, “তথাপি মই চেষ্টা কৰিম তহঁতৰ ভিতৰত জলা কিয় নাই আৰু কেনেকৈ তহঁতৰ সেই শক্তিক ঘূৰাই আনি শাশ্বত জীৱন যাপন কৰিব পাৰ। নাভাবিবি, মোৰ স্বাৰ্থ পূৰণ নহ'ল বুলিয়েই মই তহঁতৰ জীয়াই থকাৰ বাসনাক কাটি-উভালি দলিয়াই পেলাম বুলি।”
ঠিক এনেতে বাজি উঠিল মোৰ কলিংবেলটো। এক গভীৰ ভাৱনাত মজি থকাৰপৰা বেলটোৱে মোৰ সম্বিত ঘূৰাই আনিলে। মই লৰাললিকৈ উঠি গৈ দুৱাৰখন খুলি দেখোঁ, এগৰাকী সুন্দৰী মহিলা। আনুমানিক ৩৫-৪০ বছৰমান হ'ব। মই আচৰিত হৈ তেওঁৰ মুখলৈ চাই থাকোতেই হাতত মোনা এখন লৈ মহিলাগৰাকীয়ে হাঁহি মাৰি ক'লে, যেন মোৰ লগত বহুদিনৰ চিনাকিহে, “ছাৰ! মোক চিনি পোৱা নাই?”
মই— “কৰবাত দেখা দেখাও লাগে!’’
- “ছাৰ মই মামু পি শৰ্মা। আপুনি মোক ফেচবুকত দেখিয়েই থাকে। কালি যে মই আপোনাক মেছেজ দিছিলোঁ!”
মই- “ও-হো! মাম! মানে ছবিৰ মুখৰপৰা বাস্তৱ মুখখন অলপ বেলেগ দেখিতো, সেয়ে ভালকৈ চিনিব পৰা নাছিলোঁ। আহা আহা, ভিতৰলৈ আহা।”
মামুৱে বাহিৰতে চেণ্ডেলযোৰ খুলি সোমাই আহিল আৰু চোফাখনত বহি পৰিল। পুনৰ হাঁহি এটা মাৰি ক'লে, “ছাৰ, মানে মই বেছিপৰ বহিব নোৱাৰিম। এখেত অফিচলৈ যোৱাৰ আগতে মই গৈ পাব লাগিব। মই মাথোঁ কালি কোৱা মতে জলকীয়াজোপাৰ গুৰিত চাকিগছি দিয়ে যাম বুলি আহিলোঁ।
আপুনি এনে গুৰুতৰ সমস্যাত পৰাত আমি অতি দুঃখ পাইছোঁ ছাৰ। সমস্যাটোৰপৰা কেনেকৈ আপোনাক ৰক্ষা কৰিব পাৰোঁ, তাৰে চিন্তাই মোক খাই মাৰিছে ছাৰ! পৰহিতো মই ভাতেই খাব নোৱাৰিলোঁ। ছাৰ, মোক গছজুপি দেখুৱাই
দিয়কচোনা।”