মই—মইনো কি কৰিব লাগিছিল? জলা নোহোৱাৰ কাৰণ বিচাৰি পাবলৈ হ’লে। এইখিনি কষ্ট কৰিবই লাগিব। ইচ্ছা কৰিলে এৰি পেলাবও পাৰিলোঁহেঁতেন। কিন্তু ই এক গৱেষণা নহয় জানো?
প্ৰভু— গৱেষণা বুলিলে পোক লগা গৰুৰ দৰে ঘুৰি ফুৰা নহয়, বুজিছ? আমিও গৱেষণা কৰিয়েই কথাবোৰ কওঁ। চকুৰ আগতে দেখিলি কেনেকৈ এই কলম- কাগজ-পঞ্জিকাখনিকে লৈ এহাল ল’ৰা-ছোৱালীৰ ভৱিষ্যত নিৰ্ণয় কৰি দি পঠালোঁ। সেই ল’ৰা-ছোৱালীৰ ভৱিষ্যতে তোৰ জলকীয়াৰ দৰেই অনিশ্চয়তাত আছিল। সেয়ে ছোৱালীৰ মাক ইয়ালৈ আহিছিল, আৰু মই সামান্য সময় গৱেষণা কৰিয়েই সকলো সমস্যা সমাধান কৰি দিলোঁ। গতিকে যি গৱেষণাৰ উত্তৰ নোলায়, তাক গৱেষণা বুলিব নোৱাৰি। মৰণাৰ গৰু ঘূৰা আৰু তোৰ গৱেষণা বুলি ঘূৰি ফুৰা একেই। মৰণাৰ গৰুৱেতো অন্ততঃ ঘূৰি ঘূৰি ধানকে সৰায়। তইতো কেৱল ঘূৰিহে ফুৰিছ৷
মই— তেন্তে মোকো এটা উপায় দিয়ক।
প্ৰভু— তহঁত বিজ্ঞানৰ নেঙুৰত ঘূৰা মানুহ। আমাৰ চিধা ৰাস্তাত খোজ দিবি জানো?
মই— কিয় নিদিম? চিধা ৰাস্তাকেতো বিচাৰি আছোঁ!
প্ৰভু—(অলপ পৰ নিতাল মাৰি) তেন্তে শুন। কালি তই যাব নালাগে। ইয়াতে এভাগ নাম-প্ৰসংগৰ আয়োজন কৰ। এই নামে তোৰ সকলো সমস্যা সমাধান কৰিব, খাটাং। আমাৰ বৰ সাহানত দুটা ভাল নাম দল আছে; এটা মহিলাৰ আৰু আনটো পুৰুষৰ। দুয়োটা নামজ্বলা।
তই যিটো দলকে বিচাৰ, সেইটোকে পুৱাই খবৰ দিম, আহি যাব।
মই ভাবিলোঁ, ‘একবাৰ প্ৰভুৰ উপদেশো মানি লওঁ। কিজানি কিবা সুফল পাওঁৱেই। ভাবি সিদ্ধান্ত ল’লোঁ, মহিলা দলকে মতা ভাল। কাৰণ মহিলাসকলৰ জলকীয়াৰ লগত সম্পৰ্ক ভাল। ৰবাব, জলফাই, বগৰি, তেতেলী, কেঁচা আম আদি টেঙা খাওঁতে নিমখ-ধনীয়াৰ লগত মুখ-নাক ৰঙা হৈ যোৱাকৈ, নাকে-মুখে পানী ওলোৱাকৈ জলকীয়া সানি খাব, মুখেৰে উঃ-আঃ কৰিও থাকিব আৰু “বাঃ কি মজ্জা” বুলি তকলিয়াই তকলিয়াই খায়ো থাকিব। ভাত খাওঁতেও জলা আচাৰ এহেঁতামান হ’লেহে এগৰাহ বেছিকৈ খাব পাৰে। কোনবিধ জলকীয়াৰ কিমান জলা, দেখিলেই কৈ দিব পৰা অভিজ্ঞতা আছে এই মহিলাসকলৰ। এগৰাকী