পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪

 দিলোঁ। এনেতে প্ৰসাদ আহিল। আমি সকলোৱে প্ৰসাদ ল'লোঁ। তাৰ পিছত বিলনীয়াসকলকো ৰাইজে আশীৰ্বাদ দিলে। মই নামতীসকলক যথা সন্মানপূৰ্বক মাননি, জলপান আদি দিয়াৰ পিছত বিদায় দিলোঁ।

(১১)

 ৰাতিপুৱা মই গুৱাহাটীলৈ যাম বুলি ভাবিছিলোঁ যদিও অলপ সময় অতিবাহিত কৰি গোপেশ্বৰৰ খেতিডৰা চাই যোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। চাৰে আঠমান বজাত গা-পা ধুই গোপেশ্বৰৰ ঘৰলৈ গ'লোঁ। সি মোৰ বাবে অপেক্ষা কৰিয়ে আছিল৷ দূৰতে দেখি “আহক খুৰা” বুলি আগবঢ়াই লৈ গ’ল।

 তাৰ ঘৰৰ সন্মুখত দেখিলোঁ, বিশাল এখন পথাৰ চন পৰি আছে। সৰুতে আমি এই পথাৰখনত নানাবিধ ধান আৰু কুঁহিয়াৰ খেতি দেখিছিলোঁ। এই পথাৰখনৰ মাজেৰেই গৈছে বৰসাহান গাঁও হৈ টিহুলৈ যাব পৰা এটা লুংলুঙীয়া পথ। বৰ্তমান এই পথটো পকা হৈ উঠিছে। গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ ঘৰেই অসম আৰ্হিৰ হলেও চহৰীয়া ঘৰবোৰৰ দৰে উন্নত। গোপেশ্বৰৰ ঘৰখনো সুন্দৰকৈ সজোৱা; সন্মুখত ডাঙৰ গেট, মজিয়াবোৰ টাইলচ লগোৱা, বেৰবোৰতো ভিন্ন ভিন্ন ৰং বলোৱা। এইবোৰ দেখি তাহানি সৰুতে আমি গাঁৱত থাকোঁতে দেখি যোৱা মাটিৰে লেপা বাঁহৰ বেৰ, খেৰৰ ছালৰ দৃশ্য সপোন সপোন লাগিল। গাঁৱত চৰকাৰী চাকৰিয়ালো যথেষ্ট হৈছে আৰু সেই সূত্ৰে বেছিভাগেই গাঁও এৰি চহৰত থাকিবলৈ লৈছে। গোপেশ্বৰৰ দৰে এৰিব নোৱৰাসকলেহে এতিয়া গাঁৱত আছে। সেইসকলেই খেতি-বাতি চম্ভালে যদিও বেছিভাগ মাটিয়েই চন পৰি থকাত আচৰিত হ'লোঁ৷

 মই সুধিলোঁ, “এই মাটিবোৰ যে পৰি আছে, কিয়?”

 খুব সহজভাৱে গোপেশ্বৰে উত্তৰ দিলে, “বেছিভাগে আজিকালি খেতি কৰিবলৈ এৰি দিছে খুৰা৷ ৰোৱনী-দাৱনী পাবলৈ নাই। পালেও মজুৰী দি, ট্ৰেক্টৰ আদি ভাড়া আনি কটা-মৰা কৰোঁতে খৰচো পৰে বহুত। সেয়ে প্ৰায়ে খেতি নকৰেই।”

 মই —তেন্তে খোৱাৰ বাবে কি কৰে?

 গোপে— চৰকাৰে বিনা পইচাৰ চাউল দিছেই। দালি-চেনি আদিৰ খৰচো দিছে৷