পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১

ঐ নিলাজ ফাগুন!
সেউজী গছৰ পাত উদং কৰি
বন-জংঘলত অগণি জ্বলাই
শিশুৰ নাকত সেঙুণ বোৱাই
জীৱদেহত নানা ৰোগ বিয়পাই
পাৰিবিনে ছদ্মৱেশ ৰাখিব জীয়াই?

ঐ শুকান ফাগুন!
কতদিন ৰাখিবি তোৰ চলনা লুকাই?
অকবি মই ধৰাক দিম সকলো জনাই।
নৈ-বিল গোপনে শুকাই পেলাই
মাজে মাজে বৃষ্টিৰ টোপ নিগৰাই
কিমান চলনা তই কৰিবি দুনাই?

নোৱাৰ হ’বলৈ শীত, নতুবা বসন্ত
কৰিব পাৰ মাথোঁ ধৰাক অশান্ত
আহি আছে লয়লাসে আশাৰ বসন্ত
নোৱাৰ হ’বলৈ পাৰ কোনো সীমান্ত
চলনাৰ বেশ কৰ পাৰ যদি অন্ত।