মই- “তেন্তে এই অত্যাচাৰী, লালসী মানুহবোৰৰ শাস্তি নহয় কিয়?”
বিবেক- “বাৰে বাৰে অনৰ্থক প্ৰশ্ন কৰি মূৰ ঘোলা নকৰিবি। চিৰদিন পাই থকা অশান্তিতকৈ ডাঙৰ শাস্তি আছেনে কিবা? তোৰ দৰে অবুজসকলে দেখা নাপায়, কেনেকৈ দিনে দিনে অধঃপাতে গৈ আছে, ধ্বংসৰ ফালে গৈ আছে। কাৰণ লালসাই তহঁতক অন্ধ কৰি ৰাখিছে।”
মোৰ ভৰি দুখনত কঁপনি উঠিবলৈ ধৰিলে। পৰি যাওঁ পৰি যাওঁ লাগিল। মূৰটো আচন্দ্ৰাই কৰাত কাষতে থকা আঁহত গছজোপাৰ তলতে বহি পৰিলোঁ। পাৰযোৰে পিত-পিতকৈ মাতিবলৈ ধৰিলে। হাতখন কেতিয়া ঢিলা হৈ পৰিল গমকে নাপালোঁ। সুবিধা পাই হাতৰ মুঠিৰপৰা পাৰযোৰে মাৰিলে উৰা। অন্য এজোপা গছৰ ডালত বহি ইফালে-সিফালে চাবলৈ ধৰিলে। সম্ভৱ ভাবিছে, মুক্ত প্ৰকৃতিৰ কোনটো দিশলৈ যাব।
কিছু সম্বিত ঘূৰাই পাই মই লাহে লাহে তাৰপৰা উঠি পুনৰ খোজ ল'লোঁ গৃহাভিমুখে। বহু গাড়ী-মানুহ পথেৰে অহা-যোৱা কৰিছে। সেইবোৰলৈ মোৰ ভ্ৰূক্ষেপ নাই। একান্ত সংগী বিবেকক পুনৰ সুধিলোঁ, “মোৰ জলকীয়াজোপাত জলা আহিবনে?”
বিবেক—“কথাতে কয়, “বুজাক বুজাবি আকাৰে ইংগিতে, নুবুজাক বুজাবি ধাৰা চাপৰে।” কিন্তু মই তোক চপৰিওৱাৰো তই যোগ্য নহয়। তই নিজেই কৈ আছ, বহুত উপায় আছে, বিশ্বাস বহুত আছে। এই বিশ্বাসতেই বিশ্বাসী তোৰ দৰে এটা আঁকোৰগোঁজক মই কেনেকৈ কওঁ?”
——“ তথাপি কিবা এটাতো ক। মই বৰ দোধোৰ-মোধৰত পৰিছোঁ। কোনটো কৰোঁ, কোনটো এৰোঁ। মোক মোৰ জলকীয়াত জলা লাগেই।”
—“তথাপি নিজে কি ভাবিছ, সেইটোকে ক'চোন!”
—“তন্ত্ৰ-মন্ত্ৰ, পূজা-পাতলত মোৰ বিশ্বাস হেৰাল। অৱশ্যে ফেচবুক বন্ধু, অধ্যাপক ডঃ এচ-পি শৰ্মাদেৱে মোক ভট্টদেৱ বিশ্ববিদ্যালয়লৈ গৈ তাত কিবা কৰিব পাৰি নেকি সুধিব কৈছে। দ্বিতীয়তে বন্ধু দীপক বৰুৱাই আন এটা পথো দেখুৱাইছে। এই দুটাকে কৰি চাওঁ নেকি সদ্যহতে।”
—“দীপক বৰুৱা কোন?”