পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২

ব্যৱস্থা হিচাপে গছজোপাৰ কাষত এজোৰ পুৰণা চেণ্ডেল আঁৰি দি কাষত ফলক এখন লিখি দিছোঁ, “বুৰা নজৰৱালা, তেৰে মূঁহ কালা” বুলি হিন্দীত লিখাৰ উদ্দেশ্যও এয়ে যে হিন্দ বা ইংৰাজীত লিখিলে হেনো কথাৰ জোৰ বাঢ়ে আৰু ফলাফল তাৎকালিন হৈ পৰে। এই গুৰুত্বপূৰ্ণ সত্যও মই আমাৰ অসমীয়া ভাই বন্ধুসকলৰপৰাই শিকিবলৈ গাঁই গৌৰৱ অনুভৱ কৰিছোঁ।

 গছজোপাৰ বিসংগতি নিৰাময়ৰ বাৰে বহুতে বহু উপদেশ দিছে। বন্ধুৰ উপদেশ মনাটো বন্ধুৰ কৰ্তব্য। নইলে বন্ধুৱেই লাগে কিয়? সেয়ে আমাৰ প্ৰিয় ফেচবুক বন্ধু ৰীনা গোস্বামীৰ উপদেশকে প্ৰাথমিকতা দিলোঁ। আচলতে ইয়াতো অলপ স্বাৰ্থ নোহোৱা বুলি ক’ব নোৱাৰি। কেইদিনমান আগতে কিবা কিবি যোগাযোগত গম পালোঁ যে ৰীনা সম্বন্ধত মোৰ “প্ৰায়-বোৱাৰী।” ‘প্ৰায়-বোৱাৰী’ এইবাবেই যে তেওঁ মোৰ ভাতিজা বোৱাৰীৰ ভনীয়েক। এনে এটা গুপ্ত সম্বন্ধ পলমকৈ হ'লেও প্ৰকাশ হোৱাৰ পিছত যদি তেওঁৰ পৰামৰ্শক গুৰুত্ব নিদিওঁ, তেন্তে এটা প্ৰচলিত পৰম্পৰা(নিজৰ মানুহক আগস্থান দিয়া) ভংগ কৰা হ'ব আৰু মোক পাপে চুব৷

 ৰীনাই মোক পৰামৰ্শ দিছিল, এজন পুৰোহিতৰ পৰামৰ্শ লৈ তিতা জলকীয়াক মিঠা কৰাৰ উপায় কিৰিবলৈ৷ তেওঁৰ এই পৰামৰ্শক কাৰ্য্যত পৰিণত কৰিবলৈ মোৰ বেছি কষ্ট আৰু পলম কৰিবলগীয়া নহ'ল। কাৰণ ওচৰৰে এঘৰত এজন পুৰোহিত সদায়ে আহে গোসাঁই ধুৱাবলৈ। মই দুপৰীয়া গা-পা ধুই তেওঁৰ ওচৰলৈ গ’লোঁ৷ গৈ পাওঁমানে দেউৱে ৰঙা ধুতি পিন্ধি আৰু নামাৱলীখন গাত মেৰিয়াই য়ৈ ইতিমধ্যে গোসাঁইজনা ধুৱাই হাতত টিলিঙাটো লৈ মন্ত্ৰ পাঠ কৰি আছে। মই সন্তৰ্পণে গৈ ওচৰত থিয় হোৱাত তেওঁ মোলৈ কেঁৰাহীকৈ চাই মন্ত্ৰপাঠ এৰি, টিলিঙাটো লৈয়ে সুধিলে, “আপুনি যে?”

 মই ক'লে, হয় দেউ? আপোনাক লগ পাবলৈকে আহিলোঁ এটা জৰুৰী কথাত। “দেউৱে হাঁহি এটা মাৰি ক'লে, “অলপ ৰ'ব, মই কামটো শেষ কৰি লওঁ।” এইবুলি তেওঁ পুনৰ টিলিঙা বজাই ডাঙৰ ডাঙৰকৈ মন্ত্ৰোচ্চাৰণ কৰিবলৈ ধৰিলে। প্ৰায় দহ মিনিট পিছত তেওঁৰ কাম সমাধা হ'ল আৰু মোক সুধিলে, “বাৰু কওকচোন কি সকামতনো মোক বিচাৰিলে?’’

মই প্ৰণাম জনাই ক'বলৈ ধৰিলোঁ,
“হে দেউ! শুনিলে মোৰ দুখৰ কথা,