দৰে দ্ৰৌপদীৰো চাৰিটা মূৰ, চাৰি মুখ, আঠ কাণ থাকিলহেঁতেন, তেন্তে তেওঁক অত্যাচাৰ কৰাৰ লগে লগে মৰা চিয়ঁৰ আমাৰ দেৱনগৰী পৰ্যন্ত আহিলহেঁতেন আৰু তেতিয়া আমি সৈন্য পঠাই কৌৰৱসকলক বিনাশ কৰি দ্ৰৌপদীৰ লাঞ্ছনা লাঘৱ কৰিব পাৰিলোঁহেঁতেন।
ব্ৰহ্মা- তেন্তে তুমিয়ে কোৱাচোন মই কি কৰিব লাগে?
নাৰদ— চাওক গুৰুদেৱ, আপুনি কিমান স্বাৰ্থপৰ। নিজৰ বাবে চাৰি মূৰ, চাৰি মুখ, আঠকাণ ৰাখি বাকী দেৱতাসকলক মাথোঁ এটাকৈ দিছে। তাতে আকৌ নৰমনিচসকলক নগণ্য বুলি ভাবি কটা যোৱা মুখ্যমন্ত্ৰীৰ নিৰাপত্তা কৰ্তন কৰাৰ দৰে তেওঁলোকক মাথোঁ এখন মুখতো দিছেই, তাৰ আৱাজ কমকৈ দিছে।”
ব্ৰহ্মা— মই সমস্ত নৰমনিচৰ কথাৰ বাবে সভা পতা নাই। নাৰী হিচাপে দ্ৰৌপদীৰ কি কৰা উচিত তাকে ক’বলৈহে তোমাক হুকুম জাৰি কৰিলোঁ। যদি নোৱাৰা, বহি থাকা।
নাৰদ— মানে নে নামানে নাজানো গুৰুদেৱ। কিন্তু প্ৰস্তাৱ এটা দিওঁ। সেয়া হ’ল, নাৰীসকলকো চাৰিটা নহ'লেও তিনিটা মূৰ, ছয়খন কাণ, চাৰিখন হাত দিয়ক। তেতিয়া বিপদত পৰি সিহঁতে চিয়ঁৰিলে দশোদিশ বিয়পিব, যি শুনি সুৰক্ষাৰ বাবে লোক আগুৱাই আহিব পাৰিব; চাৰি হাতেৰে যুদ্ধ কৰি শত্ৰুক পৰাস্ত কৰিব পাৰিব।
এই প্ৰস্তাৱ শুনা মাত্ৰেই সভাস্থলিত হাত চাপৰি বাজিবলৈ ধৰিলে। ব্যাপক ৰাজহুৱা সমৰ্থনত ব্ৰহ্মাৰ শিৰ নত হ’ল আৰু কিছু সময় ভাবি গম্ভীৰভাবে ক'লে, “চিন্তা কৰিবলগীয়া বিষয়! এবাৰ সৃষ্টি কৰাৰ পিছত তাক পৰিৱৰ্তন কৰিবলৈ সংবিধান সংশোধনৰ প্ৰয়োজন আছে। তথাপি মোৰ ক্ষমতা অনুসাৰে মাত্ৰ দ্ৰৌপদীৰ বাবে এনে এটা ব্যৱস্থা কৰিব পাৰোঁ যাতে তালো সৰে পাতো বাছে।”
এই কথা শুনাৰ লগে লগে সভাস্থলিত “কি গুৰুদেৱ, কি গুৰুদেৱ” ধ্বনি গুঞ্জৰিবলৈ ধৰিলে, যেন লোকসভাত হুলস্থূলীয়া পৰিৱেশহে হৈছে!
গুৰুদেৱে “ক্ষান্ত হোৱা, ক্ষান্ত হোৱাকৈ কোৱাৰ লগে লগে সভাস্থলি কঁপিবলৈ ধৰিলে। সভাস্থলি কাহ পৰি জীন গ'ল। ব্ৰহ্মাদেৱে অলপ তলকা মাৰি পুনৰ আৰম্ভ কৰিলে।
—সভাসদসকল। কথাটো হ'ল, অকল দ্ৰৌপদীৰ সমস্যাৰ কথা চিন্তিলে মোৰ