পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩

 তাৰ জনমৰ বাবে দৃঢ় প্ৰতিজ্ঞ,
 তুমি আহিবাই-
 পৰ জনমত তুমি তুমি হ’বাই
 মই মই হ'মেই,
 তুমি ভাবিছানে বাৰু
 নতুনকৈ আহিব ঋতু?
 ঋতুৰোতো আছে পৰজনম
 ঠিক তোমাৰ মোৰ দৰে!


অনুভূতি

অনুভূতিবোৰ একেই
তোমাৰ অনুভূতিতো অশ্ৰুজল, আৰু
মোৰ অনুভূতিতো চকুপানী।
 তোমাৰ অনুভূতি মাথোঁ
 বেদনাৰ প্ৰকাশ্য কবিতা
 আৰু মোৰ -
 দুখৰ মৌন সপোন।

দুখৰ জুলি

এইখন জুৰিত বয়
অবিৰত দুখৰ সোঁত।
 কেতিয়াবা বিৰামবিহীন বহনৰ দুখ
 কেতিয়াবা দুখবাহী হোৱাৰ দুখ;