পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪

 চিন্তা কৰিলোঁ, ‘ভগবানৰ আশীৰ্বাদতো অথলে নাযায়৷ পুৰোহিতেও “গেৰাণ্টি দি কৈছিল, জলা নহ’লে নামকে সলাই দিবলৈ৷ ইমান দৃঢ়তাৰ পিছতনো কি ক’ৰোনা লাগিল!’ কিছু পৰ ভাবি উত্তৰ পালোঁ৷ কামৰূপীয়া দেউৱে মন্ত্ৰোচ্চাৰণ কৰোঁতে খাঁটী কামৰূপীয়া ভাষা ’ভজলুক’ ব্যৱহাৰ কৰিছিল৷ হয়তো ভগবানে সেই শব্দটোক “ভোজনীলৈ লুক’’ (দক্ষিণালৈ চোৱা) বুলি শুনিলে আৰু পুৰোহিতক আশীৰ্বাদ দিলে তেওঁৰ ভোজন দক্ষিণা বাঢ়ক বুলি৷ মোৰ জলকীয়াৰ জলা বঢ়াৰ কথা নুবুজিলেই৷ দেউৱে ক’ব লাগিছিল, লংকা, ছিলী বা মিৰ্ছ বুলি৷ কাৰণ, অসমত বৰ্তমান হিন্দী আৰু ইংৰাজী দাল, চব্জী, লাড্ডু, জ্বাল আদি শব্দবোৰ শুনি শুনি ভগবানো অভ্যস্ত হৈ পৰিছে৷হয়তো জলকীয়া বুলি ক’লেও কিবা এটা অনুমান কৰি ল’ব পাৰিলেহেঁতেন, কিন্তু তাৰ পৰিৱৰ্তৱ একেবাৰে কামৰূপীয়া ঢেকেৰি শব্দ :ভজলুক’’ বুলি ক’লে৷ ঈশ্বৰ হ’ল বুলিনো বাৰু সকলো কথা বুজিবনে?

 মোৰেই দুৰ্ভাগ্য বুলি কপাল ধিয়াই বহি থাকিলোঁ৷ কিন্তু নিৰাশ হোৱা নাই৷ মই জলকীয়াত জলা আনিমেই৷

(৫)

 মই নিৰাশ হোৱা নাই৷ যাদু-মন্ত্ৰৰ দেশ, অলেখ বিশ্বাস, অন্ধ-বিশ্বাসক বুকুত সাৱতি চিৰকাল ’সোণৰ অসম’ নামেৰে গৌেৱান্বিত অসমত নিৰাশ হোৱাৰ কাৰণ নাই৷ যিখন ৰাজ্যত মানুহক মন্ত্ৰৰ বলত ভেৰা সজোৱা, বহা আসন তপিনাত উঠি যোৱা, বিয়াত বহা কইনাকো মাত্ৰ এডাল মন্ত্ৰপুত চুলিৰ জোৰত আনলৈ গুচি যোৱা, অপকাৰীক বীৰা লগাই শাস্তি দিয়া আদিৰ দৰে তন্ত্ৰ-মন্ত্ৰ বিদ্যমান, সেই ৰাজ্যত মোৰ সামান্য জলকীয়াত জলা নিমিষতে আনি দিয়া কোনো গুৰুতৰ কথাই নহয়৷ হয়তো মই উপযুক্ত ব্যক্তিৰ ওচৰ চাপিব পৰা নাই বা তেওঁলোকে দিয়া ব্যৱস্থাক নীতিগতভাৱে পালন কৰিব পৰা নাই৷কিন্তু মোৰ বাবে পথ আৰু খোলা আছে৷ মাত্ৰ মই মোৰ দেহ, আৰ্থিক বল যিমানলৈ থাকে চেষ্টা কৰিব লাগে, সিমানেই৷

 এইবোৰ ভাৱতে মোৰ বুকুখন ডাঠ কৰি ফেচবুক বান্ধবী হেলেন গগৈৰ পৰামৰ্শও শিৰোধাৰ্য্য কৰি ললোঁ৷ হেলেনে তাবিজ ল’বলৈ পৰামৰ্শ দিছিল; ই