পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২

উজনি নামনি, পাহাৰ-ভৈয়াম
হ’ব যেন বৈকুণ্ঠ ধাম।
 বাৰী পদূলি, গৃহে পথাৰে
 চলিব পোহৰৰ মেলা
 ফটকা-ফুলজাৰি সবতে জ্বলিব
 খেলিব আনন্দৰ খেলা।
দুৰ্নীতি-দুষ্কৃতি নাশিবলে’ বুলি
লগে-ভাগে আহে আই কালী
আন্ধাৰ বিনাশী পোহৰ বিলাবলৈ
পাতিব মহাৰণৰে চালি।


শগুণৰ উৰণ

ৰং-বিৰঙী চিলাবোৰে
উৰি থকা শগুণবোৰক
খেদিলে পৰ্বত শীষৰলৈ।
 মধ্যম বতাহ বলিছে।
 ঘামত জুৰুলা মানুহবোৰৰ
 শৰীৰ শীতল পৰিছে;
 ওঁঠত হাঁহি বিৰিঙিছে
 দেহত আনন্দই পাৰ ভাঙিছে।
মধ্যম বতাহ ধুমুহা হ’ব নেকি?