সমললৈ যাওক

পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬

 —সেই যে কাঠ এডালত ৰছী লগাই ঘঁহি ঘঁহি কিবা বজায়, সেইজন।”

 —“আচ্ছা!” বুলি কৈ বিবেকে মুখত হাতখন দি খুঁহুৰ-খুঁহুৰকৈ হাঁহি ক'লে, “তোক বাধা দি নিজেই লজ্জিত নহওঁ যা; কৰ। ফলাফল যি হয় নিজেইতো পাবি। তথাপি মোৰ এটা কথা শুনিবিনে?”

 —শুনিম দে, কচোন!”

 -তই কৰিব খোজা দুটাৰ লগতে কেইজনমান বন্ধুক লৈ এখন কমিটি গঠন কৰ। সেই কমিটিৰ পৰামৰ্শ অনুসৰি আগবাঢ়। যি হয় দেখা যাব। একো নহ'লেওতো এটা সত্যৰ সন্ধান পাবি।”

(৬)

 পিছফালৰ দুৱাৰখন মেলিলেই মোৰ চকুত পৰে দহ ইঞ্চিমান ওখ জলকীয়াজুপিত টিকটিকিয়া ৰঙা হৈ পকি থকা জলকীয়াৰবোৰ৷ সিহঁতৰ অন্তৰত জলা নাথাকিলেও মোৰ অন্তৰত জ্বলি থকা ক্ষোভৰ জুইকুৰা যেন সিহঁতে স্পষ্টৰূপত দেখা পাইছে। নিঃসহায়ভাৱে, কৰুণ দৃষ্টিৰে চাই থকা জলকীয়াজোপাত সিহঁতৰ ভয়, সংকোচ স্পষ্ট। সিহঁতৰো আছে জীয়াই থকাৰ প্ৰবল হেঁপাহ, যিদৰে স্পষ্ট হৈছিল মই মন্দিৰত বলি দিবলৈ নিয়া পাৰযোৰৰ চকুত। বলি-দা সিহঁতে দেখা নাছিল, সেই বলি-দাৰ নিৰ্মম আঘাতৰ কথাও হয়তো সিহঁতে কল্পনা কৰা নাছিল। কিন্তু মোৰ দৰে দস্যু, মায়া-মমতাহীন মানুহৰ হাতত বন্দী হৈ থকাৰ প্ৰতিটি মুহূৰ্ত যে সিহঁতৰ বাবে অনিশ্চিত ভয়ংকৰ ভৱিষ্যত আছিল, সেই কথা স্পষ্ট হৈছিল সিহঁতৰ চাৱনিত আৰু উচপিচনিত।

 সৌভাগ্যক্ৰমে মোৰ হাতৰপৰা মুক্ত হৈছিল যদিও গছৰ ডালত বহিও সিহঁতে মুক্ত ধৰাত বিচৰণ কৰাৰ সাহস গোটাব পৰা নাছিল। প্ৰকৃতি ক’ত? গছ-বিৰিখ ক'ত- য'ত সিহঁতে নিৰাপদ হ'ব পাৰে? তাৰেই অনুসন্ধানত পাৰজুৰিয়ে ডালত পৰি ইফালে-সিফালে চাইছিল। মই হৃদয়হীন, মানুহ নামধাৰী পশু হলেও কিন্তু মোৰ বিবেকে সেই সময়ত আক্ৰোশমূলক নহ’বলৈ সঁকিয়াই দিছিল। সেয়ে মানুহৰ বাসস্থান এৰি কোনো এক নিৰ্জন, নিৰাপদ, সুষম, শান্তিপূৰ্ণ স্থানলৈ গুচি যোৱাটোকে কামনা কৰিছিলোঁ।