পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১


অসমীয়া মহিলাই আকৌ বিশ্বৰ সবাতোকৈ জলাযুক্ত ভোট জলকীয়া চকলেটৰ দৰে খাই আৰু চকুত সানি বিশ্ব ৰেকৰ্ডো কৰিছে। জলকীয়াৰ লগত এওঁলোকৰ কিবা ভিতৰুৱা বুজাবুজি নাথাকিলে এনে কাণ্ড সম্ভৱ নহয়। গতিকে মহিলাৰ দলে নিশ্চয় জলকীয়াৰ সপক্ষে অন্তৰ খুলি আশীৰ্বাদ দিব আৰু জলকীয়াইও সিহঁতৰ অন্তৰংগ বন্ধু মহিলাৰ ভক্তিপূৰ্ণ আহ্বানত হেৰোৱা শকতি ঘূৰাই পাবলৈ উথপ- থপ লগাব।

 এনেকৈ ভাবি মই প্ৰভুক ক’লোঁ, ঠিক আছে প্ৰভু! নাম-প্ৰসংগত মই মহিলাৰ দলটোৱে ভাল হ’ব বুলি বিবেচনা কৰোঁ।

 প্ৰভু— সুন্দৰ! তেন্তে মই ৰাতিপুৱা হৰেশ্বৰক পঠিয়াই দলটোক মতাই দিম। তই দুদুলক বজাৰলৈ পঠাই বুট, মুগ, ধূপ-ধূনা, গামোচা আঠখনমান আৰু ফল- মূল কিছু অনাবি। দলৰ মাননি বুলি মূল নামতীক এহেজাৰ আৰু বাকী পালি- নামতীকেইজনীক পাঁচশমানকৈ দিলেই হ’ব; আপত্তি নকৰে তেওঁলোকে। তই নিজে ভাবি চাবি। হা, অৱশ্যে লুচি-তৰ্কাৰী, মিঠাইৰে ভালদৰে আপ্যায়ণ কৰিব লাগিব। মান-সম্মানৰ প্ৰশ্ন আছে। হ’ব নে?

 মই হ’ব প্ৰভু, আপুনি যি ভাল দেখে তাকে কৰিম।

(১০)

 ৰাতিপুৱা প্ৰভুৰ সৰু ল’ৰাটোক পঠিয়াই বুট, মুগ, ধূপ, ধুনা, গামোচা আদি সকলো নামৰ বাবে যোগাৰ কৰা হ’ল। গাঁৱৰ মহিলা আৰু পুৰুষ কেইগৰাকীমানক নিমন্ত্ৰণ দিয়া হ’ল। মুঠতে ৫০-৬০ জনমান মানুহৰ বহা, চাহ-জলপান খোৱা আদিৰ ব্যৱস্থা কৰা হ'ল।

 সন্ধিয়া বৰসাহানৰ মহিলা দলৰ ৰমৰমীয়া নাম-প্ৰসংগ, হাত চাপৰি, তাল- খোলৰ গুমগুমণিয়ে গোটেই গাঁৱখনকে কঁপাই তুলিলে। অতি নিপুণ নামতীৰ কণ্ঠত কীৰ্তনৰ অন্যান্য পদৰ উপৰিও অতি প্ৰাসংগিকভাৱে জলকীয়াৰ কথাটোও সত্য নাৰায়ণ পদৰ লগত খাপ খুৱাই দিয়াৰ দক্ষতাই আমাক বিস্মিত কৰি তুলিলে। সঁচাকৈয়ে যে তেওঁলোক সুদক্ষ নামতী, ভক্ত মংগলকামী, সেই কথা স্পষ্ট হৈ পৰিলঃ-