সহস্ৰ জনতাই কঁপাইছিল আকাশ-ধৰণী।
পাট-মুগাৰ পোচাক গাত লৈ ইয়াতেই
কঁকাল-ডিঙিৰ ফুলাম গামোচা লৈ
নচুৱাইছিল, নাচিছিল শতজনে হৰিষত
কৰিছিল মতলীয়া সহস্ৰজনক।
এইবেলি দেখিছোঁ এই পথাৰতে এক
প্ৰকাণ্ড চিকিৎসালয়,— য'ত হাজাৰজনে
শেষ নিশ্বাসৰ অপেক্ষাত
আশংকাত কম্পিত আৰু নিদ্ৰাহীন-অনাহাৰী।
ভাবিছিলোঁ মই, কিজানি মোৰ
পুনৰ সোঁৱৰণ হ’ব অদূৰৰ সৌখন পথাৰত,
যিখনে প্ৰতি বছৰে শুৱায় ধৰণীৰ ৰূপ
সেউজী ধানৰ গুটি গুটি সোণালী শইচৰে।
এইবেলি তাতো স্থাপন হ’ল এখন মৰিশালী-
যি হ'ব পাৰে হাজাৰ জনৰ
উৎসৱোত্তৰ চিৰ নিদ্ৰাৰ ভূমি-
যত মঞ্চস্থ হ'ব পাৰে জনতাৰ
মৃত্যু বিভীষিকাময় জীৱনৰ শেষ নৃত্য-গীত।
কম্পিত বিহু মই, মেৰ বিহুৱা হৃদয়,
জানোচা হৈ পৰোঁ সহযাত্ৰী ময়ো
সেই গৰ্তপূৰ্ণ ভূমিৰ কোনো এক কোণত।
তথাপি নাই ভয়, ভয় নাই সংস্কৃতি মোৰ
পাৰ্থিৱ কামনাহীন চিৰজাগ্ৰতা যৌৱনা মই
মোহময়ী প্ৰকৃতিৰ ৰূপে-গুণে সম্বলিত
ধৰিত্ৰীৰ মন্ত্ৰপুত বিহুৱতী মই অজৰ-অমৰ।
২০২০ চনত কৰোণাৰ প্ৰভাৱত বিহু উৎযাপিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰচিত)