এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
হৃদয় দুখেৰে গঢ়ি, দুখৰে সপোন ৰচি
নেদেখোঁ সুখৰ প্ৰভাত, নুপুৱায় ৰাতি
জীৱনৰ প্ৰতিক্ষণ শিৰত দুখৰ ছাতি
দুখৰ প্ৰেমিক আমি মানৱ জাতি।
বিহু আদৰা গীত
ভোগালি গ'লহে ৰঙালী পালেহি
ৰাঙলি কৰিলে হিয়া
তপতে তপতে পিৰীতি পালেহি
হিয়া দিয়া আৰু নিয়া।
চেৰেকীৰ পাকে চেনাইৰ মাতে
সমানে পকাইছে হিয়া
ক’তেনো খোজ থওঁ ক'লৈ ঢাপলিয়াওঁ
গাত যে তত নাইকিয়া।
চেনাইনো মনেৰে কি পণ কৰিছে
গমকে পোৱা নাইকিয়া
ওৰেতো নিশাতে কতনো বাটে চাম
দহনত জ্বলিছে হিয়া।
নিশা দুপৰলে’ কেতেকী বিনালে
বিচাৰি বিচাৰি প্ৰিয়া
মোৰেনো চেনাইয়ে নকলে একোকে
হ’ব নে বহাগত বিয়া।