পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২

 লোকজনে ক’লে, “বৰ্তমান বিদ্যালয় বন্ধ আছে। তথাপি গৱেষণাৰ কামত দুই এজন অধ্যাপক আহে। ডঃ তালুকদাৰ এইমাত্ৰ আহিছে। আপুনি তেওঁক লগ ধৰিব পাৰিব কিজানি। মোৰ লগতে আহক। হাতখন সৌখিনিতে ধুই আহক।”

 মই তাত ৰাখি থোৱা পানীৰ টেপ আৰু চাবোনেৰে হাতদুখন ধুই জোতাযোৰো বাহিৰতে ৰাখি তেওঁৰ লগত সোমাই গ’লোঁ। কৰিড’ৰটোৰে চাৰিটামান কোঠা পাৰ হৈ আন এটা কোঠা- গৱেষণাগাৰ। মানুহজনে লাহেকৈ দুৱাৰখন ঠেলা মাৰি মূৰটো সুমুৱাই দি কাৰোবাক ক’লে, “ছাৰ, আপোনাক লগ ধৰিবলৈ এজন লোক আহিছে। আহিব দিব পাৰোঁনে?”

 মই ভিতৰত সোমায়ে ছাৰক নমস্কাৰ জনালোঁ। ছাৰে টেবুলতে কিছুমান আইনাৰ নল, বাতি, বাৰ্ণাৰ লৈ কিবা কৰি আছিল। মূৰটো নুঠুৱাকৈয়ে প্ৰতি নমস্কাৰ দিলে৷ তাৰ পিছত কপৌ চৰাইৰ দৰে বেঁকাকৈ চাই পুনৰ তলমুৱাকৈয়ে ক’ৰপৰা আহিছোঁ, কি কামত আহিছোঁ, নাম-ধাম আদি সুধিলে।

 মই ভাবিলোঁ, এইখন ভট্টদেৱ বিশ্ববিদ্যালয় যেতিয়া ইয়াত সম্ভৱ ভট্টদেৱৰ গদ্যলেখীয়া ভাষাৰেই কথা পাতিব লাগে। তেওঁৰ গদ্য আছিল সংস্কৃত গন্ধী আৰু লয়যুক্ত অসমীয়া, যেনে-“— যেমনে কাষ্ঠ সমূহক প্ৰজ্জ্বলিত অগ্নিয়ে ভস্ম কৰে, তেমনে জ্ঞানাগ্নিয়ে প্ৰাৰব্ধ বিনে সকলো কৰ্মক ভস্ম কৰে।” —হে পাৰ্থ, কুৰুবীৰ সৱক চক্ষু মেলি দেখা। তাত অৰ্জুনে পিতৃব্য-পিতামহ আচাৰ্য্য-মাতুল, ভ্ৰাতৃ ভ্ৰাতৃপুত্ৰ, পৌত্ৰ-সখী, শশুৰ সুহৃদসৱ দুই সেনাতে দেখিলা।” (কথা গীতা) ইত্যাদি। এনে মধুৰ শব্দধ্বনিযুক্ত কৰি ক’বলৈতো মোৰ বোপাৰো ক্ষমতা নাই৷ তথাপি সেই বাপেকৰে পুতেক হিচাপে মই ভট্টদেৱক সুঁৱৰি ক’লোঁ,

 “হে গৱেষক গুৰুদেৱ! হামু অনেক বিপদে পৰিয়া আপোনাৰ কাষ চাপিলন্ত৷ হামু কতেক মাহ আগে এক ভজলুক বৃক্ষ টাবত ৰোপণ কৰাইলা। তাৰ পশ্চাত বৃক্ষত ফল আইলা। সুন্দৰ ফল দেখিয়া হামাৰ জিহ্বা লকলকাইতে লাগিলে। পাছে একদিন এক ফল আনিয়া অন্নসহিত ভক্ষণৰ মন কৰি যেমনে কামোৰ মাৰিলা তেমনে তিক্ত আৰ কেঁহা কেঁহা লাগল। এহি ঘটনাই আমাৰ জিহ্বা কুঁচি-মুচি খাইয়া গেইল। সেই ভজলুক ফেলে দিয়া বিনে আমাৰ কিছু গতি না ৰইল। হামু বহুত দুঃখী ভইল, চিন্তিত হইল। হে গুৰুদেৱ! কিমতে ভজলুকে জালা আনিতে পাৰি, তাৰ উপায় মাগিতে হামু আপোনাৰ চৰণ চাপিলন্ত৷’’