পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫

স্থিতপ্ৰজ্ঞ

এদিন শিলটো পাহাৰৰপৰা
বাগৰি পৰিছিল পানীৰ সোঁতত
 জলপ্ৰপাতে তাক বগৰাই আনিছিল
 বাগৰি বাগৰি সি ভাগৰি পৰিছিল।
 ভাগৰি ভাগৰি এটা গাঁতত সি শুই পৰিছিল৷
 গাঁওৰ বেৰে তাক সুৰক্ষা দিছিল আৰু
 এতিয়া সি সুৰক্ষিত আৰু গৰ্বিত স্থিত প্ৰজ্ঞ।
বহুতো সৰু-সৰু শিলো জলপ্ৰবাহত
তাৰ কাষেৰে উটি গৈছিল; বহুতে তাৰ
গাত ভেজা দি থমকি ৰ’বলৈ বাধ্য হৈছিল।
 এতিয়া সেইবোৰ সৰু শিলৰ বাবে সেই
 স্থিতপ্ৰজ্ঞ শিলটো হ'ল জীৱনদায়ী ভগৱান।
সেই সৰু শিলবোৰে তাক পূজা কৰে;
নাম-গুণ গাই সদা-সৰ্বদা একেখন ঠাইক
মুখৰিত কৰি ৰাখে নাচি বাগি গাই চিঞৰি।
 সৰু শিলবোৰে পিন্ধায় তাক শেলুৱৈৰ মালা
 সিহঁতৰ মানত পৃথিৱীৰ সকলো নিছলা।
ফেচবুকৰ জলসোঁতলৈ সি কেৰেপ নকৰে,
কেৰেপ নকৰিবলৈ সৰু সৰু শিলবোৰে
স্থায়ী কৰিছে তাৰ বল, সাহস আৰু গৌৰৱক।
 ফেচবুক জলৰাশিৰ প্ৰচণ্ড সোঁত বৈছে
 স্থিতপ্ৰজ্ঞৰ ওপৰেৰে, কাষেৰে, তলেৰে
 স্থিতপ্ৰজ্ঞৰ নাই সেইবোৰলৈ কাণসাৰ।