সীতা মাতাক উদ্ধাৰ কৰাৰ সময়তো সাগৰত সেতু বন্ধাকে ধৰি ৰাৱনৰ লগত যুদ্ধ
কৰাতো আমাৰ বান্দৰবোৰেই মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। আনকি ইয়াৰ মানুহে
কয়, মানুহৰ জন্মও বোলে বান্দৰৰ পৰাই হৈছিল। কিন্তু এতিয়া দেখিছোঁ, সেই
ঐতিহ্যময় বান্দৰৰ ঠাইত মানুহৰ সংখ্যাই সৰহ। যি অলপ-অচৰপ বান্দৰ আছে,
সিহঁতেও থাকিবলৈ বন-জংঘল নোহোৱা হ’ল, খাদ্য হেৰাইছে আৰু থাকিবলৈও
মানুহৰ ঘৰৰ ছাল, মন্দিৰ আদিৰ আশ্ৰয় ল’বলগীয়া পৰিস্থিতি হৈছে। এনে দৃশ্যই
মোৰ হৃদয় একেবাৰে চূৰ্ণ কৰি দিছে প্ৰভু!
আৰু এটা কথা। এই বান্দৰৰপৰা সৃষ্টি হোৱা মানুহবোৰে আগৰ নিজৰ সুন্দৰ জোঙা মুখবোৰ আঁতৰাই আপোনাৰ দৰে সমান মুখ ধাৰণ কৰিছে। মোৰ সন্দেহ হয়, আপোনাৰ অনুপস্থিতিত এই পাপী মানুহবোৰেই আপোনাৰ স্থান লোৱাৰ ষড়যন্ত্ৰ কৰিছে বুলি। হওঁতে সিহঁতে মুখ সমান কৰিলেও আপোনাৰ দৰে সুন্দৰ, সুঠাম আৰু শক্তিমান কাহানিও হ’ব নোৱাৰে! কিন্তু বহিবলৈ পালে শুবলৈ বিচৰাৰ দৰে এইখন মুখকে লৈ নিজকে শ্ৰীৰাম শ্ৰীৰাম বুলি গৌৰৱ কৰিব পাৰে বুলিহে মোৰ সন্দেহ হৈছে। দুই এজনেতো এতিয়া আপোনাৰ লগত তুলনা কৰিবলৈ আৰম্ভই কৰি দিছে বোলে ‘মই ৰামৰাজ্য পাতিম, সুশাসন দিম, মোক ভোট নিদি কাক দিবা’ আদি। পিছে শাসনৰ নামত ফুচ্!
শ্ৰীৰামচন্দ্ৰ— কথাটো ময়ো লক্ষ্য নকৰা নহয়। সিহঁতৰ কাণ্ড-কাৰখানা মই চাইহে আছোঁ। পিছে ভয় কৰিবলগীয়া নাই। মোৰ দৰে হ’বলৈ সিহঁতৰ বাপেকৰো সাধ্য নাই।
হনুমান— হ’লেও প্ৰভু! ৰসতে নাম থ’ব নোৱাৰিনে?
শ্ৰীৰাম— মানে তুমি কি ক’বলৈ বিচাৰিছা?
হনুমান—মানে, ইচ্ছা কৰিলে আপুনি এই মানুহবোৰক বান্দৰ কৰি দিব পাৰে। সেয়ে হ'লে আমাৰ বান্দৰ কুলো ৰক্ষা পৰিব আৰু ইহঁতৰ অহংকাৰৰ নোহোৱা হ’ব।
শ্ৰীৰাম— সেইটো মোৰ বাবে এটা টিলিকাৰ কাম। কিন্তু এজন দুজন হ’লে কথা নাছিল, এই ভাৰস্তত এনে প্ৰাণী কৌটি কৌটি আছে। ইমানবোৰক বান্দৰ কৰি পেলোৱাটো অন্যায় হ’ব। তদুপৰি বৰ্তমানৰ এইচাম মানুহৰ কোনো দোষ নাই। ইহঁতৰ পূৰ্বপুৰুষ সকলেহে চক্ৰান্ত কৰি মোক দেখি এইবোৰক সমান মুখৰ