পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮


 মামুৰ কথাত মই একপ্ৰকাৰ হতভম্ব হৈ পৰিলোঁ। কালি মাত্ৰ মোৰ বিবেকক কৈ উঠিছিলোঁহে যে কোনো তন্ত্ৰ-মন্ত্ৰ, পূজা-পাতলত মোৰ বিশ্বাস হেৰাল বুলি। এনেস্থলত মামুক এই চাকি জ্বলোৱা কাৰ্য্য কৰিবলৈ দিমনে? বিবেকক গোপনে সোধাত মোৰ কাণে কাণে ক'লে, “চা, মামু আহিছে তোৰ ঘৰলৈ প্ৰথম বাৰ, তাকো তোৰ উপকাৰৰ চিন্তা কৰি। কোনো ধৰণৰ ক্ষতি কৰিবলৈ নহয়। চাকিগছি জ্বলোৱাত একো হানি নাই। সেইবোৰ কথা পিছত কমিটীৰ মিটিঙতো আলোচনা কৰিব পাৰিবি। আজি মামুক এনেকৈ উভতি যাবলৈ দিলে তেওঁৰ প্ৰতি ভীষণ অপমান হ'ব। গতিকে দি দে।”

 ভাবি থাকোঁতে মামুৱে ক'লে, “ছাৰ, কি ভাবিছে? যদি কিবা আপত্তি আছে মই যাওঁ, তেখেত ৰৈ আছে।

 মই টোপনিৰপৰা সাৰ পোৱাৰ দৰে ঘপহকৈ ক'লোঁ, “নাই নাই, আপত্তি কিহৰ। আহা মোৰ লগত।” এইবুলি মই তেওঁক ওপৰ মহলালৈ নি একেবাৰে গছডালৰ ওচৰ পোৱালোঁ। লহপহীয়া গছডাল দেখিয়েই মামুহে উল্লাসত কৈ উঠিল, “আঐ দেহী! ইমান ধুনীয়া জলকীয়া পায়! মই আগতে দেখাই নাছিলো!

 মোৰ তেজ মূৰৰপৰা ভৰিলৈ গৰম হৈ উঠিল। এনেয়ে ফেচবুকৰ ছবি চায়ে কাৰোবাৰ নজৰত এইজোপাৰ এনে গতি হ’ল,তাতে আকৌ এইজনীয়ে একেবাৰে সন্মুখতে কৈ পেলালে। আৰু বা কি ঘটনা ঘটে! মই মামুই নেদেখাকৈ গছজোপা নজৰ কৰি মুখেৰে তিনিবাৰ ‘থুই-থুই- কৰি’ অলপ থু ‘স্পে’ কৰি দিলোঁ, যাতে মুখ লগাটো বন্ধ হয়। কিন্তু ভদ্ৰতাৰ খাতিৰত তেওঁক একো নক'লোঁ।

 মামুৱে ক'লে, “ছাৰ। থাল এখন দিব পাৰিবনে?”

 মই-“অ’, পাৰিমতো; ৰ'বা মই আনোগৈ।”

 এইবুলি মই পাকঘৰলৈ গৈ ডাঙৰ কাঁহৰ কাঁহীখন আনিবলৈ গ'লোঁ। মই ঘুৰি আহি পোৱাৰ আগতে মামুৱে নতুন ফুলাম গামোচা এখন গছডালত পিন্ধাই দিছেই৷ মই থালখন তেওঁৰ আগত থোৱাত তেওঁ মোনাৰপৰা চাকি, ধূপ, কেইটামান ফুল, বুট মাহ অলপ, আৰু একাখি মালভোগ কল উলিয়াই থালখনত ৰাখিলে। তাৰপিছত ধুপ-চাকি জ্বলাই গছজোপাৰ গুৰিত দি সেৱা এটা কৰি পদ্মাসন ভংগিমাত বহি বন্দনা গাবলৈ ধৰিলে-