“হে প্ৰভু জলৌগুটি তোমাৰ মহিমা অপাৰ
জলা ফিৰাই আনি প্ৰভু কৰা এই সাগৰ পাৰ।
ৰূপে-ৰসে-শৰীৰে নাই তোমা সম কোনো বৃক্ষ,
ছাৰসহিত আমাসৱক যাতে প্ৰভু নকৰা দুৰ্ভিক্ষ।
তোমাৰ যহতে মানৱে ভক্ষে শান্তিৰে এমুঠি অন্ন
ঘূৰাই আনা স্ব-জলাশক্তি, নকৰা আমাক বিষণ্ণ।
যতসাধ্যে অৰ্পিলোঁ তোমাক প্ৰসাদ ধূপ-দীপ
দায়-দোষ মৰষাৰ প্ৰাৰ্থনাৰে পালোঁ তোমাৰ সমীপ।
এনেদৰে প্ৰাৰ্থনা-বন্দনা কৰি পুনৰ অষ্টাংগ প্ৰণাম কৰি মামু থিয় হ'ল। তাৰ পিছত মুদিত নেত্ৰে অস্পষ্ট স্বৰেৰে কিবা কৈ সেৱা জনালে।
মই ক'লোঁ, “জলকীয়া নিম বুলিছিলাযে! দুটা ছিঙি দিম নেকি?”
মামু, “নালাগে ছাৰ, আজি নিনিওঁ। একসপ্তাহমান পিছত যেতিয়া জলা হ'ব নহয়, তেতিয়া নিম। চো মই যাওঁহে ছাৰ!
মই— “চাহ নোখোৱা?”
মামু- “আজি নালাগে ছাৰ! বাত (but) পিছত নিমেই। আজি মোৰ ‘লেট’ হ’ব। তেখেতে মোক ওৱেট কৰি থাকিব।”
এইবুলি মামুৱে লৰালৰিকৈ ওলাই আহিল। মই তেওঁক একেবাৰে গাড়ীৰ
ওচৰলৈ আগবঢ়াই থৈ আহিলোঁ। ভাবিলোঁ, ‘এইবোৰহে বন্ধু!’