বিবেকে হাঁহি হাঁহি কঁকাল বেঁকা কৰি সন্মুখফালে হালি গ'ল। তাৰপিছত পেটটোক সোঁ-হাতখনেৰে খামুচি ধৰি উশাহটো স্থিৰ কৰি ক'লে, “মই বহুত মূৰ্খ দেখিছোঁ, কিন্তু তোৰ দৰে জধা মূৰ্খ দেখা নাছিলোঁ। আৰে গাধ! ৰক্তৰ নদী বলিশালৰ কাষৰ নলীয়েদি বৈ গৈ নদীত পৰে। এটুপিও কোনো দেৱীয়ে নাপায়। সিহঁতৰ মূল প্ৰয়োজন বলি দিয়া জীৱবোৰৰ দেহবোৰ।”
মই ক্ষন্তেক থমকি ৰৈ ক'লোঁ, “দেহবোৰ কি কৰে সিহঁতে?”
—সেইবোৰ নাচি বাগি খোৱাটোৱে সিহঁতৰ প্ৰমোদ-প্ৰসাদ, মানে, দেৱীৰ নামত উৎসৰ্গিত প্ৰসাদ।
মই ক'লোঁ, “তাৰমানে সিদিনা মই কোৱা কথাটোৱে সত্য!”
বিবেক-“কি?”
-“এই যে দেৱতা বা প্ৰকৃতিৰ সৃষ্ট সম্পদসমূহ ধ্বংস কৰি কেৱল মানুহে অকলে, নিৰ্বিচাৰে উপভোগ কৰিব বিচাৰে!”
বিবেক— “মগজুটো অলপ খটুৱাইছিলিচোন। বাকীখিনি কিয় এৰিলি? সেই লাইনতে ভাবি গ’লে কিজানি তোৰ মাথাটোত অলপ হ'লেও সাৰ সোমালেইহেঁতেন!”
মই—“তই অৱশ্যে ঠিকেই কৈছ। কিন্তু এই যে বিশ্বাসত বিশ্বাসী বন্ধুবোৰ- মানুহবোৰ, তেওঁলোকেচোন আগলৈ ভাবিবও নিদিয়ে। সেইবাবেইহে ময়ো পাৰবোৰ আনিছিলোঁ!”
বিবেক-“মূৰ্খ! এটা “কেচ” (উদাহৰণ) মোক দেখুৱাই দেচোন যে দেৱ-দেৱীৰ ওচৰত জীৱ উৎসৰ্গা কৰাৰ ফলত কোনো এজনৰ কোনো মনোবাঞ্ছা পূৰণ হৈছে বুলি! হোৱা হ'লে আজি এজন মানুহো দুখীয়া, অসুখী, বেমাৰী, বৃদ্ধ, মৃত্যু নহ'লহেঁতেন।
মই—“বাৰু ভাই বিবেক! দেৱীয়ে যে কেৱল মানুহৰ বাবে মংগল কৰে, বাব জীৱৰ বাবে কিয় নকৰে?”
বিবেক—“সেইবাবেই মই তোক মূৰ্খৰো মূৰ্খ বুলি কৈছোঁ। দেৱীৰ বাবে (যদি আছে) মানুহ যেনে, বাকী সকলো জীৱও তেনে। কিন্তু দুৰ্ভাগ্যবশতঃ সিহঁত নিমাত৷ যেনেকৈ জন্ম লৈছে, তেনেকৈয়ে সহজভাৱে সেই ধৰ্ম পালন কৰিয়ে জীয়াই থাকিবলৈ বিচাৰে; কোনো লালসা নাই। কেৱল ত্যাগ কৰিব জানে।