পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লেখকৰ এষাৰ

“জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য” এখন ৰসিক উপন্যাসধৰ্মী ৰচনা তথা মোৰ দ্বাৰা ৰচিত কিছু কবিতাৰ সংকলন। এই আটাইবোৰেই ইতিমধ্যে ফেচবুক যোগে প্ৰচাৰিত।

 ৰসিক উপন্যাসখনৰ সৃষ্টি এজোপা জলকীয়াৰ জলা গুণ নোহোৱা কথাক ভিত্তি কৰি কৰা হৈছে। প্ৰাথমিকভাৱে জলকীয়া জোপাৰ কথা ধেমালিৰ চলেৰে ফেচবুকত প্ৰচাৰ কৰোঁতে বন্ধুসকলেও নানান ধেমেলীয়া মতামত আগবঢ়াই খণ্ডবোৰ আগবঢ়াই নিবলৈ উৎসাহিত কৰিছিল। বন্ধুসকলৰ আকৰ্ষণতে উৎসাহিত হৈ খণ্ড খণ্ডকৈ কাহিনীভাগ আগবঢ়াই নিবলৈ বাধ্য হৈ পৰিছিলোঁ। পাঠক বন্ধুসকলৰ মাজত অতি প্ৰিয় হৈ পৰা কাহিনীভাগক লৈ আনকি এখন পুথি প্ৰকাশ কৰাৰ বাবেও বহুতৰেপৰা অনুৰোধ পাইছিলোঁ। কিন্তু মাত্ৰ এঘাৰটা খণ্ডই এখন উপন্যাসৰ বাবে প্ৰয়োজনীয় কলেৱৰ পূৰ্ণ কৰিব নোৱাৰে দেখি তাৰ লগত আন কেইখনমান ৰস ৰচনা আৰু কবিতা সন্নিবিষ্ট কৰি পুথিখন প্ৰকাশ কৰাৰ বাবেও কেবাজনো বন্ধুৱে পৰামৰ্শ দিলে। এই ক্ষেত্ৰত মোৰ ফেচবুক বন্ধু, সু-লেখিকা প্ৰণামিকা অধিকাৰীয়ে আনকি পুথিখনৰ সম্পাদনা কৰাৰ দায়িত্বও লৈ মোক বিশেষভাৱে উৎসাহিত কৰিলে। প্ৰণামিকালৈ মোৰ আন্তৰিক মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰকৃততে ক'বলৈ গ'লে এই পুথিখন মোৰ ফেচবুক বন্ধুসকলৰ উৎসাহ আৰু মৰমৰ ফল। মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 অতি কম সময়তে পুথিখনৰ ছপা কাৰ্য্য সম্পন্ন কৰি দিয়াৰ বাবে বন্ধুবৰ, পূৰ্বাঞ্চল প্ৰিণ্টচ ছপাশালৰ স্বত্বাধিকাৰ শ্ৰী ৰাজনাথ পাল আৰু তেওঁৰ কৰ্মীবৃন্দলৈ শলাগৰ শৰাই আগবঢ়ালোঁ। পাঠকসকলে পুথিখন আকোৱালি লৈ গঠনমূলক পৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ।

-সুৰেন গোস্বামী