মোৰ কথা শুনি ছাৰে খিলখিলাই হাঁহিবলৈ ধৰিলে। মই আচৰিত হৈ সুধিলো,
“হাস্য কৰন্ত? ই কেমন কথা মহোদয়?”
ছাৰে মোৰ ফালে নোচোৱাকৈয়ে লাহেকৈ ক’লে, “আপোনাৰ হেল্থ ঠিক আছেতো? যি ক’বলৈ আহিছে অসমীয়াতে কওক বা ইংৰাজীত কওক।”
মই বোলোঁ, “এয়াতো ভট্টদেৱৰে খাঁটী অসমীয়া ভাষা!”
ছাৰ— আপুনি বৰ্তমানৰ অসমীয়া বা ইংৰাজী কওক। আমি বিজ্ঞানৰ মানুহ। কোন ভট্টদেৱ, কি ভাষাত কৈছিল, সেইবোৰ আমাক নালাগে। যদি সেই সম্পৰ্কত আহিছে, তেন্তে আমাৰ ভাষা বিভাগলৈ যাওক। ইয়াত মোৰ মূৰ গৰম নকৰিব।”
মই— নহয় ছাৰ, মোৰ কাম আপোনাৰ লগতে। মানে, মোৰ জলকীয়াত আপোনাৰ বিজ্ঞানেৰে জলা আনি দিব পাৰিব বুলিহে আশা কৰি আহিলোঁ।
ডঃ তালুকদাৰে পুনৰ হাঁহি মাৰি এইবাৰ কিছু গম্ভীৰভাৱে ক'লে, “এটা কথা কওকচোন। ধৰক আপুনি মৰিল। মই আপোনাক জীয়াব পাৰিমনে?”
মই— “নোৱাৰে বুলি জানো। কিন্তু জলকীয়াত জলা আনিব পাৰিব বুলি ভাবিছিলোঁ। এনেয়েচোন আপোনালোকে ঘোঁৰাক গাধ, পহুক ছাগলী আদি ধৰণে জন্তুবোৰৰ সাল-সলনি কৰিয়েই থাকে!”
ছাৰ—“সেইবোৰ বৈজ্ঞানিকভাৱে পৰিৱৰ্তন কৰা প্ৰণালী। কিন্তু জীৱ দান দিব নোৱাৰে। ভগৱানপ্ৰদত্ত জীৱৰ মৌলিক গুণাৱলী সলাব নোৱাৰি। তাকে আজন্ম স্বভাৱ বুলি কয়।”
মই ভাবিলোঁ, তাৰমানে এওঁলোকেও ভগৱানৰ সৃষ্টিক স্বীকাৰ কৰে। পেটৰ কথা পেটতে ৰাখি পুনৰ ক’লোঁ, “তেন্তে জলকীয়াজোপাকো পৰিৱৰ্তন কৰি জলাযুক্ত কৰি দিয়ক।”
—“পৰা যাব। কিন্তু বহু পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব। আপোনাৰ জলকীয়াৰ জাত, ৰোৱা স্থানৰ মাটি, সাৰ-পানী দিয়াৰ ব্যৱস্থা ইত্যাদিবোৰ পৰীক্ষা-নিৰীক্ষা কৰিহে কিবা সিদ্ধান্ত ল’ব লাগিব।”
—-“মই এই দুটা জলকীয়া লৈয়েই আহিছোঁ। আপুনি পৰীক্ষা কৰি কামটো কৰি দিয়ক।”