পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০

মই দেখুৱাই দিম, তাকো প্ৰচলিত, পাৰম্পৰিক কাৰ্য্য ব্যৱস্থাৰে— দেখুৱাই দিম অসমৰ যাদু-মন্ত্ৰ, পাৰম্পৰিক বিশ্বাসকে সৰোগত কৰি কেনেকৈ এটা ক্ষুদ্ৰ জলকীয়াৰ গৰ্ব চূৰ্ণ কৰি কেৱল মোৰ হিতৰ বাবেই তাৰ সোৱাদৰ পৰিৱৰ্তন কৰিব পাৰোঁ।

 পাৰম্পৰিক ধৰ্মীয় বিশ্বাসজনিত প্ৰক্ৰিয়াবোৰে কিমান মানুহৰ মনোকামনা পূৰণ কৰিছে, তাকো বিচাৰ কৰাৰ মোৰ প্ৰয়োজন নাই। মই জানো, সেইবোৰ মানুহে কৰি আছে, দেখিছোঁ, শুনিছোঁ— বচ। লাখ লাখ জনতাই আপত্তিবিহীনভাৱে গঢ়ি লোৱা বিবেকক, বিশ্বাসক প্ৰতিহত কৰাৰ মোৰ অধিকাৰ নাই, কাৰণ এই লাখ লাখ জনতাৰ মাজত ময়ো এটা ক্ষুদ্ৰ প্ৰাণী। ইয়াত মোৰ নিজা যুক্তি, বিবেক খাটিব নোৱাৰে। বিশ্বাস আৰু যুক্তি এটা মূদ্ৰা নহয়, বা এটা মূদ্ৰাৰ ইপিঠি সিপিঠিও নহয়। য’ত বিশ্বাস অধিক, তাত যুক্তি নাখাটে। যুক্তিক যিয়ে বিশ্বাস কৰে, সি বিশ্বাসক বিশ্বাস নকৰে। যুক্তিৰ পথ কঠিন, বিশ্বাস থোৰতে প্ৰাপ্ত। মই কঠিন পথ ল’ম কিয়? সেয়ে কৈছোঁ, বিবেক আৰু বিশ্বাস দুটা ভিন্ন পথ। বিবেকজনিত বিশ্বাসতকৈ বিশ্বাসজনিত বিশ্বাসৰ প্ৰাধান্য অধিক; মানৱ সমাজে যুগে যুগে তাকেই প্ৰমাণ কৰি আহিছে। বিবেকক একাষৰীয়া কৰি কৰা বিশ্বাসেই বিশ্বাসজনিত বিশ্বাস বিবেকবিহীন বিশ্বাস। ই সহজলভ্য। প্ৰাধান্য লাভ কৰা এই বিশ্বাসকে যদি মই গুৰুত্ব নিদিওঁ, তেন্তে নিশ্চয় মই এজন সমাজচ্যুত ব্যক্তি যিটো মই হ’বলৈ নিবিচাৰোঁ। হয়তো মোৰ বন্ধুসকলেও পাৰম্পৰিক ব্যৱস্থাসমূহৰপৰা কোনো ফলাফল স্বচক্ষে নেদেখিলেও বিশ্বাসকে বিশ্বাস কৰি সমাজত বৰ্তি থকাৰ উপায় হিচাপে গ্ৰহণ কৰিছে, আৰু মোৰ মংগলৰ বাবেই বিশ্বাসক পালন কৰিবলৈ উপদেশ দিছে। গতিকে মই বন্ধুৰ বিশ্বাসত বিশ্বাস ৰখাও মোৰ কৰ্তব্য, আৰু তাকে কৰিম

 বন্ধুৱে দিয়া শক্তিশালী পৰামৰ্শৰ অন্যতম হ’ল দেৱীৰ ওচৰত হাঁহ বা পাৰ উৎসৰ্গাকৰণ। সেয়ে মোৰ তৃতীয় কাৰ্য্যকৰী ব্যৱস্থা হিচাপে এযোৰ পাৰ লৈ পালোঁ ওচৰতে থকা এটা শক্তি পূজাৰ মন্দিৰ- য'ত আজিলৈকে হাজাৰ হাজাৰ জীৱৰ (মানুহৰ বাদে) ৰক্তপান কৰি দেৱী সন্তুষ্টা হৈছে আৰু ভক্তৰ মনোবাঞ্ছা পূৰণ হৈছে বা হ'ব বুলি বিশ্বাস কৰা হৈছে।

 ‘লকডাউন’ৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ। কোনো ভক্ত তালৈ যোৱা নাই। মই গেটৰ মুখত থিয় হোৱাৰ লগে লগে ৰঙা ধূতি পৰিহিত এজন ব্ৰাহ্মণ ওলাই আহিল৷