অন্য ঠাইত মই প্ৰায় ৰোৱাই নাই। অৱশ্যে একশ কি-মি- দূৰত্বত থকা বেজকুছি গাঁৱত অলপ সময়ৰ বাবে সোমাইছিলোঁ, কাৰণ ইয়াৰপৰাই মই জলকীয়া পুলিটো নিছিলোঁ। তাত অনুসন্ধান কৰিলোঁ যে তাৰ বংশৰ অন্য গছবোৰৰ জলকীয়াও মোৰ দৰে তিতা-কেঁহাযুক্ত হৈছে নে জলা হৈছে। গম পালোঁ, সেইচামৰ সকলো জলকীয়াত সুন্দৰ জলা আছে। এখন আঞ্জাত এটা দিলেই হৈ যায়, চকু-মুখ ফৰফৰাই যায়, ঠাণ্ডা পানী খাই খাই তৎ হেৰুৱায়। পঁইতা ভাতৰ লগত, কেঁচা চকলিওৱা আম, খুন্দি লোৱা বগৰি, পঁইতা ভাত, আচাৰ- য’তেই নিদিয়ক, সেই জলকীয়াই সিহঁতৰ মহান তেজস্ব গুণ প্ৰদৰ্শন কৰি জলাকলা দেখুৱাবই, যেনেদৰে টিভি চেনেলত কেইজনমান বিশেষ ব্যক্তিয়ে যিকোনো বিষয়তে জ্ঞানৰ পৰিচয় দি শ্ৰোতাসকলৰ আগত তেওঁলোকৰ জ্ঞানৰ সঁফুৰা দাঙি ধৰে। সেয়ে মই নিশ্চিত হ’লোঁ যে মোৰজুপি জলকীয়াত নজৰ লগাটো খাটাং।
মই একেজাপে উঠি পুনৰ গাড়ীখন লৈ যাত্ৰা কৰিলোঁ। তাৰপৰা ছয় কিলো মিটাৰ দূৰৈত, পাঠশালাৰ মূল বাছ আস্থান পোৱাৰ প্ৰায় আধা কি. মি. আগতে, ৰাষ্ট্ৰীয় ঘাই পথৰপৰা বাঁওফালে নামি যোৱা পথেৰে গতি কৰিলোঁ। ৰাষ্ট্ৰীয় ঘাই পথটো হোৱাৰ আগতে এইটোৱেই আছিল পাঠশালা বজাৰ, ৰেল ষ্টেচন, বৰপেটা আদিলৈ যোৱা প্ৰধান পথ। বৰ্তমান ইয়াৰ গুৰুত্ব মাত্ৰ কলেজলৈ আৰু বজাৰলৈহে সীমিত হৈছে। সেই হিচাপে কলেজখনলৈ ই এক আশীৰ্বাদো হৈ পৰিছে, কাৰণ গাড়ী-মটৰৰ শব্দ প্ৰদূষণ, ধূলি-বালি আদিৰপৰা শিক্ষানুষ্ঠানখনে ভালেখিনি সকাহ পাইছে।
মই গাড়ীখন পথৰ দাঁতিতে ৰাখি বিশ্ববিদ্যালয়ৰ তোৰণখনলৈ চাই সেৱা এটি কৰিলোঁ। চৌদিশে পকী দেৱাল। চিৰিছ গছকে ধৰি অন্যান্য গছেৰে চৌহদটো বাহিৰৰপৰাই এক প্ৰাকৃতিক সৌন্দৰ্য্যৰ বান্ধোনত সোমাই পৰিছে বুলি বুজা যায়। আধা খোলা গেটখনেৰে সোমাই যাওঁতেই দেখিলোঁ এক নিৰ্জন পৰিৱেশ। দুই- চাৰিজন লোক অ’ত ত’ত দেখাৰ বাদে তাত নিৰ্জনতা। ’লক ডাউন’ৰ বাবেই যে তাত এনে পৰিৱেশ হৈছে, সহজেই বুজিলোঁ। দুৱাৰমুখ পোৱাৰ আগতেই এজন লোক ওলাই আহি সুধিলে, “কাক বিচাৰিছে?”
মই ক’লোঁ, “মই বিশেষ এটি অনুসন্ধানৰ বাবে আহিছোঁ। উদ্ভিদ বিদ্যা বিভাগৰ কোনো অধ্যাপক আছে নেকি?”