আনি আপোনাৰ নামত পূজাটো আগবঢ়াম। হা, অৱশ্যে লগতে ধূপ, ধূনা, চাকি, বস্ত্ৰ, ফলমূল, প্ৰসাদ আৰু পুৰোহিতৰ সামান্য মাননিৰ বাবত মাত্ৰ দুহেজাৰ দি গলেই হ'ল। এনে মহান কৰ্মত আহিও আপুনি ফিৰি যাব লগা হোৱাত মই বৰ দুখ পাইছোঁ। চিন্তা নকৰিব। এইবোৰ আইৰে মহিমা। মই আপোনাৰ কৰ্ম সমাধান কৰিম। কৰ্ম হোৱাৰ লগে লগে মই আপোনাক ফোন কৰি জনাম আপুনি আহি প্ৰসাদ লৈ যাব।”
মই মহা বিমোৰত পৰিলোঁ। চিন্তিত হ'লোঁ, ‘পূজাভাগ মোৰ সন্মুখতে হোৱা হ'লে ভাল আছিল। দেৱীয়ে পাৰৰ ৰক্ত পান কৰিব; সেই ৰক্ত যে মোৰ প্ৰদত্ত পাৰৰপৰাই পাইছে, সেই কথাতো অন্ততঃ দেৱীয়ে জানিব লাগিব, মানে দেৱীয়েতো মোক স্ব-চক্ষে দেখিব লাগিব!’
অলপ সময়ৰ বাবে হলেও মোৰ বিশ্বাসক একাষৰীয়া কৰি বিবেকৰ শৰণাপন্ন হ'বলৈ মই বাধ্য হ'লোঁ; বাধ্য কৰালে সন্মুখত থকা পুৰোহিতজনেই। কিছুপৰ তলমূৰকৈ ইফালে-সিফালে চকু ফুৰাই লাহেকৈ ক'লোঁ, “আপুনি উচিত পৰামৰ্শকেই দিছে। তথাপি মই আইক নিজে সেৱা এটি কৰি ভোগভাগ দিব পৰা হলে শান্তি পালোঁহেঁতেন। সেয়ে ভাবিছোঁ, মই লকডাউনৰ পিছত এদিন আহি উৎসৰ্গাভাগ দিয়া ভাল হ'ব।”
পুৰোহিতে মৌন হৈ মোৰ ফালে নিৰাশ মনেৰে কিছুপৰ চাই লাহেকৈ ক'লে, “সেইটো আপোনাৰ ইচ্ছা। “এইবুলি ঘপহকৈ পিছমূৰ দি গুচি গ'ল।
(৫)
শক্তি দেৱীৰ মন্দিৰত মোৰ কাম সিদ্ধি নহ'ল; নহ’ল মানে মই ‘ফেচ টু ফেচ’ দেৱীক দেখা কৰি তেওঁৰ মতলব কি বুজিব নোৱাৰিলোঁ; নোৱাৰিলোঁ মানে মোক সেই ব্ৰাহ্মণজনে সুবিধা নিদিলে। সুবিধা নিদিলে মানে, তেওঁৰ স্বাৰ্থ মই পুৰণ কৰিব নোৱাৰিলোঁ। অৰ্থাৎ মোৰ ওপৰত একপ্ৰকাৰ প্ৰতিশোধ লোৱা বুলি ভাবিবলৈ বাধ্য হৈছোঁ, কাৰণ মোৰ পাৰযোৰ আৰু অন্যান্য দাবী কৰা সামগ্ৰীবোৰ তেওঁ নাপালে।