বহুতোৰে বহু উপদেশ শুনি বহু ব্যৱস্থা ল'লোঁ। জৰা-ফুকা, মাদুলি আঁৰা, নাম-প্ৰসংগ কৰা আদি একো বাদ দিয়া নাই। আজি তোৰপৰাহে সত্য উদঘাটন হ’ল।”
গোপেশ্বৰে হাঁহি হাঁহি ক'লে, “আচলতে আপুনি গোবৰৰ মাটি দিয়া বাবে তেনে হ'ল। মোৰো এবাৰ তেনে হৈছিল। এতিয়া কৃষি বিজ্ঞানীসকলৰ উপদেশ শুনি শুনি আৰু খেতি কৰি কৰি আমাৰ এইবিলাক অভিজ্ঞতা হৈছে খুৰা। মোৰ কথাই যদি আপোনাৰ সামান্যও উপকাৰ সাধিছে, তেন্তে মই ধন্য।”
“তই ধন্য গোপে, তই ধন্য! তই খেতিয়কেই নহয়, খেতিৰ জীৱন। সিহঁতৰ স্বভাৱ-চৰিত্ৰৰ লগত একাকাৰ হৈ পৰা তই প্ৰকৃতিৰে গঢ়া এজন মানৱ। তই মোক আজি ডাঙৰ জ্ঞান দিলি। মোৰ উদ্দেশ্য সফল হ’ল। ভগৱানে তোৰ মংগল কৰক৷
গোপেশ্বৰৰ চকু চলচলীয়া হৈ পৰিল। তলমূৰ কৰি কিছুপৰ ৰোৱাৰ পিছত লাহেকৈ ক'লে, “বলক খুৰা ঘৰলৈ; চাহ একাপ খাই যাব লাগিব। বহু বছৰৰ মূৰত আহিছে। এনেয়ে যাবলৈ নিদিওঁ।”
দুয়ো তাৰ ঘৰলৈ আহিলোঁ আৰু তাতেই চাহ-জলপান খাই, এটা স্বস্থিৰ নিশ্বাস এৰি মই উভতি আহিলোঁ।