বাকী খৰচ সাধাৰণ শাক-পাচলিৰ খেতি কৰি আৰু কিছুমানে অন্যান্য ঠিকা-ঠুকলি আদি ব্যৱসায় কৰি খৰচ মোকলায়। সেই হিচাপত বেছিভাগেই বহি থাকে বুলিবই পাৰি।
সেই অতীতত খেতিয়কসকলে ৰাতি পুৱাওঁ-নৌ পুৱাওঁতেই কান্ধত হালখন লৈ আৰু আগে আগে গৰুহাল হুঁ-হুঁকৈ খেদি পথাৰলৈ যোৱা ব্যস্ত জীৱন; কান্ধেৰে খপক-জপককৈ খোজ কাঢ়ি ধানৰ ডাঙৰি বৈ অনা দৃশ্য; শিল পৰা গোঁসাইকমল আলিৰে তলত লেম্প অঁৰা গৰু বা ম'হৰ গাড়ীৰ খৰক-খৰক শব্দ; ধানৰ বস্তা বা ডাঙৰি কঢ়িওৱা গাড়ীৰ গাৰোৱানে মাজনিশা লোকগীত গাই গাই গলত টিলিঙা অঁৰা গৰু-ম'হ খেদা শব্দ; চোতালত মৰণা মাৰোঁতে হৈ-হৈ কৈ গৰু খেদা মাত; আহু, শালি, বৰধান, জহা, বৰা আদি বিবিধ ধানৰ বাবে সুকীয়াকৈ বন্ধা ভঁৰাল ঘৰ; ভঁৰাল ঘৰৰ বেৰত ওলোমাই থোৱা ওখণি মাৰি, ধান চলা চালনি, কাঢ়নী ইত্যাদি ব্যস্ততাপূৰ্ণ আৰু মধুৰ দৃশ্যাৱলী আজি গাঁৱত নিমাত-নিতাল। কৰ্ম, জীৱন আৰু প্ৰকৃতিৰ মাজত তেতিয়া আছিল এক গাঢ়, এৰিব নোৱৰা সম্পৰ্ক। ৰ'দ, বৰষুণ, ধুমুহা আদি প্ৰাকৃতিক সম্পদবোৰ (বিপৰ্য্যয় বুলি নকওঁ) আছিল খেতিয়কসকলৰ পৰম বন্ধু! আৰু আজি সেইবোৰৰ কাৰো লগত কাৰো সম্পৰ্ক নাই। জীৱন এফালে, কৰ্ম এফালে আৰু প্ৰকৃতি থাকে অকলে এফালে। মোৰ জলকীয়াত জলা নোহোৱা হোৱাৰ দৰেই আজি গাঁওবোৰৰপৰা প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মানৱীয় ব্যস্ততা, ধৰ্ম-কৰ্ম আদি সকলোবোৰ লোপ পালে। বুকুখনত কিবা এটা বিষযেন অনুভৱ হ’ল। দীৰ্ঘ নিশ্বাস এটা অজানিতে ওলাই আহিল। মই গোপেশ্বৰক ক'লোঁ, “পৰিৱৰ্তন গোপে! পৰিৱৰ্তন! এয়া উন্নতি নে অধোগতি?”
গোপেশ্বৰে গাঁৱত থাকি গাঁৱৰ প্ৰতিটো পৰিৱৰ্তনৰ লগতে খোজ মিলাই আহি সহজ হৈ পৰা ব্যক্তি। সেয়ে এই পৰিৱৰ্তন তাৰ বাবে অননুভৱীয় আৰু সাধাৰণ। সেয়ে পুৰণি ইতিহাসে সম্ভৱ তাক আমনি কৰিবলৈ দিয়া নাই, আৰু আনহাতে নতুনেও তাক আকৰ্ষণ নকৰে। ঘড়ীৰ কাঁটা তিনিদালৰ যেনেকৈ ইয়াৰ বাৰটা সংখ্যাৰ কোনোটোৱে নতুন আৰু গুৰুত্বপূৰ্ণ নহয়, তেনেকৈয়ে গাঁৱৰ এই পৰিৱৰ্তনবোৰ গোপেৰ বাবে নতুন আৰু গুৰুত্বপূৰ্ণ নহয়। মেট্ৰিকৰ দেওনা পাৰ হৈয়েই সি খেতিত লাগিবলৈ বাধ্য হৈছিল। অৱশ্যে খেতিৰ কৌশল সি আধুনিকতাৰ প্ৰভাৱতে পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। মোৰ প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ সি অক্ষম।