পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫

প্ৰেমৰ ঠিকনা

দৈত্য নিশাৰ প্ৰলোভনত
নিদ্ৰামগ্ন হোৱাৰ সুযোগ লৈ
তুমি আহা সপোনত
বাস্তৱ পৰী হৈ।

 পুৱাৰ কিৰণে তোমাক
 যেতিয়া পাব খোজে
 নিবিড় আলিংগনেৰে
 তুমি সপোন হৈ পৰা
 অদৃশ্য বাসনা ৰূপে।
 তোমাৰ ঠিকনা মাথোঁ ‘প্ৰেম নামেৰে'।