আনন্দাশ্ৰু বৈ আহিল। নামতীসকল আৰু ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধাত অজানিতে শিৰ নত হৈ পৰিল। মোৰ অন্তৰত যেন এক নতুন আশাৰ সঞ্চাৰ হ’ল। যি জলকীয়াক মই অত দিন প্ৰায় এক ঘৃণাৰ দৃষ্টিৰে চাইছিলোঁ, আজি তাৰ প্ৰতি মোৰ কৃতজ্ঞতাত মূৰ দোঁ খাই পৰিল; কাৰণ এই জলকীয়াৰ বাবেই আনকি মোৰ পুত্ৰ-পৰিবাৰ আদি সকলোৰে মংগল সাধি, ধন ঐশ্বৰ্য্য, মান-সম্মানেৰে সম্বলিত হ'বলৈও আজি মই ৰাজহুৱাকৈ আশীৰ্বাদ পাবলৈ সক্ষম হ’লোঁ। কোৱা হয়, “ৰাইজে নখ জোকাৰিলে নৈ বয়।” সেয়ে যদি সত্য, তেন্তে এই ৰাইজৰ আশীৰ্বাদে মোৰ জলকীয়াক জলাযুক্ত কৰাৰ উপৰিও মোকো ধন-মান-সম্মানেৰে সমাজৰ উচ্চ আসনত অধিষ্ঠিত কৰিবই! এক গুলীত দুই চিকাৰ!
এক অনাবিল আনন্দ আৰু আশাত মোৰ মন উৎফুল্লিত হৈ পৰিল।
ইতিমধ্যে ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কাৰ্য্যসূচী আৰম্ভ হৈছে। ময়ো বহু দিনৰ পিছত লগ পোৱা গাঁওবাসীক থিয়ৈ থিয়ৈ নমস্কাৰ জনাই মাত-বোল দিছোঁ। হাঁহি মুখে নিজেও এখন চকীত বহি পৰিলোঁ। কাষত বহাজনে বৰ আপোন সুৰত ক'লে, “খুৰা, চিনি পাইছেনে? মই গোপেশ্বৰ। তেতিয়াহে মুখলৈ ভালকৈ চাই চিনি পাই— “হাৰে, গোপে তই? মই দেখাই নাছিলোঁ। বৰ ভাল লাগিল দেই বহু দিনৰ মূৰত দেখি! ভালে আছ, নহয়?”
গোপেশ্বৰ এই অঞ্চলৰে এজন আদৰ্শ খেতিয়ক। তাৰ বিভিন্ন প্ৰকাৰৰ আৰু ন ন-পদ্ধতিৰ খেতিয়ে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কাকতে-পত্ৰেও তাৰ খেতি সম্পৰ্কে বাতৰি ওলাইছে। আনুষ্ঠানিক শিক্ষাত অগ্ৰগতি লাভ কৰিব নোৱাৰিলেও খেতি-বাতি আৰু বাঁহ-বেতৰ কৰ্মত অতি পাকৈত। মোৰ কথা শুনি সি কলে- “আমি খেতিয়ক মানুহৰনো কি ভাল-বেয়া খুৰা? আছোঁ আৰু যেনি তেনি। আপোনাৰ সমস্যাটো শুনিহে বেয়া লাগিছে। চিন্তা নকৰিব। খেতিত এনে বিসংগতি হয়েই। আমিও বহুত ভুগিছোঁ।
মই—হ’লেও খেতিত তই বৰ নাম কৰিছ। তোৰ কথা শুনি আমি গৌৰৱান্বিত হওঁ। এতিয়া পিছে কি কি আছে? গোপে— (বৰ সাধাৰণভাৱে) নাই খুৰা! মানে বতৰৰ খেতি অলপ আছে। তাৰেই কিবাকৈ চলি আছোঁ। কাইলৈ আহক মোৰ ঘৰলৈ, খেতিখিনিকে চাব।
ময়ো তাৰ আমন্ত্ৰণ পাই “ৰাতিপুৱা যাম বাৰু” বুলি সন্মতি