মোৰ মূৰ গৰম হৈ পৰিল। পইচাও বেছি নাই, ৰাস্তাত যদি গাড়ীখনতে কিবা লগা হয়, কি কৰিম! কিন্তু উপায় নাই। দিবই লাগিব। মান সন্মানৰ প্ৰশ্ন আছে। শেষত পকেটৰপৰা টকা ডেৰ হাজাৰ উলিয়াই লৈ দেউৰ সন্মুখত থকা বঁটাখনতে প্ৰা ৰাখিলোঁ৷ লগত জলকীয়া দুটাও থ'লোঁ। প্ৰভুৱে অৱশ্যে চাহ-পিঠা খুৱালে। মই তেখেতৰ চৰণত সেৱা জনাই পুনৰ গুৱাহাটী অভিমুখে যাত্ৰা কৰিলোঁ।
পিছৰ শনিবাৰে দুপৰীয়া গা-পা ধুই প্ৰভুৱে কোৱা মতে মাদুলিটোত সেৱা এটি কৰি জলকীয়াৰ ডালত মেৰিয়াই দিলোঁ। পিছদিনা ৰবিবাৰে গছৰপৰা জলকীয়া ছিঙিবলৈ গৈ প্ৰথমে দক্ষিণমুৱাকৈ সেৱা এটিও কৰিলোঁ। তাৰপিছত ভাতৰ লগত খাবলৈ দুটা জলকীয়া ছিঙি ল'লোঁ। ইতিমধ্যে পকা জলকীয়া লাহে লাহে শুকনিমুৱা হৈছে। হয়তো জলাৰ প্ৰৱেশৰ বাবেও সামান্য লেৰেলা যেন হ'ব পাৰে। খুব সাৱধানতাৰে মই মাৰিলোঁ কামোৰ। একামোৰত নিছিগিল। এইবাৰ জোৰেৰে কামুৰি কুঁহিয়াৰ পকোৱাৰ দৰে পকাই দিলোঁ। এই বৈজ্ঞানিক প্ৰক্ৰিয়াত জলকীয়া ছিগি দুটুকুৰা হ'ল, কিন্তু জলাৰ জ-টোও নাই৷
ভাবিলোঁ, প্ৰভুইতো ভুল নকৰে! নিৰ্দেশ মতে সেৱা-সৎকাৰো কৰিছিলোঁ। ঘটনা কি? হয়, মনত পৰিল। প্ৰভুৱে মোক লঘোণে থাকিবলৈ দিছিল, কিন্তু মই যে ৰাতিপুৱা জলপান এবাতি খাইছিলোঁ, সেইটোক মই খাদ্য হিচাপে হিচাপত ধৰা নাছিলোঁ। সেই দোষতে নিশ্চয় মাদুলিয়ে কাম নিদিলে। মোৰ ভুলেই মোৰ দুৰ্ভাগ্য। যাওক, আৰু উপায় আছে। মই হতাশ নহওঁ। মোৰ আন এগৰাকী হিতাকাংক্ষী সংগীতা খাটনিয়াৰে সোঁৱৰাই দিছে, “এৰি নিদিব, চেষ্টাৰ অসাধ্য একো নাই, ধৈৰ্য্যৰ ফল মিঠা হ’বই।” এইবোৰেই মোৰ হৃদয়ৰ শক্তি, সাহস, মনৰ উৎসাহ। এইবোৰ উপদেশ, সহযোগিতাক লৈয়েই মই জীয়াই আছে। উপায়ৰ শেষ নাই যেনেকৈ ধৈৰ্য্যও সিমানেই থাকিব লাগিব। মোৰ ধৈৰ্য্য আছে।
(8)
মই হতাশ হোৱা নাই। অসমত থকা শতাধিক বিকল্প এতিয়াও মোৰ হাতত আছে। সৰুৰেপৰা দেখি-শুনি আহিছোঁ— তেলজৰা, বাতি জৰা, পানী জৰা, মন্দিৰত বলি দিয়া বা উৎসৰ্গা কৰা, নাম-প্ৰসংগ কৰা, ভাগৱত পঢ়া, নাৰায়ণ পূজা