পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩

আপোনাৰ লাগিব নিশ্চয় বুকৃত বেথা।
তথাপি কওঁ প্ৰভু নধৰিব দোষ,
সুখী হ’ম শুনি আপোনাৰ উপদেশ।
আনিছিলোঁ গাঁৱৰপৰা জলকীয়া পুলি,
ভাবিছিলোঁ খেতি কৰি নিজে খাম বুলি।
হ’ল জলকীয়া, পকিল ফল লহপহ কৰি,
চেহেৰা দেখিলেই আহে জিভাৰ পানী পৰি।
আনিলোঁ ছিঙি গছৰপৰা জলকীয়া দুটা,
কামোৰ মাৰিহে পালোঁ প্ৰভু ফল কেঁহা-তিতা।
উপায়হীন হৈ প্ৰভু পালোঁ আপোনাৰ চৰণ,
পৰিত্ৰাণ কিবা কৰক দেউ, নহ'লে মোৰ মৰণ।

 মোৰ কথা শুনি দেউৱে এটা মিচিকিয়া হাঁহি মাৰি ক'লে, “সেইটো আৰু কিবা সমস্যানে? এইবোৰ কৃষ্ণৰে লীলা। তেওঁ ভক্তৰ দুখ দেখে যেনেকৈ, সুখো দিয়ে তেনেকৈ। আপুনি চিন্তা নকৰিব।”

 এইবুলি কৃষ্ণৰ আসনৰপৰা বেলপাত, তুলসী আৰু এটা ফুল হাতত লৈ কিবা মন্ত্ৰ মাতিলে। তাৰপিছত জলত ডুবাই আকৌ কি মন্ত্ৰ মাতি লৈ মোৰ হাতত দি ক'লে, “এইখিনি পুস্পাঞ্জলি লৈ যাওক আৰু গছজোপাৰ গুৰিত দি সেৱা কৰিব। কাইলৈ আপোনাৰ ভজলুকত জলা নাহিলে মোৰ ৰেৱতী বামুণ নাম সলাই দিব।” মই সেইখিনি লৈ দেউক দক্ষিণা বুলি কুৰি টকা দি সেৱা এটি কৰি গুচি আহিলোঁ।

 পিছদিনা গা-পা ধুই ভাত খোৱাৰ আগতে পুষ্পাঞ্জলিখিনি নি গছজোপাৰ তলত দি সেৱা জনালোঁ, “হে প্ৰভু! দয়া কৰা প্ৰভু! আজি যেন জলকীয়াত জলা অকণমান হলেও পাওঁ।”

 এইবুলি তাৰে এটা জলকীয়া আটোম-টোকাৰিকৈ ছিঙি লৈ ভাতৰ টেবুল পালোঁ। অসীম উৎসাহ, আশা; আজি জলকীয়াই নিশ্চয় এগৰাহ বেছিকৈ খুৱাব। ভাত এগৰাহ মুখত লৈ মাৰিলোঁ ভয়ে ভয়ে একামোৰ, কিজানি জলাৰ কোবত মুখ পুৰি যায়! কিন্তু হায়! সেই একেই সোৱাদ। লৰালৰিকৈ উঠি গৈ মুখখন ধুইস্থে শান্তি পালোঁ।