পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


শক্তি কেৱল প্ৰকৃতি। জন্ম, বৃদ্ধি, জৰা, মৃত্যু - এই চাৰি বৈশিষ্ট সকলো প্ৰাণীৰে একেই যদিও অধিক চিন্তা কৰি নিজা নিজা সিদ্ধান্ত লোৱাৰ ক্ষমতা কেৱল মানুহৰহে আছে - লাগিলে সেই চিন্তাক প্ৰকৃতিৰ নিয়মে গ্ৰাহ্য কৰক বা নকৰক।

 মোৰ জলকীয়াজোপাৰ জীৱন কাহিনীও সেই ৰীতা-দিবাকৰৰ দৰেই। দিবাকৰৰ বাবে এজনী ছোৱালীৰ দৰ্কাৰ হৈছিল আৰু চাই-চিতি ৰীতাক বোৱাৰী কৰি মাক-বাপেকে ঘৰ সুমুৱালে। ঠিক তেনেদৰেই মোৰ খালী থকা টাবটোৰ বাবে এদাল গছপুলিৰ প্ৰয়োজন হৈছিল আৰু সেয়ে চাই চিতি মই জলকীয়াৰ পুলিটোকে সুদূৰ গাঁৱৰপৰা নিৰ্বাচন কৰি আনি টাবটোত স্থাপন কৰিছিলোঁ।

 কোনোবাই মোক সুধিব পাৰে যে টাবত ফুলৰ সলনি জলকীয়াৰ পুলিনো কিয় লগালা? - মোৰ চিধা আৰু নিৰ্ভেজাল উত্তৰ হ’ব এয়ে যে ইয়াৰ আগতেও মই সেই টাবত এদাল জলকীয়া লগাইছিলোঁ। বেচ হৃষ্ট-পুষ্ট, ওখ আৰু অতি জলাযুক্ত জলকীয়া দি গছজোপাৰ এদিন মৃত্যু ঘটিল৷ সেয়ে মই টাবটোৰ পুনৰ্বিবাহৰ লেখীয়াকৈ জলকীয়াকে ৰোৱাৰ সিদ্ধান্ত লৈছিলোঁ। গাঁৱৰ ঘৰৰ গোবৰ পেলোৱা গাঁতৰপৰা মাটি আৰু ভাল সঁচৰ জলকীয়া পুলিও আনি টাবটোত ৰোপণ কৰিছিলোঁ। বেছি ওখ নহ'ল; প্ৰায় ডেৰ-দুফুটমান ওখ হ'লেও গছজোপা হৈছিল লহপহীয়া। সময়ত জলকীয়াও লাগিছিল ঢেৰ; শকত-আৱত, দীঘলীয়া আকাৰৰ; চালেই মোক খা মোক খা কৰা বিধৰ। মোৰ মনটো আনন্দেৰে ভৰি পৰিছিল।

 প্ৰতি দিনেই মইদুবাৰ-তিনিবাৰকৈ জলকীয়া কেইটালৈ চাই আনন্দ লভোঁ। মোৰ দুমহলীয়া অট্টালিকাৰ বাৰান্দাত গজা জলকীয়াদালক তলৰ ৰাস্তাটোৰে যোৱা মানুহে লক্ষ্য কৰে নে নাই, তালৈও মই নজৰ কৰোঁ। বিচাৰোঁ, গছজোপা চাই মানুহে মোক খেতি আৰু প্ৰকৃতিৰ প্ৰতি অতি সচেতন ব্যক্তি বুলি কওক; মই কেনেকৈ ইমান ধুনীয়া গছ টাবতে সৃষ্টি কৰিলোঁ আহি প্ৰশ্ন সুধি মোক ব্যতিব্যস্ত কৰক; তেওঁলোক যে নিজে অকৰ্মন্য, সেই কথা মোৰ আগত দাঙি ধৰক। কিন্তু নাই - তেনে ব্যক্তি মই নাপালোঁ। কোনেও মোৰ গছজোপালৈ লক্ষ্যই নকৰিলে। তাৰবাবে অৱশ্যে মোৰ আক্ষেপো নাই। তথাপি ফেচবুকৰ বন্ধুসকলৰে দৃষ্টি আকৰ্ষণ কৰাৰ কৌতুহল এটা আছিল। সেয়ে এদিন ছবি এখনকে তুলি গছজোপাৰ গুণাণুকীৰ্ত্তনসহ এটা পোষ্ট দিলোঁ। ভাবিলোঁ, অন্ততঃ; ফেচবুক বন্ধু সকলেতো মোক প্ৰশংসাৰে উপচাই মতামত দিবই!