পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫

 নাৰদে এইখিনি কওঁতেই হেড ছাৰৰদৰে দাং খাই উঠিল, “কি কোৱাহে নাৰদ তুমি? মই কিদাল কৰিলোঁ। মই উচতায়ে দিছিলো, নে মই তাত উপস্থিতেই আছিলো? মিছা ক'লে কিদাল হ'ব, মই আগতে জনা হ'লে আজিৰ এই সভা আহ্বান কৰিলোঁহেঁতেন নে? নে কি কোৱাহে তিখন্দৰ?” এই বুলি তেওঁ কাষতে বহি থকা মন্ত্ৰী তিখন্দৰলৈ চালে।

 হয়ছাৰ তিখন্দৰে একে জাপে থিয় হৈ আঙুলি জোকাৰি জোকাৰি ক'লে,“হয় ছাৰ। দেৱৰ্ষিয়ে এই কথাৰ প্ৰমাণ দিব লাগিব। নহ'লে মানহানি গোচৰ দিয়া যাব।”

 দেৱৰ্ষিয়ে হাঁহি হাঁহি ক'লে, “বস্তুৰে প্ৰমাণ দিব নোৱাৰিলেও circum- stantial evidence দিবলৈ মই সাজু আছোঁ গুৰুদেৱ। কিন্তু তাৰ আগতে আপুনি মোৰ কেইটামান কথাৰ উত্তৰ এই সমাজৰ মাজতে দিব লাগিব। প্ৰথম প্ৰশ্ন, আপোনাৰ শিৰ চাৰিটা, মুখ চাৰিখন, কাণ আঠখন, হাত চাৰিখন আছেনে?”

 “অ’ আছে। তাতে কি হল?”

 “কিন্তু আপুনিয়ে সৃষ্টি কৰা সেই অৱলা নাৰীৰ মাথোঁ এটা মূৰ, দুখন কাণ আৰু মাত্ৰ এখন কম শক্তিৰ মুখ আছেনে?”

 “অ’ আছে, আছে, আছে। ইয়াৰ লগত বস্ত্ৰ হৰণৰ সম্পৰ্ক কি? তুমি পাগল হোৱা নাইতো?”

 “সম্পৰ্ক আছে গুৰুদেৱ। আপুনি যেতিয়া চাৰিখন মুখেৰে চিয়ঁঁৰে, তেতিয়া গোটেই দেৱলোক কঁপি উঠে, আঠখন কাণেৰে যেতিয়া শুনিব, তেতিয়া কওঁতাৰ উশাহ বন্ধ হৈ যায়, দেৱলোকত আপোনাৰ কাণত ভৰাবলৈ ভাষা, আনকি শব্দৰো নাটনি হৈ পৰে-”

 কি ফাল্টু বকি আছাহে নাৰদ। এইবোৰৰ লগত বস্ত্ৰ হৰণৰ সম্পৰ্ক কি? দুৰ্য্যোধনহঁতক কি শাস্তি দিব লাগে, সেই কথাহে ক'ব লাগে!”

 “সেইটোকে মই ক'বলৈ বিচাৰিছোঁ। বাচন চাফ কৰিব লাগিলে প্ৰথমে নিজৰ হাতখন চাফ কৰিব লাগে গুৰুদেৱ। দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হৈ গ'ল, এতিয়া নোহোৱা কৰিব নোৱাৰে। আকৌ শাস্তি যি দিব লাগে সেয়া যুধিষ্ঠিৰ, ভীমহঁতে ঠিক কৰিয়েই থৈছে। আমাৰ দেৱলোকৰপৰা শাস্তি দিয়াৰ প্ৰয়োজন নাই। আজি যদি আপোনাৰ