পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮

 প্ৰভুৰ ঘৰ আহি পোৱা সময়ত তেখেতে এজনী মহিলাৰ লগত কথা পাতি আছে। কাষত এজনী সৰু ছোৱালী; সম্ভৱ মহিলাগৰাকীৰ নাতিনীয়েক। বুজিবলৈ বেছি পলম নহ’ল যে মহিলাগৰাকীয়ে প্ৰভুৰ ওচৰলৈ কিবা গণনাৰ উদ্দেশ্যে আহিছে। আগতেও দেখিছোঁ যে কাৰোবাৰ বিয়াৰ যোৰা চোৱা, দৰা-কইনাৰ ভৱিষ্যত চোৱা, কেঁচুৱা জন্ম হ’লে ভৱিষ্যত গণনা কৰা, বিয়া-সবাহ, পূজা-পাৰ্বণ আদিৰ দিন স্থিৰ কৰি দিয়া ইত্যাদি ভাগ্য নিৰ্ণায়ক ফলাফল চোৱাবলৈ প্ৰভুৰ ওচৰলৈ আহে।

 মই ওচৰ পাওঁতে প্ৰভুৱে মোৰ পিনে বিশেষ মন নিদিয়াকৈ মাত্ৰ হাঁহি এটি মাৰি ক’লে, “বহ অলপ, পিছত কথা হ’ম। “মই ওচৰতে থকা চকীখনত বহি পৰিলোঁ। তাৰ পিছত মহিলাগৰাকীক উদ্দেশ্য কৰি ক’লে, “ল’ৰাৰ লগত যোৰা মোটামুটি ভালেই। বিয়াৰ ছমাহমান পিছতে ল’ৰাৰ চাকৰি স্থায়ী হ’ব। পিছে তুমি আঙঠি পিন্ধোৱাৰ দিনা এভাগ বিষ্ণু পূজা কৰা ভাল হ’ব। (অলপ পৰ ৰৈ) ছোৱালীৰ নাম ’ক’ আদ্যাক্ষৰেৰে হোৱা হ’লে ভাল আছিল। এতিয়া ‘ন’ আখৰেৰে হোৱা হেতু তাই অতি ক্ষীণ হ’ব লাগে।”

 মহিলাগৰাকীয়ে ক’লে, “বৰ শকত নহয় অৱশ্যে। কিন্তু মিলা চেহেৰাৰ। পিছে বৰকৈ চৰ্দী লাগি থাকে। আন অসুখ-বিসুখ অৱশ্যে বিশেষ নাই।”

 প্ৰভু— তাকেইতো কৈছোঁ মই। সেইবাবে বেছি স্বাস্থ্য ধৰিব পৰা নাই। আচ্ছা! তাইৰ গলৰ এইখিনিতে (গলৰ এটা অংশ দেখুৱাই) বাৰু এটা তিল আছে নেকি?

 মহিলা— সেইটোতো মই লক্ষ্য কৰা নাই প্ৰভু! থাকিবও পাৰে।

 প্ৰভু— থাকিবই লাগিব। এনে দিনত ওপজা ছোৱালীৰ ওপৰত গ্ৰহৰ প্ৰভাৱ থাকে। তাইৰ চৰ্দী লাগি থকা আৰু ক্ষীণ হোৱাৰ কথাৰপৰাই মই তাইৰ তিল থকা স্থান ধৰিব পাৰিছোঁ। চিন্তা কৰিবলগীয়া নহয়। চৌব্বিশ বছৰত ভৰি দিলেই সেইবোৰ দোষ কটা যাব। এতিয়া মই কোৱা মতে সময়ত বিষ্ণুপূজাভাগ কৰিবা৷ মই পূজাৰ দ্ৰব্যখিনি লিখি দিওঁ ৰবা।

 এইবুলি প্ৰভুৱে কাগজ কলম উলিয়াই লিখিবলৈ ধৰিলে। মই ভাবিলোঁ, সঁচাকৈয়ে প্ৰভু ভগৱানৰ অৱতাৰ। যি ভগৱান কৃষ্ণই গীতাত নিজেই কৈছে যে মানুহৰ ভাগ্য, ভূত-ভৱিষ্যত মানুহৰ নিজ কৰ্মই নিৰ্ধাৰণ কৰে, সেই মানুহৰো