মানুহ কৰি জন্ম দিছে। আগতেতো ইহঁতৰ সংখ্যা বৃদ্ধি কৰিবলৈ এজনেই দহ- বাৰটাকৈ কুকুৰ-মেকুৰীৰ দৰে জন্ম দিছিল। পিছে ঠেলাৰ নাম বাবাজী। যেতিয়া ভাত-কাপোৰৰো টনাটনি হ’বলৈ ধৰিলে, তেতিয়া দুই-তিনিটা জন্ম দিয়েই ক্ষান্ত থকা হ’ল। হ’লেও এটা সম্প্ৰদায় এতিয়াও আছে, যিটোৱে মোৰ সলনি অন্য এজনক দেৱতা মানি সেইজনৰ পৰামৰ্শমতে বাচ-বিচাৰ নোহোৱাকৈ জন্ম দি আছে। সিহঁতৰো কুদিন আহি আছে ৰ’বা। চাই আছোঁ ক’ৰ পানী ক’লৈ যায়।”
হনুমান— তথাপি কিবা এটা কৰা বৰ প্ৰয়োজন হৈছে প্ৰভু!
শ্ৰীৰাম— এৰা! ক’বলৈ গ’লে, সিহঁতৰ মুখবিলাকহে সমান। বাকী স্বভাৱ- চৰিত্ৰ, আচাৰ-ব্যৱহাৰ আদি এতিয়াও বান্দৰৰ দৰে হৈয়ে আছে। গতিকে সমস্যা আৰু প্ৰায় আধাহে সমাধান কৰিব লাগে; সেইটো টান নহ’ব। তোমাৰ সন্তুষ্টিৰ বাবে কিবা এটা কৰিব লাগিল। বাৰু, বিশল্যকৰণীক মাতাচোন।
(হনুমানে ততালিকে গৈ শ্ৰীৰামচন্দ্ৰৰ দেহ ৰক্ষক বিশল্যকৰণীক মাতি আনিলে)।
শ্ৰীৰাম— বিশল্য, তই ৰাৱণে মাৰিচ ৰাক্ষকক পঠিয়াই সীতাক হৰণ কৰিবলৈ কি কৰিছিল জাননে?
বিশল্যকৰণী— হয় প্ৰভু, ভালকৈ জানো। মাৰিচৰ দ্বাৰা সোণৰ হৰিণৰ ৰূপ লোৱাই আই মাতৃক চলনা কৰি হৰণ কৰিছিল।
শ্ৰীৰাম— চাব্বাচ! ঠিক তয়ো তেনেদৰে কৰোনা মহামাৰিৰ বেশ লৈ প্ৰথমে কিছুমান মানুহ মাৰিব লাগে। পাৰিবিনে?
বিশল্য—পাৰিম প্ৰভু! কিন্তু কেইজনমান মানুহ মাৰিলেই বাকীবোৰ বান্দৰ হৈ যাবনে?
শ্ৰীৰাম— নাযায়, যোৱাৰ দৰ্কাৰ নাই। কিন্তু সিহঁতক মই না মানুহ, না বান্দৰ কৰি দিম। দুয়োৰে মাজত এক অদ্ভুত প্ৰাণী কৰি দিম! হাঃ হাঃ হাঃ!
হনুমানে আনন্দতে একেজাপে থিয় হৈ সুধিলে, “সেইটো কেনেদৰে সম্ভৱ হ’ব প্ৰভু?”
শ্ৰীৰাম— চোৱা, বিশল্যকৰণীয়ে কিছুমান মানুহ মাৰি লগতে প্ৰচাৰ কৰি দিব যে যদিহে সিহঁতে মাস্ক (মুখাৱৰণ) পিন্ধি বান্দৰৰ ৰূপ নলয়, তেন্তে সিহঁতৰো